Thursday, 30 May 2019

গ্ৰীছৰ মহান দাৰ্শনিক চক্ৰেটিছ

ছক্ৰেটিছে অতি সৰল জীৱন-যাপন কৰিছিল; তেওঁ সাধাৰণ আহাৰ খাইছিল। কিন্তু তেওঁ ভবা হ’লে তেওঁ প্ৰচুৰ পান-ভোজন কৰিব পাৰিলেহেঁতেন । অৰ্থাৎ তেওঁৰ আত্ম সংযম আছিল অসাধাৰণ । দন্দুৰী পত্নীৰ তৰ্জন-গৰ্জন তেওঁ নীৰৱে আৰু প্ৰশান্ত মুখেৰে সহ্য কৰিছিল । এদিন খঙৰ ভমকত তেওঁৰ পত্নী জান্তিপে তেওঁৰ মূৰৰ ওপৰত একলহ পানী ঢালি দিছিল । কিন্তু ছক্ৰেটিছে হাঁহে পানী জোঁকাৰাৰ দৰে গাৰ পানীখিনি জোঁকাৰি দি হাঁহি মুখেৰে বজাৰত আড্ডা দিবলৈ ওলাই গৈছিল । 

এদিন এজন মানুহে আলিবাটত তেওঁক আক্ৰমণ কৰি পদাঘাট কৰিছিল । ছক্ৰেটিছ শাৰীৰিকভাৱে অতি বলৱান মানুহ হোৱা সত্ত্বেও প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰি সেই ঠাইৰ পৰা নীৰৱে আঁতৰি গৈছিল । এজন বন্ধুৱে তেওঁক সুধিলে— 

‘তুমি এই অপমান নীৰৱে কিয় সহ্য কৰিলা?’ 

ছক্ৰেটিছে উত্তৰ দিলে— ‘মই গাধ নহয় যে তেওঁক ওলোটাই ভৰিৰে আঘাট কৰিম।’ 

এবাৰ এথেন্সত মহামাৰী হোৱাত বহুত মানুহ মৰিল আৰু বেছিভাগ মানুহ ৰোগত আক্ৰন্ত হ’ল । ৰোগে একেবাৰেই স্পৰ্শ কৰিব নোৱাৰিলে একমাত্ৰ ছক্ৰেটিছক । কাৰণ তেওঁ আছিল এথেন্সৰ আটাইতকৈ পৰিষ্কাৰ মানুহ । একোৱেই তেওঁৰ মনৰ প্ৰশান্তি বিচলিত কৰিব নোৱাৰিছিল । আনকি মৃত্যুৱেও। 

এদিন এজন বন্ধুৱে তেওঁক এথেন্সৰ এখন ডাঙৰ বজাৰলৈ লৈ গৈছিল। দেশ-বিদেশৰ বিলাসী সামগ্ৰীৰে ভৰপূৰ বজাৰখন ঘুৰি-পকি চোৱাৰ পিছত বন্ধুজনে তেওঁক সুধিলে— 

‘বজাৰখন কেনে দেখিলা?’ 

ছক্ৰেটিছে উত্তৰ দিলে—‘বজাৰত বাৰে বৰণীয়া বস্তুবোৰ দেখি মনলৈ কেৱল এই ভাৱ আহিল যে এই সকলোবোৰ বস্তু নোহোৱাকৈ মোৰ জীৱনটো সুন্দৰকৈ চলি যায়।’

Tuesday, 28 May 2019

মিত্ৰ কোন?

মিত্ৰ কোন?

মহৰ্ষিবেদব্যাসৰ মতে ডাঙৰ মানুহৰ পৰিচয় এইটোৱেই যে তেওঁলোকৰ বহুতো বন্ধু - বান্ধৱ থাকে, কিন্তু তাৰ ভিতৰত প্ৰকৃত বন্ধু কোন ইয়াৰ উমান তেওঁ নাপায় । প্ৰায়ে তেওঁলোকে হীৰাকে পাথৰ বুলি ভাবি দলিয়াই পেলাই দিয়ে । কাৰণ উচ্চ পদবীয়ে অহংকাৰক লগতে আনে আৰু অহংকাৰৰ আন এটা নাম অজ্ঞানতা।

পতঞ্জলিৰ মতে - সেইজনেই জ্ঞানী যি কেতিয়াও কাৰো লগত দীৰ্ঘ সময়ৰ কাৰণে শত্ৰুতা নকৰে । ক্ষমাশীল ব্যক্তিত্বই তেওঁৰ জ্ঞান আৰু বিবেকৰ পৰিচায়ক হৈ পৰে। কিন্তু এনে মানুহে মিত্ৰতা কৰোঁতে বহুত ভাবি - চিন্তি আৰু পৰীক্ষা - নিৰীক্ষা কৰিহে কৰে। ডিঙিত পিন্ধাৰ আগতে ৰত্ন পৰীক্ষা কৰি লোৱা বাঞ্ছনীয় । যি মিত্ৰতাৰ অৰ্থ নুবুজে তেওঁ অবিবেকী নতুবা মূৰ্খ । এনে ব্যক্তিৰ পৰা সকলোৱে দূৰত থকা বাঞ্ছনীয় ।

সন্ত বিদূৰৰ মতে, সংকটকাল, ৰোগ , কষ্ট , আকাল , শত্ৰুৰ আক্ৰমণ , ৰাজসভা আৰু শ্মশানত বন্ধুত্বৰ পৰীক্ষা হয়। যি এনে সময়ত সহায় নকৰে , সন্মুখত মিঠা কথা কৈ পাছত উপহাস কৰে এনে বন্ধুক বন্ধু বুলি নাভাৱি শত্ৰু বুলি ভৱাজনেহে অনাবশ্যক বিপদৰ পৰা বাচি থাকে ।

ভতৃহৰিৰ মতে, কোনো মানুহ যিমানেই জ্ঞানী বা বিদ্বান নহওঁক যদি তেওঁ দুৰ্জন হয় তেনেহলে সেইজনৰ পৰা আতৰি থকা ভাল। কিয়নো মণি ধাৰণ কৰিলেওঁ বিষাক্ত সাপৰ বিষ নাইকীয়া হৈ নাযায় । সেয়ে দুষ্টৰ লগত কেতিয়াও মিত্ৰতা কৰিব নাপায় । তেওঁলোকক শুধৰোৱাৰ চেষ্টাও নিৰৰ্থক। যি দুষ্টক সৎপথলৈ অনাৰ চেষ্টা কৰে তেওঁহে অজ্ঞানী । এনে কাৰ্য্য মদমত্ত হাতীক পদুমৰ ঠাৰিৰে বান্ধিবৰ প্ৰযত্ন কৰাৰ দৰে হয়।

চানক্য নীতিত উল্লেখ আছে - মিত্ৰৰ সহযোগত অসম্ভৱ কাৰ্য্যও সম্ভৱ হয়। বিপদকালত, শক্তিশালী শত্ৰুৰ সন্মুখীন হওঁতে , শক্তিহীন হওঁতে, সাৰ্বজনীন কাৰ্য্যত সদায় প্ৰকৃত বন্ধুৰ সহায় লব লাগে । নীচ প্ৰকৃতিৰ আৰু দুৰ্গুণযুক্ত মানুহৰ লগত মিত্ৰতাও কৰিব নালাগে আৰু শত্ৰুতাও কৰিব নালাগে । তেওঁলোকৰ লগত কোনো সম্বন্ধই ৰাখিব নালাগে । কাৰণ কুকুৰে কামোৰক বা চেলেকক দুয়োটা ক্ষেত্ৰতে বিপদ উৎপন্ন কৰে।

মহৰ্ষি যাজ্ঞবল্কৰ মতে- ক্ষমাশীল মানুহ শত্ৰু হলেওঁ তেওঁক আদৰ কৰিব লাগে , যদি তেওঁ মিত্ৰ হয় তেন্তে নিজকে ভাগ্যৱান বুলি ভাবিব লাগে । ক্ষমাশীল মানুহক বুদ্ধিহীন বা দুৰ্বল বুলি ভাবি তেওঁৰ প্ৰতি কুটিলতা প্ৰদৰ্শন কৰিব নালাগে , কাৰণ যাৰ বিবেক আছে তেওঁহে ক্ষমাশীল হব পাৰে আৰু বিবেকী মানুহৰ খং বৰ বিনাশকাৰী হব পাৰে ।

প্ৰকৃততে মূৰ্খ মিত্ৰতকৈ বিবেকবান শত্ৰু ভাল । তেওঁ শত্ৰুতা কৰিলেও বিবেক ত্যাগ নকৰে । তেওঁ কেতিয়াবা উপকাৰো কৰে। কিন্তু মূৰ্খই সদায় হানি কৰে । যি মূৰ্খৰ সংগ নলয় তেওঁ জীৱনত সদায় সফল হয়।

Tuesday, 21 May 2019

মিচিং কৃষ্টি-সংস্কৃতি

মিচিং সকলৰ সংস্কৃতি ৰঙীন বৈচিত্র্যৰে ভৰপূৰ | মিচিং সকলৰ সংস্কৃতিসমূহৰ ভিতৰত নৃত্য আৰু গীতও উল্লেখযোগ্য |গীতসমূহ যেনে - অইনিঃতম, কাবাং, আঃবাং আদি বিভিন্ন ভাগত ভাগ কৰাৰ দৰেই মিচিং নৃত্যকো বিভিন্ন ভাগত ভাগ কৰিব পাৰি | 

আলি আঃয়ে লৃগাঙত নচা নৃত্যক গুমৰাগ আৰু লঃলে নৃত্য বোলা হয় |


পঃৰাগ উৎসৱত মিবুৰ লগত নৃত্যক মিবু চুমনাম বোলা হয় |


একগোট হৈ চোতালত কৰা নৃত্যক লাওচঃমান  বোলা হয় |


কেৱল অইনিঃতম গাই কৰা নৃত্যক নিঃতম চঃমান, পেম্পা চঃমান, ৰইলা নৃত্য বোলা হয় |


                                   বিউটি পেগু যোৰহাট