Wednesday, 30 June 2021

জীৱনৰ অভিজ্ঞতা

💙💙 অভিজ্ঞতাৰ দুশাৰীমান 💙💙
         ড° চন্দনা মেধি দাস
         হয়তো মানুহৰ সমগ্ৰ জীৱন টোৱেই বিভিন্ন অভিজ্ঞতাৰ সমাহাৰ। তাৰ ভিতৰত কোনোবাটো মিঠা, কোনোবাটো তিতা। মিঠা অভিজ্ঞতাই যিদৰে জীৱনটো সমৃদ্ধ কৰি থৈ যায়, তাৰ বিপৰীতে তিতা অভিজ্ঞতা বোৰেও বহু কথা শিকাই থৈ যায়।
          অলপতে আমাৰ মূৰৰ ওপৰেৰে এজাক ধুমুহা পাৰ হৈ গল, মোৰ জটিল আৰু ব্যয়বহুল এটা অস্ত্ৰোপচাৰ ( Operation ) ৰ মাজেৰে।ধুমুহা শাম কাটিল,বহুখিনি সুস্থিৰতা আহিল। এই যাত্ৰা পথতেই আকৌ এবাৰ জীৱনটো খুব ওচৰৰ পৰা দেখিলোঁ, মানুহ দেখিলোঁ। তাৰ মাজত ভাল মানুহ ইমানেই বেছি প্ৰত্যক্ষ কৰিলোঁ যে,এই ধুনীয়া পৃথিৱী খনৰ আকৌ এবাৰ প্ৰেমত পৰিলোঁ। এই মিঠা অভিজ্ঞতাই আমাক এই পৃথিৱী খনক, মানুহ বোৰক আগতকৈও বেছিকৈ ভাল পাবলৈ উদ্বুদ্ধ কৰি তুলিলে।
         কৃতজ্ঞ হব লাগিব সেই সুন্দৰ মনৰ সুন্দৰ মানুহ বোৰৰ প্ৰতি, কব লাগিব তেওঁলোকৰ কথা। প্ৰথমেই মোৰ ভনী জনীৰ মহান ত্যাগক আজীৱন সোঁৱৰিম। মা-দেউতা, যতেই আছে তাৰপৰাই পাই আছোঁ অন্তহীন আশীৰ্বাদ, যি আমাৰ অসীম সাহস। তাৰপিছতেই আপোনালোক পৰম সুহৃদ বন্ধু-বান্ধৱী সকল। মই দেখিবলৈ পাইছিলোঁ মোৰ বান্ধৱী সকলৰ গোসাঁইৰ থাপনাত সেইদিনা জ্বলি উঠা প্ৰাৰ্থনাৰ চাকিগচিৰ পোহৰ, যাৰ বহুত প্ৰভাৱ আছে মোৰ সুস্থতাত। আৰু আছিল বন্ধু সকলৰ নিস্বাৰ্থ, সহজ সৰল শুভেচ্ছা। সকলো বোৰ সযতনে সাচি ৰাখিলোঁ মনৰ মাজত। ইয়াৰ পিছতেই আমাৰ স্কুল-কলেজীয়া বন্ধু-বান্ধৱী সকল ---- কি কম, তেওঁলোকৰ অজস্ৰ মৰম,সহাৰিয়ে জীৱনৰ অনুভৱ বোৰক এটা নতুন দিশ দিলে। বুকুতে ৰাখিম এই সকলো সুন্দৰ অনুভৱ। আৰু লগ পালোঁ একেবাৰেই অচিনাকি কিছু মানুহ, যাৰ লগত নাই কোনো ধৰ্মৰ মিল, নাই কোনো ভাষাৰ মিল। তথাপিও কিযে এক বুজাব নোৱাৰা আপোনত্ব। নিজেই আগবাঢ়ি আহি আমাক সঙ্গ দিলে, সাহস দিলে। পাহৰিব পাৰিম জানো কেতিয়াবা ??
           সবাৰোপৰি মোৰ জীৱনত এনে এজন সঙ্গী আছে যিয়ে নেকি এক প্ৰকাৰ যমৰ দুৱাৰ মুখৰ পৰা মোক ওভতাই আনে ( আমাক ব্যক্তিগত ভাবে জনা সকলে এই কথা ভালকৈয়ে জানে)কবলৈ পাই অতি সুখী যে এয়াই হৈছে মোৰ জীৱনৰ পৰম প্ৰাপ্তি।
          মিঠাৰ লগতেই এটা তিতা অভিজ্ঞতাৰ কথাও কবলৈ মন গৈছে। আমাৰ এজন নিকটাত্মীয় (?), মই অসুস্থ বুলি জানিও এটা ফোন কলৰ যোগ্য বুলিও নাভাবিলে। পিছে এদিন এটা মেছেজ আহিল " তুমি তোমাৰ অসুখ বুলি ফেচবুকত কিয় পোষ্ট দিছা ? দিলিট কৰি দিয়া । ফেচবুকত বহুত বেয়া মানুহ থাকে, তুমি নাজানা নেকি ?" মইতো একপ্ৰকাৰ হতবাক হৈ গলো। অসুখ-বিসুখৰ পোষ্টতো প্ৰায়েই পাই থাকোঁ। যিমান পাৰোঁ শুভেচ্ছাৰে মনোবল দিওঁ। মই মাথোঁ কলো যে মোৰ বন্ধুৰ লিষ্টত কোনো বেয়া মানুহ নাই। আৰু তাৰ প্ৰমাণো পালোঁ ,আপোনালোকৰ অকুণ্ঠ আশীৰ্বাদেৰে অতি শীঘ্ৰে সুস্থতা অনুভৱ কৰিছোঁ। তেওঁ অৱশ্যেই এটা কথা শিকাই থৈ গল যে আত্মীয় হবলৈ তেজৰ সম্পৰ্কৰ বিশেষ প্ৰয়োজন নাই। শেষত নেদেখা জনলৈ সহস্ৰ সেৱাৰে এই যাত্ৰাৰ অভিজ্ঞতা সামৰিছো।
( চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পিছৰ ছবি এখন দিলোঁ, অৱশ্যেই কোনো মন্তব্যৰ বাবে নহয় )

No comments:

Post a Comment