পুলিচ জীৱনৰ ইটো সিটো (৩৩)
হৰি হৰৰ যুদ্ধ
সুবোধ পাঠক
১৯৮৫ চনৰ কথা তেতিয়া মই জালুকবাৰী থানাত কৰ্মৰত।আমাৰ থানাৰ অ চি আছিল কালিকা চক্ৰৱৰ্তী (সম্প্ৰতি প্ৰয়াত)।সেই বছৰতে অসমত এ জি পি চৰকাৰ গঠন হৈছিল।
এদিন কামাখ্যা অ়়ঞ্চলৰ বহুলোকে চহী কৰা এটা অভিযোগ থানালৈ অহাত অ চি চাহাবে মোক এই বিষয়ে তদন্ত কৰি এটা প্ৰতিবেদন যুগুত কৰিবলৈ দিলে।অভিযোগ মতে কামাখ্যাৰ পাদদেশত অৱস্থিত দুৰ্গা সৰোৱৰত ৰেল লাইনৰ গাতে লাগি থকা ফিল্ডখনত একাংশ লোকে এটা শঙ্কৰ মাধৱ প্ৰতিভা বিকাশ কেন্দ্ৰৰ নামৰ কাৰ্যালয় পাতি লগতে নামঘৰ,স্থায়ী মঞ্চ আদি সাজি ফিল্ডখন দখল কৰিছে।তেওঁলোকৰ এই কাৰ্যৰ ফলত লগতে থকা স্থানীয় ক্লাবৰ লৰা-ছোৱালীবোৰৰ খেলাধুলা কৰিবলৈ ঠাই নোহোৱা হৈছে।
তেওঁলোকৰ অন্য এটা অভিযোগ হ’ল যে, ঠাইডোখৰৰ নামেই দেৱী দূৰ্গা গোসানীৰ নামেৰে গতিকে তাত এটা শংকৰী নামঘৰ পতা মানেই দেৱীৰ প্ৰতি অসন্মান প্ৰদৰ্শণ। ইয়াৰ উপৰিও আৰু বহু কাৰণ দৰ্শাই এই অনুস্থানটো তাৰপৰা আঁতৰ কৰিবলৈ দাবী জনাইছে।
অভিযোগটো পঢ়ি অ চিৰ লগত এই বিষয়ে আলোচনা কৰিলোঁ।এটা সিদ্ধান্ত কৰিলোঁ যে কোনো ধৰনৰ পক্ষ্যপাতিত্ব নোহোৱাকৈ ঘটনাটো তদন্ত কৰা হ'ব।
সময়ত উভয় পক্ষৰ লোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বক্তব্য শুনি সেইবোৰ লিপিবদ্ধ কৰা হ’ল।অভিযোগকাৰী সকলে অভিযোগৰ কথাকে সমৰ্থন কৰিলে।অন্যহাতে প্ৰতিপক্ষৰ লোক সকলৰ মন্তব্য হ’ল যে তেওঁলোক সৰহ ভাগেই ৰেলৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী।যোৱা কেইবাবছৰ ধৰি তেওঁলোকে ৰেলৰ মাটিত থকা এই ফিল্ডখনত শঙ্কৰ জন্মোৎসৱ পাতি আহিছে।
সেই উদ্দেশ্যে তেওঁলোকে ৰেল কৰ্তৃপক্ষৰ জেনেৰেল মেনেজাৰ আদি উচ্চ বিষয়া সকলকো তেনে অনুষ্ঠানলৈ মাতি আহিছে।বিষয়া সকলৰ পৰা পোৱা সহায় উদগনিৰ বাবেই ফিল্ড খনৰ পশ্চিম ফালে এটা দুই কোঠালিৰ অফিচঘৰ, এখন কাঠৰ মঞ্চ,পূব ফালে এটা বাটচৰা, মাজতে এটা সৰুকৈ নামঘৰো সাজিছে।ইতিমধ্যে নতুন দিল্লীত ৰেলৱে বৰ্ডকো এই মাটিডৰা আবন্তনৰ বাবে আবেদন পঠাইছে।
লগতে তদন্ত কালত তেওঁলোকে এইটোও জনালে যে,স্থানীয় ক্লাবৰ ল’ৰা বোৰেও প্ৰতি বছৰে তেওঁলোকৰ অনুষ্ঠান আদি লিখিত অনুমতিলৈ সেইখন মঞ্চতে কৰি আহিছে। তাৰ তথ্য প্ৰমানো দেখুৱালে।ঘটনাত জড়িত ফিল্ড খনত স্থানীয়ভাৱে অনুসন্ধানত তেওঁলোকৰ কথা কামৰ মিল দেখিলোঁ।অ চি চাৰৰ লগত বিতংকৈ আলোচনা কৰি কৰণীয় একো নেদেখি কিছুদিন ৰৈ থাকিলোঁ।
অভিযোগকাৰী সকলৰ এই কাৰ্য্যৰ বাবে আনটো পক্ষ ক্ষুন্ন হ’ল আৰু অধিক সক্ৰিয় হৈ কামত লাগি থাকিল।অভিযোগকাৰী সকলেও জনমত সংগ্ৰহত লাগি গ'ল।তলে তলে দুয়ো পক্ষৰ মাজত বৈৰী ভাব গা কৰি উঠি লাহে লাহে প্ৰকাশ পাবলৈ ধৰিলে।ইয়াকে লৈ মাজে মাজে দুয়ো পক্ষৰ লোকৰ মাজত প্ৰথমে তৰ্কা তৰ্কি,ধমকা-ধমকি আৰু হতাহতি হোৱাৰ উপক্ৰম হ’ল।
আমিও উচিত হ’ব ভাবি দুয়ো পক্ষৰ নেতাসকলৰ ওপৰত, এটা পক্ষই যাতে আনটো পক্ষৰ লগত সদ্ভাব বৰ্তাই ৰাখে আৰু অশান্তি শৃষ্টি নকৰে তাৰ বাবে ১০৭ ধাৰাত গোচৰ এটা আদালতত দাখিল কৰা হ’ল।এটা পক্ষত মোক কলেজত ৰসায়ন পঢ়োৱা শিক্ষাগুৰু আৰু এজন বন্ধু উকীল আছিল। দুয়োজনে অলপ অসন্তুষ্টও হৈছিল।
কিছুদিন শান্ত হৈ থকাৰ পিচত এদিন শঙ্কৰী পক্ষই এখন এজাহাৰ দি জনালে যে আগনিশা কোনোবাই তেওঁলোকৰ কাঠেৰে সজা মঞ্চখন উঠাই লৈ গৈছে।গোচৰ এটি ৰুজু হ’ল কিন্তু আচামীৰ আৰু মঞ্চখনৰ কোনো শুংসূত্ৰ পোৱা নগ'ল।ওচৰ পাজৰৰ লোকেও একো গ’ম নোপোৱা বুলি ক’লে।অনুমান কৰিলো সম্পূৰ্ণ পৰিকল্পিত ভাবে কামটো কৰিছে।
একেই ধৰণে কিছুদিন বিৰতিৰ পিছত এৰাতি মূল কাৰ্যালয়ৰ টিনৰ ঘৰটো আৰু এৰাতিত বাটচৰাটিও অন্তৰ্ধান হ’ল।পুনৰ দুটি গোচৰ হ’ল কিন্তু আগৰ দৰেই কোনো সাক্ষী নাই।বিশেষকৈ শঙ্কৰী পক্ষৰ লোক ওচৰে পাজৰে নথকাৰ বাবেই কোনো দেখা সাক্ষী পোৱা সম্ভব নহ’ল।
অ চি চাৰেও যথেষ্ট প্ৰমান অবিহনে সন্দেহৰ ভিত্তিত কাকো গ্ৰেপ্তাৰ কৰিব নালাগে বুলি ক’লে।তেওঁ ইয়াকো ক’লে যে,তেওঁ গ’ম পোৱা মতে দুয়ো পক্ষৰ পিচত একোজন শক্তিশালী মন্ত্ৰী আছে।এজন যেন হৰি আৰু আনজন হৰ।গতিকে প্ৰতিখোজ সাৱধানে দিব লাগিব বুলি মন্তব্য কৰিছিল।
ইফালে শঙ্কৰী লোক সকল ক্ষোভত জ্বলি থাকিল।এনেদৰে দিনবোৰ গৈ থাকিল।পুনৰ ৰাস পূৰ্ণিমাৰ দিনা দুপৰীয়া শঙ্কৰী পক্ষই থানাত আহি জনালে যে তেওঁলোকৰ নামঘৰত কিছুমান মহিলাই দেৱ দেৱীৰ মূৰ্ত্তি আগত লৈ নাম ধৰি আছে।
প্ৰসঙ্গক্ৰমে সিদিনা ৰবীন্দ্ৰ ভৱনত দেশৰ ৰাষ্ট্ৰপতিৰ মিটিং চলি থকাৰ ববে থানাত এজন মাত্ৰ চিপাহী, এজন হোমগাৰ্ডহে আছিল।বাকী সকলো বিষয়া চিপাহী ভি ভি আই পি ডিউটীত আছিল।অভিযোগৰ গুৰুত্ব বুজি মই মোৰ স্কুটাৰখনতে হোমগাৰ্ড জনকে লৈ ঘটনাস্থলীত উপস্থিত হ’লো।
দেখা গ'ল নামঘৰৰ ভিতৰত কিছুমান মহিলাই বিভিন্ন দেৱ দেৱীৰ মূৰ্ত্তি লৈ নাম গাই আছে।সোধাত ক’লে তেওঁলোকে ৰাস পালন কৰিছে।গোচৰীয়া পক্ষই উত্তেজিত হৈ মহিলাবোৰক টানি নামঘৰৰ পৰা উলিয়াই গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰি থাকিল।মই ক'লো যে মহিলা গ্ৰেপ্তাৰ কৰিবলৈ বা টানি উলিয়াবলৈও আজি মহিলা পুলিচ নাই।তেওঁলোকৰ ধৈৰ্য্যৰ বান্ধ ছিগিল।
তেওঁলোকৰ মহিলা পুৰুষ সকলোৱে মিলি নামঘৰৰ ভিতৰত থকা মহিলাসকলক টনা আজোৰা কৰিবলৈ ধৰিলে ।এনেতে ওচৰপাজৰৰ লোকেও আহি নামতী পক্ষত ঠিয় হ’ল।দুয়ো পক্ষৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ’ল।মই দুয়ো পক্ষকে পাৰোঁ মানে আঁতৰাবলৈ চেষ্টা কৰিলোঁ,কিন্তু কোনে কাক শুনে?লাঠি,শিল,ইটা যিয়ে যি পালে তাকে লৈ প্ৰতি পক্ষক আক্ৰমন কৰিলে।
মই গছপুলি এডালকে উভালি দুয়ো দলৰ মাজত সুদৰ্শন চক্ৰ চলোৱাদি ঘূৰাই আঁতৰাই ৰখাৰ চেষ্টাই কৰি থাকিলোঁ।হোম গাৰ্ড জনক থানালৈ ফোৰ্ছ মাতিব পঠিয়াই দিলোঁ।ইতিমধ্যে দুয়োদলৰে কেইবাজনো গুৰুতৰভাৱে জখম আৰু বেহুচ হৈ মাটিত পৰি থাকিল।মই নিজৰ নিজৰ জখমী সকলক থানালৈ বা হাস্পাতাললৈ নিবলৈ কোৱাত যেনিবা দাঙি দাঙি লৈ গল।যুদ্ধ কিন্তু চলিয়ে থাকিল।
কিছু দেৰিৰ পিচত অ চি ছাৰ এটা চি আৰ পি পাৰ্টীলৈ উপস্থিত হ’ল আৰু যুদ্ধত থকা দুয়ো দলৰে লোকক লাঠি ছাৰ্জ কৰি খেদি পঠিয়ালে।তেতিয়াহে চাই দেখিলো মোৰ ভৰি আৰু হাতৰ কেইবাঠাইতো জখম হৈ তেজ ওলাইছে আৰু পেন্টৰ তলৰ অংশ তেজেৰে পখৰা হৈছে।অ চি চাৰৰ দিহা মতে নামঘৰৰ ভিতৰৰ পৰা মূৰ্ত্তিবোৰ লৈ থানালৈ গৈ ময়ো অলপ চিকিৎসা ল’লো।ভাগ্য ভাল যে সিদিনা মোক কোনো পক্ষই শত্ৰু ভাৱে লোৱা নাছিল।
এইখন হৰি হৰৰ যুদ্ধৰ পিছতে কোনোবা ব্ৰহ্মাৰ হস্তক্ষেপত যেনিবা এই সমস্যাটোৰ এটা সমাধান ওলাল।সেইমতে চৰকাৰে ঘটনাস্থলৰ অলপ আতৰত শঙ্কৰী সকলক নামঘৰৰ বাবে এডৰা চৰকাৰী মাটি আবন্তন দিয়াত তাত নামঘৰ হ’ল আৰু যুদ্ধৰো সামৰণি পৰিল।
মোৰ ভৰি হাতৰ জখমৰ চিনবোৰ এতিয়া নাই।ঘটনাৰ দৃশ্যবোৰ কিন্তু এতিয়াও মনত সজীৱ হৈয়ে আছে।লগতে এটা প্ৰশ্নৰ উত্তৰ আজিও নাপালোঁ ধৰ্মৰ বিশ্বাসে মানুহক অসহিষ্ণু কিয় কৰে ?
(সমাপ্ত)
্
No comments:
Post a Comment