অসমীয়া কথা উল্লেখ ডাকৰ বচনত এষাৰ আছে –‘জেঠত দৈ আহাৰত খৈ, শাওণত মৰাপাট খাবা গৈ। ভাদত ওল, আহিনত কল, কাতিত কচুই বঢ়াই বল। আঘোণত খাবা পাৰ চৰাই, পুহত পিঠা, মাঘত কৰাই। ফাল্গুনত মৌ, চ’ত বহাগত বৰ, ইয়াক খালে পুৰুষৰ গুচে সৰ্বজ্বৰ।' এইধৰণৰ বহুতো প্রয়োজনীয় কথা, বিশেষকৈ অসমীয়া সমাজ জীৱনৰ বাবে প্রয়োজনীয় কথা ডাকৰ-বচন, ফকৰাৰ পুথি বা ফকৰা-যোজনা, খনাৰ বচন, প্রবাদ-প্ৰৱচন, লোক-বিশ্বাস, বিভিন্ন ধর্মপুথি, বেদ, লোকগীত আদিত উল্লেখ আছে। অৱশ্যে এইধৰণৰ লোকবিশ্বাস আদিত উল্লেখ থকা কথাবোৰৰ প্ৰভাৱ বর্তমান কিছু লোপ পাইছে যদিও এতিয়াও অসমীয়া সমাজত যথেষ্ট জনপ্ৰিয় হৈ আছে। এই জনপ্রিয়তা থকা খাদ্যসমূহৰ ভিতৰত দৈ এক অন্যতম খাদ্য হিচাপে অসমীয়া সমাজত সমাদৰ পাই আহিছে। এই দৈৰো এনে কিছুমান বিশেষ গুণ আছে যে সেইকথা অনাদিকালৰে পৰা বিভিন্ন ধর্মশাস্ত্র, স্বাস্থ্যৰ বিধান আদিত উল্লেখ আছে। হিন্দু ধর্মত ‘মধুপর্ক’, ‘পঞ্চামৃত’ খোৱাৰ পৰা আৰম্ভ কৰি বেদযুগত ঋষি মুনিসকলে দৈৰ লগত ‘সোমৰস’ মিহলাই খোৱালৈকে বা কালিদাসে দৈৰে তৈয়াৰী ‘চিহাৰিণী’ৰ পৰা (চিহাৰিণী হৈছে- দৈৰ সৈতে লং, ইলাচি আদি বিভিন্ন মচলা মিহলি কৰি খোৱা এক উৎকৃষ্টমানৰ খাদ্য) আৰম্ভ কৰি বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতি বা বিভিন্ন প্রদেশকে ধৰি আমেৰিকা, ৰাছিয়া, ওমান, ফ্রান্স অস্ট্রেলিয়া, ব্রাজিল, ইংলেণ্ড, কানাডা, ইণ্ডোনেছিয়া, চীনদেশ, এছিয়া আমেৰিকাৰ বিভিন্ন দেশ আদিত অধিক মাত্ৰাত দৈ প্ৰচলন হৈ অহাৰ কথা আমি বহুতেই দেখিছোঁ, শুনিছোঁ বা কাকতে পত্ৰই পঢ়ি আহিছোঁ।
এই ধৰণৰ অধিক মাত্ৰাত দৈ খোৱা বা দৈৰ ব্যৱহাৰ কৰা কথাটোৰ গুৰিতেই হৈছে দৈত এনে কিছুমান পুষ্টিকৰ খাদ্য উপাদান থাকে যে ইয়াক জীৱনদায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হৈছে। লগতে দৈত থকা বেক্টেৰিয়াই মানৱ দেহত ৰোগ প্ৰতিষেধক হিচাপেও এক অতি মূল্যৱান খাদ্য বুলি প্রমাণিত হৈছে। দৈত মানুহৰ দেহৰ বাবে প্রয়োজনীয় মূল্যৱান প্ৰটিন, আৱশ্যকীয় ভিটামিন, লেকটিক এচিড আৰু খনিজ লৱণ হেনো একেলগে পোৱা যায়। আমাৰ অসমীয়াতো এষাৰ কথাই প্ৰচলিত হৈ আহিছে যে দৈ খাই থাকিলে মানুহৰ আয়ুস বৃদ্ধি হয়। তদুপৰি তেজত দূষিত কলেষ্টৰেল মাত্ৰা কম কৰিবৰ বাবে নিয়মিত দৈ খোৱাটো অতি প্ৰয়োজন৷ ইউৰোপিয়ান দেশ কিছুমানত দৈক আকৌ— 'The Food of the God' বুলি কয়। আমি নিজেও সৰুৰে পৰাই দৈ গাখীৰক এক প্রিয় খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। অৱশ্যে আমি সৰুতে দেখা বা খাই পোৱা কিছুমান ৈ গাখীৰ যেনে— ম’হৰ খুঁটিত পতা দৈ, ফেন উঠি থকা গৰু বা ম’হৰ এৱা গাখীৰ কাকবাঁহৰ চুঙাত পতা দৈ, নতুন টেকেলি বা মাটিৰ কলহত পতা দৈ, কৰিয়াত পতা দৈ, নতুন মাটিৰ মলাত বিশেষ গছপাত বা গৰম কাপোৰে মেৰিয়াই (ঢাকি ৰাখি) পতা দৈ এতিয় বহু পৰিমাণে কমি আহিছে। আজিকালি গাখীৰ গৰম কৰি মলাত ভৰাই বা কাঁচৰ পাত্ৰত নাইবা ধুনীয়া ধুনীয়া প্লাষ্টিকৰ টেমাত ভৰোৱা দৈ, মিঠা দৈ, য়গার্ট, ফ্লেভার্ড কার্ড বা সুগন্ধিত দৈ, মচলা দৈ, লাচি, দহি, কার্ডল, লেমন কার্ড, ৰাইটা, দহিভাল্লা, দহি তৰকা, শ্রীখাণ্ড, হাংকার্ড আদিহে বজাৰত বেছিকৈ পোৱা যায়। আমি নিজেও ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত বৰ সোৱাদৰ্ভৰা দৈ খাই পাইছোঁ। এইবোৰৰ ভিতৰত কলকাতাত খোৱা ‘পয়োধি দৈ’, ‘মিষ্টি দৈ’, ওড়িষাত খোৱা ‘চিলিকা দহি’, অন্ধ্ৰপ্ৰদেশত খোৱা ‘পেৰুগানম’, কৰ্ণাটকত খোৱা ‘মচাৰানা’, পঞ্জাবত খোলা লাচ্চি (লগত মাকৈৰ ৰুটি আৰু মাখনত ভজা শাক), চেন্নাইত খোৱা ‘কার্ড ৰাইচ’, দিল্লীত খোৱা ‘মলাই দহি’ আৰু ‘স্ট্ৰবেৰী য়গাৰ্ট’, মনত আছে। সেইদৰে বিদেশৰ কেইখনমান দেশতো বৰ সুন্দৰ বা সোৱাদভৰা দৈ খাই পাইছোঁ। ইয়াৰে কেইখনমান দেশ যেনে— ওমান (তেওঁলোকে দৈক লাবান’ বুলি কয়), ইজিপ্তৰ ‘জাবাদি’, ইণ্ডোনেছিয়াৰ ‘দাদিহ’, চীনদেশৰ ‘নিংৰু, ‘ইটালিৰ ‘কেগলিয়াটা’, ‘জাপানত খোৱা বা ডো’, দক্ষিণ কোৰিয়াত খোৱা ‘নামজগ’, কেনিয়াত খোৱা ‘মাজিৱা-মালা’ত বিভিন্ন টেষ্টৰ দৈ খোৱা মনত আছে আৰু এই নামবোৰ মোৰ ন'টবুকত লিখি থোৱা আছে।
আনহাতে, আকৌ আমি সৰুৰে পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন ঠাইত খোৱা অতি তৃপ্তিকৰ দৈ, ক্রীম আৰু এইবোৰৰ সৈতে খোৱা বিভিন্ন জলপানৰ সোৱাদ এইটো জীৱনত পাহৰিব নোৱাৰিম। উদাহৰণস্বৰূপে আমি সৰুতে ডাঙৰ-দীঘল হোৱা শিৱসাগৰ জিলাৰ (সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ) আখৈফুটীয়া, দিখৌমুখ, দিচাংমুখ, জাজীমুখ, ঢেকীয়াখোৱা মাজুলী, কঁহৰা আদিৰ ম'হৰ খুঁটিৰ দৈ, অসমীয়া গৰু গাইৰ দৈ যি সোৱাদ আৰু আঠা (সেই ধৰণৰ আঠা দৈ জলপান এটা গুৰ আৰু পকা কলেৰে সানি পুতকি খোৱাৰ পিছত হাতখন গৰম পানী আৰু চাবোনেৰে ধোৱাৰ পিছতো আঠা আঠা ভাব এটা লাগি থাকে আৰু হাতখনো এক মৃদু মিঠা দৈ দৈ গোন্ধাই থাকে) সেই সোৱাদ পাহৰিব নোৱাৰি। সেইদৰে কলেজ-বিশ্ববিদ্যালয় পোৱাৰ পিছত খোৱা নামনি অসমৰ সৰভোগ, ৰামদিয়া, মুকালমোৱা, বৰপেটা আদিৰ খাটি দৈ সোৱাদৰ কথাও পাহৰিব নোৱাৰি। সৰভোগ নামৰ ঠাইখনৰ অৰ্থটোৱেই হৈছে সৰৰ ভোগ (সৰ + ভোগ), অর্থাৎ সৰভোগৰ দৈত যথেষ্ট পৰিমাণে গাখীৰৰ সৰসহ মাখন মাখন লগা (ক্রীম যেন লগা) দৈ থাকে বাবে (যাক স্থানীয় মানুহে নিৰলা দৈ বুলি কয়) খাবলৈ অতি তৃপ্তিকৰ হয়, বিশেষকৈ সৰভোগৰ আশে-পাশে থকা বৰ্নগৰ (সৰভোগৰ পুৰণি নাম), বৰপথাৰ, বগীদাবা, আহিতামা আদিৰ খাটি দৈ অতি আঠা থকা আৰু সোৱাদভৰা বুলি নাম আছে ৷ আমি কলেজ, বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত সেইবোৰ ঠাইৰ দৈৰ কলহ বা টেকেলি ওলোটাই ধৰিলেও দৈখিনি ওলাই নপৰিছিল আৰু বহু সময়ত এখন নতুন গামোচাৰে বান্ধি অনা দৈ আমি দেখিছিলোঁ বা খাই পাইছিলোঁ। এতিয়াও কোনো এখন নতুন ঠাইলৈ গ’লেই আমি সুবিধা পালেই সেই ঠাইৰ দৈ, শাক পাচলি, মাছ-মাংস আদি খাই চাওঁ।
আলোচনাটো শেষ কৰাৰ আগতে ইয়াকে ক’ব পাৰি যে আমি দৈনন্দিন জীৱনত নিজে ভালপোৱা বা জুতি লগা বিভিন্ন খাদ্য খোৱাৰ লগতে দৈনিক অকণমান হ'লেও দৈ বা দৈ-গাখীৰ (অর্থটো আচলতে একেটাই) খাব পাৰিলে এক সু-স্বাস্থ্য অটুট ৰখাৰ লগতে যৌৱনটো দীঘলীয়া কৰা আৰু বহুতো বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। আহক তেনেহলে, প্রতিদিনাই অলপমান হলেও দৈ খোৱাৰ অভ্যাস এটা কৰোঁ আৰু আমাৰ সু-স্বাস্থ্য অটুট ৰাখোঁ।
No comments:
Post a Comment