জনজাতি সমাজত নাৰী
বিউটি পেগু, যোৰহাট, গড়মূৰ
জনজাতীয় সমাজত নাৰী বহু পৰিমাণে মুক্ত আছিল। মুক্ত মানে ব্যভিচাৰ,অত্যাচাৰী আদি বিশেষণবোৰ বুজোৱা হোৱা নাই ।
আমাৰ মিচিং সমাজত দুটা বছৰ আগলৈকে নাৰীক লোলুপ দৃষ্টিৰে চোৱা হোৱা নাছিল | নাৰীক সন্তান জন্ম, প্রতিপালন আৰু ভোগৰ সামগ্রী বুলিও গণ্য কৰা নহৈছিল | এক প্রকাৰ ক'বলৈ গ'লে কৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে মিচিং নাৰীৰ স্থান পুৰুষতকৈ ওপৰত বুলিব পাৰি |মিচিং গাঁওসমূহত যেতিয়া বাথৰুম নাছিল তেতিয়া মহিলা, গাভৰুৱে নদীৰ পাৰতেই কেৱল মেখেলাখন মেথেনি মাৰি গা ধুইছিল, কাপোৰ ধুইছিল | এই অৱস্থাত কাষেদি পাৰ হৈ যোৱা কোনো মিচিং পুৰুষে মিচিং নাৰীক অশ্লীল ইংগিত বা ভাষা প্রয়োগ কৰা দূৰৰ কথা কেৰাহিকৈয়ো দৃষ্টি নিক্ষেপ নকৰিছিল | অকলশৰে দুপৰীয়া এনে সাজৰে গা ধুই থকা মিচিং গাভৰুকো কোনো মিচিং পুৰুষে অকলশৰে পায় নিজৰ কামনা বাসনা পূৰণ কৰিবলৈ চেষ্টা কৰা নাছিল | মিচিং সমাজত ধৰ্ষণ , বলাৎকাৰ আদিবোৰ নোহোৱা নোপোজা শব্দ আছিল দুবছৰ আগলৈকে | কিন্তু মিচিং সমাজত ডেকা গাভৰুৰ প্রেম প্রীতি যে নাছিল এনে নহয় | প্রেম কৰিছিল, লগো কৰিছিল, মন মিলিলে পলায় বিয়াও হৈছিল | কেতিয়াবা কোনো দুষ্ট গাভৰু বা দুষ্ট ডেকাই এজনী বা এজনক কথা দি প্রতিশ্রুতি ভংগ কৰি আন এজনীক বা আন এজনক বিয়াও পাতিছিল | এইবুলি প্রতিশোধৰ তাড়নাত হিংসাৰ ভাৱ জাগ্রত হোৱা নাছিল বা নিজৰ হিংসাৰ ভাৱ দমন কৰিবলৈ ধৰ্ষণৰ দৰে জঘন্য পন্থাক অৱলম্বণ কৰা নাছিল | তোতকৈ ভাল এজনী আনিম বুলিহে জিদ কৰিছিল | কিন্তু লাহে লাহে টিভিৰ বিভিন্ন চেনেলৰ চিনেমা, বলিউডৰ তৃতীয় গ্রেডৰ মছলাধৰ্মী দেহ প্রদৰ্শণমূলক, যৌনধৰ্মী চিনেমাবোৰ চাই বৰ্তমানৰ মিচিং যুৱ প্রজন্মৰো চৰিত্রৰ বহু পৰিবৰ্তন হ'ল | চিনেমাৰ কায়দাত ছোৱালীক ভালপোৱাৰ প্রস্তাৱ দিয়া, লগ কৰা, উপহাৰ দিয়া আনকি বিয়াৰ পূৰ্বে একেলগে শোৱা আদিত পিচ পৰি নাথাকিল | আকৌ চিনেমাৰ ভিলেইনৰ দৰে প্রতিশোধ লবলৈ গৈ ধৰ্ষণৰ দৰে ঘটনাও সংঘটিত কৰিছে | আজি এবছৰ আগতে মেট্রিক দিয়া যুৱক কেইজন মানে পাৰ্টিৰ নামত মদ খাই ঘৰৰ পৰা নাবালিকা এজনীক পাৰ্টী খোৱা ঠাইলৈ মাতি আনি দলবদ্ধ ধৰ্ষণ কৰে আৰু পিচত ডিঙিত চিপ লগাই গছৰ ডালত ওলোমাই থয় | মিচিং সমাজত হয়তো এইটোৱেই প্রথম ধৰ্ষণৰ ঘটনা যেন বোধ হয় | ইয়াৰ আগলৈকে মিচিং সমাজত ধৰ্ষণৰ দৰে ঘটনা সংঘটিত নহৈছিল |
This post is updated by Tultul Kutum
No comments:
Post a Comment