মিচিং সকলৰ পিনকাং আপিন
বিউটি পেগু, যোৰহাট, গড়মূৰ
মিচিং সকলৰ ৰাতিপুৱা পিনকাং আপিনৰ লগত খোৱা দুবিধ ৰেচিপি হৈছে নামচিং আৰু লাঃচৰ | গাঁৱৰ মিচিং সকলৰ বাবে ৰাতিপুৱাৰ আহাৰ বুলিবলৈ ভাতেই | দুপৰীয়া আৰু ৰাতিও ভাতেই মিচিং সকলে ভাতেই মূল আহাৰ | কিন্তু দুপৰীয়া আৰু ৰাতি ভাতৰ লগত মাছ, মাংসৰ লগতে বিভিন্ন ধৰণৰ তৰকাৰী খায় | নৈপৰীয়া মিচিং সকল প্রধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল শ্রমজীৱি জাতি | অতীজতে আহু, শালি দুয়োবিধ ধানৰ খেতিয়েই মিচিং সকলে কৰিছিল | বৰ্তমান মথাউৰি বনোৱাৰ ফলত লগতে নৱ প্রজন্ম খেতিৰ প্রতি অনীহা প্রকাশ কৰাৰ বাবে বহুত ঠাইত শালি ধানৰ খেতিহে কৰা দেখা যায় | আকৌ ভাদ মাহ সোমোৱাৰ লগে লগে মাটিমাহ, সৰিয়হ আদিবোৰ খেতিত লাগি যায় | মিচিং গাঁওসমূহৰ পৰা পথাৰবোৰ বহু দূৰ হোৱাৰ বাবে ৰাতি তিনিটা-চাৰিটাতেই শোৱাৰ পৰা উঠি হাল বাবলৈ যাব লগাত পৰে | এইদৰে গাহৰি, কুকুৰা দানা পানী দি ঘৰৰ যাবতীয় সকলো কাম কাজ সমাপণ কৰি মহিলা সকলেও পথাৰত কামত সহায় কৰিবলৈ যাব লগা হয় | এইবাবে হয়তো মিচিং সকলে ৰাতিপুৱা আহাৰ ভাতৰ লগত তৰকাৰী বনাবলৈ সময় নহয়গৈ ফলত ৰাতিপুৱাৰ ভাত আঞ্জাৰ লগত নাখায় | মাছ ধোৱাচাঙত শুকুৱাই নামচিং কৰি বাঁহৰ চুঙাত সংৰক্ষণ কৰি এই নামচিঙকে পাতত দি জুইত পুৰি নিমখ, জলকীয়াৰ লগত বেঙেনা, আলু, বিলাহীৰ লগত পিতিকা কৰি ৰাতিপুৱা ভাতৰ লগত খায় | লাইশাকৰ পাত সিজাই নিমখ, জলকীয়াৰে সানি পিনকাং আপিনৰ লগত খোৱা হয় | লাইপাত সিজাওতে যিখিনি পানী ৰৈ যায় এইখিনি জোল হিচাপেও ব্যৱহাৰ কৰে | পথাৰত কাম কৰা মানুহে নামচিং আৰু লাঃচৰৰে বৰ তৃপ্তিৰে ভাত খায় |
ভাৱাৰ্থ
পিনকাং আপিন- ৰাতিৰ থাকি যোৱা ভাত
নামচিং -শুকতি
লাঃচৰ- লাইপাত সিজোৱা
This post is updated by Tultul Kutum
No comments:
Post a Comment