মিচিং সমাজত নাৰী
বিউটি পেগু, যোৰহাট, গড়মূৰ
মিচিং সমাজত পুৰুষৰ সমানেই নাৰীয়ে স্থান অধিকাৰ কৰি আহিছে | ঘৰ এখন সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ মিচিং নাৰীয়ে অনেক দুখ,কষ্ট, ঘাট-প্রতিঘাটকো তুচ্ছ কৰে | ঘৰৰ ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি খেতি-বাতি কৰা, ল'ৰা-ছোৱালীৰ দায়িত্ব লোৱা, আলহীক আপ্যায়ন কৰা, তাঁত বোৱা, খৰি সংগ্রহ কৰা, ধান মেলা, ধান জৰা আদি কামবোৰ মিচিং মহিলাই নিষ্ঠাৰে পালন কৰি আহিছে |
মিচিং মহিলাই ৰাতিপুৱা শুই উঠিয়েই ঘৰখনৰ সদস্যসকলৰ বাবে খোৱাৰ যোগাৰ কৰিবলৈ লাগি যায় | মিচিং মহিলাই সাধাৰণতে খাদ্য তৈয়াৰ কৰোঁতে মিচিং ৰন্ধন কৌশল প্রয়োগ কৰে | জুতিৰ অলপ তাৰতম্য হলেও মিচিং মহিলাই বিভিন্ন ধৰণৰ প্রকৰণ প্রণালীৰে মাছ-মাংস, শাক পাচলি , নামচিং তৈয়াৰ কৰি মিচিং ৰন্ধনৰ নিজস্বতা ৰক্ষা কৰি আহিছে | আলহীক সোধ পোছ কৰিবৰ বাবে আৰু সকাম, নিজে খাবৰ বাবেও নিজ পদ্ধতিৰে নগীন আৰু প'ৰ' আপং প্রস্তুত কৰি আহিছে |
মিচিং মহিলাই পুৰুষৰ সমানে পথাৰত কাম কৰে | ভূঁই ৰোৱা, বন গুচোৱা, ধান কটা, ধান ৰ'দত মেলা, ধান খুন্দা, ধান জৰা আদি কামবোৰ কৰি আহিছে | কিছু মহিলাই ধান বস্তা চাইকেলত তুলি ধান খুন্দা মিললৈ লৈ যোৱা দেখা যায় | আকৌ নিজৰ খৰচ উলিয়াবৰ বাবে মিচিং মহিলাই ৰিঃকচেঙৰ কামো কৰে | পুৱা আৰু ৰাতিৰ সাজৰ বাবে মিচিং মহিলাই ঘৰৰ বাৰীতে শাক পাচলিৰ খেতি কৰি নিজৰ দক্ষতাৰ পৰিচয় দিছে |
মিচিং মহিলাই নিজৰ লগতে পৰিয়ালৰ সদস্য সকলৰ পিন্ধা উৰাৰ বাবে ঘৰতে কাপোৰ তৈয়াৰ কৰি লয় | মিচিং সমাজত সাধাৰণতে গাওঁত কাপোৰ বব নজনা এগৰাকী নাৰীক সাধাৰনতে থুপৰী বুলি কোৱা হয় | বিভিন্ন ৰঙ বিৰঙৰ সুন্দৰ নক্সাৰে বয় উলিওৱা এগে গাচৰবোৰ বহু দূৰৰ পৰা আনৰ দৃষ্টি আকৰ্ষণ কৰে | আজি মিচিং মহিলাই বোৱা এগে গাচৰ, মিবু গালকে অন্য জাতিৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে | আৰু মিচিং জাতিক এক স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে |
বিভিন্ন উৎসৱ পাৰ্বণত মিচিং মহিলাই গুৰত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে | বিয়া-বাৰু, সকাম, পূজা আদিবোৰত মিচিং সমাজত মহিলা নহ'লেই নহয় বুলিয়েই একপ্রকাৰ ক'ব পাৰি | নৃত্য গীত আদিবোৰতো মিচিং মহিলাৰ বিশেষ ভূমিকা আছে | মিচিং সমাজৰ সমাজ জীৱনৰ প্রায় প্রতিটো ক্ষেত্রতেই মহিলা জড়িত হৈ আছে আৰু ভূমিকা গ্রহণ কৰি আহিছে |
মিচিং সমাজখনক আৰু অধিক উন্নত দিশত আগুবাই নিবলৈ মিচিং মহিলাসকলৰ শিক্ষাৰ ক্ষেত্রত গুৰত্ব আৰোপ কৰিব লাগিব | যাতে শিক্ষিত হৈ মিচিং মহিলাই নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে | যুক্তিযুক্ততাৰে যিকোনো বিষয়ৰ প্রতি নিজৰ মনোভাৱ প্রকাশ কৰিব পাৰে | সমাজৰ পৰা অন্ধবিশ্বাসবোৰ দূৰ কৰিব পাৰে | নিজ সংস্কৃতিৰ প্রতি সচেতন আৰু সজাগ হবলৈ আমাৰ মিচিং মাতৃসকলে নিজ সন্তানক সৰুৰে পৰা নিজৰ সংস্কৃতি, পৰম্পৰাৰ বিষয়ে জ্ঞান দিব লাগিব | যাতে উচ্চ শিক্ষিত হৈয়ো বা বিদেশত থাকিও নিজ সংস্কৃতিৰ প্রতি সন্মান,শ্রদ্ধা কৰিব পাৰে |
বৰ গৌৰৱৰ কথা যে আজিৰ মিচিং মহিলাই ৰাজনীতিতো প্রৱেশ কৰি নিজৰ ৰাজনৈতিক সুদক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে |
ভাৱাৰ্থ
এগে গাচৰ - মেখেলা চাদৰ
মিবু গালুক - মিচিং পুৰুষে পিন্ধা হাত কটা চোলা
ৰিঃচেগ - পেকেট মানি উলিয়াবৰ বাবে আনৰ পথাৰত ভূঁই ৰুই দিয়া বা ধান কটা আদি বিভিন্ন ধৰণৰ আয়মূলক কাম
This post is updated by Tultul Kutum
No comments:
Post a Comment