ভাগ্য কাৰ লগত থাকে?
এবাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ সখা অৰ্জুন দ্বাৰকা নগৰত ফুৰিবলৈ গ'ল। বাটত এজন দুখীয়া ভিক্ষাৰী ব্ৰাহ্মণে ভিক্ষাৰ পাত্ৰ লৈ থিয় হৈ থকা দেখি ভিক্ষাৰীৰ প্ৰতি দয়া উপজিল। অৰ্জুনে এটোপালা শকত সোণৰ মুদ্ৰা ব্ৰাহ্মণক দান দি সেই দিনাৰ পৰা সুখত খাবলৈ ক'লে।
সোণৰ মুদ্ৰা এটোপালা পাই ব্ৰাহ্মণৰ মন আনন্দত হিয়া নধৰা অৱস্থা হ'ল। আগন্তুক দিনৰ সুখৰ সপোন দেখি সোণৰ মুদ্ৰা টোপোলা লৈ ঘৰলৈ উভতি গৈ থাকোঁতে এজন গভাইত চোৰে ব্ৰাহ্মণৰ হাতৰ পৰা থাপ মাৰি সোণৰ মুদ্ৰা টোপোলা লৈ উধাও হ'ল।
হাততে পাই হেৰুৱাই ব্ৰাহ্মণে বহুত দুখ পালে যদিও সেয়া ভাগ্যৰ লিখন আৰু দুঃস্বপ্ন আছিল বুলি ধৰি লৈ দুখ-শোক পাতলাই পিচদিনা পুনৰ একে ঠাইতে ভিক্ষা মাগিবলৈ গ'ল। পিচদিনাও কৃষ্ণ আৰু অৰ্জুনে সেই একেই বাটেদি নগৰ ভ্ৰমন কৰিবলৈ আহিল। এটোপালা শকত সোণৰ মুদ্ৰা দান হিচাপে পোৱাৰ পিচতো ব্ৰাহ্মণে পুনৰ ভিক্ষা পাত্ৰ হাতত লৈ বাটৰ কাষত থিয় হৈ থকা দেখি অৰ্জুন আচৰিত হ'ল। তেওঁ ব্ৰাহ্মণক কিয় পুনৰ ভিক্ষা খুজিবলৈ আহিল সেই কথা সুধিলে। ব্ৰাহ্মণে আগদিনাৰ ঘটনাৰ সকলো কথা বিৱৰি কোৱাত অৰ্জুনৰ ব্ৰাহ্মণৰ প্ৰতি পুনৰ দয়া উপজিল। এইবাৰ তেওঁ এটা মহা মূল্যৱান সোণৰ মনি ব্ৰাহ্মণক দান দি সেয়া বিক্ৰী কৰি পোৱা পইচাৰে সপৰিয়ালে সুখত খাই থাকিবলৈ কৈ বিদায় দিলে।
আগৰ ঘটনাটোৱে ব্ৰাহ্মণক সাৱধানী কৰি তুলিছিল। সেয়ে এইবাৰ তেওঁ সোণৰ মনিৰ কথা কাকো নকৈ এটা পুৰণি কলহৰ ভিতৰত সেয়া ভৰাই ঘৰৰ এচুকত লুকুৱাই থ'লে। সেই দিনা ব্ৰাহ্মণৰ পত্নী নদীৰ পৰা পানী আনিবলৈ গ'ল যদিও কলহত পানী ভৰাই ঘৰলৈ উভতি আহি থাকোঁতে দুৰ্ভাগ্যবশতঃ কলহটো হাতৰ পৰা পৰি ভাঙি থাকিল। পুনৰ নদীৰ পৰা পানী আনিবলৈ আন পাত্ৰ বিচাৰি বিচাৰি ঘৰৰ চুকত থকা পুৰণি কলহটো পাই সেইটোৰেই নদীৰ পৰা পুনৰ পানী আনিবলৈ গ'ল। ব্ৰাহ্মণ পত্নীয়ে ব্ৰাহ্মণে মনি লুকুৱাই থোৱা কলহটো পানী ভৰাবলৈ নদীৰ পানীত জুবুৰিয়াই দিয়াত সোণৰ মনি নদীৰ পানীত পৰিল আৰু সেইটো এটা মাছে খোৱা বস্তু বুলি ভাবি লগে লগে গিলি থ'লে।
কথাটো গম পাই ব্ৰাহ্মণৰ মূৰত সৰগ ভাগি পৰিল যদিও সেয়াও তেওঁ ভাগ্যৰ লিখন বুলি মানি লৈ পিচদিনা পুনৰ একে ঠাইলৈ ভিক্ষা খুজিবলৈ গ'ল। তৃতীয় দিনাও কৃষ্ণ আৰু অৰ্জুন সেই বাটেদি নগৰ ভ্ৰমন কৰিবলৈ আহিল। এইবাৰ অৰ্জুন ভালকৈয়ে আচৰিত হ'ল। অৰ্জুনে ব্ৰাহ্মণক সোধাত ব্ৰাহ্মণে সকলো কথা বিৱৰি ক'লে।
ব্ৰাহ্মণৰ দুখত অৰ্জুন বহুত দুখী হ'ল। তেওঁ পুনৰ ব্ৰাহ্মণক দান দিব বিচাৰিলে । কাষত থিয় হৈ থকা শ্ৰীকৃষ্ণই ক'লে ব্ৰাহ্মণৰ ভাগ্য সু প্ৰসন্ন হোৱা নাই । গতিকে কোনোবাই যিমান দান দিলেও বা ব্ৰাহ্মণে যিমান যি পালেও সেয়া কেতিয়াও ব্ৰাহ্মণৰ হাতত নাথাকে। ভাগ্যই যেতিয়ালৈ লগ নিদিয়ে তেতিয়ালৈ যিমান চেষ্টা কৰিলেও কাৰো একো নহয় । যাৰ যি ভাগ্য থাক পৰাভূত কৰা অসম্ভৱ । গতিকে অৰ্জুনে পুনৰ ব্ৰাহ্মণক আৰু দান নিদিয়াই ভাল বুলি ক'লে।
এইবাৰ ভগৱান শ্ৰীকৃষ্ণই নিজেই ব্ৰাহ্মণক দান দিলে। দান হিচাপে কৃষ্ণই ব্ৰাহ্মণক মাত্ৰ দুটা ৰূপৰ মুদ্ৰা দি বিদায় দিলে। ৰূপৰ মুদ্ৰা দুটা লৈ ব্ৰাহ্মণ সেই দিনা ঘৰমুৱা হ'ল। বাটত ভাবি ভাবি গ'ল সকলো ঐশ্বৰ্য্যৰ গৰাকী হোৱাৰ পিচতো প্ৰভূৱে ইমান সামান্য দান তেওঁক কিয় দিলে? কথাটো ভাবি ভাবি তেওঁ একো পাৰ নাপালে । তাকো ভাগ্যৰেই লিখন বুলি ভাবি ব্ৰাহ্মণে দুখ কৰিবলৈ এৰিলে। তেনেদৰে ঘৰলৈ আহি থাকোঁতে তেওঁ গাঁৱৰ ওচৰৰ নদীত কেইজনমান মাছমৰীয়াই মাছ ধৰি থকা দেখি সেই ফালে গ'ল। তালৈ গৈ তেওঁ দেখিলে যে এটা সৰু অথচ সুন্দৰ মাছে মাছমৰীয়াৰ জালৰ পৰা এৰা খাবলৈ আপ্ৰান চেষ্টা কৰি আছে। মাছটোৰ প্ৰতি ব্ৰাহ্মণৰ বহুত দয়া উপজিল। তেওঁ মাছমৰীয়াক সেই সৰু অথচ সুন্দৰ মাছটোৰ দাম সুধিলে। মাছমৰীয়াই দুটা ৰূপৰ মুদ্ৰা পালে মাছটো ব্ৰাহ্মণক দিব পাৰিব বুলি ক'লে ।
ব্ৰাহ্মণে ভাবিলে ৰূপৰ দুটা মুদ্ৰাৰেনো তেওঁ কি কৰিব? সেইটোৰে না তেওঁৰ পৰিয়ালটোৰ ভোক গুচিব না তেওঁ ধনী হ'ব পাৰিব। সেইকাৰণে মাছটোকে কিনি নদীত এৰি দিব বুলি ভাবিলে। ৰূপৰ মুদ্ৰা দুটা একো কামত নাহিলেও সামান্য পুণ্য এটাতো হ'ব। ভবা মতেই কাম। তেওঁ ৰূপৰ মুদ্ৰা দুটাৰে সৰু মাছটো কিনি সেইটো ভিক্ষা পাত্ৰটোৰে আলফুলে নি নদীৰ পানীত এৰি দিলে। মাছটো নদীৰ পানীত পৰা সময়তে তাৰ মুখৰ পৰা কিবা এটা বস্তু সৰি পৰা দেখি তেওঁ সেয়া বুটলি ল'লে আৰু দেখিলে যে সেয়া অৰ্জুনে আগদিনা দিয়া সোণৰ মনিটো হয়।
হেৰাই যোৱা সোণৰ মনি পুনৰ ঘুৰাই পাই ব্ৰাহ্মণে আনন্দতে "পালো পালো" বুলি চিঞৰি চিঞৰি ঘৰলৈ গৈ থাকিল। সেই সময়তে ব্ৰাহ্মণৰ সোণৰ মুদ্ৰা থাপ মাৰি নিয়া চোৰটোৱে মুদ্ৰা টোপোলা লৈ সেই বাটেদি পাৰ হ'ব বিচাৰিছিল। ব্ৰাহ্মণে পালো পালো বুলি চিঞৰি আহি থকা দেখি তেওঁ বৰ ভয় খালে। তেওঁ ভাবিলে যে ব্ৰাহ্মণে তেওঁক ভালকৈ চিনি পালে। এতিয়া তেওঁৰ বিৰুদ্ধে ৰজাক লগাব। সেয়ে তেওঁ ভয়ত কঁপি কঁপি ব্ৰাহ্মণৰ ওচৰলৈ আহি সোণৰ মুদ্ৰা টোপোলা ব্ৰাহ্মণৰ হাতত দি তেওঁক ক্ষমা কৰিব দিবলৈ ভৰিত ধৰিলে। এনেদৰে হেৰুওৱা সকলো বস্তু উভতাই পাই ব্ৰাহ্মণ বহুত সুখী হ'ল আৰু সেই দিনাৰ পৰাই তেওঁৰ সকলো দুখ গুচিল।
ঘটনাৰ সকলো কথা গম পাই অৰ্জুন আচৰিত হ'ল। তেওঁ শ্ৰীকৃষ্ণক ব্ৰাহ্মণৰ ঘটনাৰ ৰহস্য সুধিলে। শ্ৰীকৃষ্ণই মিচিকীয়া হাঁহিৰে ক'লে- সখা ব্ৰাহ্মণে যেতিয়া তোমাৰ পৰা মূল্যৱান দান পাইছিল তেতিয়া তেওঁ অকল নিজৰ সুখৰ কথা চিন্তা কৰিছিল। সেই সময়ত তেওঁ নিজৰ সুখৰ বাহিৰে আনৰ সুখৰ কথা ভাবিবলৈ অলপো সময় পোৱা নাছিল। স্বাৰ্থপৰ ভাৱ আৰু চিন্তাই তেওঁৰ মন আৰু আত্মা কলুষিত কৰিছিল। সেইকাৰণে তেওঁ যিমান বহুত পালেও ভাগ্য তেওঁৰ লগত নাছিল। সেই কাৰণে বাৰে বাৰে বহুত পাইও সেইবোৰ নিমিষতে নোহোৱা হৈ গৈছিল। যাৰ অন্তৰত আনৰ সুখ সুবিধাৰ কথাই ঠাই নাপায় তেনে মানুহক ভাগ্যই কেতিয়াও সহায় নকৰে। কিন্তু মই যেতিয়া ব্ৰাহ্মণক সামান্য দান দিছিলো তেতিয়া কিন্তু তেওঁ নিজৰ সুখৰ কথা চিন্তা কৰা নাছিল। চিন্তা কৰিছিল সামান্য প্ৰাণী এটাৰ সুখ। সেই সামান্য প্ৰাণীটোৰ সুখৰ বাবে তেওঁ কৰিব পৰা আৰু কৰিবলগীয়া সকলোখিনি কৰিছিল। সেইকাৰণে লগে লগে ভাগ্য তেওঁৰ ফাললৈ আহিল। ভাগ্য সদয় হোৱা কাৰণেই তেওঁ হেৰুওৱা সকলো মূল্যৱান বস্তু ঘুৰাই পালে। গতিকে মানুহে নিজৰ ভাগ্য সলনি কৰিবলৈ হ'লে স্বাৰ্থপৰ হৈ অকল নিজৰ সুখৰ কথা চিন্তা কৰিলে নহ'ব। ঈশ্বৰৰ সৃষ্টি সকলো জীৱৰ সুখৰ প্ৰতি চিন্তা কৰিলেহে ভাগ্য সদয় হৈ তেওঁৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব।
This post is updated by Tultul Kutum
No comments:
Post a Comment