Thursday, 13 February 2020

মিচিং সকলৰ দৈৱিক অস্ত্ৰ য়কচা

মিচিং সকলৰ দৈৱ প্ৰদত্ত তৰোৱাল য়কচা
আহোম সকলৰ হেংদানৰ দৰেই "য়কচা" মিচিং সকলৰ জাতীয় অস্ত্ৰ। ই দেখাত সম্পূৰ্ণ সাধাৰণ তৰোৱাল দৰেই। কথিত আছে যে "য়কচা" দৈৱিক অশীৰি আত্মাই মিচিং সকলক  প্ৰদান কৰিছিল। মিচি জনগোষ্ঠীৰ পূৰ্বসূৰী সকলে য়কচা ধাৰণ কৰি পৰম বীৰত্বই লাভ কৰা নাছিল। লগতে লাভ কৰিছিল- বৰ্তমান, অতীত আৰু ভবিষ্যত দৰ্শন কৰিব পৰা আধ্যাত্মিক শক্তি।

অস্তাচলৰ সুৰুযৰ কথা

অস্তাচলৰ সুৰুযে সদায় মনত বিষাদৰ সৃষ্টি কৰে; 
যেন গোটেই দিনটো একেলগে ঘুৰি ফুৰাৰ পিচত প্ৰেয়সীয়ে বিদায় লোৱা দৃশ্যটোহে।

নাৰী কি

নাৰী মানেই কোমলতা
নাৰী মানেই সুন্দৰতা
নাৰী মানেই আনন্দময়তা।
কিন্তু সেই সকলোবোৰ উপৰিও নাৰী
এক পাৰাপাৰ বিহীন এক বিশাল ৰহস্যময়তা।

প্ৰেম মানে....


প্ৰেম হৃদয়ৰ বাবে হৃদয়ৰ এটি মিঠা অনুভৱ;
 ত্যাগ, বিশালতা আৰু উদাৰতা।

আমি গাঁৱলীয়া

এনেকুৱা প্ৰাকৃতিক পৰিবেশ খুউব ভাল লাগে। মোৰ জন্ম গাঁৱতেই কিন্তু চাকৰি সূত্ৰে থাকোঁ চহৰত। কিন্তু মোৰ মনটো সদায় থাকে গাঁৱতেই।