অসমীয়া ভাষা নজনা আহোম ল'ৰা
টুল টুল কুটুম
২০১৭ চনৰ গ্ৰীষ্মকালীন এৰাতিৰ কথা। মোৰ চাকৰি তেতিয়া ডিব্ৰুগড় চহৰৰ সদৰ থানাত। ৰাতিৰ ভাগত মোৰ ভ্ৰাম্যমাণ নৈশ টহলৰ দায়িত্ব পৰাত থানাৰ আন আন সংগীসহ চহৰত টহল দি আছিলোঁ। তেনেকৈ টহল দি থাকোঁতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত পুৰণি ৰে'ল ষ্টেচনৰ ওচৰত পথৰ দাঁতিত ডেকা লৰা এজন শুই থকা দেখি তেওঁক শোৱাৰ পৰা উঠাই আমি সোধ পোছ আৰম্ভ কৰিলোঁ।
সেই সময়ত চহৰত চোৰৰ উৎপাত অলপ হৈছিল। ল'ৰা জনৰ নাম সোধাত তেওঁৰ নাম বলীন চেতিয়া বুলি ক'লে। তাৰপিছতে আমি তেওঁৰ ঘৰ কত, কি কাৰণত তাত শুই আছে সেইবোৰ কথা সুধি গলো। কিন্তু তেওঁৰ উত্তৰ নাই। ল'ৰাজনে একো উত্তৰ নিদিয়া দেখি আমাৰ আৰক্ষী কৰ্মীবোৰৰ সন্দেহ হ'ল ই কোনোবা চোৰেই হ'ব। তেওঁৰ ঘৰ বহুবাৰ সুধি থকাৰ পিছত সি যেনে তেনে ভঙা ভঙা অসমীয়াত উত্তৰ দিলে তেওঁৰ ঘৰ ধেমাজি জিলাৰ জোনাই অঞ্চলত।
আমাৰ কৰ্তব্যৰত আৰক্ষী দলটোত মোৰ আৰু গাড়ী চালক মিহি চেতিয়াৰ ঘৰ ধেমাজি জিলাত। ল'ৰাজনে ভয়তে একো ক'ব পৰা নাই নেকি বুলি ভাবি মই গাড়ী চালক মিহি চেতিয়াক নিজে চেতিয়া লিখে আৰু ধেমাজিৰেই মানুহ বুলি পৰিচয় দি মৰমেৰে সোধা পোছা কৰিবলৈ ক'লো মিহি চেতিয়াই ইটো সিটো বহু কথা সুধি চালে কিন্তু ল'ৰাজনে একো উত্তৰ নিদিলে। মই লক্ষ্য কৰিলোঁ ল'ৰাজনে কথাবোৰ বুজি পাইছে কিন্তু উত্তৰহে দিব পৰা নাই। মিহি চেতিয়াক আতৰাই মই এইবাৰ চুটি চুটি সৰু সৰু উত্তৰৰ কেইটামান প্ৰশ্ন কৰাত তেওঁ ভঙা ভঙা অসমীয়াত সেইবোৰৰ উত্তৰ দিলে। ল'ৰাজনৰ কথনভংগী মিচিং ল'ৰাৰ নিচিনা দেখি মই পৰীক্ষামূলক ভাৱে মিচিং ভাষাত দুটামান কথা সোধাত তেওঁ মিচিং ভাষাত সেইবোৰৰ উত্তৰ ফটাফট দিলে। তেতিয়াহে ওলাল ওৰহী গছৰ ওৰ। ল'ৰাজন হওতে আহোম ল'ৰাই হয় কিন্তু ককা দেউতাৰ দিনৰ পৰা তেওঁলোকৰ সাতঘৰ পৰিয়াল বসবাস কৰি আছে মিচিং মানুহ অধ্যুষিত অঞ্চলত। ঘৰে বাহিৰে সকলোতে মিচিং ভাষাকেই ব্যৱহাৰ কৰি থকাত অসমীয়া ভাষা বুজি পায় কিন্তু ভালকৈ ক'ব নোৱাৰে।
সি যি কি নহওঁক ল'ৰাজনক সোধ পোছ কৰি পিচত গম পালো যে তেওঁ কামৰ সন্ধানত দুদিনমান আগতেই ডিব্ৰুগড় চহৰলৈ আহিছিল। কাম বিচাৰি নাপালে আৰু পকেটৰ পইচাও শেষ হোৱাত ঘৰলৈ উভতি যাব বিচাৰি বগীবিল ঘাটলৈ যোৱা গাড়ী বিচাৰি সেই ঠাইলৈ আহিছিল। (তেতিয়া বগীবিল দলং মুকলি হোৱা নাছিল) গাড়ী নোপোৱাত দুখে ভাগৰে পথৰ দাঁতিতে শুই আছিল। ল'ৰাজন হোজা চৰিত্ৰৰ । সেইকাৰণে চহৰৰ দুষ্ট বদমাছৰ পাল্লাত পৰাৰ সম্ভাৱনা থকাত মই তাক থানালৈ আনি থানাৰ ভিতৰত থকা বিছনা এখনত শোৱাৰ ব্যৱস্থা কৰি দি ৰাতিপুৱা ঘৰলৈ যাব পৰাকৈ পাচশ টকীয়া নোট এখন তেওঁৰ হাতত দি বিদায় দিলোঁ।
No comments:
Post a Comment