কমল কুমাৰ মেধিৰ চিঠি
*******************
দৈনিক জনমভূমিৰ এটা বাতৰিৰ আঁট ধৰি , ৰাইজৰ দলৰ বহুৰূপী নেতা , সৰ্বজ্ঞানী , কথাৰ সাগৰ কমল কুমাৰ মেধিয়ে এখন চিঠি লিখিছে । চিঠি খনত অখিল গগৈৰ মানসিক যন্ত্ৰণা, হতাশা আদি বিভিন্ন কথাৰ অৱতাৰণা কৰিছে ।
কমল কুমাৰ মেধিৰ চিঠি খনৰ আঁট ধৰি আমিও কওঁ যে এজন সুস্থ সবল মানুহ দীৰ্ঘ দিনৰ বাবে আপোন পৰিয়াল এৰি অকলশৰীয়াকৈ বন্ধ কুঠৰী এটাত সোমাই থাকিলে মানসিক বিকৃতি ঘটিবই । কৰ'ণা আৰু কাৰ্ফিউৰ কাৰণে , আমি নিজেই যোৱা পচিশ দিন বন্ধ কোঠা এটাত সোমাই থাকি মানসিক ভাৱে ভাঙি পৰিছোঁ। তেনেস্থলত দীৰ্ঘ দিনৰ বাবে সোমাই থাকি অখিল গগৈয়ো মানসিক ভাৱে ভাঙি পৰাতো তেনেই স্বাভাৱিক কথা ।
মেধিৰ কথা খিনিৰ লগত আৰু অলপ যোগ দি কওঁ যে জেইলত সোমাই থকা কাৰণেই নহয় ,অখিল গগৈ জেইলত থকাৰ আগৰ পৰাই এজন চেৰা পাগল আছিল । নহ'লে কথাই কথাই আন্দোলন কৰা , হাত মুৰ জোঁকাৰি কথা কোৱা, কোনো ভিত্তি হীন কথাতে ইনকিলাব জিন্দাবাদ মৰা আদি স্বাভাৱিক মানুহৰ কাম নিশ্চয় হব নোৱাৰে।
এতিয়া কমল কুমাৰ মেধিলৈ আমাৰ পোনপটীয়া প্ৰশ্ন-
প্ৰনৱ কুমাৰ বড়ো নামৰ যুৱক জনে যেতিয়া অখিলৰ উচটনিত গাত জুই লগাই মৰিছিল , কা আন্দোলনৰ ভিতৰত যে নকৈ সজোৱা গুৱাহাটী খন পুৰি ছাৰখাৰ কৰিছিল , পাছ জন নিৰীহ যুৱকক পুলিচে যেতিয়া গুলিয়াই মাৰিছিল , তেতিয়া মেধিয়ে এনে চিঠি লিখিছিল নে ?
গুৱাহাটীৰ পাহাৰৰ মানুহক মাটিৰ পাট্টা দিব বুলি যেতিয়া বুৰ্বক সজাই পইচা খাইছিল , চিমেণ্ট ফেক্টৰীৰ বিৰুদ্ধে লাগাতাৰ আন্দোলন কৰি , পাছত মালিক পক্ষৰ লগত যেতিয়া বুজা বুজি কৰি পকেট গৰম কৰিছিল , তেতিয়া কমল কুমাৰ মেধিয়ে এনে পত্ৰ লিখিছিল নে ?
বৃহৎ নদী বান্ধৰ বিৰুদ্ধে পাচ বছৰ আন্দোলন কৰি শেষত যেতিয়া মানুহ বোৰক টুপি পিন্ধাই নিজৰ পকেট গৰম কৰিছিল, তেতিয়া মেধিয়ে এনে চিঠি লিখিছিল নে ?
মেধি ডাঙৰীয়া , হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঠিকেই কৈছিল -
অখিলক আন্দোলন লাগে । আন্দোলন কৰিব নাপালে সি 'ফাগলা 'হৈ যাব ।
কমল কুমাৰ মেধি ডাঙৰীয়া , দূখ কৰি লাভ নাই । অখিল গগৈয়ে উপযুক্ত শিক্ষা পাইছে । আমি নিবিছাৰোঁ আপুনিও তেনে শিক্ষা পাওঁক। সেই কাৰণেই আপোনালৈ অনুৰোধ-
অনাহকত চেলবেলাই নাথাকিব ।
@Kamal Kumar Medhy
হেমন্ত ভট্টাচাৰ্য
গুৱাহাটী
No comments:
Post a Comment