Tuesday, 18 May 2021

বিদুৰ মৈত্ৰেয়ী সংবাদ (মহাভাৰতৰ পৰা)



পাছে মহামুনি শুকে উৎসুকে কহন্ত কথা
নৃপ পৰীক্ষিত শুনিয়োক।
উদ্ধৱ মহন্ত যেৱে কান্দন্তে গৈলন্ত এৰি
বিদুৰৰ জ্বলি গৈলা শোক।।
মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কৈছিল,হে পৰীক্ষিত! উদ্ধৱে কান্দি কান্দি বিদুৰক এৰি থৈ যোৱাৰ পিচত শোকৰ অগনিত বিদুৰ জ্বলিছিল।তেওঁ পৃথিৱীত পৰি তলমূৰ কৰি বৰ দুখ মনেৰে হুক হুককৈ কান্দিছিল।কিছু সময় কান্দি কান্দি কোনোমতে ধৈৰ্য্য ধৰি চকু-মুখ মুচি মাটিৰ পৰা উঠি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গমন কৰিছিল।যথা সময়ত গৈ তেওঁ মৈত্ৰেয় ঋষিৰ আশ্ৰমত উপস্থিত হৈছিল।কুসাৰু পুত্ৰ মৈত্ৰেয় ঋষিক লগ পাই বিদুৰে তেওঁৰ চৰণত ধৰি প্ৰণাম জনাইছিল।মৈত্ৰেয় ঋষিয়ে বিদুৰক বহু সন্মান কৰি আদৰিছিল।তাৰ পিচত কৃষ্ণৰ আদেশমতে "ৰহস্য ভকতি" আৰু ঈশ্বৰৰ মহাজ্ঞানৰ কথা বৰ্ণনা কৰিছিল।(কৃষ্ণই বৈকুণ্ঠ গমন কৰাৰ সময়ত উদ্ধৱ আৰু মৈত্ৰেয় ঋষিক যি তত্ত্ব জ্ঞান প্ৰদান কৰিছিল,সেই তত্ত্ব জ্ঞান মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছিল।) সেই ৰহস্য ভকতি জ্ঞান শুনা মাত্ৰকে বিদুৰৰ মনত কৃষ্ণৰ প্ৰতি একনিষ্ঠ প্ৰেম ভকতি ভাৱ উপজিছিল।বিদুৰ অতি কৃতাৰ্থ হৈ পৰিছিল।তাৰ পিচত তেওঁ মৈত্ৰেয় ঋষিক প্ৰণাম জনাই কৃষ্ণক হৃদয়ত ধাৰণ কৰি হস্তিনাপুৰলৈ গমন কৰিছিল।
বিদুৰ হস্তিনাপুৰত উপস্থিত হোৱাৰ লগে লগে " সুহৃদ বিদুৰ খুড়া আহিছে" বুলি যুধিষ্ঠিৰ, ভীম,নকুল,সহদেৱ চাৰি ভাতৃয়ে দৌৰি ওলাই আহিছিল।(অৰ্জ্জুন সেই সময়ত দ্বাৰকাৰ প্ৰজাসকলৰ লগত আছিল) সুভদ্ৰা,কুন্তী,দ্ৰৌপদী, উত্তৰা আদি নাৰী সকলে আনন্দমনে গৃহৰ পৰা বাহিৰলৈ ওলাইছিল।বিদুৰৰ আগমনৰ বাৰ্ত্তাটো শুনাৰ লগে লগেই সকলোৰে মন আনন্দত নাচি উঠিছিল।বহু দিন পিচত বিদুৰক দেখা পাই নিজৰ নিজৰ প্ৰাণ ঘূৰাই পোৱাৰ দৰে হৈ তেওঁলোকে দুচকুৰে চকুলো বোৱাইছিল।ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে বিদুৰৰ ডিঙিত ধৰি বৰকৈ কান্দিছিল।প্ৰাণ সম প্ৰিয় দেৱৰ বিদুৰৰ ডিঙিত সাৱটি ধৰি কান্দি কান্দি কুন্তীয়ে কৈছিল, "ইমান দিন তুমি ক'ত গৈ আছিলা? তোমাৰ উপকাৰৰ বাবেহে মই পূৰ্ব্বতে মোৰ পাঁচটি পুত্ৰক জীয়াই ৰাখিব পাৰিছিলো।" এই বুলি কৈ কুন্তীয়ে বৰকৈ কান্দিছিল।বহু দিন পিচত বিদুৰক দেখি দ্ৰৌপদী,সুভদ্ৰা আৰু কুন্তীয়ে কান্দি কান্দি প্ৰাণ ফুটি যোৱাৰ দৰে হৈছিল।বিদুৰেও তেওঁলোকৰ লগতে কান্দিছিল।তাৰ পিচত ৰজা যুধিষ্ঠিৰে বিদুৰক আদৰি নি দিব্য আসনত বহুৱাই নানা ভাৱে পূজা কৰিছিল।অনেক আদৰ-সাদৰ কৰি তেওঁৰ চৰণ দুটি ধুৱাই দিছিল।তাৰ পিচত নানা ধৰণৰ পৰমান্ন খাবলৈ দিছিল।বিদুৰৰ পথ শ্ৰম দূৰ হোৱাৰ পিচত যুধিষ্ঠিৰে কৈছিল, " আমাৰ শিশুকালতেই আমাৰ পিতৃয়ে পৰলোকলৈ যোৱাৰ পিচত আমি পাঁচ ভাই অনাথ হৈ পৰিছিলো।তুমি আমাক পুত্ৰৰ দৰে বহু কাল প্ৰতিপালন কৰিছিলা।পক্ষীৰ দৰে ছা দি আমাক ৰক্ষা কৰিছিলা।অনেক আপদ বিপদৰ সময়ত আমাক বুদ্ধি দি কুন্তী মাতৃৰ সৈতে উদ্ধাৰ কৰিছিলা।সেই কথাবোৰ মনত পেলাওঁক খুড়া।তুমি ইমান দিন ধৰি কোন কোন তীৰ্থত ভ্ৰমন কৰিলা আৰু সময়ত আহাৰ কিদৰে পালা?মই জানিছো, তোমাৰ স্পৰ্শ পাই তীৰ্থ সমূহো পবিত্ৰ হৈ পৰিছে।পাতকী সকলৰ সংস্পৰ্শত মহা মহা তীৰ্থবোৰ পাপত মলিন হৈ পৰে।যেতিয়া হৰিক হৃদয়ত ধাৰণ কৰি ভকতে গৈ তীৰ্থত প্ৰৱেশ কৰে তেতিয়াহে সেই পাপবোৰ নাশ হয়।হৰিয়ে ভকতৰ হৃদয় এৰি আঁতৰ হব নোৱাৰে।ভকতৰ হৃদয়ত তেওঁৰ চৰণ দুটি প্ৰেম জৰীৰে বান্ধ খাই পৰে।এবাৰ মাত্ৰ হৰিৰ চৰণ স্পৰ্শ কৰি গঙ্গা মাতৃও ভকতৰ সমান হ'ব নোৱাৰিলে।দেৱতা,তীৰ্থ আৰু ভকতৰ মাজত বহু পাৰ্থক্য আছে বুলি বেদৰ ৰহস্যও শুনিছো।ভকতৰ সঙ্গ যিজনে ক্ষণ মাত্ৰও লয় সেইজনে ঈশ্বৰ কৃষ্ণক বশ্য কৰিব পাৰে।হে খুড়া! যাদৱ বংশৰ সকলোকে তুমি দেখা কৰি আহিছা।তেওঁলোক তাত কুশলে আছেনে? অৰ্জ্জুন দ্বাৰকালৈ যোৱা আজি সাত মাহ হ'ল কিন্তু কি কাৰণে তেওঁ জানো উভতি অহা নাই?
যুধিষ্ঠিৰে বিদুৰক যি যি কথা সুধিছিল সকলো কথাৰে উত্তৰ বিদুৰে দিছিল।যাদৱ কুলৰ বাৰ্তা জনোৱাৰ বাহিৰে তেওঁ আন সকলোৰে কুশল বাৰ্তা জনাইছিল।কৃষ্ণই বৈকুণ্ঠ গমন কৰাৰ কথা শুনিলে পাণ্ডৱ সকলে প্ৰাণত্যাগ কৰিব পাৰে বুলি বিদুৰে যদুবংশৰ কোনো কথাই যুধিষ্ঠিৰক জনোৱা নাছিল।কাৰণ সন্ত সকলে পৰক দুখ দিবলৈ ইচ্ছা নকৰে।হস্তিনাপুৰত বংশৰ সকলো লোকেই বিদুৰক বহু সন্মান কৰিছিল যদিও বিদুৰৰ মনটো কৃষ্ণ বিৰহ বেদনাত চটফটাই আছিল।নিজৰ মনলৈ বিৰকতি অহাত তেওঁ তাত থাকিবলৈ উচ পিচ কৰি উপায়ন্তৰ হৈ কেইদিনমানৰ কাৰণে নিজৰ ঘৰতে থাকিবলৈ ধৰিলে।
উপদেশ
"""'"'"''''""""''''"
শুনা নৰলোক কৃষ্ণ কথা ইটো
মৰণ আগে নেদেখা।
পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যা যাই মৰি
কিসক আক নেলেখা।।
পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে সমস্ত লোককে উপদেশ প্ৰদান কৰি কৈছে যে,বিষয় সংসাৰৰ পুত্ৰ,ভাৰ্য্যা,ভ্ৰাতৃ সকলো চকুৰ আগতে নাশ হৈ যায়।ধন,জন, শৰীৰ ইয়াতে পৰি থাকিব।যমৰ কিঙ্কৰে আহি ডিঙিত জৰী লগাই যমঘৰলৈ নি নানা শাস্তি প্ৰদান কৰিব।তাৰ পিচত যে পুনৰ এই মানব জীৱন পোৱা যাব তাৰ আশা নাই।ভাৰতবৰ্ষ,নৰদেহা, কলিযুগ আৰু হৰিনাম এই চাৰি বস্তু সংযোগ মহা ভাগ্যৰ বলত পাইয়ো মনুষ্যই কিহৰ বাবে বাট চাই থাকে।হৰি নাম কীৰ্ত্তন কৰি যমৰ যাতনাৰ পৰা উদ্ধাৰ হৈ পৰম মুক্তি লাভ কৰিব পাৰি।তেনে হৰি নামক অৱহেলা কৰি মানুহ অধোগতি যায়।হৰি নাম লবলৈ কোনো শ্ৰম,কষ্ট নহয় তথাপি মানুহৰ এলাহ।নিজৰ কোলাতে মহা ঔষধ থৈ ঘোৰ চিন্তাত মৰে।
   শাস্ত্ৰৰ সন্মত   নেৰিবা মনত
    কলিৰ বান্ধৱ নাম।
কৃষ্ণৰ কিঙ্কৰে   ৰচিলা শঙ্কৰে
    ডাকি বোলা ৰাম ৰাম।।
This post is updated by Tultul Kutum

No comments:

Post a Comment