এখন বৃদ্ধ আশ্ৰম আৰু এটা ভয়ংকৰ সপোন
--------------------------------------------
ৰঞ্জিত বৰঠাকুৰ
আপুনি বৰঠাকুৰে কৈছে নেকি "?--- অচিনাঁকি নম্বৰ এটাৰ পৰা ফোন আহিল। " হয় , মই ব্ৰিগেডিয়াৰ বৰঠাকুৰে কৈছো" (সামৰিক বাহিনীৰ বিষয়া সকলে 'ৰেংক'তো লৈ সম্বোধন কৰাতো বিচাৰে)।
মানুহজনে নিজৰ চিনাকি দি ,ক'লে "মোৰ মায়ে আপোনাৰ লগত কথা পাতিব বিচাৰে"। মই অনুমান কৰিলো মাকে পুত্ৰৰ পৰা মোবাইলটো এক প্ৰকাৰে টানি লৈ মোৰ লগত কথা পতা আৰম্ভ কৰিলে -
" আপুনি এখন বৃদ্ধাশ্ৰম নচলায় জানো"। তেখেতক কথা আগবঢ়াব নিদি মই বুজালো যে 'Mother old age Home ' নামৰ বৃদ্ধাশ্ৰমটো উৎপল/মনিকাই আৰম্ভ কৰিছে ,মই Working President হিচাপে অলপ পৰামৰ্শ দি আছো।"
তেখেতে ক'লে "আপোনাৰ লগতহে কথা পাতিব আছে, বৃদ্ধাশ্ৰমখন ভাৰা ঘৰ এটাত আছে বুলি মই জানো , সেই বিষয়ে কথা পাতিব বিচাৰো । মোৰ ঘৰটো বৃদ্ধাশ্ৰমক দিব বিচাৰো, আপোনালোকৰ অলপ সহায় হব"।
তেখেতে ইমান সাধাৰনভাৱে তেওঁৰ ঘৰটো বৃদ্ধাশ্ৰমক দিব বুলি কোৱাত আঁচৰিত লাগিল। তেওঁৰ মহানুভবতাক মই শ্ৰদ্ধা নকৰি নোৱাৰিলো । বৃদ্ধাশ্ৰমটোৰ ভাৰা বুলিয়েই যথেষ্ট খৰচ হয় । বেছি ভাগ বৃদ্ধা দুখীয়া, বেছিভাগৰে পইচা দিয়াৰ সমৰ্থ নাই । তথাপি এটা সময়ত বৃদ্ধাশ্ৰমৰ বাবে স্হায়ী ঘৰ এটাৰ পৰিকল্পনা আছে। অলপ অলপকৈ পইচা গোটাই মাটি কিনি আহল - বহল এটা বৃদ্ধা আশ্ৰমৰ সপোন উৎপলৰ লগতে আমাৰ সকলোৰে আছে।
বুঢ়ী গৰাকীৰ লগত আৰু অলপ কথা পাতি সোনকালে লগ ধৰাৰ প্ৰতিশ্ৰুতি দিলো , তেখেতে ক'লে " পাৰিলে আজিয়েই আহক, নহলে কাইলৈ জৰুৰ আহিব কিন্তু যি দিনাই আহে ১০-১০.৩০বজাতকৈ দেৰী নকৰিব"। তেখেতে মোক এড্ৰেচটো বুজাই দিলে ৱাৰলেচৰ ওচৰত উলিয়াবলৈ দিগদাৰ নহ'ব। তেওঁ ১০-১০.৩০ সময়টোৰ ওপৰত যথেষ্ট গুৰুত্ব দিলে।
মইও সোনকালে লগ ধৰাৰ কথাই ভাবিছিলো। মোৰ experience ৰ পৰা অনুভৱ কৰিছো যে বহুত সময় মানুহে নিজৰ সিদ্ধান্ত কিবা নহয় কিবা কাৰণত বদলি কৰে । কেতিয়াবা সিদ্ধান্ত বোৰ ভালকৈ নভবাকৈ হঠাৎ কৰে, পাছত বদলি কৰে। সেই বাবে পাচ দিনা প্ৰায় ১০ বজাত তেওঁৰ ঘৰ পালোগৈ। ঘৰটো দেখিয়েই মনটো ভাল লাগি গ'ল, দুমহলীয়া ঘৰ। আহল - বহল , গছ গছনি ফুল , তামোল, নাৰিকল গছ আদিৰে ভৰা । মনে মনে ভাবিলো আমাৰ বৃদ্ধাশ্ৰমৰ বাবে ইয়াতকৈ ভাল ঘৰ নাপাম । তাতকৈ ভাল কথা মানুহ গৰাকীয়ে ফ্ৰিকে দিব ওলাইছে। মহানগৰীৰ মাজতে হস্পিতাল, বজাৰ সকলো ওচৰত। আদহীয়া মানুহ গৰাকীক মনে মনে ধন্যবাদ জনালোঁ তেওঁৰ মহানতাৰ বাবে।
এনেও মানুহ গৰাকীৰ পিন্ধন,কথা বতৰাৰ ধৰণ দেখি তেখেতৰ প্ৰতি instant শ্ৰদ্ধা আহি গৈছিল । ড্ৰইং ৰুমত মোক আথে বেথে বহিব দি মাক পুতেকে কথা পতা আৰম্ভ কৰিলে । ময়ো জানিব বিচাৰিছিলো আমাক ঘৰতো দিয়াৰ পাছত মাক ক'ত থাকিব ,কাৰ লগত থাকিব। তেখেতে ডাঙৰ পুতেকলৈ আঙুলিয়াই দি জনালে যে পুতেকৰ নিজা ফ্লেট ওচৰত আছে, পুতেকৰ লগতে থাকিব।
আমি কথা পাতি থাকোতে দ্বিতীয় মহলাৰ পৰা সাজি কাছি এগৰাকী মহিলা নামি অহা লক্ষ্য কৰিলো । বুঢ়ী গৰাকীয়ে ক'লে "মোৰ বোৱাৰী,বেঙ্কত কাম কৰে"। বোৱাৰীয়েকক অলপ সময় বহিবলৈ কৈ মোক চিনাঁকি কৰি বোৱাৰীয়েকক উদ্দেশ্যে কৰি ক'লে " ঘৰটো এটা বৃদ্ধাশ্ৰমক দিম বুলি ভাবিছো, বহুত দিনৰ পৰা চিন্তা কৰি আছিলো। অৱশ্যে কাকো বিশেষ ভাৱে কোৱা নাছিলো।" শাহুৰেকৰ কথা শুনি বোৱাৰীয়েক একেবাৰে হতভংগ হোৱাৰ নিচিনা হল। । তেওঁ বিশেষ কথা নকৈ অফিচ দেৰী হোৱা বুলি ঘপকে ওলাই গ'ল । বোৱাৰীয়েক ওলাই যোৱাৰ পিছত মাকে অলপ দেৰি লৈকে মোৰ লগত কেনেকৈ আগবাঢ়িব সেই বিষয়ে কথা পাতিলে , তেওঁ ক'লে যে সোনকালে ,সৰু পুতেকৰ( বেঙ্কত কাম কৰা মহিলা গৰাকীৰ গিৰিয়েক) লগত কথা পাতি, গোটেই প্ৰক্ৰিয়া যিমান সোনকালে পাৰে আগবাঢ়িব লাগিব।
আমাৰ বৃদ্ধাশ্ৰমত কথাটো কোৱাত উৎপল হতে যেন ডাঙৰ Relief পালে। তেওঁলোকৰ সপোনৰ বৃদ্ধাআশ্ৰমে স্হায়ী ঠিকনা পাব। মই মানুহ গৰাকীৰ টেলিফোনলৈ আগ্ৰহৰে অপেক্ষা কৰিলো, কাগজ পত্ৰ তৈয়াৰ কৰোতে যথেষ্ট সময় লাগে । এসময়ত মই নিজে কেইবাবাৰো ফোন কৰিলো, প্ৰথমে কৈছিল "আৰু দুদিনমান সময় লাগিব" পাচলৈ ফোন নধৰাই হ'ল।
কিন্তু আচল কথাটো কেইমাহ মানৰ পাছত গ'ম পালো। তেখেতৰ ঘৰ বৃদ্ধাশ্ৰমক দিয়া একো আচঁনি , প্লেন নাছিল। কিন্তু বোৱাৰী গৰাকীয়ে শাহুৱেকক সম্পত্তি ভাগ বতৰা কৰিবলৈ প্ৰায়ে জোৰ দি থাকে। , বোৱাৰীকে বয়সীয়া মানুহ গৰাকীক জ্বলা ক'লা দেখুৱাইছিল ।
এটা সময়ত সৰু পুতেকে /বোৱাৰিয়েকে গোটেই সম্পত্তি পাব কাৰণ ডাঙৰ পুতেকে একো সম্পত্তি নালাগে বুলি ইতিমধ্যে কৈছে। তেওঁৰ ওচৰতে ডাঙৰ ফ্লেট আছে। কিন্তু সৰু বোৱাৰীয়েকে সম্পত্তি বিচাৰি বুঢ়ীক খুব মনোকষ্ট দিয়ে সেইবাবে বোৱাৰীয়েকক অলপ ভয় খুৱাবলৈ বৃদ্ধাশ্ৰমক দিম বুলি এনেই কৈছিল।
ঘৰটো বৃদ্ধাশ্ৰমক দিম বুলি কোৱাৰ দিনৰ পৰা বোৱাৰীয়েকৰ অৱস্হা কাহিল হ'ল , যথেষ্ট ভয় সোমাল। এতিয়া সম্পত্তি ভাগ কৰাৰ কথা কেতিয়াও নুলিয়াই । বোৱাৰীয়েকৰ শাহুৰ প্ৰতি ব্যৱহাৰো নম্ৰ হ'ল।
বুজিলো- আদহীয়া বুঢ়ীয়ে কি বুদ্ধিৰে বোৱাৰিয়েকক শাসন, সৈমান কৰিলে। তেওৰ ৰণকৌশল মানিব লগীয়া অৱশ্যে তেওঁলোকৰ মাজৰ যুদ্ধত casuality মইহে হ'লো। মই তেখেতক বিশ্বাস কৰিছিলো। সত্তৰ /পয়সত্তৰ বুঢ়ীয়ে ইমান ধুনীয়াকৈ ফাঁকি কব পাৰিলনে , ইমান বুধিয়ক হ'ব পাৰিলেনে । সেইবাবে, মই ভাবিবলো বাধ্য হৈছো যে বয়সীয়াল মানুহ , যাক দেখিলেই ভাল লাগে , অন্তৰৰ পৰা সন্মান আহি যায়,তেওঁলোকে প্ৰয়োজন হ'লে আমাতকৈ বেছি টেঙৰ আৰু মিছলীয়া হ'ব পাৰে।
No comments:
Post a Comment