পিতৃসম এজন শিক্ষাগুৰু আৰু মোৰ ৰাজনীতি চৰ্চা
✍️অখিল গগৈ
আজি ৩১ মে’, ২০২১৷ ৰাতি বাৰ বজাৰ লগে লগে স্বভাৱসিদ্ধভাৱে লাইট নুমুৱাই বিচনাত বাগৰ দিলো৷ এঘণ্টাৰ ভিতৰত টোপনি আহিব– এনে ভাবেৰে বিচনাত পৰাৰ লগে লগে অনেক কথা মনলৈ আহিবলৈ ধৰিলে৷ এইকেইদিন মোৰ জীৱনত অতিকৈ প্ৰভাৱ পেলোৱা এজন শিক্ষাগুৰুৰ কথা মনলৈ আহি আছে৷ টোপনিৰ পৰিৱৰ্তে ছাৰৰ মুখখন আৰু ছাৰৰ স্মৃতিয়ে মোক মেৰিয়াই ধৰিলে৷ ছাৰৰ এতিয়া স্বাস্থ্য কেনে? ছটফটাবলৈ ধৰিলো৷ বহুদিন হ’ল ছাৰৰ খবৰ পোৱা নাই৷ মই শিৱসাগৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত টুকুৰা-টুকুৰি কাগজত ছাৰে কেইবাখনো চিঠি দিছিল৷ অখিল, এইটো কৰিবি, সেইটো কৰিবি ইত্যাদি৷ ছাৰে মোক টীয়কত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতাৰ বাবে বাৰে বাৰে কৈছিল৷ মৰিয়নী সমষ্টিটো এৰি দিবলৈও পৰামৰ্শ দি আছিল৷ যি কি নহওক, ছাৰে যিয়েই নিলিখক, মানিব পাৰো বা নোৱাৰো, সকলো মোৰ বাবে আশীৰ্বাদ৷ ছাৰ মোৰ প্ৰাণৰ মানুহ, শিক্ষাগুৰু কিন্তু পিতৃসম৷ ছাৰৰ লগত মোৰ ৰাজনীতি চৰ্চাৰ আছে এৰাব নোৱাৰা সম্পৰ্ক৷
জীয়া মানুহক প্ৰশংসা কৰা অতি বিপজ্জনক৷ মই সেয়ে মানুহৰ প্ৰতি অতিশয় সমালোচনাত্মক৷ কিন্তু ছাৰ অলপ বেলেগ ধৰণৰ মানুহ; মই জানো মোৰ প্ৰশংসাক পৰোৱাই নকৰে ছাৰে৷ বিচনাৰ পৰা বাৰে বাৰে উঠি এখন কাগজত মনত পৰা কথাবোৰ লিখি গৈছিলো৷ ডেৰমান বাজিল, অৰ্থাৎ, ১ জুন, ২০২১ আৰম্ভ হ’ল৷ এইবাৰ চকীখনত বহি ছাৰৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিলো৷ সদায় একে বহাই লিখাৰ অভ্যাস৷ ট্ৰ কপি [True Copy] কেতিয়াও কৰি পোৱা নাই৷
তেতিয়া মই গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়লৈ অহা নাই৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছো৷ ভাস্কোৱে সাক্ষাৎ কৰিবলৈ গৈছিল৷ ক’লে, ভৰালী ছাৰৰ এটা জটিল ৰোগ হৈছে৷ ভাস্কোৱে ৰোগটোৰ নামো ক’লে৷ কাইলৈ বিমান বন্দৰলৈ থ’বলৈ যাব লাগিব৷ বাইদেৱে কৈছে গাড়ী এখন ঠিক কৰিব লাগে৷ ছাৰ কাইলৈ মুম্বাইলৈ যাব৷ মই অতিকে আচৰিত হ’লো৷ কি ভৰালী ছাৰৰ ইমান ডাঙৰ বেমাৰ এটা হ’ল? উদয়াদিত্য ভৰালী ছাৰৰ এনে অসুখ হৈছে? এইবাৰ কাৰাগাৰত থকাৰ পাছত কি কি যে নুশুনিবলগীয়া কথাবোৰ শুনি আছো৷ বহু সময়ৰ পাছত ভাস্কোক ক’লো– ছাৰৰ ঘৰত সেৱা-শুশ্ৰূষাৰ কাৰণে আমাৰ সংগঠনৰ দুজনী ছোৱালী দিবি৷ ইয়াৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনী আই আৰু ড° অমলেন্দু গুহ ছাৰৰ ঘৰতো আমি আমাৰ সংগঠনৰ দুগৰাকীকৈ কৰ্মী সহায়ৰ বাবে দিছিলো৷ এয়া সমাজৰ প্ৰতি বিশেষ অৱদান থকা মানুহৰ প্ৰতি আমাৰ কৃতজ্ঞতাবোধৰ প্ৰকাশ৷ ভাস্কোৱে ক ’লে– বাইদেউৰ লগত কথা পাতিম৷
ছাৰৰ স্বাস্থ্য এতিয়া কেনে? বুকুখন ধৰফৰাই উঠিল৷ অনেক ভাবনাৰ মাজত বুৰ গ’লো৷
ছাৰৰ লগত শেষৰ বৃহৎ ৰাজনৈতিক কামটো কৰিছিলো ‘‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬” [CAB] সম্পৰ্কীয় জাতীয় উদ্যোগ এটা গঠনক লৈ৷ অসমবাসী ৰাইজে সকলোৱে লগ হৈ প্ৰথম পৰ্যায়ত এই ‘কেব’ খনক আইনত পৰিণত কৰাত বাধা দিয়াৰ পাছত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এখন জাতীয় অভিৱৰ্তন আয়োজন কৰিছিলো৷ সেই অভিৱৰ্তনতে সমগ্ৰ জাতীয়-জনগোষ্ঠীয় সংগঠন, সোঁ-বাওঁ সকলো দলক ঐক্যৱদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী ছাৰক সভাপতি হিচাপে লৈ “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি” নামৰ এখন সমিতি গঠন কৰি সমগ্ৰ অসমবাসীক ঐক্যৱদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ছাৰ এজন অসাধাৰণ সংগঠকো আছিল৷ এসময়ত বাওঁপন্থী আন্দোলনৰ সবৰ্ক্ষণৰ কৰ্মী আৰু তাত্ত্বিকো আছিল বুলি জানো৷ ছাৰৰ সৈতে অনেক দিন কাম কৰিছো৷ কটন কলেজ অধ্যয়ন চক্ৰ, “গছ” ৰ আন্দোলন, জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ উদ্যাপন সমিতি, অসম – এইবোৰ কামত ছাৰ আছিল শিক্ষাগুৰুৰ লগতে আমাৰ সহ উদ্যোক্তাও৷ ছাৰৰ উদাৰ, বহল, সকলোকে সামৰি লোৱা আৰু সকলোকে আপোন আপোন ভবা মনটোৱে সংকীৰ্ণতাৰ উদ্ধৰ্ত বিশাল মানৱীয় অনুভৱেৰে আটাইকে একগোট কৰি পেলায়৷ মতাদৰ্শৰ সংকীৰ্ণতাই কেতিয়াও বাধাৰ প্ৰাচীৰ সৃষ্টি নকৰে৷ সাংগঠনিক কামত থাকোতে সদায় অনুভৱ কৰো মতাদৰ্শগত বান্ধোনৰ উপৰিও সংগঠন মজবুত কৰে হৃদয়ৰ বান্ধোনেৰে৷ এজন প্ৰখ্যাত বিপ্লৱীয়ে কোৱাৰ নিচিনাকৈ সংগঠন মানে যোগাযোগ৷ কিন্তু কৃত্ৰিম, সংকীৰ্ণ মতাদৰ্শগত যোগাযোগেই যথেষ্ট নহয়; মতাদৰ্শৰ পৰিধি ভাঙি মানৱীয় উমালতাই আৱৰি ৰাখিব পৰা এক উত্তপ্ত হৃদয়ৰ বান্ধোনো৷ ছাৰৰ মাজত মই তেনে এক সৰল, গাঁৱলীয়া, মানৱীয় উমাল স্নেহ অনুভৱ কৰো৷ সেয়া যি কি নহওক, “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি”ৰ জৰিয়তে ছাৰে অসমৰ জাতীয় - জনগোষ্ঠীয় সংগঠনসমূহক ঐক্যৱদ্ধ কৰিবলৈ ঐকান্তিক প্ৰচেষ্টা কৰাৰ লগতে এইবোৰ গণ সংগঠনৰ লগত বাওঁপন্থী সংগঠন-দল আৰু বুদ্ধিজীৱীসকলক ঐক্যৱদ্ধ কৰাৰ আন্তৰিক প্ৰয়াসৰ আৰম্ভণি কৰিছিল৷ আমবাৰীত নিজৰ টকাৰে এটা কাৰ্যালয় ভাড়া কৰি বেনাৰ-টেনাৰ লগাই ছাৰে বিভিন্নজনৰ লগত কথা-বাৰ্তা আৰম্ভ কৰি দিছিল৷ ছাৰৰ সদায় প্ৰচেষ্টা আছিল বাওঁ দল-সংগঠন-বুদ্ধিজীৱীসকলৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঐক্যৱদ্ধ আন্দোলন এটা গঢ়ি তোলা৷ আমি ইতিমধ্যে ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগত “কেব” ৰ বিৰুদ্ধে বিশাল গণ আন্দোলন গঢ়ি তুলিছিলো৷ তথাপি ছাৰৰ আন্তৰিক প্ৰয়াসক উৎসাহিত কৰিবলৈ ঐক্যমত পোষণ কৰিছিলো৷ ছাৰে অনেক চেষ্টা কৰিছিল– বাওঁ দল- সংগঠন-বুদ্ধিজীৱীসকলে সন্মতি নিদিলে৷ বৰং ছাৰক কঠোৰভাৱে তেওঁলোকে নিন্দা কৰিলে বুলিহে জানিব পাৰিলো৷ ৰাজগড়ত বহা এখন সভাত যোগদান কৰি ঘূৰি অহাৰ পাছত ছাৰে আমাৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল৷ তাৰ পাছতো ছাৰৰ লগত মই কথা পাতিব নোৱাৰা অৱস্থা৷ মই বুজি উঠিছিলো যে ছাৰ সেই প্ৰচেষ্টাত বাৰুকৈয়ে ব্যৰ্থ হৈছে আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ ছাৰক কৈছিলো– ছাৰ বাদ দিয়ক৷ সেই অনা দেই গ’ল! সমগোত্ৰীয় মানুহবোৰে ছাৰৰ অন্তৰৰ কথা বুজিব নোৱাৰাত ছাৰৰ মৰ্মবেদনা মই উপলব্ধি কৰিছিলো আৰু “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি”ৰ কাম-কাজ আমি ইচ্চাকৃতভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলো৷ বাওঁ দল-সংগঠনসমূহক আমাৰ জাতীয় জীৱনৰ বৃহৎ বৃহৎ সংগঠনসমূহৰ লগত যুক্ত কৰাৰ আৰু জাতীয় দল-সংগঠনসমূহৰ লগত বাওঁ দল- সংগঠনসমূহৰ সমিলমিলৰ এই আন্তৰিক প্ৰচেষ্টা কৰাটো উদয়াদিত্য ভৰালী ছাৰক লগ পোৱাৰ পৰাই দেখি আহিছিলো৷ এই যে মতাদৰ্শ এটাত আপোচ নকৰাকৈ সকলোৰে লগত কাম কৰাৰ বিশাল উদাৰতাৰ গৰাকী হ’ল আমাৰ উদয়াদিত্য ভৰালী ছাৰ৷ ছাৰৰ এই গুণ মই সদায়ে প্ৰশংসা কৰো৷ এই খিনিতে আৰু এটা কথা কওঁ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো কাৰ্যসূচীতে ছাৰে, কোনো অজুহাততে, কেতিয়াও অংশগ্ৰহণ নকৰাকৈ থকা নাছিল৷ কোনো জটিলতা নথকাকৈ জনগণৰ যিকোনো বিষয়ত বিচাৰিলেই পোৱা মানুহজন হ’ল ভৰালী ছাৰ৷
সমাজ আৰু সংগঠন বুলিলে ছাৰৰ গা কেনেকৈ সাতখন আঠখন কৰে, তাক বাৰে বাৰে প্ৰত্যক্ষ কৰিছিলো৷ দেশপ্ৰেমে কেনেকৈ বয়োজ্যেষ্ঠ মানুহ এজনকো চঞ্চল কৰি ৰাখে ছাৰক দেখিলে অনুভৱ কৰিব পাৰি৷ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ উদ্যাপন সমিতিৰ সময়ৰ কথা৷ সেয়া ২০০৩-২০০৪ চন৷ গুৱাহাটী ক্লাবৰ আইপিটিএ কাৰ্যালয়ত আমাৰ উদ্যাপন সমিতিৰ কাৰ্যালয় ঠিক কৰা হৈছিল৷ মই তাত থাকি লৈছিলো৷ এটা বছৰ ধৰি ৰাজ্যজুৰি জীৱন শিল্পীজনৰ শতবৰ্ষ উদ্যাপনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ সদায় সন্ধিয়া উদয়াদিত্য ভৰালী ছাৰ, পৰমা (পৰমা মজুমদাৰ) দা, লোকনাথ (গোস্বামী) দা কাৰ্যালয়লৈ আহে৷ ছাৰৰ গাত যে কি ফুৰ্তি৷ কিমান অনুষ্ঠান পতাৰ, কিমান টকা তুলি দিয়াৰ দায়িত্ব ছাৰে নিজে লয় আৰু সেইমতে কামটো সঠিক সময়ত সমাধা কৰে, ভাবি এতিয়াও আচৰিত লাগে৷ ছাৰ এজন পাক্কা সংগঠক, মোৰ কোনো সন্দেহ নাই৷ ছাৰৰ উৎসাহতে কেশৱ মহন্ত বৰতা, খগেন (মহন্ত)দাৰ পৰা বীৰেন দত্ত ছাৰ, দ্বীপেন বৰুৱা, প্ৰভাত শৰ্মা, তৰালী শৰ্মালৈকে আমাৰ সকলোবোৰ মননশীল শিল্পীক আমি একেলগ কৰি পেলাইছিলো৷ মই কেইবাজনো সংগীৰ সৈতে ভৰালী ছাৰ, পৰমাদা, লোকনাথদাৰ উৎসাহত গোটেই অসম ঘূৰি সমগ্ৰ অসমতে জ্যোতিপ্ৰসাদৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী আয়োজন কৰিছিলো৷ তাৰ পূৰ্বে ২০০১ চনৰ পৰা ২০০২ চনলৈ সণ্ঢালনিকৈ জ্যোতিপ্ৰসাদৰ ওপৰত প্ৰায় দুবছৰ গৱেষণাৰ কাম কৰিছিলো৷ তেজপুৰৰ জ্যোতি প্ৰসাদৰ ভাতৃ হৃদয় (আগৰৱালা) ককাৰ ঘৰত থাকি প্ৰথমবাৰলৈ জ্যোতি প্ৰসাদৰ সাঁচতীয়া ফাইলবোৰ চাবলৈ পোৱাৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই৷ শতবৰ্ষৰ সময়তে মোৰ পত্নী গীতাশ্ৰী তামুলীৰ সৈতে “উৰিব পৰা হ’লে আকৌ যুঁজিলোহেঁতেন” নামৰ জ্যোতিৰ জীৱনীখন লিখি উলিয়াইছিলো৷
উদয়াদিত্য ভৰালী ছাৰৰ লগত প্ৰথম সংযোগ হৈছিল ১৯৯৩-৯৪ চনত, কটন কলেজত৷ মই ইংৰাজী মেজৰৰ ছাত্ৰ আছিলো৷ মোৰ পাছ ক’ৰ্ছতো ইতিহাস নাছিল৷ তেতিয়া ছাৰ ইতিহাস বিভাগৰ অধ্যাপক, বিভাগীয় মুৰব্বীও হোৱা নাছিল বোধকৰো৷ আমি কটন কলেজ অধ্যয়ন চক্ৰ খুলিছিলো৷ কটনৰ ছাত্ৰ একতা সভাৰ প্ৰথমজন সাধাৰণ সম্পাদক শ্ৰীমান প্ৰফুল্ল গোস্বামীৰ “প্ৰগতিশীল অধ্যয়ন চক্ৰ”ৰ আৰ্হিত৷ আমাৰ নেতৃত্বত আছিল তেতিয়াৰ ইতিহাস বিভাগৰ ছাত্ৰ, ইণ্ডিয়ান ষ্টুডেন্ট এছ’চিয়েছনৰ নেতা কংকন ডেকা৷ এতিয়া তেওঁ কি কৰে, কেনে মতাদৰ্শত বিশ্বাস কৰে, একো নাজানো, বহুদিন যোগাযোগ নাই৷ অধ্যয়ন চক্ৰৰ জৰিয়তে আমি বৌদ্ধিক চৰ্চা আৰম্ভ কৰিছিলো৷ তালৈকে মাতি আনিছিলো উদয়াদিত্য ভৰালী ছাৰক৷ কংকন ডেকা, উদয়াদিত্য ভৰালী ছাৰ, ড° সীতানাথ লহকৰ ছাৰ আদিৰ মধুৰ সান্নিধ্যত আমিবোৰ মতাদৰ্শভাৱে পৰিৱৰ্তিত হৈছিলো৷ ঘৰৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদানৰ আশাৰে পঠিওৱা আমিবোৰে জীৱনৰ গতি সলাই পেলাইছিলো৷ হৈ পৰিছিলো – আন্দোলনকাৰী৷ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰু তাৰ পাছত চিটি বাছৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন৷ তাতেই লগ পাইছিলো আমাৰ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দেৱেন দত্ত ছাৰক৷
লাহে লাহে ক’ৰ্চৰ কিতাপ পঢ়া এৰি ‘বাহিৰা’ কিতাপ পঢ়াত সোমাই পৰিছিলো৷ নাগকাটা পুখুৰীৰ পাৰৰ “প্ৰ’গ্ৰেচিভ বুক হাউচ” আৰু পাণবজাৰৰ গণনাট্য সংঘ(চিপিআই,এম)ৰ “গণ সাহিত্য” হৈ পৰিছিল আমাৰ বৌদ্ধিক চৰ্চাৰ ঠিকনা৷ তাত থকা সকলোবোৰ কিতাপেই কিজানি আনি পঢ়িছিলো৷ আনকি বাদ পৰা নাছিল ছোভিয়েটৰ পৰা উলিওৱা প্ৰগতিশীল বিজ্ঞানৰ কিতাপবোৰো৷ জ্যোতিপ্ৰসাদৰ জাতীয়তাবাদী মনটো ঘূৰাই প্ৰগতিশীল কৰা বুলি নগেন কাকতিদেৱে লিখা খ্ৰীষ্ট্ৰফাৰ ক’ডৱেলৰ “ষ্টাডিজ ইন এ ডায়িং কালছাৰ” আৰু “ফাৰডাৰ ষ্টাডিজ ইন এ ডায়িং কালছাৰ” কিতাপ দুখন গোগ্ৰাসে পঢ়িছিলো৷ আনন্দৰাম বৰুৱা আবাসৰ কোঠাটোত ডাইনিং হলৰ পৰা অনা দুখন বৃহৎ বৃহৎ বেঞ্চত মানুহটোতকৈ ওখকৈ কিতাপৰ দুটা “লাইেব্ৰৰী” গঢ়ি তুলিছিলো৷ লাহে লাহে বাদ দিছিলো পাঠ্যপুথি পঢ়াটো৷ এনেকৈ ক্ৰমে ক্ৰমে জীৱনৰ লক্ষ্য সলনি হৈ গৈছিল, অজানিতে, অলক্ষিতে৷
স্নাতক চূড়ান্ত পৰীক্ষা দিয়াৰ পাছত খাৰঘূলিত এটা ভাড়া কোঠা লৈ কিতাপখিনি সাৱটি লৈ গৈছিলো৷ ইতিমধ্যে ঘৰৰ পৰা টকা পঠিওৱা বন্ধ কৰিছিল৷ ল’ৰা বেয়া হ’ল বুলি ধৰি লৈছিল৷ দুটামান টিউচন গোটাই লৈছিলো৷ সেই সময়খিনিতে পঢ়ি শেষ কৰিছিলো অসমীয়া সাহিত্যৰ ক্লাচিকসমূহ৷ লক্ষ্মীনাথ বেজবৰুৱা ৰচনাৱলী, অম্বিকাগিৰী ৰচনাৱলী, জ্যোতি প্ৰসাদ ৰচনাৱলী, বিষ্ণুৰাভা ৰচনাৱলী, বাণীকান্ত কাকতি ৰচনাৱলী, প্ৰফুল্ল দত্ত গোস্বামী ৰচনাৱলীৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱাৰ সকলোবোৰ ফিকচন-ননফিকচন, মহিম বৰাৰ সকলো গল্প, সৌৰভ চলিহাৰ সকলো গল্প, শীলভদ্ৰৰ গল্প, দেৱব্ৰত দাসৰ গল্প, নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰ সকলো কবিতা এফালৰ পৰা মোৰ বাবে প্ৰয়োজনীয় বুলি ভবা অংশবোৰ যিমান সম্ভৱ পঢ়ি গৈছিলো৷ ইতিমধ্যে হোমেন বৰগোহাঞি আৰু ড° হীৰেন গোহাঁইৰ প্ৰায় আটাইবোৰ কিতাপ পঢ়িছিলো৷ কিন্তু সেই সময়খিনিত মোক আটাইতকৈ আলোড়িত কৰি ৰাখিছিল শ্বেইক্সপীয়েৰৰ নাটকসমূহে৷ শব্দ কৰি কৰি “টেম্পেষ্ট” পঢ়াৰ মজাই আছিল বেলেগ৷ যদিও ইংৰাজী মেজৰৰ ছাত্ৰ, কেৱল শ্বেইক্সপীয়েৰৰ নাটক আৰু ইংলেণ্ডৰ আৰ্থ-সামাজিক-ৰাজনৈতিক অৱস্থাৰ অধ্যয়নতহে মোৰ কেৱল উৎসাহ আছিল৷
তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ’লো৷ কিন্তু পাঠ্যপুথিৰ পৰা মোৰ মন উঠি গৈছিল৷ ড° হীৰেন গোহাঁই ছাৰৰ লগত লগ হৈ “নতুন পদাতিক” উলিয়ালো৷ হেমাংগ দত্ত, দীপক বৰ্মন, অঞ্জু প্ৰভা কলিতা, ৰশ্মিৰেখা বৰা, অতুল নেওগ, ৰাজু দেউৰী, দীপাংকৰ শইকীয়া আদিৰ সৈতে লগ হৈ গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ আৰম্ভ কৰিলো৷ উদয়াদিত্য ভৰালী ছাৰৰ ঘৰত সদায়ে ‘নতুন পদাতিক’ দিবলৈ যাওঁ৷ আকৌ আৰম্ভ হ’ল নতুন সম্পৰ্ক, নতুন সান্নিধ্য৷ ছাৰে সদায়ে অসমৰ জাতীয় প্ৰশ্নসমূহ মীমাংসা কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ কয়– আমি নিজে এনআৰচিখন এটা এলেকাত প্ৰস্তুত কৰি বিদেশী সমস্যাটোৰ স্থায়ী সমাধানৰ বাট দেখুৱাব লাগে৷ ছাৰৰ দৰে বাওঁপন্থী বুদ্ধিজীৱীসকলৰ বাবে বিদেশী সমস্যাটোৰ দৰে জাতীয় সমস্যাবোৰ এৰাব নোৱাৰা জাতীয় প্ৰশ্ন৷ ছাৰে অসম আন্দোলনৰ কাহিনীবোৰ কয়৷ ছাৰৰ দৰে অনেক বাঁওপন্থী বুদ্ধিজীৱী আছে, যিয়ে জাতীয় প্ৰশ্নবোৰ কেৱল চিআইএ বা ‘ৰ’ৰ ষড়যন্ত্ৰ বুলি নাভাবে৷ চিৰিয়াছ ধৰণে চৰ্চা কৰে৷ এটা এটা অধ্যায় পঢ়ি শুনাই ছাৰে লিখা “অসমৰ জাতি সমস্যা প্ৰসংগ” নামৰ ১৯৭০ ৰ দশকতে লিখা জাতি সমস্যাৰ বিজ্ঞানসন্মত সমাধান সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকাখন৷ ছাৰে কয়, “এইটোৱেই বাওঁপন্থীৰ দৃষ্টিৰে জাতি সমস্যা বিজ্ঞানসন্মত বিশ্লেষণৰ প্ৰথম চিৰিয়াছ প্ৰচেষ্টা৷” এতিয়াও মনত পৰে, অসমত এনআৰচি হ’ব লাগে বুলি যদিহে আটাইতকৈ বেছিকৈ কোনোবাই লিখিছিল সেয়া হ’ল ভৰালী ছাৰ৷ ছাৰৰ “প্ৰাসংগিক পাণ্ডুলিপি” শিতানটো এই সম্পৰ্কীয় চৰ্চাৰে ভৰ্তি হৈ আছিল৷ আমাৰ কাণবোৰ ঘোলা কৰি দিছিল এনআৰচিক লৈ৷ কৈছিল এনআৰচিখন কৰি সকলোৰে হাতত ফটো পৰিচয় পত্ৰ দি দিব লাগে৷ যাৰ হাতত এই পৰিচয় পত্ৰ নাথাকিব সিয়েই বিদেশী৷ এইবোৰ কথা ২০০৫ চনৰ বহু আগতেই কৈছিল৷
জাতীয়তাবাদ, মাক্সৰ্বাদ, বাওঁপন্থী, সোঁপন্থী এই সন্দৰ্ভত বিভিন্ন চৰ্চা ছাৰৰ সৈতে চলে৷ কিন্তু যেতিয়া মই ২০০০ চনত বিবাহপাশত আৱদ্ধ হ’লো, তেতিয়া মোৰ বাবে খোল খালে অন্য এখন দুৱাৰ৷ পত্নী গীতাশ্ৰীৰ লাইেব্ৰৰীত ৰেমণ্ড উইলিমাছৰ পৰা টেৰী ঈগলটনলৈ অনেক বিশ্ব বিশ্ৰুত লেখকৰ গ্ৰন্থৰ সন্ধান পালো৷ ২০০২ চনতে মই ব্যক্তিগত গৱেষণাৰ বাবে কলিকতালৈ এবছৰৰ বাবে গুচি গ’লো৷ টালিগঞ্জত এটা কোঠা ভাড়াত লৈ কলিকতা নেচনেল লাইেব্ৰৰীলৈ সদায় পঢ়িবলৈ যাবলৈ ধৰিলো৷ গোটেই দিনটো পঢ়ো, কিতাপ ৰুমলৈ আনো আৰু সন্ধিয়া সদায়ে কলিকতাৰ নন্দন, ৰবীন্দ্ৰ সদন, সাহিত্য একাডেমীৰ সেই সংগমৰ নিৰ্দিষ্ট স্থানটোলৈ গৈ হয় নাটক, নহয় চিনেমা, নহয় অন্য সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰো৷ জীৱনত একেবাৰে কম চিনেমা চোৱা মানুহটোৱে বিশ্বৰ কিমান যে নামী-দামী চিনেমা চাবলৈ পালো৷ “চৰণ চোৰৰ পুতেক”ৰ হিন্দীৰ মূল নাটকখন আৰু বাংলা নাটকখন চোৱাৰ উপৰিও অসমীয়াতো অনুপ হাজৰিকাৰ (গুৱাহাটী) ৰবীন্দ্ৰ ভৱনত “চৰণ চোৰৰ পুতেক” চাই আনন্দিত হ’লো৷
কলিকতাৰ এবছৰীয়া জীৱনটোৱে মোক অধ্যয়নৰ গভীৰতালৈ লৈ গ’ল৷ মোৰ বাবে পূবৰ্তে মাক্সৰ্বাদ চৰ্চা মানে আছিল মাক্সৰ্ৰ নিৰ্বাচিত ৰচনাৱলী, লেনিনৰ নিৰ্বাচিত ৰচনাৱলী, মাও চে টুঙৰ নিৰ্বাচিত প্ৰথম চাৰিটা খণ্ড আৰু ছোভিয়েটৰ পৰা প্ৰকাশ পোৱা কিতাপসমূহ পঢ়াটোহে৷ প্ৰগতিশীল সাহিত্য চৰ্চা মানেও আছিল তলস্তয়, গৰ্কী বা লু চু্যনৰ সাহিত্যৰ অধ্যয়ন৷ কলিকতাৰ নেচনেল লাইেব্ৰৰীত বহি বহি আৱিষ্কাৰ কৰিলো এখন নতুন পৃথিৱী৷ মাক্সৰ্ৰ ৰাজনীতি আৰু দৰ্শনৰ ব্যাখ্যা পঢ়িলোঁ, ডেভিড মেকলেলানৰ কিতাপত, মাৰ্ক্সীয় অৰ্থনীতিৰ ব্যাখ্যা পঢ়িলোঁ আৰ্নেষ্ট মাণ্ডেলৰ কিতাপত, মাৰ্ক্সীয় সাহিত্যৰ সমালোচনা পঢ়িলো টেৰী ঈগলটনত, সংস্কৃতিৰ ব্যাখ্যা পঢ়িলো ৰেমণ্ড উইলিয়ামছত, সাম্ৰাজ্যবাদৰ ব্যাখ্যা পঢ়িলো “মান্থলী ৰিভিউ প্ৰেছ”ৰ আলোচনী আৰু কিতাপত৷ হেৰী মেগদফ, প’ল এম ছুইজী আদি প্ৰিয় লেখক গুৰুৰ দৰে হৈ উঠিল৷ নৱ্য সাম্ৰাজ্যবাদ আৰু গোলকীকৰণৰ ওপৰত গোটালো শতাধিক কিতাপ৷ আন্দ্ৰে গুন্দেৰ ফ্ৰেঙ্ক, ইমানুৱেল ৱালাৰষ্টাইন, সমীৰ আমিন আদি পঢ়িলো৷ এইবাৰ জাতীয়তাবাদ সম্পৰ্কে মোৰ ব্যাপক আগ্ৰহ হ’ল৷ আমি সোমাই গ’লো এখন নতুন দুনীয়াত – পাচৰ সময়ত বেনেডিক্ট এণ্ডাৰচন, এন্থনী ডি স্মিথ, আৰ্নেষ্ট গেলেনাৰ, এৰিক হবচ্বম, ৰবীন্দ্ৰ নাথ ঠাকুৰ আদিৰ জাতীয়তাবাদ সম্পৰ্কীয় গ্ৰন্থত বিচাৰি পালো নতুন সংজ্ঞা, নতুন ব্যাপ্তি৷ কলিকতাৰ কলেজ ষ্ট্ৰীটৰ সকলোবোৰ কিতাপৰ দোকান চলাথ কৰিলো৷ ফুটপাথৰ হ’লো নিয়মীয়া গ্ৰাহক৷ লাহে লাহে কিতাপৰ নিচাই গিলি পেলালে৷ কিতাপ বিচাৰি ঘূৰি ফুৰিলো দিল্লীৰ জেএনইউৰ লাইেব্ৰৰীৰ পৰা ‘খান মাৰ্কেট’ৰ ‘বাহ্ৰী চন্চ’লৈ, গুজৰাটৰ আহমেদাবাদৰ ফুটপাথৰ পৰা মহাত্মা গান্ধীৰ মূল প্ৰকাশন “নৱভাৰত প্ৰকাশন”লৈ, মুম্বাইৰ ফুটপাথৰ পৰা ‘ক্ৰছৰড’ৰ দৰে অভিজাত কিতাপৰ দোকানলৈ৷ মহাত্মা গান্ধীৰ ১৪২ টা ভলিউমৰ ৰচনাৱলী হৈ পৰিল মোৰ সহচৰ৷ কেৱল এটাই দুখ থাকি গ’ল – মাৰ্ক্স আৰু লেনিনৰ সমগ্ৰ ৰচনাৱলী গোটাব নোৱাৰিলো৷ এতিয়াও সেই সংগ্ৰহৰ বাবে দুবৰ্লতা আছে৷ সদাশয় পাঠকসকলক অনুৰোধ জনাওঁ, কোনোবাই যদি ঘৰত থকা মাৰ্ক্স আৰু লেনিনৰ ৰচনাৱলী আমাক দিয়ে আমি অতি সদ্ ব্যৱহাৰ কৰিম৷ এনেদৰে কিতাপ সংগ্ৰহ হৈ পৰিল মোৰ জীৱনৰ এটা চখ৷ সংগঠনৰ সভাসমূহতো সুযোগপালে কোনখন কিতাপ পঢ়ি কি জানিব পাৰি সেইবোৰ ক’বলৈ ধৰিলো৷ সেইবাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়ালৰ সদস্যসকলৰো নিজাকৈ কিতাপ গোটোৱাটো অভ্যাসত পৰিণত হ’ল৷
এইদৰে ৰাজনীতিৰ চৰ্চাৰ লগতে কিতাপৰ চৰ্চা হৈ পৰিল অংগাংগীভাৱে যুক্ত৷ কিতাপ পঢ়ি ৰাজনীতি শিকিলো৷ প্ৰেক্টিছ কৰি আকৌ কিতাপ পঢ়িলোঁ৷ ফলত সকলোবোৰ হৈ পৰিল ইটো সিটোৰ পৰিপূৰক৷ অসমক নতুনকৈ চাবলৈ শিকিলো৷ জাতীয় প্ৰশ্নবোৰ বিভিন্ন দেশৰ লগত তুলনা কৰি চাব পৰা হ’লো৷ মাক্সৰ্বাদী দলবোৰৰ প্ৰেক্টিছ সম্পৰ্কে সমালোচনাত্মক হৈ উঠিলো৷ গঢ়ি উঠিল এক নিজা ধাৰণা, নিজস্ব উপলব্ধি৷ লাহে লাহে যেন জীৱনবোধ এটা গঢ়ি উঠিল৷ কিতাপ হৈ পৰিল জীৱনৰ আটাইতকৈ বিশ্বস্ত বন্ধু আৰু উপদেষ্টা৷
আমি অসম আন্দোলনৰ পৰৱৰ্তী প্ৰজন্ম৷ আমি, ক’বলৈ গ’লে, আলফা বিদ্ৰোহৰো পৰৱৰ্তী প্ৰজন্ম৷ জাতীয় প্ৰশ্নবোৰৰ ওপৰত সঠিক বিজ্ঞানসন্মত দৃষ্টিভংগী নথকাকৈ বা সঠিক মীমাংসা নকৰাকৈ যে আমাৰ দৰে প্ৰান্তীয় এলেকাবোৰত প্ৰগতিশীল কাম-কাজ আগুৱাই নিয়াটো কঠিন সেয়া আমি বুজো৷ সেয়ে আমি পৰম্পৰাগত মাক্সৰ্বাদ বা অফিচিয়েল বাওঁপন্থীৰ দৰে অসমৰ জাতীয় সমস্যাক চাব নোৱাৰো৷ উদয়াদিত্য ভৰালী ছাৰ হ’ল তেনে এজন বাওঁপন্থী বুদ্ধিজীৱী, যিয়ে জাতীয় সমস্যাৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে৷
মোৰ এই ৰাজনীতি আৰু গ্ৰন্থ অধ্যয়নৰ সমগ্ৰ যাত্ৰাটোত যাৰ উমাল, হৃদয়বান আৰু আৱেগিক সংস্পৰ্শই আটাইতকৈ বেছিকৈ মুগ্ধ কৰিছিল তাৰ ভিতৰত এজন ব্যক্তি হ’ল উদয়াদিত্য ভৰালী ছাৰ৷ ছাৰৰ আজি অসুখ৷ চিৰিয়াছ ব্যাধি৷ খবৰ কৰিবলৈ মোৰ কোনো উপায় নাই৷ “ঐ অখিল, এইটো কৰ”, “এইটো নকৰিবি” বুলি মোক ধমকি দিবলৈ ছাৰক বহুদিন লগেই পোৱা নাই৷ ছাৰ, আপুনি আৰোগ্য হওক, সোনকালে৷ ময়ো ওলাই যাওঁ কাৰাগাৰৰ পৰা৷ আমি একেলগে অসমখন নতুনকৈ সজাব লাগিব৷ এই আশা এতিয়াও বুকুত বান্ধি আছো৷
No comments:
Post a Comment