Wednesday, 9 June 2021

মহাভাৰতৰ অমৰ কথা- কলি যুগৰ মহিমা

মহাভাৰতৰ অমৰ কথা- কলি যুগৰ মহিমা
যেতিয়া মহাভাৰতৰ যু্দ্ধ সমাপ্ত হ'ল। পাণ্ডৱৰ জয় হ'ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্রীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক'লে—

কৃষ্ণ : "ধৰ্মৰাজ..! যুদ্ধৰ অন্ত পৰিল। ধৰ্মৰ জয় হ'ল, অধৰ্মৰ বিনাশ হ'ল। এতিয়া আপোনালোকে ৰাজ-অভিষেকৰ আয়োজন কৰক...!"

যুধিষ্ঠিৰ : "বাসুদেৱ! যুদ্ধত আত্মীয়-সজ্জন, মিত্র-বৈৰী, অনেক ক্ষত্রিয়ৰ প্রাণ নাশ হ'ল। মোৰ মনত বৈৰাগ্য ভাৱ হে জাগি উঠিছে। মই ভাৱিছো আগতে গঙ্গা স্নান আৰু তীর্থ ভ্রমণ কৰি আহো, তাৰ পিছত মন পৱিত্র কৰি ৰাজ-অভিষেক কৰিম। ৰাজ্য শাসনৰ দায়িত্ব লম।"

ভগৱান শ্রীকৃষ্ণই হাঁহিলে আৰু ক'লে— "তেন্তে আপুনি শান্তিৰে ৰাজ্য শাসন কৰিব নোৱাৰিব! কাৰণ কলিযুগ আৰম্ভ হৈছে।" 
"আপোনালোক পাঁচ ভাতৃ আজি পাঁচ দিশত অলপ ফুৰিবলৈ যাওঁক আৰু কি কি আচৰিত আচৰিত ঘটনা দেখা পায় মোক কবহি। মই বুজাই দিম।"

পঞ্চ ভাতৃ শ্ৰীকৃষ্ণৰ কথা মানি পাঁচ দিশে ফুৰিবলৈ গৈ সচাইঁ কিছুমান আচৰিত আচৰিত ঘটনা দেখা পালে। সন্ধিয়া পঞ্চপাণ্ডৱ আহি ভগৱান শ্ৰীকৃষ্ণক জনোৱাত শ্ৰীকৃষ্ণই তাৰ কাৰণ সমূহ বুজাই দিলে।

ধৰ্মৰাজ যুধিষ্ঠিৰে দেখা পাইছিল দুডাল শুৰ থকা এটা হাতীয়ে হাবিত গছৰ পাত খাই থকাৰ দৃশ্য। 
কৃষ্ণই যুধিষ্ঠিৰক ইয়াৰ তাৎপৰ্য কলে— কলিযুগত দুই ফালৰ পৰা শোষণ কৰা শাসকৰ ৰাজত্ব চলিব...।

গদাধৰ ভীমে দেখা পাইছিল— গাই এজনীয়ে নৱজাত পোৱালি এটাক জিভাৰে চেলেকি চেলেকি থকাৰ দৃশ্য। পোৱালিটোৰ গাৰ চাল, মাংস এৰাই তেজ বাহিৰ হৈ গৈছিল, তথাপিও মাকে চেলেকিবলৈ এৰা নাছিল ! চেলেকি থাকোঁতে থাকোঁতে গৰু পোৱালিটো মৰি গৈছিল।
শ্ৰীকৃষ্ণই ইয়াৰ ৰহস্য ভীমক ক'লে— কলিযুগত পিতৃ-মাতৃ সকল অধিক পুত্র পৰিবাৰৰ মোহত অন্ধ হৈ ল'ৰা-ছোৱালীক ইমান চেনেহ কৰিব, সিহঁতক নিজৰ ভৰিত ঠিয় হ'ব পৰাকৈ আত্মবিশ্বাস গোটাবলৈ অকলে এৰিয়ে নিদিব আৰু প্ৰয়োজনতকৈ অধিক মৰম দি সন্তানৰ মৃত্যুৰ পৰ মুকলি কৰিব।

ধনুৰ্বিদ অৰ্জুণে দেখা পাইছিল— এটা অদ্ভূত পক্ষী। পক্ষীটোৰ পাখীবোৰত লিখা আছিল বেদৰ মন্ত্র আৰু ধৰ্মৰ বাণী। কিন্তু পক্ষীটোৱে মৰাশৰ মাংস খাই আছিল! 
ভগৱান কৃষ্ণই ইয়াৰ তাৎপৰ্য এই বুলি অৰ্জুনক ক'লে— কলিযুগত ব্রাহ্মণ, ভকত, বৈষ্ণৱ সকলে মুখত ধৰ্ম, নীতি, নিয়ম আৰু শাস্ত্রৰ কথা ক'ব। কিন্তু মদ-মাংস ভক্ষন কৰিব আৰু অনৈতিক কাম কৰিব।

সহদেৱে দেখিছিল— এঠাইত আছে পাঁচটা কুৱা। চাৰিও কাষৰ কুৱাবোৰ পানীৰে উপচি আছিল, কিন্তু মাজত থকা কুৱাটো পানী নোহোৱাত শুকাই আছিল। 
ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ ৰহস্য সহদেৱক ক'লে— কলিযুগত ধনী মানুহে বিবাহ, শ্ৰাদ্ধ, উৎসৱ আৰু লাহ-বিলাহত হাজাৰ হাজাৰ টকা অনর্থক খৰচ কৰিব কিন্তু কাষৰ দুখীয়া, অভাৱী, নিঃকিন, নিচলাজনক এটকা দিও সহায় নকৰিব।

নকুলে দেখিছিল— পর্বতৰ ওপৰৰ পৰা ডাঙৰ শিল এটা বাগৰি আহিছে। শিলটো বাগৰি আহি ডাঙৰ গছ, শিলত ঠেকা খাইও নৰ'ল। কিন্ত সাধাৰণ বন এডালত ঠেকা খাই ৰৈ গ'ল। 
কৃষ্ণই সহদেৱক ইয়াৰ ৰহস্য ক'লে— কলি যুগত সকলো ফালে অধৰ্ম হ'ব আৰু সকলোৰে পতন হ'ব। একমাত্ৰ ক্ষুদ্ৰ হৰিনামেহে মানৱক পতনৰ পৰা ৰক্ষা কৰিব পাৰিব।
ভাল লাগিলে পোষ্টটো শ্বেয়াৰ কৰি আনকো পঢ়িৱলৈ সুবিধা কৰি দিব ।

No comments:

Post a Comment