Saturday, 10 July 2021

সৰ্বানন্দ সোণোৱালৰ আয়ুষ মন্ত্ৰণলয়

সৰ্বানন্দ সোণোৱালৰ আয়ুষ মন্ত্ৰণলয়
                   কমলজিৎ মেধি
কেইজনমান বন্ধুয়ে সেইদিনা ভাৰ্চুৱেল আড্ডাত ক'লে - "নৰেন্দ্ৰ মোডীয়ে সৰ্বানন্দ সোণোৱালক এইটো কি আয়ুস বিভাগ দিলেহে। নামত কেবিনেট মন্ত্ৰী, কামত ৰাজ্যিক মন্ত্ৰীহে থাকিল।" 
বন্ধুকেইজনৰ লগত মই একমত নহয়। ভাৰতৰ দৰে এখন বিশাল দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্রতিটো বিভাগতে অলেখ কাম কৰাৰ সুযোগ আছে। মাথো প্ৰয়োজন দক্ষতা আৰু সোঁতৰ বিপৰীতে চিন্তা কৰাৰ। 

সোণোৱাল ডাঙৰীয়াক আয়ুসৰ উপৰিও Shipping মন্ত্ৰালয় দিয়া হৈছে। দেশৰ বেহা বেপাৰৰ , আমদানি ৰপ্তানিৰ বাবে এই Shipping industry এটা অতি গুৰুত্বপূৰ্ণ বিভাগ।আন্তৰাষ্ট্ৰীয় জলপথৰ লগতে অভ্যন্তৰীণ জল পৰিবহনৰ আন্তঃগাঁঠনিৰ ভূমিকা অতি ব্যপক। দক্ষতাৰে পৰিচালনা কৰা এটা মন্ত্ৰালয়ে দেশৰ GDP বৃদ্ধিত বিশেষ অৰিহণা যোগাব পাৰে। 

সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অইন এটা কামত মন দিয়াৰ যথেষ্ট অৱকাশ আছে। কেন্দ্ৰীয় চৰকাৰৰ Fit India কাৰ্যসূচী এতিয়া প্ৰায় ধোঁৱা চাঙত। ইপিনে দেশত প্ৰায় 8-10 কোটি লোক মধুমেহ (Diabetes) ৰোগী। পৃথিৱীৰ প্ৰতি ছয় জন মধুমেহ ৰোগীৰ এজন ভাৰতীয়। ইপিনে আকৌ হৃদৰোগীৰ সংখ্যাও অলেখ। ভিটামিন D ৰ অভাৱ বৰ্তমান ভাৰতবাসীৰ মাজত মহামাৰী ৰূপ লৈছে। দিল্লীলৈ অহাৰ পিছত দেখিছো অধিকাংশ বয়সীয়াল মহিলাই চিধাকৈ খোজ কাঢ়িব নোৱাৰে। কেলচিয়াম, আইৰণ আৰু ভিটামিন B ৰ অভাবগত কিমান গম্ভীৰ ৰোগী ! যিকোনো ব্যস্ত চিকিৎসালয়ত এইসকলৰেই ভিৰ এতিয়া। 

এইবোৰৰ প্ৰায়বোৰেই lifestyle আৰু খাদ্যাভ্যাসৰ লগত জড়িত ৰোগ। নিয়মিত ব্যায়াম আৰু সহজলভ্য আহাৰৰ মাধ্যমেৰে নিজক নিৰোগী কৰি ৰাখিব পাৰি। লাগে মাথো সজাগতা। হাজাৰ হাজাৰ কৌটি টকাৰ চিকিৎসাৰ খৰচো কমিব , লগতে অতিমাত্ৰা চিকিৎসালয় গমনৰ পৰাও ৰেহাই পোৱা সম্ভৱ। মনত ৰাখিব , প্ৰতিটো ঔষধৰ একোটা পাৰ্শ্বক্ৰিয়া থাকে। আপুনি দেশৰ আটাইতকৈ ব্যয়বহুল চিকিৎসালয়লৈ যাব পাৰে, দেশৰ আটাইতকৈ নামী চিকিৎসক জনৰ ওচৰলৈ যাব পাৰে , কিন্তু ভালৰ লগত কিছু বেয়া পাৰ্শ্বক্ৰিয়াও আপোনাৰ শৰীৰে প্ৰতিবাৰে সহিব লাগিব। 

আশা কৰিছো কেন্দ্ৰীয় চৰকাৰৰ ফিট ইণ্ডিয়া কাৰ্যসূচীক সোণোৱাল ডাঙৰীয়াই হাইজেক কৰিবলৈ সক্ষম হব। লগতে যোগ আৰু আয়ুৰ্বেদৰ প্ৰচাৰ আৰু প্ৰসাৰ। প্ৰচাৰ আৰু প্ৰসাৰ দুয়োটা ভিন্ন দিশ। এনে এক সফল কাৰ্যসূচীৰ সফল ৰূপায়নে তেওঁক দেশৰ মধ্যমণি কৰি তুলিব পাৰিব । লগতে দিল্লীত অনেকৰ দাঁতৰ কূটা , চকুৰ হুল। 

মন্ত্ৰালয়ত দক্ষ আৰু অভিজ্ঞ বিষয়াৰ অভাৱ নাই। এই বিষয়াসকল ৰেচৰ ঘোঁৰাৰ দৰে। লেকাম ডাল টানি দিয়ক, তেওঁলোকে চেঁকুৰি সকলো কাম কৰি দিব। ঢিলাই দিয়ক, তেওঁলোক পৰিণত হব অৰ্বাচীন আৰু অকৰ্মণ্য অনুষ্ঠানলৈ। 

পাৰিবনে সোণোৱাল ডাঙৰীয়াই লেকাম টানিবলৈ !

No comments:

Post a Comment