বৰোডাৰ পৰা ৪০ মাইল দূৰত এখন গাঁৱত এজন মানুহে এজনী গাই গৰু কিনি আনিছিল আন এখন গাঁৱৰ পৰা কিছুদিনৰ আগতে...লকডাউনৰ পাছত কুকুৰবোৰে সদায় গাঁওখনত ভুকি থকা হ'ল। গাঁওবাসীয়ে ভাবিলে লকডাউনৰ সুবিধা লৈ গাৱত নিশ্চয় চোৰ সোমাইছে। কিন্তু কেইবাদিনো পঁহৰা দিও একো নেদেখিলে। অৱশেষত গাঁও খনৰ বিভিন্ন প্ৰান্তত চিচি টিভি কেমেৰা লগাই দিলে। কেমেৰাত স্পষ্ট হ'ল যে এটা নাহৰফুটুকী বাঘ সদায় সেই গাইজনীৰ ওচৰলৈ আহে আৰু কিছু সময় থাকি গুছি যায়। এই দৃশ্য দেখি গাঁওবাসীৰ পৰামৰ্শ মতে গাইজনীৰ নতুন গৃহস্থজন গাইজনী যিজনৰ পৰা কিনি আনিছিল তেখেতৰ ওচৰলৈ গ'ল। তেতিয়া সেই পুৰণী গৃহস্থজনে এটা আচৰিত ঘটনা ক'লে।
যেতিয়া সেই বাঘটোৰ জন্মৰ মাত্ৰ বিশদিন হৈছিল কোনোবা দুৰ্বৃত্তই বাঘটোৰ মাকক মাৰি পেলাইছিল। আৰু বনবিভাগৰ মানুহে পোৱালিটো লৈ আহি তেওঁলোকৰ খীৰতী গাইজনীৰ অৰ্থাৎ সেই গাইজনীৰ গাখীৰ খুৱাবলৈ বিচাৰিছিল বাঘ পোৱালীটোক। গাইজনীয়েও কোনো দিগদাৰী নিদিয়াকৈ বাঘ পোৱালিটোক গাখীৰ খুৱাইছিল। এবছৰমান হোৱাৰ পাছত বন বিভাগে বাঘ পোৱালীটোক অৰণ্যত এৰি দিলে। কিন্তু বাঘটোৱে তাক পুনৰ জনম দিয়া মাকক পাহৰি যোৱা নাছিল আৰু লক ডাউনৰ বাবে নিৰব হৈ থকা গাঁওখনত বিচাৰি বিচাৰি আহি তাৰ মাকৰ সন্ধান পাই গৈছিল।
এইয়াই মৰম আৰু আত্মীয়তা ...যাৰ বাবে হিংসুক জন্তুকো বশ কৰিব পাৰি। কিন্তু মানুহৰ ক্ষেত্ৰতহে এইয়া সম্ভৱ নহয়। কিছুমানৰ শৰীৰত এনেকুৱা অকৃতজ্ঞতাৰ তেজ প্ৰৱাহিত হয় যে যাক গৰুৰ গাখীৰৰ দৰে পবিত্ৰ বস্তুৱে শোধন কৰিলেও শোধিত নহয়..।
No comments:
Post a Comment