Saturday, 22 January 2022

এজন এছ পি আৰু গোলাঘাটৰ ছালফা জ্যোতি লোহাৰৰ লোমহৰ্ষক হত্যাকাণ্ড

এজন এছ পি আৰু গোলাঘাটৰ ছালফা জ্যোতি লোহাৰৰ লোমহৰ্ষক হত্যাকাণ্ড
-----------------------------------------------------
আজিৰ পৰা প্ৰায় ২০ নে ২৫ বছৰৰ আগত আৰক্ষীৰ দ্বাৰা সংঘটিত এটা হত্যাকাণ্ডই সংবাদ শিৰোনাম দখল কৰিছিল। গোলাঘাট জিলাৰ সেই সময়ৰ তদানীন্তন এছ পি বা জিলা আৰক্ষী অধীক্ষক ৰাঘৱেন্দ্ৰ অৱস্থিৰ বিৰুদ্ধে ছালফা জ্যোতি লোহাৰক শীতল মগজুৰে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

সেই সময়ত গোলাঘাট জিলাত কৰ্মৰত কিছুমান আৰক্ষীৰ ভাষ্য অনুসৰি- ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাঘৱেন্দ্ৰ অৱস্থিৰ টকা পইচাৰ প্ৰতি বহুত মোহ আছিল। গোলাঘাট জিলাত এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে বিভিন্ন উৎসৰ পৰা বস্তা হিচাপত টকা গোটাইছিল বুলি কিছুমান আৰক্ষীয়ে কয়।

কোৱা হয় যে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাঘৱেন্দ্ৰ অৱস্থিয়ে মাজৰাতি মদৰ নিচাত জিলাৰ কোনোবা বিষয়া বা বা চিপাহীক বদলিৰ নিৰ্দেশ দি ৰাতিপুৱা সেই নিৰ্দেশ বাতিল কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি এছ পি ৰাঘৱেন্দ্ৰ আৱস্থি মানসিকভাবে অস্থিৰ এজন বিষয়া আছিল।

৯৬ নে ৯৭ চনৰ কথা। জ্যোতি লোহাৰ নামৰ গোলাঘাট জিলাৰ এজন অসমীয়া যুৱকে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰি পিচত আত্মসমৰ্পন কৰি মূল সুতিলৈ ঘুৰি আহি ব্যৱসায় বানিজ্যত মনোনিবেশ কৰিছিল। কিন্তু হঠাৎ তেওঁৰ জীৱনলৈ নামি আহিল কাল অমানিশা। এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিৰ চৰকাৰী দেহৰক্ষী হিচাপে কৰ্মৰত কেইজনমান অসমীয়া আৰক্ষীয়ে এছ পিক লগাই দিলে যে আলফাত কৰ্মৰত হৈ থকা কালত ছালফা জ্যোতি লোহাৰে আলফাৰ কোটি কোটি টকা আত্মসাৎ কৰি ক'ৰবাত লুকুৱাই ৰাখিছে। তাক ধৰি আনি ভালদৰে সোধা পোচা কৰিলে টকাবোৰ কত ৰাখিছে কয় দিব। দেহৰক্ষীৰ পৰা সেই তথ্য আৰু সংবাদ পাই এছ পি ৰাঘৱেন্দ্ৰ অৱস্থি লগে লগে একচনত নামিল। উদ্দেশ্য যেনে তেনে সেই টকা হস্তগত কৰা। খবৰ পোৱাৰ সন্ধিয়াই এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে সেই সময়ৰ দেৰগাঁও থানাৰ অচি নুৰুল হুছেইনক ছালফা জ্যোতি লোহাৰক ধৰি আনিবলৈ নিৰ্দেশ দিয়ে। জ্যোতি লোহাৰক ধৰি অনা অভিযান সফল কৰিবলৈ সেই সময়ৰ গোলাঘাট জিলাৰ টাউন দাৰোগা দেবেন বৰাক এছ পিৰ দেহৰক্ষী আৰু গাড়ীখন দি দেৰগাঁৱলৈ পঠোৱা হয়। তাৰপিছত দেৰগাঁও থানাৰ অচি আৰু এছ পিয়ে পঠোৱা আৰক্ষীৰ দলে প্ৰেমিকাৰ ঘৰত আড্ডা দি থকা অৱস্থাৰ পৰা জ্যোতি লোহাৰক ধৰি আনি গোলাঘাট চহৰৰ নাতি দূৰত নিজানত অৱস্থিত সেই সময়ৰ গোলাঘাটৰ ভুত বাংলা হিচাপে পৰিগণিত এখন পৰিত্যক্ত ঘৰলৈ লৈ আহে।

লুকুৱাই ৰখা টকাৰ সন্ধানত তথ্য বাহিৰ কৰাৰ বাবে এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিৰ নিৰ্দেশত ছালফা জ্যোতি লোহাৰৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল। পুলিচ লগাই সেই ভুত বাংলাৰ আশে পাশে সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ কৰা হৈছিল।
তেনেদৰে কেইবাদিনো একেৰাহে চলোৱা পাশৱিক নিৰ্যাতনৰ বলী হৈ আৰক্ষী জিম্মাতে ছালফা জ্যোতি লোহাৰৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শী দুই এজনে কোৱা অনুসৰি এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে লাঠিৰে কোবাই কোবাই জ্যোতি লোহাৰৰ হাত ভৰি ভাঙি দিছিল।

তেনে পাশৱিক নিৰ্যাতনৰ বলী হৈ মৃত্যু হোৱা জ্যোতি লোহাৰৰ মৃত দেহ তদানীন্তন এছ পিৰ দেহৰক্ষী আৰু ড্ৰাইভাৰে দেহত শিল বান্ধি গোলাঘাট জিলাৰ কালিয়নি নদীত পেলায় থৈ আহে। ইফালে পুলিচে আটক কৰি লৈ যোৱাৰ পিছত প্ৰেমিক সন্ধানহীন হৈ থকাত প্ৰেমিকাই প্ৰেমিকৰ অনুসন্ধান আৰম্ভ কৰে। প্ৰেমিকৰ বিষয়ে পুলিচক সুধি একো সদুত্তৰ নোপোৱাত প্ৰেমিকাই গোলাঘাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও গোলাঘাট সদৰ থানাৰ সেই সময়ৰ অচি চিত্ৰ গগৈয়ে সেই এজাহাৰ গ্ৰহণ নকৰিলে আৰু ঘটনাৰ কোনো আইনী প্ৰক্ৰিয়া আৰম্ভ নকৰিলে। উপায়ন্তৰ হৈ প্ৰেমিকাই গুৱাহাটীৰ চি আই ডিত এজাহাৰ দাখিল কৰে। চি আই ডিয়ে ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰি আই পি এছ, এছ পি ৰাঘৱেন্দ্ৰ অৱস্থি, দাৰোগা দেবেন বৰা আৰু গোলাঘাট সদৰ থানাৰ অচি চিত্ৰ গগৈ সহ এছ পিৰ দেহৰক্ষী আৰু গাড়ী ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। তদানীন্তন দেৰগাঁও থানাৰ অচি নুৰুল হুছেইনে এছ পিয়ে পঠোৱা আৰক্ষীৰ দলে জ্যোতি লোহাৰক আটক কৰি লৈ যোৱাৰ কথা থানাৰ দৈনিক পঞ্জী বা জেনেৰেল ডায়েৰীত বিধি অনুসৰি লিপিবদ্ধ কৰি নিজৰ কৰ্তব্য পালন কৰা কাৰণে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

ছালফা জ্যোতি লোহাৰৰ হত্যাকাণ্ডৰ বিচাৰ আদালতত কেইবাবছৰো চলিল। বিচাৰ নিম্ন কৰ্টৰ পৰা গৈ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় পালে। কিন্তু ভুক্তভোগীয়ে ন্যায় নাপালে।

টোকাঃ সেই সময়ত প্ৰকাশিত বাতৰিৰ ধাৰাবাহিক বাতৰি মনত পেলায় লিখিছোঁ। ঘটনাৰ চন তাৰিখ আৰু কিছু তথ্য বিসংগতি হ'ব পাৰে। 

মানুহে ভাবে- বিষয়া যিমান ডাঙৰ সিমানেই বহুত জনা বুজা আৰু সংবেদনশীল মানুহ। গতিকে তেওঁলোকে যি কৰে, যি কয় সকলো শুদ্ধ, সকলো ভাল। কিন্তু IAS বা IPS এজনো মানৱীয় গুণবিহীন চৰিত্ৰৰ হ'বও পাৰে। 

Friday, 21 January 2022

অসমীয়াৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস

মান- ইংৰাজ যুদ্ধৰ পিছত বৃটিছে ধীৰে ধীৰে অসমত নিজৰ শাসন প্রতিষ্ঠা কৰিছিল। যদিও বৃটিছে অসমত ত্রাণকর্তা ৰূপত ভুমুকি মাৰিছিল তথাপি তেওঁলোকৰ সাম্ৰাজ্যবাদী অভিলাষ অতি সোনকালে প্ৰকট হৈছিল। সেয়েহে কম সময়ৰ ভিতৰতে বৃটিছ শাসন বিৰুদ্ধ অসন্তুষ্টিয়ে চূড়ান্ত সীমা পাইছিলহি। অসমৰ জনসাধাৰণে প্ৰথমৰে পৰা বৃটিছৰ প্ৰতি বিৰূপ মনোভাব লৈছিল। বিশেষকৈ উচ্চ শ্ৰেণীটোৱে বৃটিছৰ উদ্দেশ্য সম্পৰ্কে সন্দিহান আছিল আৰু তেওঁলোকৰ নীতি তথা কাম-কাজত অসন্তুষ্ট আছিল। সম্ভ্রান্ত শ্ৰেণীটোৱে সামান্য পৰিমাণৰ পেঞ্চন আৰু নিম্নবৰ্গৰ পদবীৰ বিনিময়ত তেওঁলোকৰ ভূ-সম্পত্তি আৰু পাইকবোৰ বৃটিছে কাঢ়ি লোৱা বুলি অনুভৱ কৰিছিল। বৃটিছ শাসনে প্রকৃতপক্ষে পুৰণি শাসন প্ৰণালীটো ভাঙি পেলাইছিল। শাসক শ্রেণীৰ এক সদস্য ৰূপে ভোগ কৰি অহা ক্ষমতা আৰু বিশেষাধিকাৰ হেৰুৱাব লগা হোৱা কাৰ্যই তেওঁলোকক বৃটিছৰ উদ্দেশ্য সম্পৰ্কে নকৈ চিন্তা কৰিবলৈ শিকাইছিল। তেওঁলোকে বৃটিছৰ অধীনত তেনেই নিষ্প্রাণ ভৱিষ্যৎ দেখা পাইছিল। সেয়েহে দেশৰ পৰা বৃটিছক বহিস্কাৰ তথা পুৰণি শাসনতন্ত্ৰৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোক সন্মিলিত হৈছিল। তেওঁলোকৰ এই সিদ্ধান্তও ফলশ্রুতি হিচাপে কম দিনৰ ভিতৰত বিদেশী শাসন ওফৰোৱাৰ এলানি অসফল প্রচেষ্টা চলিছিল।

গোমধৰ কোঁৱৰৰ বিদ্রোহ: 

আহোম ৰাজতন্ত্ৰৰ লগত তেজৰ সম্পৰ্ক থকা ফেনা কোঁৱৰৰ পুত্ৰ গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বৰগোঁহাইৰ নেতৃত্বত ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে প্রথম বিদ্ৰোহৰ প্ৰচেষ্টা চলোৱা হৈছিল। আহোম ৰাজসভাৰ কিছুমান প্রাক্তন বিষয়ববীয়াইও তেওঁলোকৰ সৈতে হাত মিলাইছিল। তেওঁলোকে গোমধৰ কোঁৱৰক দেশখনৰ ৰজা বুলি ঘোষণা কৰিছিল। তেওঁলোকে মানুহ-দুনুহ আৰু অস্ত্ৰ-শস্ত্ৰ গোটাই যোৰহাটৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত বাছাত গোমধৰ কোঁৱৰক ৰাজপাটত অধিষ্ঠিত কৰাইছিল। তেওঁলোকে মানুহৰ পৰা কৰ সংগ্ৰহ কৰিছিল আৰু বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ তেওঁলোকক উচতনি দিছিল। ৰাজ অভিষেক পতাৰ বিদ্ৰোহীসকলে সশস্ত্র বাহিনীৰ সৈতে মৰিয়ণীলৈ আগবাঢ়িছিল। যোৰহাটৰ পৰা ১২ মাইল দূৰত অৱস্থিত মৰিয়ণীত লেফটেনেন্ট ৰাডাৰফ’ৰ্ডৰ অধীনত এটি সেনাদলে আগছি ধৰিলে। ৰাজনৈতিক প্রতিনিধি কেপ্টেইন নিউভিলৰ ৰংপুৰত পদার্পণ আৰু তেওঁৰ ক্ষিপ্ৰ কাৰ্যব্যৱস্থাই গোমধৰৰ অনুগামীসকলক দোমোজাত পেলাইছিল। এক দুর্বল প্ৰতিৰোধ প্ৰদৰ্শন কৰি গোমধৰ নগা পাহাৰলৈ পলাই গৈছিল আৰু তেওঁৰ বেছিভাগ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছিল। পাছলৈ গোমধৰ কোঁৱৰে আত্মসমর্পন কৰিছিল আৰু তেওঁক সাত বছৰৰ বাবে কাৰাবাস বিহি বংগৰ ৰংপুৰ জেললৈ প্ৰেৰণ কৰা হৈছিল তেওঁৰ সহযোগী ধনঞ্জয়ক ফাঁচী বিহা হৈছিল। কিন্তু তেওঁ কিবাকৈ পলাই গৈ নগাপাহাৰ পায়গৈ।

দ্বিতীয় বিদ্রোহ : 

১৮২৯ চনত ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথে দ্বিতীয় বিদ্ৰোহ সূচনা কৰে। ধনঞ্জয় আৰু গোমধৰৰ কিছুমান অনুগামীয়ে মটক ৰাজ্যলৈ পলাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে এক বৃহৎ পৰিমাণৰ বিৰোধী অভুত্থানৰ বিস্তৃত আৰ্হি যুগুত কৰিছিল। ধনঞ্জয়ক তেওঁৰ দুই পুত্ৰ হৰকান্ত আৰু হৰনাথ আৰু জোঁৱায়েক জিউৰাম দিহিঙিয়া বৰুৱাই সহায় কৰিছিল। অতি কম দিনৰ ভিতৰত গুৱাহাটীস্থ পূৰ্বৰ ৰাজ প্রতিনিধি বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকন, ৰূপচান্দ কোঁৱৰ আৰু বোম চিংফো তেওঁলোকৰ লগ লাগিল। মোৱামৰিয়া, খামটি, চিংফো, খাচি, গাৰো আৰু নাগাৰ মুখিয়ালসকলৰ পৰাও সহায় বিচৰা হৈছিল। তেওঁলোকলৈ গোপন পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু বৃটিছ খেদাৰ বাবে তেওঁলোকক সৈন্য বাহিনী পঠাবলৈ অনুৰোধ জনোৱা হৈছিল। ৰূপচান্দ কোঁৱৰক ৰাজসিংহাসনৰ প্ৰাৰ্থী হিচাপে ঠিক কৰা হৈছিল। দেও পূজা পতাৰ পিছত বিদ্রোহীসকলে ৰংপুৰলৈ আগবাঢ়িছিল আৰু তাত থকা বৃটিছ অস্ত্ৰাগাৰটো জ্বলাই দিব বিচাৰিছিল। কিন্তু তেওঁলোকৰ এই আক্রমণ প্রতিহত কৰা হৈছিল। তাতে থকা বৃটিছ সেনাবাহিনীয়ে বিদ্রোহীসকলক খেদী পঠিয়াইছিল। দধনঞ্জয় (তেওঁ নিজ পুত্ৰ হৰকান্তৰ সৈতে পাহাৰলৈ পলাই গৈছিল) বাবে বেছিভাগ নেতাক আতক কৰা হৈছিল। পিয়লি, জিউৰাম, হৰনাথ, ৰূপচান্দ আৰু বোম চিংফোৰ বিচাৰ যোৰহাটৰ পঞ্চায়তত চলিছিল। তেওঁলোক আটাইকেইজনকে দেশদ্ৰোহ আৰু বিদ্ৰোহৰ অপৰাধী বুলি ঘোষণা কৰা হৈছিল আৰু মৃত্যুদণ্ড বিহা হৈছিল। সর্বশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল স্কটে। পিয়লি আৰু জিউৰামক ফাঁচী বিহা হৈছিল। আন বিদ্রোহীবোৰক ১৪ বছৰৰ বাবে কাৰাবাস দিয়া হৈছিল। তেওঁলোকক বংগলৈ নির্বাসিত কৰা হৈছিল তথা তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।

তৃতীয় বিদ্রোহ : 

১৮৩০ চনত গদাধৰ সিংহৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে তৃতীয় বিদ্ৰোহৰ প্ৰচেষ্টা চলোৱা হৈছিল। গদাধৰ সিংহক ইয়াং গোমেনদেউ বুলিও জনা গৈছিল। তেওঁক পূৰ্বৰ ৰজা যোগেশ্বৰ সিংহৰ এগৰাকী সম্পৰ্কীয় বুলি জনা হৈছিল। শদিয়াত বাহৰ পাতি থকা চিপাহীসকলৰ পৰা কূটনৈতিকভাৱে তেওঁ সমর্থন আদায় কৰিব বিচাৰিছিল, যদিও চিপাহীবোৰে তেওঁক কৰায়ত্ব কৰি গুৱাহাটীলৈ পঠাই দিলে। বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ সমৰ্থন পাইছিল বুলি সন্দেহ কৰা হৈছিল। বৃটিছ চৰকাৰে সচেষ্ট হৈ তেওঁক গ্ৰেপ্তাৰ কৰিছিল। এনেদৰে দুখজনকভাৱে তেওঁৰ প্ৰচেষ্টা বিফল হৈছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁৰ কি হৈছিল সেই বিষয়ে একো জনা নাযায়।

খাচিসকলৰ বিদ্রোহ (১৮২৯)ঃ

বৃটিছৰ বিৰুদ্ধে হোৱা অসন্তোষ কেৱল উজনি অসমতে সীমাবদ্ধ হৈ থকা নাছিল। অসমৰ পাহাৰবোৰতো জনগণে বৃটিছ হস্তক্ষেপক প্ৰতিৰোধ কৰিছিল। ড° এছ. এল. বৰুৱাই লিখিছে যে খাছিসকলে বৃটিছৰ বিৰুদ্ধে দৃঢ়মনা আৰু সংগঠিত প্ৰতিৰোধ গঢ়ি তুলিছিল (১৮২৮-৩০)। মান যুদ্ধত জড়িত থকাৰ অপৰাধত কেবা গৰাকী খাছি মুখিয়ালে দুৱাৰ (গিৰিপথ) অঞ্চলৰ দখল হেৰুৱাইছিল। এই দখলবোৰ তেওঁলোকে আহোম শাসনযন্ত্ৰৰ অধীনত পাইছিল। ইয়ে তেওঁলোকৰ মাজত এক আর্থিক সংকটৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকে প্রতিবাদ গঢ়ি সংকল্প লৈছিল। খৈৰামৰ শাসক ৰমাণিকে এই ক্ষেত্ৰত আগভাগ লৈছিল। ১৮২৮ চনৰ আগষ্ট মাহত তেওঁ গুৱাহাটীৰ নিকটবর্তী ডিমৰীয়ালৈ নামি আহে আৰু ৰাজহ বিষয়াবোৰে সংগ্ৰহ কৰা ৰাজহ জব্দ কৰে। তেওঁ লগতে অতি কম দিনৰ ভিতৰত দুৱাৰবোৰ পুনঃ দখল কৰাৰ মুকলি ঘোষণা কৰে।

কিন্তু বিদ্ৰোহৰ প্ৰকৃত যুজঁ এগৰাকী সাহসী খাছি মুখিয়াল তথা ছিয়েম বা নংখালোৰ ৰজা ইউ তিৰুত সিঙে আৰম্ভ কৰে। ১৮২৬ চনত ডেভিদ স্কটে এক সন্ধি যোগে তেওঁক বৃটিছৰ অধীনত আনিবলৈ সক্ষম হৈছিল। খাছি পাহাৰৰ মাজেৰে অসম আৰু ছিলেটক সংলগ্ন কৰিব খোজা এক নির্মাণতো তেওঁ সম্মতি প্ৰদান কৰিছিল। পথটি মুকলি কৰাৰ পাছত যেতিয়া নংখালোত এটি বাংলা আৰু আৰক্ষী চকী গঢ়ি উঠিল তেতিয়া ৰাজ্যখন বৃটিছে দখল কৰিবলৈ কৰা অভিসন্ধিটোৰ ই এক প্রাথমিক প্রয়াস হ'ব পাৰে বুলি তেওঁলোকে ভাবিলে। ১৮২৯ চনৰ ৪ এপ্ৰিলত ৫০০ জনীয়া এটি খাছি বাহিনীয়ে আকস্মিকভাবে আক্রমণ চলাই নংখালোত দুগৰাকী বৃটিছ বিষয়া ক্রমে লেফটেনেন্ট বাৰ্লটন আৰু বেডিংছ্ ফিল্ড সহ ৬০ জনে ভাৰতীয় চিপাহীক হত্যা কৰে। তেওঁলোকে বাংলাটো জ্বালাই দিয়ে আৰু নিৰ্মাণত জড়িত কয়দীসকলক মোকোলাই দিয়ে। তিৰুত সিঙে বৃটিছৰ তেওঁৰ ৰাজ্যত প্ৰবেশ কৰাৰ অনুমতি দিযে এটা ভুল কৰিছে তাক অনুধাৱন কৰি নিজে এই আক্ৰমণৰ নেতৃত্ব দিছিল। আন ছিয়েমসকলে তিৰুত সিঙৰ লগত ঐক্যবদ্ধ হৈছিল আৰু এই বিদ্ৰোহত আন বহুতো পাহাৰীয়া মানুহে যোগ দিছিল। এই বিদ্রোহ দমন কৰিবৰ বাবে বৃটিছে সকলো ফালৰ পৰা সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। ১৮৩০ চনৰ শেষলৈ বহুতো খাছি মুখিয়ালে আত্মসমর্পণ কৰিছিল যদিও তিৰত সিঙে ১৮৩২ চনৰ জুন মাহলৈ যুদ্ধ চলাই গৈছিল খাছি বীৰ তিৰুত সিঙে অৱশেষত ১৮৩৩ চনৰ ১৩ জানুৱাৰীত আত্মসমর্পণ কৰে আৰু ঢাকাত থকা বৃটিছ কাৰাগাৰৰ এগৰাকী কয়দী হয়গৈ। কাৰাগাৰত তেওঁৰ বাবে এটি সুকীয়া গৃহ মঞ্জুৰ কৰা হৈছিল তথা মাহেকত ৬৩ টকাকৈ তেওঁক পেঞ্চন প্ৰদান কৰা হৈছিল। পৰিপূৰক সন্ধিৰ অধীনত ছিয়েমসকলক আনি লৈ বৃটিছ খাছিসকলক শান্ত কৰাইছিল।


(পৰিপূৰক সন্ধিঃ পৰিপূৰক সন্ধিৰ নীতি লৰ্ড ৰিছাৰ্ড ৱেলেছলিয়ে প্ৰৱৰ্তন কৰিছিল। তেওঁ ১৭৯৮ ৰ পৰা ১৮০৫ চনলৈ ভাৰতৰ বৃটিছ গৱৰ্নৰ জেনেৰেল আছিল। এই নীতিৰ অধীনত ভাৰতীয় শাসকসকল বৃটিছৰ সুৰক্ষাধীন হৈছিল। তেওঁলোকে ঘৰুৱা সৈন্যক অব্যাহতি দি নিজৰ শাসিত অঞ্চলত বৃটিছ সেনাক ৰক্ষণাবেক্ষণ দিছিল। তেওঁলোকে নিজৰ বৈদেশিক নীতিৰ নিয়ন্ত্ৰণ বৃটিছৰ ওচৰত সমৰ্পণ কৰিছিল। ইয়াৰ বাবত বৃটিছে তেওঁলোকক শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল।)

ওপৰত উল্লিখিত অভ্যুত্থানবোৰে ইয়াৰ তাৎক্ষণিক উদ্দেশ্য সিদ্ধিত বিফল হৈছিল। তেওঁলোকৰ বিদ্ৰোহবোৰৰ প্ৰতি গণ সমর্থন নথকা হেতুকে বিদ্রোহীসকল বিফল হৈছিল। অসমৰ পূৰ্বৰ শাসন তন্ত্ৰৰ বিষয়ববীয়াসকলৰ হাতত ভোগা অত্যাচাৰ আৰু অন্যায়ৰ তিক্ততাপূৰ্ণ স্মৃতি সাধাৰণ মানুহে পাহৰিব পৰা নাছিল। তেওঁলোকে লগতে ইয়াক পাহৰি যোৱা নাছিল যে মানৰ আক্ৰমণৰ সময়ত এই বিষয়ববীয়া সম্ভ্রান্ত শ্রেণীটোৱে সাধাৰণ মানুহখিনিক সহায় কৰিবলৈ অলপো আগবাঢ়ি অহা নাছিল। সেয়েহে তেওঁলোকে স্থানীয় মুখিয়াল আৰু সম্ভ্ৰান্তসকলৰ স্বৈৰচাৰী শাসনতকৈ বিদেশী শাসনকে বেছিকৈ পছন্দ কৰিছিল।

দ্বিতীয়তে বিদ্ৰোহবোৰ যথাযতভাৱে সংগঠিত কৰা হোৱা নাছিল। সংগঠিত আৰু উচ্চমানৰ বৃটিছ বাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁলোকৰ পৰ্যাপ্ত সামৰিক শক্তি নাছিল।

তৃতীয়তে বেছিভাগ বিদ্রোহেই হুৰমূৰকৈ গঢ়ি তোলা হৈছিল আৰু বিদ্ৰোহৰ নেতৃবৃন্দৰ ৰাজনৈতিক বিচাৰ-বুদ্ধি আৰু দূৰদৃষ্টিৰ অভাৱ আছিল। জনসাধাৰণে যে পুনৰ আগৰ অৰাজক শাসন ঘূৰি অহাটো কামনা নকৰে তাক নেতাসকলে অনুভৱ কৰিব পৰা নাছিল। এই সকলোবোৰ কাৰণৰ ফলত আদিভাগতে অসমত হোৱা বৃটিছ বিৰোধী অভ্যুত্থান সফল হ’ব পৰা নাছিল। অৱশ্যে কে. এন. দত্তই সঠিকভাৱে উল্লেখ কৰিছে যে যদিও এই বিদ্রোহীসকল পৰাজিত আৰু ধ্বংস হৈছিল তথাপি বিদেশী শাসনৰ বিৰুদ্ধে অসমভাৱে যুদ্ধ কৰা বিদ্রোহী নেতাসকলে দেশপ্রেম আৰু ত্যাগৰ এক জলন্ত উদাহৰণ দি থৈ গ'ল যিয়ে বিদেশী শাসনৰ বিৰুদ্ধে স্বাধীনতা যুঁজ কৰাৰ বাবে পাছৰ প্ৰজন্মক উৎসাহিত কৰিছিল।

তাৰোপৰি, যদিও বৃটিছ বিৰোধী অভুত্থানে ইয়াৰ তাৎক্ষণিক উদ্দেশ্য লাভত বিফল হৈছিল, তথাপিও উজনি অসমৰ শাসন প্ৰণালীত ই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছিল। এই বিদ্রোহে সীমাবদ্ধ ক্ষেত্ৰাধিকাৰৰ ভিতৰত উজনি অসমৰ শাসনতন্ত্ৰত আহোম ৰাজতন্ত্র পুনঃ প্রতিষ্ঠা কৰিছিল। উজনি অসমৰ জনসাধাৰণৰ ভাবাবেগক সান্ত্বনা প্ৰদান কৰিবলৈ আহোম ৰাজ পৰিয়ালৰ এগৰাকী সদস্য পুৰন্দৰ সিংহক ৰাজসিংহাসনত বহুওৱা হৈছিল। ১৮৩৩ চনৰ মাৰ্চত হোৱা এক চুক্তিমৰ্মে পুৰন্দৰ সিংহই বৃটিছক ৫০,০০০ টকা কৰ হিচাপে দিবলৈ মান্তি হৈছিল। তেওঁ বৃটিছ ৰাজনৈতিক প্রতিনিধিৰ আদেশ মানি চলিবলৈ সন্মতি প্ৰদান কৰিছিল।

অসমত কৃষক বিদ্রোহ
---------------------------------

১৮৫৭ চনৰ বিদ্ৰোহৰ অন্তত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অৱসান ঘটিল আৰু ভাৰতবৰ্ষক বৃটিছ ৰজাৰ প্ৰত্যক্ষ শাসনলৈ অনা হ’ল। কিন্তু অভ্যন্তৰীণ প্ৰশাসনত তেনেই সামান্য পৰিৱৰ্তন ঘটিল আৰু বৃটিছ শাসকসকলে জনসাধাৰণক দৰিদ্ৰ কৰি দেশখনৰ সম্পদ লুণ্ঠন কৰাৰ আঁচনি অব্যাহত ৰাখিলে। বৰ্দ্ধিত মূল্যত ভূমি ৰাজহ নিৰূপণৰ প্ৰতিটো নতুন নিৰিখ তথা আয়কৰ, মুদ্ৰাংক শুল্ক বা টিকট শুল্ক, অনুজ্ঞাপত্ৰ শুল্ক আদি নতুন ধৰণৰ কৰ আৰোপে জনসাধাৰণৰ অসন্তোষ বৃদ্ধি কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত কানিৰ ব্যৱসায় কৰাৰ বিৰুদ্ধে মণিৰাম দেৱানে প্রতিবাদ কৰিছিল। কিন্তু তেওঁৰ এই প্ৰতিবাদক কাণসাৰ কৰা হোৱা নাছিল আৰু কানি আৰু নিমখৰ ব্যৱসায়ৰ দ্বাৰা চৰকাৰৰ বাবে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি থকা হৈছিল। ১৮৩৭ চনত অসমৰ স্কুল- কাছাৰীৰ পৰা অসমীয়াক অপসাৰণ কৰি বাংলা ভাষা আৰম্ভ কৰাক লৈ সূত্রপাত ঘটা ভাষা বিবাদে ১৮৬০ ৰ দশকত গভীৰ ৰূপ ধাৰণ কৰিছিল আৰু সাধাৰণ মন আন্দোলিত কৰি তুলিছিল।

ফুলগুৰিৰ বিদ্রোহ, ১৮৬১
--------------------------------------

নগাওঁ জিলাৰ ফুলগুৰি অঞ্চলৰ খেতিয়কসকলৰ বেছিভাগেই জনজাতীয় (তিৱা আৰু কছাৰী) লোক আছিল। ১৮৬১ চনত এই সকল লোকে আফিং খেতি নিষিদ্ধ কৰাৰ বিৰুদ্ধে ৰাইজ মেল পাতি তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল। সেই বছৰটিতে তামোল আৰু পানৰ ওপৰত কৰ আৰোপ কৰিব বুলি ওলোৱা গুজৰে তেওঁলোকক ক্ষোভিত কৰি তুলিছিল। কিন্তু বৃটিছ কতৃপক্ষই তেওঁলোকৰ এই ভাবাবেগক সামান্যতমো গুৰুত্ব নিদিলে আৰু ১৮৬১ চনত খেতিয়কসকলে কৰা বিৰূধাচৰণক তীব্ৰভাৱে দমন কৰাৰ পন্থা হাতত ল'লে।

লেফটেনেন্ট ছিংগাৰ নামৰ কনিষ্ঠ সহকাৰী আয়ুক্ত এগৰাকীয়ে প্ৰাণ হেৰুৱালে আৰু এই বৃটিছ বিষয়াজনৰ মৃতদেহটো কলং নদীত পেলাই দিয়া হ'ল। তেওঁৰ লগত অহা পুলিচ বাহিনীটোৱে আতংকত পেলাই গৈছিল। নগাওঁ জিলাৰ বিষয়া লেফটেনেন্ট স্কঞ্জও এই ক্ষেত্ৰত বিশেষভাৱে সতর্ক হৈ উঠিল আৰু ঘটনা সংঘটিত স্থানলৈ সৈন্য বাহিনী। কৰিছিল। যেতিয়া জনতাৰ পৰত গুলীবৰ্ষণ কৰা হ'ল তেতিয়া কেবাজনো লোকে প্ৰাণ হেৰুৱালে আৰু বহু কেইজন ঘূণীয়া হ'ল। হত্যাৰ গোচৰটিত লিপ্ত থকাৰ অভিযোগত একচল্লিশ জন লোকক গ্ৰেপ্তাৰ কৰা হ'ল আৰু ইয়াৰে আঠ কিম্বা নজন নেতাক, যিসকলৰ বেছিভাগ জনজাতীয় লোক আছিল, মৃত্যু অথবা দেশান্তৰকৰণৰ শাস্তি বিহা হ’ল। এই ঘটনাটিক অসমৰ জনসাধাৰণে ‘ফুলগুৰিৰ ধেৱা’ বা ফুলগুৰিৰ যুদ্ধ বুলি এতিয়াও মনত ৰাখি আহিছে। ঔপনিবেশিক শোষণ নীতিৰ বিৰুদ্ধে অসমত সংঘটিত ই আছিল প্রথম স্বতঃস্ফূর্ত গণ-আন্দোলন।


বৃটিছ চৰকাৰৰ দ্বাৰা আৰোপ কৰা গৃহ শুল্ক, মুদ্ৰাংক শুল্ক আদিৰ নিচিনা নতুন শুল্কৰ বাবে জয়ন্তীয়া পাহাৰৰ লোকসকল ভীষণ অসন্তুষ্ট হৈছিল। তেওঁলোকে ইয়াৰ বিৰুদ্ধে মুকলিভাৱে বিদ্রোহ কৰিছিল । বৃটিছে এই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰিছিল যদিও, কিন্তু সমস্যাৰ ইয়াতে অন্ত পৰা নাছিল। ইয়াৰ কিছুদিনৰ পিছতে জনজাতীয় ৰীতি-নীতিৰ ওপৰত হস্তক্ষেপ কৰা অনুজ্ঞাপত্ৰ এক শুল্কই খাছী লোকসকলক জাগ্র ত কৰিছিল। অৱশেষত ১৮৬৩ চনত এক সুদীর্ঘকালীন আৰু কঠোৰ অভিযানৰ দ্বাৰা তেওঁলোকক দমন কৰা হৈছিল।

অসমত সংঘটিত কৃষক আন্দোলনবোৰৰ ভিতৰত ১৮৯৩-৯৪ চনৰ ভিতৰত সংঘটিত অসম বিদ্রোহ আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। ১৮৯৩ চনত অসমৰ মুখ্য আয়ুক্ত ছাৰ উইলিয়াম ৱাৰ্ডে সামর্থ অনুযায়ী মাটিৰ খাজানা বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে। এই নতুন নিৰিখ অনুযায়ী খাজানা ৭০ ৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি কৰা হ’ল আৰু ইয়ে খেতিয়কসকলক ক্রোধান্বিত কৰি তুলিছিল। জনসাধাৰণৰ এই অসন্তোষ ব্যক্ত কৰিবৰ বাবে কামৰূপ আৰু দৰঙত এলানি ৰাইজ মেল অনুষ্ঠিত হৈছিল। কেৱল মাথো মাটি আৰু খেতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়কসকলৰ আৰ্থিক সুস্থিৰতা প্ৰভাৱ পেলোৱা এই অন্যায়মূলক নির্দেশটো বাতিল কৰিবলৈ তেওঁলোকে দাবী তুলিছিল। কামৰূপৰ ৰঙিয়া আৰু লচিমা, তথা দৰঙৰ পথৰুঘাটৰ জনসাধাৰণে ‘কৰ নিদিয়া অভিযান’ কৰিছিল আৰু যিয়ে ৰাইজৰ নিৰ্দেশ অমান্য কৰিব তেওঁকো সমাজচ্যুত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। ইয়ে কর্তৃপক্ষক সচকিত কৰি তুলিছিল আৰু এই গণ অভ্যুত্থানক দমন কৰিবৰ বাবে, – যাক তেওঁলোকে বিদ্রোহ আখ্যা দিছিল, সৈন্য বাহিনী ব্যৱহাৰ কৰিছিল। 

ৰঙিয়া
-----------------

১৮৯৩ চনৰ ডিচেম্বৰ আৰু ১৮৯৪ চনৰ জানুৱাৰী মাহত ৰঙিয়াৰ পৰিস্থিতি বৰ উত্তেজনাময় হৈছিল। ৰঙিয়া বজাৰত কৰা লুটপাতেৰে ৰঙিয়াৰ আন্দোলন আৰম্ভ হৈছিল। কামৰূপ জিলা উপায়ুক্ত মেককেবো ঘটনাস্থলীত উপস্থিত হৈছিল আৰু কেবাজনো নেতাক গ্ৰেপ্তাৰ কৰিছিল। ১০ জানুৱাৰীত ৰঙিয়া আৰক্ষী থানাৰ সমীপবর্তী এখন পথাৰত কেবাহাজাৰ লোকৰ সমাগম ঘটিছিল। যেতিয়া মেককেবে তেওঁলোকক ছত্ৰভংগ দিয়াৰ নিৰ্দেশ দিলে তেতিয়া তেওলোকে ‘আমি বৰ্দ্ধিত খাজানা আদায় নিদিও’ বুলি চিঞৰি উঠিল। সেই দিনাখনে সন্ধিয়া গ্ৰেপ্তাৰ বৰণ কৰা নেতাসকলক মোকলাবৰ বাবে তেওঁলোকে আৰক্ষী থানাৰ পিছে অগ্ৰসৰ হ’ল আৰু তেতিয়া আৰক্ষীয়ে তেওঁলোকৰ ওপৰত গুলীবর্ষণ কৰিছিল। পৰিস্থিতিৰ জটিল ৰূপ দেখি মেক কেবে অতিৰিক্ত বাহিনী মাতি পঠালে। উপস্থিত ৰাইজৰ কেবাজনো লোকে প্ৰাণ হেৰুৱালে আৰু বহু কেইজনক গ্ৰেপ্তাৰ কৰা হ’ল। এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰা হৈছিল। তৎস্বত্বেও নলবাৰী, বৰ্মা, বজালী আৰু আন আন ঠাইবোৰত আগৰ লেখিয়া তৎপৰতাৰে ৰাইজ মেলবোৰ অনুষ্ঠিত হৈ থাকিল। 

লচিমা
-----------------
১৮৯৪ চনৰ জানুৱাৰী মাহত কামৰূপ জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ নিকতৱর্তী এখন গাৱত (কল্প) এগৰাকী মৌজাদাৰ আৰু এজন মণ্ডলক বেয়া ধৰণে প্ৰহাৰ কৰা হৈছিল। তেওঁলোকে তাত খাজানা সংগ্ৰহ কৰিবলৈ গৈছিল। এই সন্দৰ্ভত পয়সত্তৰ্জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ৰায়তসকলৰ এই ভাবুকিয়ে মেককেবেক লচিমাত উপস্থিত হ’বলৈ বাধ্য কৰিছিল আৰু এই বিদ্রোহ দমন কৰিবৰ বাবে তেওঁ শক্তিশালী পন্থা হাতত লৈছিল। জনসাধাৰণক বশ নিয়াবৰ বাবে কৰ্তৃপক্ষই লোৱা পাশবিকতাক আজিও ইয়াৰ স্থানীয় জনসাধাৰণে মনত ৰাখিছে। 

পথৰুঘাট
-------------------
১৮৯৪ চনৰ জানুৱাৰী মাহত দৰং জিলাৰ পথৰুঘাটত একে ধৰণৰ এক বিদ্রোহ সংঘটিত হৈছিল। ৰায়তসকলে খাজানা দিবলৈ যে অসমত হৈছিল এয়ে নহয় যিসকলে চৰকাৰক খাজানা দিব বিচাৰিছিল তেওঁলোককো বাধা প্ৰদান কৰিছিল। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দৰং জিলাৰ উপায়ুক্ত জে. ডি. এণ্ডাৰছনে লেফটেনেন্ট বেৰিংটনৰ অধীনত এক আৰক্ষী সেনা বাহিনী লৈ পথৰুঘাটত উপস্থিত হৈছিল। দ্বিতীয় দিনাখন ৰাতিপুৱা এণ্ডাৰছন থকা জিৰণি ঘৰটোৰ সন্মুখৰ ধাননি পথাৰত এক বিশাল জনতা সমবেত হৈছিলহি ।এণ্ডাৰছনে তেওঁলোকক আতৰি যাবলৈ কৈছিল যদিও জনগণে তেওঁৰ এই আদেশ কর্ণপাত নকৰি তেওঁলৈ লাঠি আৰু মাটিৰ চপৰা (দলি) নিক্ষেপ কৰিলে। আদেশ দিয়াত বেৰিংটনে তেতিয়া গুলিৰ নিৰ্দেশ দিলে আৰু ইয়াৰ ফলত পোন্ধৰজন লোকৰ মৃত্যু ঘটিল আৰু বহু ৰায়ত আঘাতপ্রাপ্ত হ’ল ৷ পথৰুঘাটৰ এই ঘটনাক এতিয়াও ‘দলি ৰণ’ বুলি স্মৰণ কৰা যায় কিয়নো এই যুদ্ধত জনসাধাৰণে বৃটিছক মাটিৰ চপৰাৰে আক্ৰমণ কৰিছিল।

অসমৰ বিভিন্ন ঠাইত এনে ধৰণৰ বিদ্রোহ সংঘটিত হৈছিল। এই বিদ্ৰোহবোৰ দমন কৰিবলৈ চৰকাৰে কঠোৰ পন্থা হাতত লৈছিল । বৃটিছ ৰাজত্বৰ অধীনত জনগণে যি এক দুদৰ্শাৰ জীৱন কটাইছিল সেই বিষয়ে সচেতন কৰি তোলাৰ ক্ষেত্ৰত ৰাইজ মেলবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই বিদ্রোহবোৰ দেখি বৃটিছে অনুধাৱন কৰিছিল যে ৰাইজ মেলক নির্মূল নকৰিলে অসমত বৃটিছৰ সাৰ্বভৌম ক্ষমতা বৰ্তাই ৰখাটো অসম্ভৱ হৈ পৰিব।

অসমৰ ১৮৯৩-৯৪ চনত সংঘটিত কৃষক বিদ্রোহে বৃটিছ ৰাজৰ বিৰুদ্ধে ভৱিষ্যতে কৰা সংগ্ৰামৰ ইতিহাসত এক সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। বিদেশী শাসকৰ অধীনত জনগণে যি এক দুর্দশাৰ জীৱন কটাইছিল তাৰ বিষয়ে ৰাইজক সজাগ কৰি তোলাত ৰাইজ মেলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৮৯৩-৯৪ চনৰ অভ্যুত্থানে সমগ্র প্রদেশখন আলোড়িত কৰি তুলিছিল আৰু ৰাজকীয় বিধান পৰিষদতো সেয়া প্রতিধ্বনিত হৈছিল।