Saturday, 22 January 2022

এজন এছ পি আৰু গোলাঘাটৰ ছালফা জ্যোতি লোহাৰৰ লোমহৰ্ষক হত্যাকাণ্ড

এজন এছ পি আৰু গোলাঘাটৰ ছালফা জ্যোতি লোহাৰৰ লোমহৰ্ষক হত্যাকাণ্ড
-----------------------------------------------------
আজিৰ পৰা প্ৰায় ২০ নে ২৫ বছৰৰ আগত আৰক্ষীৰ দ্বাৰা সংঘটিত এটা হত্যাকাণ্ডই সংবাদ শিৰোনাম দখল কৰিছিল। গোলাঘাট জিলাৰ সেই সময়ৰ তদানীন্তন এছ পি বা জিলা আৰক্ষী অধীক্ষক ৰাঘৱেন্দ্ৰ অৱস্থিৰ বিৰুদ্ধে ছালফা জ্যোতি লোহাৰক শীতল মগজুৰে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

সেই সময়ত গোলাঘাট জিলাত কৰ্মৰত কিছুমান আৰক্ষীৰ ভাষ্য অনুসৰি- ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাঘৱেন্দ্ৰ অৱস্থিৰ টকা পইচাৰ প্ৰতি বহুত মোহ আছিল। গোলাঘাট জিলাত এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে বিভিন্ন উৎসৰ পৰা বস্তা হিচাপত টকা গোটাইছিল বুলি কিছুমান আৰক্ষীয়ে কয়।

কোৱা হয় যে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাঘৱেন্দ্ৰ অৱস্থিয়ে মাজৰাতি মদৰ নিচাত জিলাৰ কোনোবা বিষয়া বা বা চিপাহীক বদলিৰ নিৰ্দেশ দি ৰাতিপুৱা সেই নিৰ্দেশ বাতিল কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি এছ পি ৰাঘৱেন্দ্ৰ আৱস্থি মানসিকভাবে অস্থিৰ এজন বিষয়া আছিল।

৯৬ নে ৯৭ চনৰ কথা। জ্যোতি লোহাৰ নামৰ গোলাঘাট জিলাৰ এজন অসমীয়া যুৱকে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰি পিচত আত্মসমৰ্পন কৰি মূল সুতিলৈ ঘুৰি আহি ব্যৱসায় বানিজ্যত মনোনিবেশ কৰিছিল। কিন্তু হঠাৎ তেওঁৰ জীৱনলৈ নামি আহিল কাল অমানিশা। এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিৰ চৰকাৰী দেহৰক্ষী হিচাপে কৰ্মৰত কেইজনমান অসমীয়া আৰক্ষীয়ে এছ পিক লগাই দিলে যে আলফাত কৰ্মৰত হৈ থকা কালত ছালফা জ্যোতি লোহাৰে আলফাৰ কোটি কোটি টকা আত্মসাৎ কৰি ক'ৰবাত লুকুৱাই ৰাখিছে। তাক ধৰি আনি ভালদৰে সোধা পোচা কৰিলে টকাবোৰ কত ৰাখিছে কয় দিব। দেহৰক্ষীৰ পৰা সেই তথ্য আৰু সংবাদ পাই এছ পি ৰাঘৱেন্দ্ৰ অৱস্থি লগে লগে একচনত নামিল। উদ্দেশ্য যেনে তেনে সেই টকা হস্তগত কৰা। খবৰ পোৱাৰ সন্ধিয়াই এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে সেই সময়ৰ দেৰগাঁও থানাৰ অচি নুৰুল হুছেইনক ছালফা জ্যোতি লোহাৰক ধৰি আনিবলৈ নিৰ্দেশ দিয়ে। জ্যোতি লোহাৰক ধৰি অনা অভিযান সফল কৰিবলৈ সেই সময়ৰ গোলাঘাট জিলাৰ টাউন দাৰোগা দেবেন বৰাক এছ পিৰ দেহৰক্ষী আৰু গাড়ীখন দি দেৰগাঁৱলৈ পঠোৱা হয়। তাৰপিছত দেৰগাঁও থানাৰ অচি আৰু এছ পিয়ে পঠোৱা আৰক্ষীৰ দলে প্ৰেমিকাৰ ঘৰত আড্ডা দি থকা অৱস্থাৰ পৰা জ্যোতি লোহাৰক ধৰি আনি গোলাঘাট চহৰৰ নাতি দূৰত নিজানত অৱস্থিত সেই সময়ৰ গোলাঘাটৰ ভুত বাংলা হিচাপে পৰিগণিত এখন পৰিত্যক্ত ঘৰলৈ লৈ আহে।

লুকুৱাই ৰখা টকাৰ সন্ধানত তথ্য বাহিৰ কৰাৰ বাবে এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিৰ নিৰ্দেশত ছালফা জ্যোতি লোহাৰৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল। পুলিচ লগাই সেই ভুত বাংলাৰ আশে পাশে সাধাৰণ মানুহৰ প্ৰৱেশ নিষেধ কৰা হৈছিল।
তেনেদৰে কেইবাদিনো একেৰাহে চলোৱা পাশৱিক নিৰ্যাতনৰ বলী হৈ আৰক্ষী জিম্মাতে ছালফা জ্যোতি লোহাৰৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শী দুই এজনে কোৱা অনুসৰি এছ পি ৰাঘৱেন্দ্ৰ অৱস্থিয়ে লাঠিৰে কোবাই কোবাই জ্যোতি লোহাৰৰ হাত ভৰি ভাঙি দিছিল।

তেনে পাশৱিক নিৰ্যাতনৰ বলী হৈ মৃত্যু হোৱা জ্যোতি লোহাৰৰ মৃত দেহ তদানীন্তন এছ পিৰ দেহৰক্ষী আৰু ড্ৰাইভাৰে দেহত শিল বান্ধি গোলাঘাট জিলাৰ কালিয়নি নদীত পেলায় থৈ আহে। ইফালে পুলিচে আটক কৰি লৈ যোৱাৰ পিছত প্ৰেমিক সন্ধানহীন হৈ থকাত প্ৰেমিকাই প্ৰেমিকৰ অনুসন্ধান আৰম্ভ কৰে। প্ৰেমিকৰ বিষয়ে পুলিচক সুধি একো সদুত্তৰ নোপোৱাত প্ৰেমিকাই গোলাঘাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও গোলাঘাট সদৰ থানাৰ সেই সময়ৰ অচি চিত্ৰ গগৈয়ে সেই এজাহাৰ গ্ৰহণ নকৰিলে আৰু ঘটনাৰ কোনো আইনী প্ৰক্ৰিয়া আৰম্ভ নকৰিলে। উপায়ন্তৰ হৈ প্ৰেমিকাই গুৱাহাটীৰ চি আই ডিত এজাহাৰ দাখিল কৰে। চি আই ডিয়ে ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে কৰি আই পি এছ, এছ পি ৰাঘৱেন্দ্ৰ অৱস্থি, দাৰোগা দেবেন বৰা আৰু গোলাঘাট সদৰ থানাৰ অচি চিত্ৰ গগৈ সহ এছ পিৰ দেহৰক্ষী আৰু গাড়ী ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। তদানীন্তন দেৰগাঁও থানাৰ অচি নুৰুল হুছেইনে এছ পিয়ে পঠোৱা আৰক্ষীৰ দলে জ্যোতি লোহাৰক আটক কৰি লৈ যোৱাৰ কথা থানাৰ দৈনিক পঞ্জী বা জেনেৰেল ডায়েৰীত বিধি অনুসৰি লিপিবদ্ধ কৰি নিজৰ কৰ্তব্য পালন কৰা কাৰণে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

ছালফা জ্যোতি লোহাৰৰ হত্যাকাণ্ডৰ বিচাৰ আদালতত কেইবাবছৰো চলিল। বিচাৰ নিম্ন কৰ্টৰ পৰা গৈ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় পালে। কিন্তু ভুক্তভোগীয়ে ন্যায় নাপালে।

টোকাঃ সেই সময়ত প্ৰকাশিত বাতৰিৰ ধাৰাবাহিক বাতৰি মনত পেলায় লিখিছোঁ। ঘটনাৰ চন তাৰিখ আৰু কিছু তথ্য বিসংগতি হ'ব পাৰে। 

মানুহে ভাবে- বিষয়া যিমান ডাঙৰ সিমানেই বহুত জনা বুজা আৰু সংবেদনশীল মানুহ। গতিকে তেওঁলোকে যি কৰে, যি কয় সকলো শুদ্ধ, সকলো ভাল। কিন্তু IAS বা IPS এজনো মানৱীয় গুণবিহীন চৰিত্ৰৰ হ'বও পাৰে। 

1 comment:

  1. অকল আইপিএছ বিষয়া ৰাঘৱেন্দ্ৰ অৱস্থিয়েই নহয় বৰং আইএএছ, আইপিএছ,আইএফেছ, এচিএছ ৰেংকৰ প্ৰায় ভাগ উচ্চপদস্থ চৰকাৰী প্ৰশাসনিক বিষয়াই কম-বেছি পৰিমাণে দুৰ্নীতিগ্ৰস্ত । নীতি-আদৰ্শহীন ৰাজনৈতিক নেতা-মন্ত্ৰীৰে লগ লাগি সিবিলাকে সাধাৰণ জনতাৰ বাবে দুৰ্নীতিৰ চক্ৰবেহু ৰচনা কৰে । তেওঁলোকৰ সৰহভাগ ভাল হোৱা হ'লে আমাৰ দেশ কেতিয়াবাই বিশ্বৰ প্ৰথম শাৰীৰ উন্নত দেশ হ'লেহেঁ‌তেন । দৰাচলতে আমাৰ দেশৰ নৈতিক মূল্যবোধ নথকা তথাকথিত উচ্চশিক্ষিত আৰু মেধাৱী লোকসকলেই সমাজৰ সমস্ত দুৰ্নীতিৰ গুৰিয়াল । সেইটোৱেই হ'ল আমাৰ দেশ আৰু জাতিৰো আটাইতকৈ ডাঙৰ ট্ৰেজেডি !

    ReplyDelete