Tuesday, 15 February 2022

পাইত জীয়ৰী ৰহিলা আৰু ৰহিলা বিহু নাম

পাইত অ'মে ৰইলা ওৰফে অইলা
------------------------------------------------

পাহাৰত আদী মানুহবোৰৰ উৎপাত দেখি মিচিং সমাজৰ লাপুক লাপাং নামৰ এটা পাইত পৰিয়াল পাহাৰ এৰি ভৈয়ামলৈ নামি আহিছিল। পাহাৰৰ পৰা নামিয়েই পৰিয়ালটিয়ে জন্ম দিলে এজনী ছোৱালীৰ। ছোৱালী জনীৰ নাম ৰাখিলে অইলা। মিছিং অইলা শব্দৰ অৰ্থ ওপৰৰ পৰা তললৈ নামি অহা। পাহাৰৰ পৰা নামিয়েই জন্ম হোৱা কাৰণে নতুনকৈ জন্ম হোৱা ছোৱালীজনীৰ নাম ৰখা হৈছিল অইলা। ভৈয়ামলৈ নামি পাইত পৰিয়ালটিয়ে অ’ত এসপ্তাহ, ত’ত এবছৰ এনেদৰে নদীৰে আহি আছিল। এনেদৰে থকা ঠাই বিচাৰি ঘুৰি ফুৰোঁতে পাইত বংশৰ মানুহজনে এটা সপোন দেখিলে। সপোনত কোনোবা এজনে দেখা দি ক'লে যে আৰু আগলৈ যাব নেলাগে যতে আছে তাতে থাকিব লাগে। সেইকাৰণে বেছি দূৰ আৰু আগবঢ়াৰ ইচ্ছা নকৰি যত আছিল তাতে স্থায়ীকৈ থকাৰ কথা চিন্তা কৰিলে। সপোনৰ কথা মানুহজনে নিজৰ পত্নীক কোৱাত পত্নী জনীয়ে নাৱৰ পৰা নামি নদীৰ পূব দিশত পৰিয়ালটো উঠা ভাল বুলি গিৰিয়েকক ক'লে। ঘৈণীয়েকৰ কথামতে নদীৰ ঠেক ঠাই নিৰ্বাচন কৰি পৰিয়ালটি নদীৰ পূব পাৰত উঠি বহিল। বহা ঠাইৰ সিপাৰত আৰু এটা সুঁতি আছিল। সেই সুঁতিটো পাৰাপাৰ কৰিবলৈ দীঘল ৰচি এডাল ওপৰেদি টানি থাকোতে ঘৈনীয়েকে পুনৰ আৰু এটি পুত্র সন্তান জন্ম দিলে। সেই সৰু জান বা সুতিটোত ৰচী দনকং কৰি থাকোতে জন্ম হোৱা কাৰণে নতুন কেঁচুৱাটোৰ নাম থ'লে দনকং। মুখ বাগৰি পিছলৈ দনকং নামটো দংকং হয়। 
সময় বাগৰিল। অইলা এদিন ৰূপে গুণে বুদ্ধিমতী গাভৰু হ'ল। ভায়েক দংকঙো ডেকা হৈ আহিল। পাইত পৰিয়ালটি তাতে ঘৰ বাৰী পাতি থকা দেখি পিচত আন মিচিং মানুহো আহি তাতে ঘৰ বাৰী কৰিবলৈ ল'লে। এদিন ফৰকাল জোনাক নিশা-অইলাই নদীৰ পাৰত গা-ধুই থাকোতে এদল মিপাগে মিচিং ডেকা লৰা এজন ধৰি লৈ নাৱেদি হৈ ভটিয়াই আহি আছিল। মিপাগৰ হাতত বন্দী হৈ থকা মিচিং ডেকাজনে অইলাক দেখি এফাঁকি ঐনিতম জুৰিলে-

"Uiyéne taniyén Kangkanné ko:nenga no 

Mipagé Sogabla moke:kolo bomdakku 
Motumé biyenei no." 

ঐনিতমৰ অৰ্থ বুজি পায় বুদ্ধিমতী অইলাই নিতমেৰে মিচিং ডেকাটিক উত্তৰ দিলে-

Gíang Kítok Kowénga oko ngasod angka:né Noluk ngasod Lékordém Kordumsula Kangkipe. 

অইলাৰ উত্তৰ শুনি বন্দী হৈ থকা মিচিং ডেকা জনে মিপাক সকলক বুজালে যে, কোনোবাই ছোৱালীজনীক নদীৰ পাৰত এৰি থৈ গৈছে। তাইও সিহঁতৰ লগত যাব বিচাৰিছে। ধুনীয়া মিচিং ছোৱালী দেখি মিপাগবোৰৰ লোভ লাগিল। লগে লগে পাৰত নাওঁ চপোৱাৰ আদেশ দিলে। কথামতে কাম। নাওঁ ওচৰ চাপি আহোতে অইলাই নিজৰ ভাষাত মিচিং ডেকাজনক সকলো বুদ্ধি শিকালে। মিপাগ সকলে মিচিং কথা বুজি নোপোৱাত বন্দী হৈ থকা মিচিং ডেকাজনে ভাঙনি কৰি সকলো কথা নিজৰ সুবিধা হোৱাকৈ বুজায় দিলে । ছোৱালীজনী চন্দ্ৰ দেৱতাৰ ছোৱালী বুলি বুজাই দিলে । বহুদিন ধৰি পৃথিৱীত গা-ধোৱাৰ ইচ্ছাৰে দেউতাকক লগত লৈ গা ধুবলৈ আহিছে বুলি মিছাকৈ নদীৰ পানীত পৰি থকা জোনাক বা চন্দ্ৰৰ প্ৰতিবিম্বলৈ দেখুৱালে। মিপাগসকলে আচৰিত হৈ দেখিলে যে সঁচাকৈ পানীৰ তলত পূর্ণ জোনাক। অতদিন পানীত খেলি থকা পিছতো সিহঁতে এই প্রতিবিম্ব মন কৰা নাছিল। অইলাই মিপাগসকলক ক'লে - আপোনালোক নাৱৰ পৰা নামি বামলৈ উঠি আহক। মই আকৌ এবাৰ ডুব মাৰি পিতৃদেৱতাক গুচি যাবলৈ কম আৰু উঠি আহি আপোনালোকৰ লগত থাকিম। মই মর্ত্য্যৰ মহিমাত মোহিত। অইলাৰ ছলাহী কথাত মোহিত মিপাগসকল নাও এৰি বামলৈ উঠি আহিল আৰু মিচিংসকল নাঁৱত থাকিল। অইলাই নদীৰ পানীত ডুব মাৰি ভটিয়াই গৈ পাৰত উঠি ঘৰ পালে। নাঁৱত থকা মিচিং ডেকাসকলে নাঁও উজাই নিলে। হাতত তৰোৱাল লৈ থকা মিপাগসকলে ঘটনাৰ একো পাত্তা নেপায় ভেবা লাগি চাই থাকিল। 

বন্দী মিচিং সকল পলাই যোৱাত মিপাগ সকলৰ বহুত খং উঠিল। ইফাল-সিফাল চাই ঘাটলৈ অহা-যোৱা কৰা বাটেদি মিপাগ সকল অইলাহঁতৰ গাঁৱত সোমাল। সোমায়েই নানান উপদ্রব আৰম্ভ কৰিলে। আচিনাকী মানুহ। মি—মানুহ+লুপাক— ঘৃণা কৰা বা অচিনাকী মিপাক। অইলাৰ ভায়েক দংকঙে ধেনু কাঁড়েৰে মিপাগ সকলৰ লগত যুদ্ধ কৰিলে। বহুত মিপাগ মৰিল আৰু কিছুমানক বন্দী কৰিলে। বন্দী হোৱা মিপাগ সকলৰ হাত ভৰি বান্ধি ভূৰ এখন সাজি নৈত উটুৱাই দিলে। 

তাৰ কেইবছৰমান পিছত মিপাগ সকলে অইলাহঁতৰ গাঁৱত হঠাৎ আক্রমণ কৰিলে। যুদ্ধত অইলাৰ ভায়েক দংকং হাৰিল। মিপাগ সকলে ভায়েক দংকঙৰ সৈতে অইলাকো ধৰি নিলে।  দংকঙক থলে বন্দীশালত‌ থৈ অইলাক ৰজাৰ ৰাজসভালৈ লৈ গ'ল। মিপাগ ৰজাই সেই সময়ত অসমৰ চুকে কোণে থকা মিছিং সকলৰ লগত সম্পর্ক স্থাপনৰ কথা চিন্তা কৰি আছিল । সেইকাৰণে দংকঙক বিশেষ শাস্তি নিদি মিৰিত মিল, তিৰিত কিল নীতি বুলি মিপাগ ৰজাই এনেই সাধাৰণ ভাৱে বন্দী কৰি ৰাখিছিল। দংকঙক একো অসুবিধা পাব নিদিয়াকৈ থৈছিল সুন্দৰ ঘৰ এটাত ৰখীয়া হিচাপে পালি পহৰীয়া নিয়োগ কৰি আৰামত থাকিব দিয়া হৈছিল। অইলাকো ৰাণী দৰে সোণ ৰূপেৰে সাজি কাচি ৰখা হৈছিল। অইলা নামটো উচ্চাৰণ কৰিব নেজানি মিপাগ ৰজাই মৰমতে ৰহিলা বুলি মাতিবলৈ লৈছিল। ৰজাই মৰম কৰিলেও অইলা ওৰফে ৰহিলাই সিহঁতক বন্দী কৰি অনাৰ বেজাৰত ৰজাক মূৰ তুলিও নাচাই মুখত বহুদিন নোখোৱা নেমেলাকৈ আছিল।দংকঙেও মিপাগৰ হাতত বন্দী হব লগা হোৱা কাৰণে মনৰ দোষত তেনেদৰেই দুখ বেজাৰ কৰি আছিল আৰু খোৱা বোৱা বাদ দিছিল। 

এদিন ৰজাৰ অনুমতি লৈ অইলাই ভায়েক দংকঙক লগ কৰাৰ সুবিধা পালে আৰু মিপাগ সকলৰ আগতেই মিচিং ভাষাত তাৰ পৰা কেনেকৈ ঘৰলৈ ঘুৰি যাব পাৰি তাৰ বুদ্ধি আলোচনা কৰিলে। দুয়ো মিলি সিদ্ধান্ত ল'লে মিপাগ ৰজাৰ লগত ভাল হৈ থাকি দুয়ো এদিন সুবিধা চাই পলাই গুছি আহিব।

 সেই দিনাৰ পৰা অইলাই মিপাগ ৰজাৰ লগত ভাল দৰে হাঁহি মাতি কথা পাতিব ল'লে। কিন্তু ৰজাক ক'লে মই দঞি পঃলৰ সন্তান । সেইকাৰণে কোনো দিন মিপাগ জাতিৰ লগত বিয়া হ'ব নোৱাৰিম। অইলাৰ কথা শুনি জোৰ কৰি বিয়া নাপাতি মিপাগ ৰজাই অইলাৰ অন্তৰ প্ৰথমে জয় কৰাৰ সিদ্ধান্ত ল'লে।

 ৰজাই অইলাৰ পৰা ধন, সোণ, টকা-পইচা খুজি ধেমালি কৰে। প্ৰকৃত ৰাণীক এৰি ৰজাই অস্ত্ৰ ল'ব লগা হ'লেও অইলাৰ পৰাহে খোজে। ৰহিলাই আনি দিয়ে। তেতিয়া ৰহিলাক সম্বোধি ভালৰি বোলাবৰ বাবে ৰজাই এনেদৰে গায়- 

ৰহিলা ও ধনৰে গৰাকী 
ৰহিলা কিমান ধন আনিলে???

 এই গীত ৰজাৰ ঘৰৰ পৰা ইটো সিটো কাণ বাগৰি  পথাৰৰ গৰখীয়াৰ মুখ পালে। গৰখীয়া সকলে আলচ কৰিলে। ৰজাই নতুন ৰাণীৰ নাম গাইছে। উলাহতে গৰখীয়া সকলেও গাব ধৰিলে— 

“ৰহিলা ঐ ধনৰে ধনন্তী, 
ৰহিলা ঐ কিমান ধন আনিছে।” 

এই দৰে ৰজাৰ ঘৰত সৃষ্টি হোৱা এই বিহু নাম লাহে লাহে গৰখীয়াৰ মুখেদি চৰণীয়া পথাৰৰ পৰা বিহুতলী পালেগৈ।। 

মিপাগ ৰজাই ভাবিছিল ৰহিলাক বিয়া পাতি মিচিং সকলৰ লগত মিতিৰ পাতিম। কিন্তু ৰহিলা চিন্তা আছিল ৰজাক ভূলাই ভায়েকৰ সৈতে মিচিং গাঁৱলৈ উভতি যোৱাৰ। এদিন ৰহিলাই ৰজাক ক'লে— মহাৰাজ, যেতিয়ালৈকে আপুনি মোক মোৰ মা দেউতাৰ মুখ চাবলৈ নিদিয়ে আৰু দংকঙক উভতায় নপঠায় তেতিয়ালৈকে মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম। যদি আপুনি মোৰ কথা মতে কাম কৰে তেতিয়া মই আপোনাৰ লগত বিয়া হম নহ'লে আত্মহত্যা কৰিম।

ৰজাই অইলাক সন্তুষ্ট কৰিবলৈ তাইৰ কথা মতেই কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে। তেতিয়া অইলাই ৰজাক ক'লে- মিগম, আপুনি মোৰ ভাইৰ লগত আপোনাৰ চাউদাং পঠাই দি দেউতাক খবৰ দিয়ক যে মই আপোনাৰ লগত বিয়া হৈছো । বিয়াৰ পাছত দঞি পঃলৰ সন্তানে দুকতাদ আৰু শৰাই ভঙা নিয়ম কৰে। সেইকাৰণে বিয়াৰ পাছত দুকতাদ আৰু শৰাই ভঙা নিয়ম কৰিবলৈ‌ দেউতালৈ খবৰ পঠাব লাগে।। আমি দঞি পঃলৰ সন্তান। জন্মদাতা পিতৃ-মাতৃৰ ইচ্ছাৰ বাহিৰত দঞি পঃলৰ সন্তানে মৰিলেও কোনো কাম নকৰে। ৰজাই ৰহিলাৰ কথা উচিত যেন ভাবি দংকঙৰ লগত চাউদাঙৰ সতে দূত পঠিয়ালে।

ঘৰ পায় দংকঙে মাক-দেউতাকক অইলাৰ পৰিকল্পনাৰ কথা জনালে আৰু লগত অহা মিপাগ সকলৰ লগত কোনো খং ৰাগ নেদেখুৱাকৈ বিয়াত ৰজালৈ যৌতুক হিচাপে ১০টা হাতী, ২০ টা ঘোঁৰা, ৫০ টা গৰু, মহ আৰু ছাগলী ১০০ টা যোগাৰ কৰি নৈৰ পাৰত বান্ধি ৰখা হ'ব বুলি জনালে। ৰজাই আজি সেই দিনাৰ পৰা একুৰি ৰাতি যোৱাৰ প্ৰথম পুৱা বেলা আহি সম্পত্তিসহ অইলাৰ মা-দেউতাৰ আশীৰ্বাদ লৈ যৌতুকৰ বস্তুবোৰ লৈ যাব লাগে বুলি দূতক খবৰ দিবলৈ কয় পঠালে।

সেই খবৰ পাই ৰজাই বহুত ভাল পালে।  দংকঙে হাতী, ঘোঁৰা, গৰু-মহ সকলো নদীৰ পাৰত বান্ধি ৰাখিলে। তাৰে পাঁচটা হাতী ভাল মাউত লগাই সকলো কামত অহাকৈ শিকাই থলে। কোনো কাৰণতে ৰজাৰো অনিষ্ট নকৰাকৈ ৰজাৰ হাতৰ পৰা ৰহিলাক উদ্ধাৰ কৰিব লাগে আৰু ৰজাক নৈৰ পৰা পাৰত উঠাৰ সুবিধা দিব নালাগে। সকলো হাতীয়ে পানীত নামি ৰজাৰ নাওঁ মেলি আঁতৰাই পঠিয়াব। 

কথা মতেই একুৰি ৰাতি যোৱাৰ পিছত ৰজাই লগত কেইজনমান মানুহ লৈ লগতে ৰহিলাকো লগত ৰহিলাহঁতৰ গাঁৱলৈ গ'ল। ৰজাৰ নাও ৰহিলাহঁতৰ নদীৰ ঘাট পোৱাৰ লগে লগে মাউতৰ নিৰ্দেশত এটা দঁতাল হাতীয়ে ৰহিলাক শুৰেৰে মেৰিয়াই সাৱতি পাৰত তুলি ল'লে। আন হাতীবোৰে ৰজাৰ নাওঁ ঠেলি আঁতৰাই পঠিয়ালে। হাতীয়ে ৰজাৰ নাও ঘাটত চপাবলৈকে নিদিলে। উপায় নাপায় ৰজাই অইলাক এৰি দুখ মনেৰে নিজৰ দেশলৈ ঘুৰি গ'ল। নদীৰ যি পাৰত দংকঙে হাতী, ঘোঁৰা বান্ধিছিল সেই ঠাই এতিয়াও অকলেন নামে পৰিচিত হৈ আছে। 
(মিচিং ভাষাত অকলেন বায়ুদলেন মানে- নদীৰ পাৰৰ পৰা নাও দূৰলৈ ঠেলি পঠোৱা) 

অইলাই মিপাগ ৰজাৰ ঘৰৰ পৰা পিন্ধি অহা-বহুতো সোণ ৰূপৰ অলংকাৰ দংকঙৰ নাতি-পৰিনাতিসকলে বহুদিনলৈ সংৰক্ষিত কৰি ৰখা হৈছিল বুলি জনা যায়।

ৰজা ঘুৰি যোৱাৰ পিছত মিপাগ ৰজাই প্ৰতিশোধ ল'ব বুলি দংকং চিন্তিত হ'ল। সেই সময়ত শদিয়াৰ পৰা ভৰলীলৈকে দক্ষিণ পাৰত মিপাগ ৰজাৰ উৎপাত বেছি আছিল। সেই কাৰণে মিপাগে আক্ৰমণ কৰিব নোৱাৰাকৈ নিজৰ দেশ সুৰক্ষিত কৰিব বিচাৰিলে। দংকঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ডিবুৰু নৈ আৰু ব্ৰহ্মপুত্ৰ মাজত অৱস্থিত প্রায় ৫-৬ কি.মি. বৃহৎ আকাৰৰ দ্বীপ বা চাপৰি এটাত দক্ষিণৰ পৰা উত্তৰলৈ পদূলি বা গড় নির্মাণ কৰি গড়ৰ চাৰিও ফালে দীঘল দীঘল কাঠ হাতীৰে টানি শত্ৰু আহিব নোৱাৰাকৈ জেউৰাৰ দৰে বান্ধি দুৰ্গ নিৰ্মাণ কৰিলে। ডিবুৰু নদীৰ পাৰত দংকঙে গড় নিৰ্মাণ কৰা বাবে ডিবুৰুগড় অর্থাৎ ডিব্ৰুগড় নাম হ’ল বুলি জনশ্ৰুতিয়ে কয়। দংকঙে নিৰ্মাণ কৰা সেই গড়ৰ দুৰ্গ জেউৰা নামেৰে বিখ্যাত হৈ আহিল। তেওঁৰ পিচৰ সন্তান আৰু নাতি নাতিনী সকলো জেওৰা পাইত নামেৰে জনাজাত হ'ল।

টোকাঃ ১) মিচিং সকলৰ মাজতো এসময়ত ৰইলা নিতম জনপ্ৰিয় আছিল।
২) মিপাগ ৰজা- আহোম ৰজা

৩) প্ৰসংগঃ ৰহিলা বিহু নাম-বিহুত গোৱাৰ বাবে বিহু নামে প্রচলিত হ’ল। (শ্রুতকাল ১৯৮২ ধেমাজি মিলন চিৰিং শিক্ষক ধেমাজি Govt. Boys Higher Second ary School হৈছে মিৰি জীয়ৰি ৰহিলা) বৰ্তমান অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বিহুত এই ৰহিলা নামেৰে ৰজন-জনায়। কিন্তু ৰহিলা শব্দ উৎপত্তিৰ ঘটনা বা পৰিঘটনা বুৰঞ্জী নিমাত।


No comments:

Post a Comment