ৰাছিয়াৰ পুৰণি নাম উত্তৰাকুৰু। তাত কুৰু বংশৰ ৰাজত্ব আছিল। কুৰু বংশৰ ৰাজত্ব ভাৰতবৰ্ষতো আছিল। কৌৰৱ আৰু পাণ্ডৱ সেই কুৰু বংশৰেই আছিল। এই কুৰুবংশক পূৰ্বতে পুৰুবংশ আৰু তাৰ পুর্বে চন্দ্ৰবংশ বুলি জনা গৈছিল। পুৰাণৰ তথ্য মতে-
ব্ৰহ্মা-> অত্রি-> চন্দ্ৰ-> বুধ-> পুৰাৰাভা-> আয়ু-> নাহুচা-> য়য়াটি-> পুৰু-> পুৰুৰ পিছৰ 25 টা বংশৰ পিছত-> কুৰু-> কুৰুৰ পিছৰ 15 টা বংশৰ পিছত-> কৌৰৱ আৰু পাণ্ডৱ।
এয়া কেৱল কৌৰৱ আৰু পাণ্ডৱৰ Lineage টোহে। এই চন্দ্ৰবংশী ৰজা বোৰৰ আন আন পুত্ৰবোৰৰ বংশধৰ বোৰে উত্তৰাকুৰুত ৰাজত্ব কৰিছিল। এছিয়া মহাদেশৰ বৈদিক নাম জম্বুদ্বীপ। জম্বুদ্বীপৰ একেবাৰে উত্তৰত আছে উত্তৰাকুৰু অৰ্থাৎ বৰ্তমানৰ Russia, China, Mongolia, Kazakhstan, Kyrgyzstan ৰ এলেকা। পূৰ্বতে কুবেৰে এই উত্তৰাকুৰুত ৰাজত্ব কৰিছিল। এতিয়াও Russia ৰ ওচৰৰ Georgia ত Kubera Cave আছে। ৰজা পুৰাৰাভা আৰু স্বৰ্গৰ অপ্সৰা উৰ্বশীৰ ঘটনা এই উত্তৰাকুৰুতেই ঘটিছিল। পুৰাৰাভা আৰু উৰ্বশীয়ে উত্তৰাকুৰুত বাস কৰিছিল। পিছত উৰ্বশীয়ে পুৰাৰাভাক এৰি স্বৰ্গলৈ ঘূৰি গৈছিল।
এই পুৰাৰাভা (Human) আৰু উৰ্বশীৰ (Angel) 6 জন পুত্ৰ আছিল। তাৰে এজন পুত্ৰ "আয়ু"। এই আয়ুৰ পিছৰ 28 টা বংশৰ পিছত "কুৰু"ৰ জন্ম হয়। সেই কুৰুৰ নামতেই কুৰুবংশৰ আৰম্ভণি হয়। কুৰুবংশৰ লোকে এছিয়া মহাদেশৰ Russia ৰ পৰা ভাৰতলৈ ৰাজত্ব কৰিছিল। কুৰুৰ পিছৰ 15 টা প্ৰজন্মৰ পিছত কৌৰৱ আৰু পাণ্ডৱৰ ৰাজত্ব চলিল। গতিকে উত্তৰাকুৰুৰ সৈতে ভাৰতবৰ্ষৰ পাৰিবাৰিক সম্পৰ্ক অতীতৰে পৰাই আছে। দ্বাৰকা ডুবি যোৱাৰ পিছত কৃষ্ণৰ পুতেক প্ৰদ্যুম্নই একাংশ যদু বংশৰ লোকৰ সৈতে উত্তৰাকুৰুলৈ গৈছিল। তাতে নগৰ নিৰ্মাণ কৰিছিল।
মহাভাৰতত যুধিষ্ঠিৰে পতা ৰাজসূয় যজ্ঞ/অশ্বমেধ যজ্ঞৰ কথা উল্লেখ আছে। এই যজ্ঞত ঘোঁৰা এৰি দিয়া হয়। ঘোঁৰাটো যিবোৰ ৰাজ্য বা দেশৰ মাজেৰে যায় তাৰে বেছিভাগেই যুধিষ্ঠিৰৰ সৈতে মিত্ৰতাপূৰ্ণ সম্পর্কেৰে শৰণাপন্ন হৈছিল। যিবোৰে ঘোঁৰা বান্ধি ৰাখি যুধিষ্ঠিৰক প্ৰত্যহ্বান জনাইছিল, সিহঁতৰ সৈতে অৰ্জুনে যুদ্ধ কৰিছিল। অৰ্জুনে এনেদৰে পাঞ্জাব, পাকিস্তান, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, প্ৰাগজ্যোতিষপুৰ, নাগালেণ্ড, মণিপুৰ, তিব্বত, হিমালয়, চীন, মঙ্গোলিয়া, কাজাখস্তান, কিৰগীজস্থান, ৰাছিয়া আদি পৰ্যন্ত দখল কৰে। মণিপুৰ, নাগালেণ্ডত অৰ্জুনে নিজৰ পত্নী-পুত্ৰ আৰু কিৰগীজস্থান, কাজাখস্তান, ৰাছিয়া আদিত কুৰুবংশৰ লোকসকলক লগ পাইছিল।
গতিকে ৰাছিয়াৰ মানুহবোৰ কুৰুবংশীয়/পুৰুবংশীয়/ চন্দ্ৰবংশীয়। ইউক্ৰেনে মোদীক আগবাঢ়ি আহি ৰাছিয়াক বুজাই যুদ্ধ ৰখাবলৈ আহ্বান কৰাৰ কাৰণ এইটোৱেই। কাৰণ ৰাছিয়া আৰু ভাৰতৰ মানুহৰ পূৰ্বজ একেই। সম্পৰ্কত মোদী দূৰ সম্পৰ্কীয় ককায়েকৰ দৰে। আমেৰিকাৰ কথা ৰাছিয়াই শুনক বা নুশুনক, কিন্তু কুৰুবংশৰ ৰাজত্ব থকা, ভাৰতবৰ্ষৰ প্রধানমন্ত্ৰীয়ে বুজালে পুটিনে বুজিবও পাৰে। সেইবাবেই ইউক্ৰেনৰ শেষ ভৰসা মোদী।
No comments:
Post a Comment