লেখকঃ অপৰূপা বৰঠাকুৰ
চেন্নাইৰ সমুদ্ৰৰ পাৰত এজন সদাশয় পুৰুষে ধূতি কূৰ্তা পৰিধান কৰি গীতা পঢ়ি আছিল। তেনেতে এজন যুৱক আহিল। মানুহজনে সমুদ্ৰ তীৰত তেনেকৈ বহি গীতা পঢ়ি থকা দেখি যুৱকজন আচৰিত হৈ ক'লে "এতিয়া বিজ্ঞানৰ যুগ...পৃথিৱীৰ মানুহ চন্দ্ৰ পাইছেগৈ আৰু আপোনালোকৰ দৰে মানুহবোৰে এতিয়াও গীতা, ৰামায়ন, মহাভাৰত লৈ ব্যস্ত আছে!!!"
তেতিয়া সেই সদাশয় ব্যক্তিজন উঠিল আৰু যুৱকজনক সুধিলে " তুমি গীতাৰ বিষয়ে কি জানা? "
যুৱক প্ৰচণ্ড অভিমানেৰে উত্তৰ দিলে " কি ফাল্টু কথা কয় হে...মই এজন বৈজ্ঞানিক ।মই বিক্ৰম চাৰাভাই ইনষ্টিটিউটত মাষ্টাৰচ কৰি আছো। গীতা আমাৰ বাবে ফাল্টু বস্তু"
সদায় ব্যক্তিজনে ঈষৎ হাঁহি মাৰিলে। তেনে সময়তে দুখন ডাঙৰ গাড়ী আহি সেই ঠাইত পালেহি। এখনৰ পৰা কিছুমান ব্লেককেট নামি আহিল আৰু আনখনৰ পৰা কিছুমান সৈনিক নামি গাড়ীখনৰ দূৱাৰ খুলি দিলে। মানুহজন গৈ গাড়ীত বহিল ।হঠাৎ যুৱকজনৰ সম্বিত আহিল আৰু তেওঁ গাড়ীখনৰ কাষলৈ গৈ মানুহজনক সুধিলে " চাৰ আপুনি কোন? "
তেতিয়া মানুহজনে উত্তৰ দিলে "তুমি যি বিক্ৰম চাৰাভাই ৰিচাৰ্চ ইনষ্টিটিউটত পঢ়ি আছা সেই বিক্ৰম চাৰাভাই মইয়েই"
যুৱকজনৰ শৰীৰেদি যেন ৪৪০ ভল্টৰ কাৰেণ্ট পাৰ হৈ গ'ল....
গীতাৰ অনেক মহত্ত্ব আছে। এই গীতা পঢ়িয়েই ডক্টৰ আব্দুল কালামে মাংস খোৱা ত্যাগ কৰিছিল। গীতা এক ডাঙৰ বিজ্ঞান। হিন্দু ধৰ্মৰ মুল গ্ৰন্থসমূহৰ ভিতৰৰ এই গীতাক লৈ গৰ্ব কৰক....।
No comments:
Post a Comment