মুখ পুথিত বোকাখাতৰ কিছু ঠাই, মন্দিৰ, গাও আদিৰ বিষয়ে বন্ধু সকলক জনাই আছো। বোকাখাতৰ প্ৰয়াত বুৰঞ্জীবিদ দূৰ্গা হাজৰিকাৰ লেখাৰ পৰা সহায় লৈ.....
ৰজাবাৰীঃ বোকাখাতৰ পূবে ৰজাবাৰী এডোখৰ উল্লেখযোগ্য ঠাই। বৰ্তমান ধনশিৰিমুখ পল ক্লাবৰ ওচৰত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত সেনাৰ কোঠ আছিল। মিৰজুমলাৰ অসম আক্রমণৰ সময়ত এই কোঠৰ সেনাই আগভাগ লৈছিল। তেতিয়াৰ পৰা ঠাই ডোখৰক ৰজাবাহাৰ বুলি কৈছিল। মানুহৰ মুখ বাগৰি ৰজাবাৰী হয়। তেতিয়াৰ দিনৰ এটা পুখুৰী, বাৰী আদিৰ চিন্তা আছে।.....
বাবাথানঃ নুমলীগডৰ পৰা ডিমাপুৰ দিশত যোৱা পথ ৩৯নং ৰাষ্ট্ৰীয় পথৰ বাওকাষে আছে। দেওপাহাৰৰ ওপৰত কছাৰী ৰজা দিনৰ মন্দিৰ আছিল। ভগ্ন প্ৰায় মন্দিৰ মেৰামতি কৰোতে আহোমৰ দিহিঙীয়া ৰজাই কছাৰী ৰজাৰ ৰাজধানী মৰহি দখল কৰাত আধৰুৱা হয়। আহোম ৰজাৰ দিনতে দেওপাহাৰৰ ভগ্ন প্ৰায় মন্দিৰৰ পৰা বিগ্রহ আনি বৰ্তমান ঠাইত সংস্থাপিত কৰা হয়। পাচলৈ বাবাথান নামেৰে প্ৰখ্যাত হয়। শিবৰাত্ৰিত বহু ভক্তৰ সমাগম হয়। প্ৰাক্তন বিধায়ক জীতেন গগৈৰ দ্বাৰা মন্দিৰ আধুনিক ভাবে সজাই তোলা হয়।..... খতিয়াখলিৰ
বুঢীগোসানীথানঃ শতাব্দী পুৰনি থানখন এটি সৰু মনিকুটৰ নিচিনা কাঠবাহৰ ঘৰ আছিল। বাহগছ,আম গছৰ মাজত জয়াল আছিল। দূৰ্গা পূজাত বলি হয়। মানুহৰ সমাগম হয়। থানখনৰ পূর্ব ৰ তুলনাত উন্নত হল। খতিয়াখলি থানৰ পৰবৰ্তী সময়ত ৰজাবাৰীত আন এখন থান হয়। ৰাষ্ট্ৰীয় পথৰ প্ৰবেশ পথতে ভক্তই সুন্দৰ তোৰন দিয়াত ৰজাবাৰীৰ সৌন্দর্য বৃদ্ধি পাইছে।
লখৌজানঃ বুৰন্জী প্ৰসিদ্ধ লখৌ। ৰজাবাৰীৰ ওচৰত। বৰ্তমান লখৌ জান। সপ্তদশ শতিকাত জয়ধ্বজ সিংহৰ আদেশত কছাৰী ৰজা বীৰদৰ্পনাৰায়নৰ কটাক্ষ ঘৰ দুৱাৰ সাজি দিয়া হৈছিল। ১৬৬২চনত মিৰজুমলাই গডগাৱ আক্রমণ কৰিব আহি ৩দিন ইয়াত বাহৰ পাতি আছিল। লখৌগডটো ৭মাইলমান হব। লখৌ জান দলঙৰ ওপৰেদি কিছু গৈ লখৌ জান বাগিচা যোৱা পথটো নাহৰজান, শিলভেটা হৈ কাৰ্বি আংলংৰ কাকচাঙৰ ওচৰত লাগিছে।
No comments:
Post a Comment