বংগদেশৰ বস্ত্ৰশিল্প
Textile Industry in Bengal
মচলিন এবিধ কপাহী কাপোৰ। বংগদেশত অৰ্থাৎ বর্তমানৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকা বা ডাক্কাৰ আশ পাশৰ অঞ্চলত পোন প্ৰথমে ইয়াৰ উৎপাদন আৰম্ভ হৈছিল। অতি উত্তম কপাহী কাপোৰৰ প্রসিদ্ধিৰে "ডাক্কায়া মচলিন"নামেৰে ই সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছিল। মচলিন কাপোৰৰ আটাইতকৈ মিহি বিধক "মলমল" বুলি কোৱা হৈছিল। বিদেশী ভ্ৰমণকাৰী সকলে মচলিন কাপোৰক "মলমল চাহী" বা "মলমল খাচ" বুলি কৈছিল। "মলমল চাহী" বা "মলমল খাচ"ৰ অৰ্থ হ'ল- ৰজা বা ৰাজ পৰিয়ালৰ মানুহে পিন্ধা কাপোৰ।
No comments:
Post a Comment