কৰণা কালৰ মানৱতাঃ কিছু ব্যক্তিগত সত্য কাহিনী
জয়ন্ত আকাশ বৰ্মণ
মানুহজনৰ বয়স চাগে' পঞ্চাছ বছৰমান হব। দুজন ল'ৰা, এজনী ছোৱালীৰে তেখেতৰ এখন সুখৰ সংসাৰ। গুৱাহাটীত অলপ মাটিও লৈছে। সৰুকৈ ঘৰ এটাও সঁজাইছে। ল'ৰা দুজন পঢ়ি আছে। ছোৱালীজনী অলপ সৰু।
মানুহজন ছটফটীয়া, আৰু সদায় পজিটিভ। এটা ট্ৰেভেল এজেন্সিৰ গাড়ী চলায়। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু, নদ-নদী, ৰাস্তা-ঘাট, প্ৰচলিত কিংবদন্তি-সকলো তেখেতৰ নখ দৰ্পনত। তেখেত আমাৰ অফিছৰ লগত প্ৰায় এটা দশক ধৰি জড়িত।
অফিছৰ বিভিন্ন কামত আমাক প্ৰায়েই গাড়ীৰ দৰকাৰ হয়। আৰু যেতিয়াই তুলনামূলকভাৱে বিপজ্জনক ৰাস্তা হয়, আমি তেখেতকৈ ফোন কৰোঁ। টাৱাং, ব'মডিলা চেক্টৰটোৰ বাবে তেখেত অপ্ৰতিদ্বন্দী। ট্ৰেভেল এজেন্সিৰ গাড়ী চলায়েই তেখেতে নিজাকৈ এখন ইন'ভা গাড়ীও লৈছে। ইফাল-সিফাল কৰিবলৈ স্কুটী এখনো আছে।
কালি তেখেতে ফোন কৰিলে। প্ৰথমতে মই ধৰিব পৰা নাছিলোঁ, তেখেতৰ নম্বৰৰ পৰা আনে ফোন কৰা বুলি ভাৱিছিলোঁ। সদা স্বচ্ছ, স্পষ্ট আৰু উজ্জ্বল কণ্ঠৰ মানুহগৰাকীৰ মাতটো ইমান সেমেকা, ইমান দুৰ্বল।
".... দাদা, কওক। কি খবৰ? বহুদিন দেখা হোৱা নাই।"-মই সুধিলোঁ।
তেখেতে প্ৰথম অলপ ইতস্ততঃ কৰিলে। কিবা যেন ক'ব খুজিও ক'ব পৰা নাই।
"দাদা, কি হ'ল? কিবা প্ৰ'ব্লেম নেকি?"
"নাই। মানে বহুত ভাৱি, অৱশেষত নোৱাৰিহে আপোনাক ফোন কৰিছোঁ।
বুজিছেনে, মোৰ অৱস্থা এক্কেবাৰেই বেয়া। খাবলৈ ঘৰত একোৱেই নোহোৱা হৈছে। পৰিয়ালত প্ৰায় লঘোণ।.. দেৰবছৰেই হ'ল। ভাড়া-চাৰা নাই। গাড়ীখনো বেছি দিলোঁ ছমাহ মান আগতেই।
কিবা অলপ বজাৰ কৰি দিব।"
মোৰ খুব বেয়া লাগিল। আগতে আমি তেখেতক চাহ একাপ খুৱাব খুজিলেও নাখায়। কেতিয়াবা খালেও জোৰ কৰি আমাৰো পইচা তেখেতেহে দিয়ে। আত্মসন্মান থকা এজন মানুহ। নিজ কৰ্মৰ ওপৰত চলা মানুহ।
তেখেতেই আজি মোক চাউল-দালি অলপ বজাৰ কৰি দিবলৈ কৈছে!
"দাদা কাইলৈ আহিব। দহটামান বজাত আহিব, আপুনি যে মোক ড্ৰপ কৰে, তালৈ।"-মই ক'লোঁ।
ৰাতিপুৱা চাউল এক বেগ, দালি, আলু-পিয়াজ দহকেজিমান, মিঠাতেল, বিস্কুট, চয়াবিন আদি মই বজাৰ কৰি বস্তাত ভৰাই থ'লোঁ।
চাৰে ন মান বজাত তেখেতে ফোন কৰিলে, মই গৈ আছোঁ। আধা ঘণ্টামানৰ ভিতৰত পাম।
আহক দাদা। মই আছোঁ।-মই ক'লোঁ।
পঞ্চল্লিছ মিনিটমানৰ পাচতো আহি নোপোৱা দেখি মই ফোন কৰিলোঁ।
"গৈ আছোঁ। খুব ৰ'দ দিছে। অলপ জিৰাই-জিৰাইহে গৈ আছোঁ ৰ'ব।"-তেখেতে ক'লে।
"আপুনি খোজ কাঢ়ি আহিছে নেকি?
"একো নহয়। মই পামেই আৰু ..."
অ'হ। তেখেতৰ ঘৰৰ পৰা মোলৈ প্ৰায় পাঁচ কিল'মিটাৰ।
"আপোনাৰ স্কুটী?"-মই সুধিলোঁ।
"ছমাহমান আগতেই বিকি দিলোঁ।"
"আপুনি কিয় মোক কোৱা নাই। আপুনি কি পাইছে এতিয়া?"
"চেণ্ট্ৰেল স্কুল।"
"আপুনি তাতেই ৰৈ দিয়ক। মই লৈ গৈ আছোঁ।"
বাইকত দুজন উঠিব নিদিয়ে।
বস্তা দুটা ডাঙি মই ওচৰৰ অ'টো ষ্টেণ্ডটোলৈ নিলোঁ। এখনেই অটো ৰৈ আছে।
"নুনমাটিলৈ যাব নেকি?
"যাম। চাৰিশ টকা লাগিব।"-অট'ৱালাজনে ক'লে।
পাঁচ কিল'মিটাৰ ৰাস্তা, চাৰিশ টকা! অলপ বেচিয়েই হৈছে। পিচে বেচেৰাই বাৰটা বজাতেই ভাড়া মৰা বন্ধ কৰি ঘৰলৈ যাব লাগিব।-মই ভাৱিলোঁ।
"ঠিক আছে। ব'লক।"-মই বস্তা দুটা তুলি অটোত বহিলোঁ।
গোটেই ৰাস্তাটোৱেই অ'টৱালাজনে কাৰোবাক গালি-শপনি পাৰি গৈ থাকিল। মোডিক গালি পাৰিলে, অসম চৰকাৰৰ হিঃ বিঃ শৰ্মাক গালি পাৰিলে। ৰাস্তা বেয়া, মোক চাৰিশৰে নহ'ব, পাঁচ শ টকা লাগিব বুলিও ক'লে। একো নকৈ মই তেখেতৰ অটোত চুপ-চাপ গৈ থাকিলোঁ।
চেণ্ট্ৰেল স্কুলৰ আগত দ্ৰাইভাৰ দাদা ৰৈ আছিল। মোক দেখি হাত ডাঙিলে। তেখেতক উঠাই লৈ মই নুনমাটিলৈ গৈ থাকিলোঁ।
দ্ৰাইভাৰ দাদাই লগত এখন মোনা লৈ আহিছিল। কিন্তু, তেখেতলৈ অনা চাউলৰ বেগ আৰু বাকী বস্তুবোৰ দেখি মোৰ চকুলৈ চালে। মই বুজিলোঁ। তেখেতে আশা কৰা নাছিল, সেয়ে সৰু মোনাখনহে লৈ আহিছিল।
দ্ৰাইভাৰ দাদাক বস্তুবোৰৰ সৈতে ঘৰত নমালোঁ। দাদাই হাতযোৰ কৰিলে।
"আপুনি আকৌ তালৈয়েই যাব নে?"-অট'ৱালাজনে মোক সুধিলে।
"উম। তালৈয়েই যাম। তাতেই থাকোঁ মই।"
"অ'। জানো। আপোনাক দেখি থাকোঁ।"
আহোঁতে তেখেত চুপ-চাপ আহি থাকিল।
তেখেতে মোক ঘৰৰ সমুখলৈ লৈ আহিল। মই পাঁচশ টকা তেখেতক দিলোঁ।
তেখেতে মোৰ মুখলৈ চালে।
"নালাগে দিয়ক। এশ টকা দিলেই হ'ব।"-তেখেতে ক'লে।
"কিয়? একো নাই। লওক। মই বেয়া নাই পোৱাতো আপোনাক।-মই পাঁচশ টকীয়াখন তেখেতৰ হাতত দিলোঁ।
মানিবেগৰ পৰা দুখন দুশ টকীয়া উলিয়াই তেখেতে তেখেতে মোৰ হাতত জোৰকৈ দি চিধাই অ'টোখন ঘুৰালে।
"দাদা, আপুনি যে বস্তু দি আহিল, তেখেতো দ্ৰাইভাৰ, ময়ো। আপোনালোকৰ কথা-বতৰা মই শুনি আছিলোঁ।
তেখেতক দিয়া মানেই মোকো দিয়া হৈছে দিয়ক। আমি একেই।"-অটোখন ঘৰঘৰাই চলাই তেখেত গুচি গ'ল।
No comments:
Post a Comment