জীৱনৰ ডুখৰীয়া স্মৃতি
শ্ৰীমতী কমলা দাস
আমি ছোৱালী হাইস্কুলত পঢ়ি থাকোঁতে, কিতাপখনৰ আকাৰৰ আহল বহল বুক কভাৰেৰে, প্ৰতিদিনৰ কিতাপ বহি বোৰ মেৰাই লৈ ,বুকুত সাৱটি স্কুললৈ খোজ লৈছিলোঁ খালি ভৰিৰে। আমাৰ দিনত স্কুলত কোনেও চেণ্ডেল পিন্ধি নাহিছিল। স্কুলত চেণ্ডেল পিন্ধি যাব নাপায় বুলি সেই সময়ত সকলোৱে ভাবিছিল বা বিশ্বাস কৰিছিল। ৰঙ বিৰঙৰ বুক কভাৰেৰে মেৰিয়াই কিতাপ বহী এবোজা বুকুত সাৱটি, ইউনিফৰ্মৰ মেখেলা চাদৰ যোৰ পিন্ধি, হাইস্কুলত পঢ়া সকলো ছোৱালীয়েই জল'প জল'প কৈ খোজ কাঢ়ি আহিছিল। বেছিভাগ ছোৱালীয়ে দুদলীয়া বেণী গুঠি আগফালে পেলাই লৈছিল। কিছুমানে এডাল বেণী গুঠি পিছফালে ৰাখিছিল। ইউনিফৰ্মৰ মেখেলা চাদৰ জোৰৰ সৈতে বেণী গুঠি অহা ছোৱালী বোৰ বৰ ধুনীয়া লাগিছিল। ৰবিবাৰে নিজে নিজেই ইউনিফৰ্ম বোৰ ধুই, ভাতৰ মাৰ দি শুকুৱাই জাপি জুপি গাৰুৰ তলত থৈ খমখমীয়াকৈ লোৱা মেখেলা চাদৰ যোৰ, সোমবাৰে বৰ আগ্ৰহেৰে পিন্ধিছিলো আমি!
গৰম দিনত প্ৰায়বোৰ ছোৱালীয়ে ৰাতিপুৱাৰ ভাগত পথাৰত গৈ কেইঘণ্টামান ৰুৱা ৰুই হে স্কুল আহিব পাৰিছিল। পথাৰৰ পৰা আহি গা টো ধুই লৰালৰিকৈ পইতা ভাত একাহী খাই, প্ৰায় চাৰি পাঁচ কিলোমিটাৰ খোজ কাঢ়ি আহিব লাগিছিল স্কুললৈ। কিছুমানে টো আঠ দহ কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা খোজ কাঢ়ি আহিছিল স্কুললৈ।
আমাৰ প্ৰথম ক্লাছ টো আৰম্ভ হৈছিল ইংৰাজী সাহিত্যৰে। দ্বিতীয় ক্লাছটো আছিল বিজ্ঞান নাইবা অঙ্কৰ। যিদিনা অঙ্কৰ ক্লাছ থাকে আৰু চাৰে ব্লেকবৰ্ডত অঙ্ক বুজাবলৈ আৰম্ভ কৰে, ব্লেকবৰ্ডৰ ফালে চাই অঙ্ক বুজিবলৈ চেষ্টা কৰি থাকোঁতে বেছি ভাগ ছোৱালীয়ে চকু মেলি থাকিব নোৱাৰা হৈ যায়! বাৰে বাৰে চকুৰ পতা জাপ খাই যাব ধৰে। নাযাবনো কিয়! পথাৰত ভুই ৰুই আহি, পন্তা ভাত খাই, কেইবা মাইলো খোজ কাঢ়ি অহাৰ ভাগৰে হেচা মাৰি নধৰিবনে! । টোপনীয়াবলৈ ধৰে। এই টোপনীওৱাৰ বাবে কিমানে যে চাৰৰ পৰা মাৰ খায় নাইবা কপাললৈ মাৰি পঠিওৱা চক্ পেঞ্চিলৰ ফৰ্মূটি!
আমাৰ সময়ত স্কুললৈ টিফিন বক্স নিয়া কথাটো কল্পনাৰ বাহিৰত আছিল। সদায় জিৰণিৰ সময়ত বিহাৰী চানাৱালা এটা স্কুলৰ বাহিৰত ৰৈ থাকিছিল। তাৰ পৰা আমি দহ পইচাৰ নাইবা পোন্ধৰ পইচাৰ পাপড় বুত ভজা কিনি খাইছিলোঁ। সেই খিনি চানাৰ সোৱাদ আছিল অপূৰ্ব। আৰু গোন্ধটো! কোনোবাই বহু দূৰত খালেও জিভাৰ পানী পৰি যোৱাকৈ লোভনীয় গোন্ধটো আহি নাকত লাগিছিলহি!
গছত আম লগা দিন বোৰত, আমাৰ কেঁচা আম খোৱা হৈছিল বহুত। আমাৰ স্কুলৰ কাষতে কাৰোবাৰ এখন বৰ ডাঙৰ বাৰী আছিল। তাত বতৰৰ বিভিন্ন ফল মুলৰ গছ থকাৰ উপৰিও প্ৰকাণ্ড ডাঙৰ ডাঙৰ বহুতো আম গছ আছিল। লমালমে লগা ফল বোৰ, আমবোৰ স্কুলীয়া ল'ৰা ছোৱালীৰ বাদেও, বাটৰ বাটৰুৱাইও পাৰি পাৰি খাইছিল। ছোৱালী হাইস্কুলৰ ওচৰতে থকা ল'ৰা হাইস্কুলৰো একে সময়তে জিৰণি হৈছিল বাবে, ল'ৰাবোৰো আহিছিল তালৈ আম খাবলৈ। আমাক সিহঁতে আম পাৰি দিছিল, বিনিময়ত আমি সিহঁতক আমাৰ ভাগৰ নিমখ দিব লগীয়া হৈছিল। আমাৰ লগৰ বহুতেই ঘৰৰ পৰা কাগজত বান্ধি নিমখ আনে। গৰমত সেই নিমখ জিৰণিৰ সময়লৈ গলি যায়। যিখিনি থাকে, তাকেই ভগাই মেলি খাওঁ। , কেঁচা আমবোৰ, কটাৰীৰ অভাৱত, আমৰ গা-গছতে মাৰি মাৰি ফটাই, নিমখ লগাই খাওঁ। প্ৰচণ্ড ৰ'দৰ বতৰত, সেই কেঁচা আমৰ জুতিৰ তুলনা নাছিল। জুতি পাই খালি পেটত কেঁচা আম খোৱাৰ পৰিমাণ বেছি হ'লে, ঘৰত গৈ সিদিনা পেট কামোৰা আৰু বমি হৈছিল! কাৰোবাৰ ঢিলা পায়খানাও হয়। ঘৰত ঠিকছে গালি খাওঁ। পিছে গালিবোৰ কোনে পাত্তা দিয়ে! পেট ভাল পালেই পুনৰ খাওঁ। সেইখন বাৰীৰ ফল মূল বোৰ খোৱাৰ উপৰিও স্কুলৰ চৌহদত থকা-- শিলিখা, ভোমোৰা, মধুৰী, আমলখি আদি খাইছিলোঁ। পিয়াহ লাগিলে দমকলৰ পানী দুহাতেৰে আজলি ভৰাই খাইছিলোঁ। এনেদৰে থাকোতে জিৰণি সমাপ্ত হোৱা বেল পৰে, দৌৰি দৌৰি আহি ক্লাছত সোমাও।
কেতিয়াবা জিৰণিৰ পিছৰ ক্লাছটো আছিল সংস্কৃতৰ। যি সকলৰ সংস্কৃত নাথাকে, সিহঁতৰ বাবে সেইটো ক্লাছ অফ্ আছিল। তেনেদৰে হিন্দীৰ ক্লাছত সংস্কৃত থকা সকলৰ অফ্। অবশ্যে এইটো সুবিধা অষ্টম শ্ৰেণীৰ পৰাহে আছিল। অফ্ থাকিলে আমি খুব ভাল পাইছিলোঁ। যিকেইজনীৰ অফ্ থাকে, সেইকেইজনীয়ে বাহিৰত বনত বহি বিয়নি মেল মাৰিছিলো।
ক্লাছ চেভেনলৈকে হিন্দী বিষয়টো সকলোৰে বাবে বাধ্যতামূলক আছিল। আমাৰ হিন্দীৰ শিক্ষক জন খুব সহজ সৰল মানুহ আছিল। সেইজন চাৰে কোনোদিনে কাকো গালি দি পোৱা নাছিল। চাৰ জনৰ ক্লাছত বহুতেই পাল মাৰিছিল। চাৰে ক্লাছত সোমাইয়েই আমাক প্ৰায়ে পাঠ পঢ়িব দিয়ে। এজনৰ পিছত এজনকৈ পাঠ পঢ়িব দি চাৰে টেবুলত মূৰটো থৈ টোপনিয়াবলৈ ধৰে। গোটেই ক্লাছটোৰ পঢ়া হয় মানে চাৰৰ এক টোপনি মৰা হয়গৈ। আমিও ভুলে শুদ্ধই যিয়ে যেনেকৈ পাৰো পঢ়ি থওঁ । তাৰ পাছতো চাৰে সাৰ নাপালে, আমি ইচ্ছা মতে মেলত ধৰোঁ। মেলৰ নিচাতে কেতিয়াবা কোনোবাই কাৰোবাৰ বেঞ্চলৈ উঠিও যায়। তেনেকৈ থাকোঁতে ক্লাছ সমাপ্তি বেল পৰে আৰু চাৰে ধহমহকৈ সাৰ পাই ক্লাছৰ পৰা ওলাই যায়। কেতিয়াবা সাৰ নাপায়ো। তেতিয়া তেওঁক পিছৰ ক্লাছৰ চাৰ বা বাইদেউৱে আহি জগাই উঠাই পঠায়।
স্কুলৰ পৰা আহি ভাত কেইটা খাবলৈ নোপোৱা যেন লাগে! দৌৰাদৌৰিকৈ কাপোৰ সলাই হাত ভৰি ধুই ভাতৰ পাতত বহো। দুপৰীয়া বাঢ়ি ঢাকি থোৱা ভাত আঞ্জা ঠাণ্ডা হৈ থাকে। তথাপিও কি যে সোৱাদ আছিল সেই সাজ ভাতৰ! আঞ্জাও নো কি আছিল! কেতিয়াবা মচুৰ দাইল আৰু সৰু আলু ভজা। নাইবা মাছেৰে সান মিহলি শাক ৰান্ধি লগত বাৰীৰ বন্ধা কবিৰ বুঢ়া পাতেৰে সৈতে খাৰ দি ভজা ভাজি এখন। একো নাথাকিলে ক'ল পচলাৰ সৈতে এমুঠি মচুৰ দাইল দি ৰন্ধা আৰু লগত আলু,বেঙেনা পোৰাৰ পিতিকা! ঘৰৰ আহু চাউলৰ ৰঙা ভাতৰ সৈতে, ভোকত থকা আমি বোৰে সেয়াই টকালি টকালি খাইছিলোঁ। সেই সোৱাদৰ ভাত আঞ্জা বোৰে, এতিয়াৰ বিভিন্ন মচলা দি ৰন্ধা, মাছ -মাংস থকা ভাত সাজেও পাত্তা নাপায়।
No comments:
Post a Comment