চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ধাৰ মাৰিব কিয়?
ফনীন্দ্ৰ বৰগোহাঁই
ইলেকচনৰ আগলৈকে সকলো মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা সকলো হিতাধিকাৰীৰ ঋণ মাফ কৰিম বুলি চৰকাৰখনে নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে। মহিলা ভোটাৰক ঋণ মাফৰ ইছুটোৱে ব্যাপকভাৱে আকৰ্ষিত কৰিছিল। চৰকাৰৰ পক্ষত মহিলাসকলে যথেষ্ট পৰিমাণে ভোট দিলে।
নিৰ্বাচনৰ আগত সকলোকে ঋণ মাফ কৰিম বুলি কোৱা চৰকাৰ খনে মই আগতে ধাৰণা কৰাৰ দৰে ঋণ মাফৰ সলনি সুত মাফ কৰিবলৈহে চিন্তা-চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে।
এতিয়া কথা হ'ল চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰিব কিয়? শেহতীয়া তথ্য অনুসৰি ক্ষুদ্ৰ ঋণৰ ১২,৪০০ কোটি ঋণ বৰ্তমান হিতাধিকাৰীৰ অনাদয় হৈ আছে বা হিতাধিকাৰীৰ হাতত আছে। ইয়াৰে ৫০% বন্ধন বেঙ্কৰ । ১০% লোকৰ হাতত আছে ১,০০,০০কৈ অধিক ধন। গড় হিচাপত ৪৫,০০০ কৈ টকা হিতাধিকাৰীৰ ওচৰত আছে। দুটা কৰ'না কালত জৰ্জৰিত অৰ্থনৈতিক মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত ইমান কোটি টকাৰ ঋণ চৰকাৰে কেনেকৈ ৰেহাই দিব। ৰেহাই দিবই বা কিয়? মই আগতে ধাৰণা কৰা মতে চৰকাৰে কেৱল সুত ৰেহাই দিবলৈহে গুণাগথা কৰি আছে। মুঠতে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি সাপো নমৰক লাঠীও নাভাগগ নিচিনাকৈ এই সকল লোকক সাময়িক সকাহ দিবলৈ চেষ্টা কৰা যেন লাগিছে।
মাইক্ৰফাইনেঞ্চৰ ধন লোৱা একেবাৰে নগন্য সংখ্যক লোকেহে উৎপাদনমুখী কামত ধন বিনিয়োগ কৰি সময়মতে ধাৰ মাৰি চচ্ছল জীৱন অতিবাহিত কৰিছে আৰু আৰ্থিকভাৱে লাৱাম্বান্বিত হৈছে। ইয়াৰ বিপৰীতে চকুৰ আগত সততে দেখি থকা কিছুমান দৃশ্য দেখিলে এনে লাগে যেন চৰকাৰে ঋণ/ সুত মাফ কৰিব কিয়? ইয়াৰ কেইটামান উদাহৰণ দিছোঁ। মাইক্ৰফাইনেঞ্চৰ টকাৰে মহিলাসকলে কি কি কৰিছে কেইটামান উদাহৰণ দিছোঁ।
১/আগতে সদায় খৰিত ভাত ৰন্ধা গৃহিনীয়ে এতিয়া খৰিত ভাত ৰান্ধিব নোৱৰা হ'ল। ঘৰ ক'লা পৰিব। বাচন- বৰ্তন ক'লা হ'ব।
২/পীৰাত বহি ভাত খোৱা মানুহে এতিয়া ডাইনিঙত টেবুলত ভাত খোৱা হ'ল। এতিয়া পীৰাত বহি ভাত খালে ভাত হজম নোহোৱা হ'ল।
৩/বহুতো মহিলাই ঋণৰ টকা আন লোকক অধিক হাৰত সুতলৈ দিয়ে। ফলত এচাম লোকে সুত ভৰি ভৰি অৰ্থনৈতিক ভাৱে কোঙা হৈ পৰিছে।
৪/ঋণৰ টকাৰে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ আচবাব ক্ৰয় কৰিছে। শেষত ঋণ প্ৰদানকাৰী বেঙ্কসমূহক সময়মতে সুত দিব নোৱাৰি আকৌ গাঁৱৰ মহাজন আদিৰ পৰা অধিক হাৰত সুত লৈ ধাৰ মাৰিব লগীয়া হৈছে।
এইক্ষেত্ৰত ঋণ প্ৰদানকাৰী বেঙ্কসমূহৰো কিছু দায়িত্ব থকা উচিত বুলি মই ভাবোঁ। ঋণৰ টকা ক'ত খটুৱাইছে; কি কাৰণে ঋণ প্ৰদান কৰিব আদি বিষয়সমূহত বেঙ্কসমূহে গুৰুত্ব প্ৰদান কৰিব লাগে। ঋণ প্ৰদানৰ ক্ষেত্ৰত সুস্পষ্ট নীতি থকা দৰকাৰ।
চৰকাৰে ঋণ মাফ কৰিব বিচাৰিছে ইয়াত কোনো আপোনাৰ বা মোৰ ক'ব লগীয়া নাই। কিন্তু সাধাৰণ জনতাৰ ওপৰত , মধ্য বিত্তৰ ওপৰত মাধমাৰ সোধাই অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা জাপি দি ঋণ মাফৰ কোনো যুক্তি থাকিব নোৱাৰে।
অৱশ্যে এই কৰ'না অতিমাৰীৰ বাবে একেবাৰে খাতি খোৱা লোকসকল যিসকলে দৈনিক হাজিৰা কৰি দৈনিক খায়, তেনে লোকক ঋণ মাফ কৰিব নে সুত মাফ কৰিব সেইটো চৰকাৰে বিবেচনা কৰি চাব লাগে। অৰ্থাৎ যিসকলক সঁচাকৈয়ে সুত মাফৰ প্ৰয়োজন আছে তেনে লোককহে সুত মাফৰ আওতালৈ আনিব লাগে। আৰ্থিকভাৱে সবল হিতাধিকাৰীক সুত ৰেহাইৰ কোনো যুক্তি নাই।
ফণীন্দ্ৰ বৰগোহাঁই
বোকাজান, কাৰ্বি আংলং
No comments:
Post a Comment