মই এদিন চুৰ কৰিছিলো
ভূষণ তালুকদাৰ
মই আজি কৱলৈ দ্বিধাবোধ নকৰো যে এদিন মই এক চুৰি কাৰ্যত লিপ্ত হৈছিলো । এয়া আজি মোৰ আপোনালোকৰ ওচৰত অকপট স্বীকাৰোক্তি । চুৰিও চুৰি কিন্তু এলা পেচা বিধৰ চুৰি নহয় ।
সম্ভৱত সেয়া প্ৰায় ১৯৯২ চনৰ ঘটনা । মোৰ দেউতাই অসম চৰকাৰৰ কৃৃৃৃষি বিভাগৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেতিয়া । সেইসময়ত মোৰ দেউতা শাৰিৰীক ভাৱে একেবাৰে অসুস্থ আছিল । ফলত দেউতাই অৱসৰ গ্ৰহণ কৰাৰ বাবে ইমানদিনে দেউতাই নিয়মিত ভাৱে পাই থকা দৰমহাটো বন্ধ হৈ পৰাত আমি বহুত অসুবিধাত পৰিছিলো । সেইখিনি সময়ত মই আৰু দাদাই পঢ়ি আছিলো বাবে আমাকো খৰছ দিব লাগে , ঘৰৰ সমস্ত খৰছৰ উপৰিও দেউতাৰ চিকিৎসা ব্যয়ৰ বাবে আৰু বেছি প্ৰয়োজন হয় বহুত টকা । ফলত দেউতাৰ পেন্সনটো বহুদিন নোহোৱাত আমি একপ্ৰকাৰ সমস্যাতে পৰিছিলো । শাৰিৰীক ভাৱে অসুস্থ দেউতাৰ পেন্সনৰ কাম খিনিৰ বাবে দেউতা আৰু মই গুৱাহাটীলৈ বহুদিন গলো যদিও পেন্সন বিভাগৰ বিষয়া বিলাকে প্ৰতিবাৰ নানান অসুবিধা দেখুৱাই আমাক বিমুখ কৰি ওভোটাই পঠায় । এনেদৰে আমি প্ৰায় আঠ মাহমান ধৰি বহুত কষ্ট কৰি বহুত বিভাগীয় ককৰ্থনা খাই হ'লেও দেউতাৰ পেন্সনৰ কামটো আগবঢ়াবলৈ সক্ষম হৈছিলো । কিন্তু আৰু মাত্ৰ এখন কিবা প্ৰয়োজনীয় কাগজৰ বাবে দেউতাই পেন্সনটো পোৱা নাই বুলি আমি জানিব পৰাত সেইসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষত তথা ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিভাগীয় কাৰ্যালয়টোলৈ দেউতা আৰু মই এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে তাত বাতি কাঢ়িও বহুদিন ধৰি উক্ত কাগজখন উলিয়াব পৰা নাছিলো । এনেকৈয়ে এদিন কাৰ্যালয়টোত গৈ কাগজখনৰ দায়িত্বত থকা কৰ্মচাৰী জনক দেউতাই গৈ অনুৰোধ কৰি কলে যে , এতিয়াৰ পৰা কাগজ খনৰ সংক্ৰান্তত দেউতাই যোৱাৰ পৰিবৰ্তে মোক পঠাব বুলি মোক দেখুৱাই তেখেতক কলে । কৰ্মচাৰীজনেও অৱশ্যে একেবাৰতে মান্তি হৈ মই গলেও হ'ব বুলি আমাক জনালে । সেইদিনাৰ পৰা মই যোৱা আৰম্ভ কৰিলো কাগজখনৰ খৱৰ লৱলৈ বুলি । এনেকৈ প্ৰায় আৰু তিনিমাহ মান যোৱাৰ পিছত এদিন বিষয়া গৰাকীয়ে মই গৈ পোৱাৰ লগে জনালে যে আমাৰ কামটো হৈছে । শুনি মোৰ মনটো প্ৰফুল্লিত হৈ পৰিল । তেখেতে দৰ্জা নথকা একপ্ৰকাৰ ভঙা চিঙা এটা কাঠৰ আলমিৰাৰ পৰা এটা মস্ত ফাইল উলিয়াই আনি এজাপ কাগজৰ মাজৰ পৰা দেউতাৰ প্ৰয়োজনীয় কাগজখন উলিয়ালে । মোৰ মনটো খুব ভাল লাগিল । কিন্তু বিষয়া গৰাকীয়ে মোৰ পিঠিত থপৰিয়াই থপৰিয়াই খুব মৰমৰ সুৰত কব ধৰিলে যে কাগজ খনৰ কামখিনি কৰোতে তেখেতৰ বহুত কষ্ট হৈছে । গতিকে তেওঁক চাহ পানীৰ নামত মই বোলে তেখেতক কিবা এটা দিব লাগে । মই ও বোলো হ'ব দিয়ক , লওঁক এই পঞ্চাছ টকা বুলি তেখেতক এটা পঞ্চাছ টকা যাচিলোঁ । তেখেতে মোক লগে লগে কলে যে, নাই নহ'ব পাচঁঁশ টকা নাপালে মই তোমাক কাগজখন দিব নোৱাৰো । মই তেতিয়া বিবুদ্ধিত পৰিলো কাৰণ মোৰ লগত যে তেতিয়া সিমান টকা নাই । তেখেতক দুইশ টকা দিব পাৰিম বুলি বহুত অনুৰোধ কৰা স্বত্বেও তেখেতে মোৰ কথাক কোনো গুৰুত্ব নিদি কাগজখন সেই ফাইলটোতে পুণৰ থৈ দি উচাত মাৰি কাৰ্যালয়ৰ বাহিৰলৈ গুছি গ'ল । তেওঁ গৈ এখন চাহ দোকানত বহি চাহ খাবলৈ ধৰিলে । তেওঁৰ পিছে পিছে গৈ মই তাতো তেখেতক বহুত অনুৰোধ কৰিলো যদিও তেতিয়া তেওঁ মোক বহুত বেয়া ব্যৱহাৰ কৰি বহুত বেয়া কে ক'লে । বহুত মানুহৰ সম্মুখত ইমান লাজ পালো যে মই কি কৰিম কি নকৰিম তেনেকুৱা লাগিল মোৰ । তেতিয়ানো হঠাতে কি হ' ল , মোৰ মুৰত এটা বৰ বেয়া বুধি খেলালে । লগে লগে সেই বিষয়া গৰাকীৰ কাৰ্যালয়টোত প্ৰবেশ কৰি তেখেতৰ টেবিল খনৰ ওচৰতে থকা উক্ত ভঙাচিঙা কাঠৰ আলমিৰাটোৰ পৰা দেউতাৰ কাগজখন থোৱা ফাইলটো সাউত কৰি উলিয়াই আনি কাগজ খন বিচাৰি উলিয়াই হাতত লৈ ফাইলটো পুণৰাই বন্ধ কৰি আলমিৰাটোত পুণৰাই থৈ মই তাৰ পৰা প্ৰস্থান কৰিলো । মই ফাইলটো উলিওৱাৰ সময়ত কাৰ্যালয়টোত আৰু বহুত মানুহ আছিল যদিও কোনেও মোক গুৰুত্ব দিয়া নাছিল , কিয়নো সেই কাৰ্যালয়টোলৈ মই ইমান বাৰ গৈছো যে মোক দেখি দেখি তেওঁলোক হয়তো অভ্যস্থ হৈ গৈছিল । সেই সময়ত মই কি গুৰুতৰ দোষনীয় কাম কৰিছো সেয়া ভাবিবলৈ মোৰ মগজুৱে একো কাম কৰা নাছিল । মাথোন মোৰ মন -মগজুত একুৰা প্ৰতিশোধৰ হে জুই জ্বলি আছিল তেতিয়া । মই কাগজখন চোৰ কৰি ধৰা পৰিলে মোৰ লগতে দেউতাৰো কি গতি হ'ব সেয়াও এক বিন্দুও ভাবিবলৈ সক্ষম হোৱা নাই । মই তেতিয়া এক বিশ্বজয় কৰি অহাৰ ভাৱ এটা লৈ হে ঘৰলৈ উভটনি যাত্ৰাৰ বাবে ট্ৰেইনত আহি দৌৰা দৌৰিকৈ বহি পৰিলো । কিন্তু ট্ৰেইনখনত বহাৰ অলপ পিছৰে পৰা মই যেন অনুশোচনাত দগ্ধ হ'বলৈ ধৰিলো । মই কি ভুল কাম কৰিলো বুলি ভয়তে মোৰ হাত ভৰি ক্ৰমান্বয়ে কপিবলৈ আৰম্ভ কৰিলে। তেনেকৈয়ে ভয় ভয় কৈ এক অজান আশংকাত কিবা কৈ ঘৰ পালোহি । ঘৰ আহি পোৱাৰ আগতে মই ঠিৰাং কৰি লৈছিলো যে এইবোৰ কথা ঘৰত মই কাকো নজনাও ।কাৰণ শাৰিৰীক ভাৱে অসুস্থ দেউতাই মোৰ এনেকুৱা অপকৰ্মৰ কথা শুনিলে কি অৱস্থা হয় সেয়া ভাবিয়ে ঘৰত কাকো নজনাম বুলি সিদ্ধান্ত লৈছিলো । গতিকে ঘৰত উপস্থিত হৈ মুখত এক কৃৃত্ৰিম হাঁহি লৈ দেউতাক কাগজখন জমা দিলো । সেইদিনা গোটেই নিশাটো মই উজাগৰেই কটাই দিছিলো । তাৰ পৰবৰ্তী সময়ত উক্ত কাগজখন বেংকত জমা দিয়াৰ প্ৰায় এমাহমান পিছতে দেউতাই পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল । পেঞ্চনৰ কামটো হোৱাৰ দিনাহে মই এক স্বস্তিৰ নিশ্বাস পেলাইছিলো । সেইদিনাই মই ভাবিছিলো যে সেই কাগজখনৰ কাম আচলতে বহুুদিন আগতেই হৈ গৈছিল ,কিন্তু পইচাৰ ধান্দাত হে আমাক ইমানদিনে ঘুৰাই পঠাই আছিল । নহলেনো এখন কাগজ বিভাগৰ ফাইলৰ পৰা নাইকীয়া হোৱাৰ পিছতো একো হাহাকাৰ নালাগিল হৈ হেতেন নে ! আনহাতে দেউতাই ২০০৫ চনত ইহ সংসাৰৰ পৰা বিদায় মাগিলে । তথাপিও মোৰ উক্ত অপকৰ্মটোৰ কথা দেউতা বুলিয়ে নহয় ঘৰৰ কাকোৱে আজিলৈকে জনোৱা নাই । অৱশ্যে মোৰ খুৱ ঘনিষ্ঠ বন্ধু দুই এজনে জানে মোৰ জীৱনৰ অতিকে নিন্দনীয় উক্ত দুস্কাৰ্যটোৰ কথা ।
( মোৰ অতীত জীৱনৰ সেই দুষ্কাৰ্যৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । লগতে মোৰ এতিয়াও ভাবি ভয় লাগে যে , সেই সময়ত যদি উক্ত কাৰ্যালয়টোত চি চি কেমেৰা লগোৱা থাকিল হৈ মোৰ কি গতি লাগিল হৈ তেতিয়া ! )
No comments:
Post a Comment