মেদ মচলাবিহীন এটা সত্য কাহিনীঃ জধলা সি
--------------------------------------------------------
জয়ন্ত আকাশ বৰ্মণ
মহান চিকটা বুলি তাৰ এটা সুনাম আছে। অফিছত কোনোবাই যদি ৰঙা চাহৰ পাৰ্টীও দিয়ে, সিদিনাখন সি আৰু লাঞ্চ নকৰে। আৰু, অফিছত কোনোবাই যদি চিংৰা চাহৰ পাৰ্টী দিয়াৰ কথা থাকে, সিদিনা সি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিও নাহে।
অফিছলৈ আহোঁতে সদায় সি উৱঁলি যোৱা চোলা এটাৰ লগত ক'লা ফটা পেন্ট এটা পিন্ধি আহে। বাথৰূমত সোমাই সি ভাল চোলা এটা পিন্ধি লয়, আৰু ছুটীৰ সময়ত আকৌ উৱলা পোচাকযোৰ পিন্ধি চোলাটো মোৰেই কাপ ব'ৰ্ডত থৈ যায়। সি অফিছৰ মোৰ ব্যক্তিগত পিয়ন। আমাৰ আড্ডাৰ সি এটা আচৰিত প্ৰজাতিৰ নমুনা। তাৰ কাৰ্পণ্য আমাৰ কেতিয়াবা বিৰক্তি আৰু কেতিয়াবা হাস্যৰসৰো উৎস।
টেবুলত তাৰ কেজুৱেল লিভৰ দৰ্খাস্তখন পালোঁ। সন্ধিয়া মই তাৰ ঘৰলৈ গ'লো। বেমাৰ হ'লেও সি কেতিয়াও দৰৱ কিনি নাখায়। টকাবোৰ কেৱল সাঁচিহে থয়।ইফালে ইয়াত ডেংগুৰ অত্যাচাৰ। গতিকে খবৰ কৰিবলৈ প্ৰথমবাৰৰ বাবে সিদিনা সন্ধিয়া মই তাৰ ঘৰলৈ গ'লো। মই তাৰ কেৱল গাওঁখনৰ নামহে জানিছিলোঁ। দোকান এখনত মই তাৰ ঠিকনাটো সুধিলো।
দোকানীজনে ঘৰটো ভুলকৈ দেখুৱাই দিলে। যিটো ঘৰ দেখুৱাই দিলে, সেইখন এখন অনাথ আশ্ৰমহে আছিল।
মই উভটি আহিলোঁ।দোকানীজনক পুণৰ সুধিলোঁ, এই যে ••• অফিছত কাম কৰে মানস ভূঞা, তেখেতৰ ঘৰটোহে সুধিছো। মই তেখেতৰ অফিছৰেই।দোকানীজনে ক'লে- হয়, মই আপোনাক তেখেতৰ ঘৰেই দেখুৱাইছো। সৰুতেই মাক দেউতাকক হেৰুওৱা তেখেতে আপোনালোকৰ অফিছত চাকৰি পায়েই সেইখন অনাথ আশ্ৰম খুলিলে। নিজেও থাকে। নিজৰ দৰ্মহাৰেই চলায় বিছজনীয়া আশ্ৰমখন। এজন শিশুৰ গা বেয়া আছিল যোৱাকালি। আজি ৰাতিপুৱাই তেখেতে তাক গুৱাহাটীৰ ডক্টৰৰ ওচৰলৈ লৈ গৈছে। আমিও সামান্য পইচা দি সহায় কৰিছোঁ।
মই দোকানীজনৰ বাঁহৰ চাং খনত বহি পৰিলোঁ। নাতিদূৰত অসম আৰ্হিৰ পৰিপাটী অশ্ৰমখনৰ চোতালত কেইজনমান শিশুৱে ৰেল ৰেল খেলি আছে। এজন শিশুৱে কাগজৰ এখন উৰাজাহজ উৰাই আছিল।
পৃথিৱীখন ভাল।
মানস পিয়ন সঁচাকৈয়েই এটা আচৰিত প্ৰজাতিৰ নমুনা।
জধলা কৃপন মানস পিয়ন ধুনীয়া।
No comments:
Post a Comment