আয় ব্যয় আৰু আমাৰ জীৱন
এম কে ডেকা
মানুহৰ দুটা বেংক একাউণ্ট থাকিব লাগে। যেনেকৈ হ’লেও ষ্টেট বেংকত এটা থকাটো জৰুৰী। বহু সময়ত চৰকাৰী বেংক একাউণ্টৰ প্ৰয়োজন হৈ পৰে।
নিজৰ মাহেলি আয়ৰ ছয় গুণ সঞ্চয় কৰি ৰখাটো অতি দৰকাৰী। ধৰাহ'ল আপোনাৰ মাহেলি আয় তিৰিশ হেজাৰ। তেনেহ'লে আপুনি ছমাহৰ আয়ৰ পৰিমানটো ( এক লাখ আশী হেজাৰ) জমা কৰি " ইমাৰ্জেঞ্চি ফাণ্ড" হিচাপে ৰখাটো অতি প্ৰয়োজনীয়। এই " ইমাৰ্জেঞ্চি ফাণ্ড" ৰ কিছু অংশ আপোনাৰ নিজৰ পৰিয়ালৰ বা বন্ধু বান্ধৱৰ বিপদৰ সময়ত সহায় হিচাপে আগবঢ়াই আপুনি নিজে বা বন্ধু বান্ধৱক বিপদৰ পৰা মুক্ত কৰি আনিব পাৰিব। কেতিয়াবা আপোনাৰ চাকৰি গুচি গ'লেও এই " ইমাৰ্জেঞ্চি ফাণ্ড" খিনি থাকিলে আপুনি কমচেকম ছমাহলৈকে যুদ্ধ চলাব পাৰিব। এই ছমাহটো পুনৰ এটা চাকৰি পোৱাৰ কাৰণে যথেষ্ট সময়।" ইমাৰ্জেঞ্চি ফাণ্ড" খিনি বেংকত জমা থাকিলে আপুনি মাহেলি সূত পাইয়ো লাভবান হ'ব। এই " ইমাৰ্জেঞ্চি ফান" খিনি জমা কৰি লোৱাৰ পাছত গাড়ী , ঘোড়া, ঘৰ , মাটি এইবোৰ...
এতিয়া " ইমাৰ্জেঞ্চি ফাণ্ড" খিনি জমা কৰি লোৱাৰ পাছত আহিল আপোনাৰ " ইনভেষ্টমেণ্ট" । আপোনাৰ মাহেলি আয়ৰ আধা অংশ নহ'লেও বিশ শতাংশ ইনভেষ্টমেণ্ট" হ'ব লাগে। এই "ইনভেষ্টমেণ্ট" এল আই চি , এন পি এছ বা মিচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটতেই নহওক কিয়, কৰিব লাগে। এইয়া আপোনাৰ বুঢ়া বয়সৰ কাৰণে। বুঢ়া বয়সত পইচা ইনকাম নাথাকিলে কোনে কেতিয়া আপোনাক ঘৰৰ পৰা উলিয়াই দিব সেইটো আপুনি মই কোনেও অনুমান কৰিব নোৱাৰো।
ধৰাহ'ল আপোনাৰ মাহেলি আয় বিশ হেজাৰ। মাহৰ মূৰত পোন্ধৰ হেজাৰ এটা জমা কৰে। আপোনাৰ বন্ধুৰ মাহেলি আয় পঞ্চাশ হেজাৰ। আপোনাৰ বন্ধুৰ মাহেকৰ মূৰত এক হেজাৰ এটা জমা কৰে।এতিয়া ল'জিকেলি আপোনাৰ বন্ধুতকৈ আপোনাৰ আয় বেছি। তেওঁ পঞ্চাশ হেজাৰ পাই ঘৰ পৰিয়াল চলাই কেবল এক হেজাৰ হে বচাইছে, আপুনি বিশ হেজাৰ পাই পোন্ধৰ হেজাৰ বচাইছে।
এতিয়া আহিল 'মেডিকেল ইঞ্চুৰেন্স"। কমকেকম দহ লাখ টকাৰ "মেডিকেল ইঞ্চুৰেন্স" থকাটো অতি প্ৰয়োজন। মধ্যবিত্ত কোনোৱাই বিশ লাখ টকাৰ অপাৰেচন এটা কৰা মানেই আধা ডুবি যোৱা। ঘৰ মাটি, চাকৰি, অহংকাৰ এইবোৰ সকলো কেতিয়া হঠাতে কোন সময়ত নাইকীয়া হৈ শূন্য হৈ পৰিব কোনেও অনুমান কৰিব নোৱাৰে। গতিকে বিশ লাখৰ "মেডিকেল ইঞ্চুৰেন্স" নেথাকিলেও দহ লাখৰ থকাটো অতি প্ৰয়োজনীয়। দহ লাখৰ নথকাবোৰে তাতোকৈ কমৰ। মুঠতে কিবা এটা থাকিব লগে। এই খিনি থাকিলে আপোনাৰ ছমাহৰ সঞ্চয় আৰু অলপ ইফাল সিফাল কৰি আপুনি বিপদমুক্ত হৈ আহিব পাৰিব।
মাটি ,টকা, ঘৰ , বেমাৰী সকলো খেদাই পাছত চাকৰিটোও গ'লে মানুহ কেনেকৈ জীয়াই থাকিব? ইফালে টকাৰ ধাৰবোৰ আছেই । সেই কাৰণে এটাৰ পাছত এটা বেক আপ প্লান ।
"মেডিকেল ইঞ্চুৰেন্স" আছে মেডিকেল বিলৰ চিন্তা নাই। ছমাহৰ " ইমাজেঞ্চি ফান" বেক আপ আছে , গতিকে ছমাহলৈ চাকৰি গ'লেও চিন্তা নাই।
এই খিনিৰ উপৰিও তিনি চাৰিখন ক্ৰেডিট কাৰ্ড থকাটো অতি প্ৰয়োজনীয়। ক্ৰেডিদ কাৰ্ড থাকিলেও ব্যৱহাৰ নকৰি কেবল বিপদৰ সময়লৈহে থৈ দিব লাগে। সৰ্বমূঠ দহ লাখ মান টকাৰ লিমিট এটা লৈ থৈ দিব লাগে। সৰু উদাহৰণ এটা দিও- ২০১৪ ত, এবাৰ আমাৰ এপেনণ্ডিক্স চাৰ্জাৰী কৰিব লগা হৈছিল। একে দিনেই , দুই তিনি ঘণ্টাৰ ভিতৰতে। হাতত আছিল তিশ হেজাৰ মান টকা, পিছে বেলেগ বেংকত। এ টি এম পাছৱৰ্দ পাহৰিছিলো। লগত আছিল দুখন ক্ৰেডিদ কাৰ্ড। হস্পিটেলত কাৰ্ডৰে ৫০ হেজাৰ এটা জমা কৰি দিলো। তাৰ পাছত অপাৰেচন। সেই দিনা কাৰ্ড নেথাকিলে ইফালে সিফালে পইচাৰ বাবে কিমান যে মাথা মাৰিব লগা হ'ল হয়। পাছত মেডিকেল ইঞ্চুৰেন্স থকাত খৰচ হোৱা গোটেই খিনিৰ ৯০ শতাংশ ঘূৰাই পালোঁ ।
বঙালী সম্পদায়ৰ মানুহখিনিৰ পৰা শিকিব লগীয়া বহুত আছে। তেওঁলোকে এক টকা ইনকাম কৰিলে পঞ্চাশ পইচা সঞ্চয় কৰিব জানে।
আমাৰ অসমীয়া মানুহ খিনি কাৰোবাৰ চাকৰি এটা হ'লে চিধাই গাড়ী ল'ব। তাৰ পাছত " ই এম আই "। দহমহাৰ পইচা খিনি ক'ত কেনেকৈ গৈ থাকে খবৰেই নেথাকে। বিপদৰ সময়ত চাকৰি থাকিও ইফালে সিফালে হাত পাতিব। আমি সঞ্চয় কৰিব নাজানো ।
চৰকাৰী চাকৰিয়াল খিনিৰ বাহিৰে আমাৰ দৰে ক'ৰপোৰেটত কাম কৰা খিনিৰ বেছি ভাগৰেই জমাৰ নামত একোৱেই নেথাকে। পইচা আহি আছে গৈ আছে। 'লাইফ ষ্টাইল মেনটেইন কৰোঁতে কৰোঁতে যিখিনি পাই থাকে তাৰ বেছি ভাগেই কেনেকৈ গৈ আছে একোৱেই গম নেপায়।
ক'ৰ'নাৰ এই সময়ত কমচেকম পাচ লাখ টকা বেংকত জমা আৰু দহ লাখ টকাৰ "মেডিকেল ইঞ্চুৰেন্স" থকাটো প্ৰয়োজনীয়। এই খিনি থাকিলে আপুনি বা মই পৰি গ'লেও আকৌ নিজৰ বলতেই ঠিয় হ'ব পাৰিম।
মানুহ কৃপণ হোৱাটো বেয়া যদিও হিচাপী হোৱাটো অতি প্ৰয়োজনীয়৷
No comments:
Post a Comment