সুখ কত?
বিউটি পেগু, যোৰহাট
মই মনৰ সুখ বিচাৰি নহয়, ভগৱানৰ কাষত সাহস, প্রেৰণা বিচাৰি মন্দিৰ, মচজিদ আৰু গীৰ্জালৈ গৈছোঁ।আৰু প্রায়েই নিজৰ ঘৰৰ থাপনাৰ হিন্দু দেৱতাৰ সকলৰ সন্মুখত নিজৰ ভুলবোৰৰ বাবে ক্ষমা বিচাৰি আৰু এনে ভুল যাতে দুবাৰ নহয় তাৰ বাবে শক্তি দিবলৈ আৰু জীৱন যুদ্ধত যাতে যুঁজিবলৈ প্রেৰণা পাওঁ সেই উদ্দেশ্য প্রাৰ্থনা জনাওঁ। নিজক বুজি পাওঁ বাবেই জানো কোনো মন্দিৰ, মচজিদ, গীৰ্জাই মনৰ সুখ দিব নোৱাৰে। কিন্তু আজিলৈকে মই বৌদ্ধ বিহাৰত গৈ পোৱা নাই। অৱশ্যে মই যিবোৰ ঠাইলৈ ফুৰবিলৈ গৈছোঁ বা মোৰ আশে পাশে অঞ্চল বা মই যিবোৰ ঠাইত সৰুৰে পৰা বহুত বছৰ থাকিলোঁ এইবোৰ ঠাইত বৌদ্ধ মন্দিৰ নাই বা নাছিল। বৌদ্ধৰ দৰ্শন, নীতিয়ে মোক সদায়েই আকৃষ্ট কৰি আহিছে। যদিও এই কথা ভালকৈ জানো যে বুদ্ধদেৱে সংসাৰ ত্যাগ কৰি গভীৰ তপস্যাত মগ্ন হৈয়ো শেষত বুজি উঠিছিল যে মানুহে জীৱিত কালত কেতিয়াও পৰম সুখ লাভ কৰিব নোৱাৰে । নিৰ্বাণ কেৱল মৃত্যুৰ পিচতহে লাভ কৰিব পাৰি । গতিকে জীয়াই থকাৰ কালছোৱাত কোনো মানুহেই পৰম সুখ লাভ কৰিব নোৱাৰে। সুখ-দুখ থাকিবই। সুখ-দুখ চেতনা নথকা এটা জীৱন মৃত্যুৰ পিচতহে লাভ কৰিব পাৰি।
No comments:
Post a Comment