শ্ৰী বলীন দেউৰী
অতিৰিক্ত আৰক্ষী অধীক্ষক
চেমখ’ৰ নামটোৱে মোক বহুত কথা মনত পেলাই দিলে ৷ মাইবাঙৰ ভিতৰ ফালে নগালেণ্ড সীমাত বৰাইল পৰ্বতত চেমখ’ৰ বুলি এখন ডিমাছা গাওঁ আছে ৷ চেম মানে নিমখ আৰু খ’ৰ মানে পুং ৷ ইয়াৰ গাওঁবাসীক চেমচা বুলি কয় ৷ এইখন এখন সুকীয়া গাওঁ ৷ ইয়াত নিমখৰ পুং আছে ৷ এই পুংটোৰ অলপ ওপৰত গাওঁখন আছে ৷ এসময়ত নিমখ বৰ দুৰ্লভ আছিল ৷ সেয়েহে সোণে লোণে সমান বুলি কয় ৷ শদিয়াৰ মহঙত থকা নিমখৰ পুংটোৰ কাৰনে নগা আৰু কছাৰীৰ মাজত যুঁজ হৈছিল ৷ এই চেমখ’ৰ বোলা ঠাইটো একেই কাহিনী ৷ চেমচা সকল আছিল এই নিমখৰ পুং ৰখীয়া ৷ এদিন ডিমাছা গাঁৱৰ সকলো মানুহ মাছ মাৰিবলৈ গ’ল ৷ 'ৰো’ বোলা গছৰ শিপা আৰু বাকলিৰ ৰস দি মাছ মাৰে ৷ এই সুযোগতে নগাসকলে আহি চেমখ’ৰ গাওঁ আক্ৰমন কৰিলে ৷ যাক য’ত পাই সকলোকে মাৰি থৈ গ’ল ৷ নদীৰ পানী ৰঙা হ’ল ৷ তাৰ পোতক তুলিবলৈ ডিমাছা সকলেও এদিন নগা গাওঁ আক্ৰমন কৰিলে ৷ যাক য’তে পায় সকলো মাৰি মহিলাসকলক ধৰি লৈ আনিলে পত্নী হিচাপে ৰাখিলে ।তেতিয়াৰ পৰাই চেমখ’ৰৰ ভাষা, নিয়ম-নীতি, গান-বাজনা বাকী ডিমাছাসকলতৈ অলপ বেলেগ হ’ল ৷ নগাসকলৰ Log Drumৰ দৰে চেমচাসকলেও এদুখৰ কাঠ বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে ৷
মাইবাঙত চাকৰি কৰি থকা দিনত সঘনাই চেমখ’ৰলৈ যাব লগা হৈছিল ৷ নগা আৰু ডিমাছা সকলৰ মাজত সংঘাত চলিছিল ৷ চেমখৰ অতি আওহতীয়া গাওঁ। ঘৰবোৰ সৰু সৰু ৷ ঘৰ সাজিবলৈ ঠাইৰ অভাৱ ৷ গাওঁখনলৈ গাড়ী নাযায় ৷ গতিকে গাওঁখন তাৰ পৰা অলপ বাহিৰত স্থাপন কৰিবলৈ প্ৰস্তাৱ দিছিলোঁ। কিন্তু চেমচা সকল কোনো কাৰনত মান্তি নহ’ল ৷ কোনোবা এজন ৰজাই বোলে কাঁড় মাৰিছিল ৷ এই কাঁড়পাত য’ত পৰিব চেমচা সকল তাতে বাস কৰিব লাগিব বুলি কৈছিল ৷ ৰজাৰ কাঁড়পাত যেনিবা সেই নিমখৰ পুং থকা আওহতীয়া ঠাইতে পৰিবলৈ পায়নে ? তাৰ পিছত ৰজাই বোলে কৈ থৈ গ’ল - “মই যেতিয়া আৰু এটা জনম ল’ম তেতিয়া মই তোমালোকৰ ওচৰলৈ যাম ৷ তেতিয়াহে তোমালোকে চেমখ’ৰ ত্যাগ কৰিব পাৰিবা ৷" এয়াই শিলৰ খুটি ৷ চেমচা সকলে ৰজা কেতিয়া জনম লয় তালৈ বাট চাই আছে ৷ মোৰ আকৌ ইমাৰজেন্সী ৷ গতিকে মই ক’লোঁ, “ময়েই সেইজন ৰজা, যিজনে কাঁড়পাত মাৰিছিল ৷ আপোনালোকে কথা দিছিল, কথা ৰাখিলে ৷ কথা দিয়া মতে মইও আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ ৷ এতিয়া ব’লক গাওঁখন মুকলি ঠাইত পাতোঁ ৷" চেমচাবোৰে হাঁহিহে দিলে ৷
চেমখৰ ছবিৰ লগত জড়িত সকলোলৈ অভিনন্দন জনালোঁ ৷ ছবিখন নিশ্চয় মনোৰম হ’ব ৷
No comments:
Post a Comment