Friday, 21 May 2021

মৃগনেত্ৰা (আহোম বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা)

মৃগনেত্ৰা
----------------

উত্তৰা শৰ্মা বৰুৱা


বিশাল ৰাজপ্ৰাসাদ, চৌদিশ চিপাহী চন্তৰিয়ে বেৰি আছে৷ প্ৰাসাদৰ সম্মুখত ডাঙৰ হ্ৰদত চৰি আছে শুকুলা হংস৷ কাষত শাৰী শাৰী গছ৷ বৃহৎ বাগিছাত ফুলি আছে নানাৰঙী ফুল জাতিষ্কাৰ হৈ৷

ইচানুপীইইইই…….

ভাঁহি আহিল প্ৰাসাদৰ ওপৰৰ পৰা এটি নাৰী কণ্ঠ৷
ইম্মাআআ……
যেন এটা সংগীতৰ সুৰ বাজি উঠিল সুললিত কণ্ঠৰে এক লহমাৰ বাবে৷
গোলাপৰ মাজত দেখা দিলে এক নাৰী মূৰ্তি৷ কোলাত এটা বগা শহা৷ আসস….যেন গোলাপক যাছিব খুজিছে কোনো অপ্সৰাই আলিংগন, গোলাপৰ সৌন্দৰ্য্যকো ম্লান কৰা সেই মূৰ্তিৰ ৰূপ৷

ল’ৰি আহিল এজাক লিগিৰী, খিলখিলাই হাঁহিৰ সুৰ তুলি বাগী দি দৌৰ দিলে অপ্সৰাই….

নূপুৰৰ ৰুনজুন ধ্বনিয়ে জোকাৰি গ’ল ৰাজপ্ৰাসাদৰ অন্দৰ মহল, যেন দেও দি দি জঁপিয়াই ফুৰিছে কোনো চঞ্চল হৰিণী থমকিব নোখোজেই দুভৰি৷

কুৰংগনয়নী…!

গলগলীয়া পুৰুষ কণ্ঠত থমকি ৰ’ল নূপুৰৰ গৰাকী৷
ডিঙি ঘূৰাই মাত দিলে…. ইপ্পা
কাষচাপি গ’ল পুৰুষ, হাত থ’লে চঞ্চলাহৰিণীৰ মুৰত… ইচানুপী, তই এতিয়া ডাঙৰ হ’লি এনেকৈ কাৰেঙৰ বাগিছাত ঘূৰি ফুৰিলে শোভা নাপায়, তাতকে লিগিৰীহঁতৰ লগতে কাৰেঙৰ ভিতৰত আনন্দ কৰিবি৷

“নাই ইপ্পা, মোৰ বাগিছাৰ ফুলৰ লগত কথা পাতি, পখিলা খেদিয়ে বেছি ভাল লাগে, মই কাৰেঙৰ ভিতৰত ভাল নাপাওঁ৷ মই যামেই যামেই যামেই ” বুলি নূপুৰৰ যাদু তুলি দৌৰ দিলে মনিপুৰৰ ৰাজন জয়সিংহৰ আলাসৰ লাডু “কুৰংগনয়নী৷ ”

ৰাজপ্ৰাসাদত মন্ত্ৰী পাৰিষদৰ লগত ৰাজ্যাধিপতি জয়সিংহ আলোচনাত নিমগ্ন৷ উৎকণ্ঠিত সকলো কি আদেশ দিয়ে“মহাৰাজে৷ ”
ধীৰে ধীৰে উচ্চাৰিত হ’ল ৰাজন জয়সিংহৰ মুখৰে, “নাই আৰু ভেটিবলৈ বল কমি আহিছে মনিপুৰৰ, আহোম ৰাজ্যলৈ কটকী পঠোৱাৰ দিহা কৰক মন্ত্ৰী, স্বৰ্গদেউৰ সহায় অবিহনে মনিপুৰৰ নিৰাপত্তা অসম্ভৱ৷ ” আদেশ দি ৰাজসভা ত্যাগ কৰিলে ৰাজন জয়সিংহই৷

অন্তেষপুৰত চিন্তিত ৰজা জয়সিংহ৷ সীমিত শক্তিৰে বাধা দিব পৰা নাই মান সৈন্যক৷ প্ৰজাসকলৰ লগতে অপ্সৰা যেন জীয়াৰী কুৰংগনয়নীক লৈ চিন্তাত টোপনি হৰিল ৰজাৰ, অত্যাচাৰী মানৰ কবলত পৰিলে কি হ’ব আলাসৰ লাড়ু কুৰংগনয়নীৰ৷ আস! কোনোপধ্যেই এয়া হ’বলৈ দিব নোৱাৰি৷ ওৰে নিশা চিন্তিত হৈ পুৱাই দৰবাৰ তলব কৰিলে মহাৰাজ জয়সিংহই৷

“আহোম ৰাজ্যলৈ কটকী পঠোৱা হ’লনে মন্ত্ৰীবৰ?”

“হয় মহাৰাজ নিশাই কটকীক পত্ৰ সহিত আহোম ৰাজ্যলৈ প্ৰেৰন কৰা হ’ল৷”

ৰাজদৰবাৰত আলোচনা চলি থাকোঁতেই চন্তৰিয়ে খবৰ দিলেহি উধাতু খাই,

মান আহি মনিপুৰৰ ভিতৰ সোমালহি৷ উপায়ন্তৰ মনিপুৰি ৰজাই তৎক্ষনাত সিদ্ধান্ত লৈ সপৰিবাৰে ত্যাগ কৰিলে মনিপুৰ৷ থিতাপি ল’লেহি কাছাৰ দেশত৷
*************************************
আহোম ৰাজসভা৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ উপবিষ্ট সিংহাসনত৷ চাৰিউকাষে বহি আছে মন্ত্ৰী, সেনাপতিকে আদি কৰি পাৰিষদবৰ্গ৷ আদেশ দিলে স্বৰ্গদেউৱে মনিপুৰৰ কটকীক ৰাজসভালৈ আনিবলৈ৷ আঁঠুলৈ কটকীয়ে স্বৰ্গদেউক জনালে মনিপুৰি ৰজাৰ সম্ভাষণ৷ স্বৰ্গদেউৰ আজ্ঞা লৈ কটকীয়ে মনিপুৰী কটকীয়ে কৈ গ’ল মনিপুৰ ৰাজ্যৰ দুদৰ্শা৷ কিদৰে মান সেনাক ভেটিবলৈ অপাৰগ হৈ আহোম সেনাৰ সহায় বিচাৰিছে মনিপুৰী ৰজাই৷

সকলো বতৰা লৈ স্বৰ্গদেউৱে আদেশ কৰিলে সসন্মানে কটকীক আশ্বাসৰ বাতৰি দি ওভটাই পঠাবলৈ৷

কটকী বিদায় দি স্বৰ্গদেউৱে মন্ত্ৰী গেন্ধেলা বৰুৱা আদেশ কৰিলে মনিপুৰলৈ ৰণুৱা পঠাই মনিপুৰক মানৰ হাতৰ পৰা উদ্ধাৰৰ নিমিত্তে৷
আদেশ পালি হৰনাথ ভিতৰুৱাল ফুকনক সেনাপতি পাতি মানক ৰুধিবলৈ মনিপুৰলৈ সেনা পঠোৱাৰ দিহা হ’ল, চমুবাট ধৰি চৰাইদেউ পাহাৰৰ মাজেৰে হাবি জংঘল কাটি সেনা আগবাঢ়োতেই নৰিয়াত পৰি, সাপে খাই বহু সেনাৰ মৃত্যু হোৱাৰ বতৰাই স্বৰ্গদেউক বাধ্য কৰিলে মনিপুৰ গৈ নাপাওঁতেই বাকী থকা বাকী থকা ৰণুৱা ঘূৰাই আনিবলে৷ যুঁজ নোহোৱা যুঁজখনৰ নাম ৰৈ গ’ল “লতাকটা ৰণ৷”
ইফালে আহোম সেনা গৈ নোপোৱাত মনিপুৰৰ বল টুটি আহিল মানক ভেটিবলে কাৰেং এৰি কাছাৰ দেশত থিতাপি লোৱা মনিপুৰি ৰজাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ ঘনে বাৰ্তা আহিল৷
এইবাৰ স্বৰ্গদেউৱে গেন্ধেলা বৰুৱাক সেনাপতি পাতি পুনৰ মনিপুৰ ৰক্ষাৰ বাবে সহায় পঠিয়ালে৷ সেনাপতি বাব লৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱা নাম লোৱা সেনাপতিয়ে ৰহাতে মন্মথ নগা বৰাৰ নেতৃত্বত দহহেজাৰ সৈন্যৰ দল ৰজা জয়সিংহক দি আগুৱাবলৈ দিলে৷ “মিৰাপ” নদীৰ কাষতে কোঁঠ মাৰি মনিপুৰলে আগুৱাই গ’ল আহোম সেনা৷ হিলদল ভাঙি আহোম সেনা অহাৰ বতৰা পাই মান সেনাই মনিপুৰ এৰি পলাই পত্ৰং দিলে৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ কৃপাত মনিপুৰ ৰাজ জয়সিংহই সিংহাসন ঘূৰাই পালে৷ কৃতজ্ঞ হ’ল আহোম ৰজাৰ ওচৰত৷
এই উপকাৰৰ কৃতজ্ঞতা জনাবলৈ কিন্তু ৰজা জয়সিংহই নাপাহৰিলে৷


No comments:

Post a Comment