ঈশ্বৰ শ্ৰীকৃষ্ণ আৰু পিতামহ ভীষ্মৰ মাজত কথোপকথন-
কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰৰ মাজ মজিয়াত পিতামহ ভীষ্ম শৰ শয্যাত পৰি আছে৷
মৃত সৈনিকৰ গলিত মাংসৰ দুৰ্গন্ধ,নিশাচৰ মাংসাহাৰী জীৱৰ কৰ্কশ আস্ফালনে পিতামহক ব্যাকুল কৰি তুলিছে৷
বহু মহাবীৰক পৰাজয় কৰা পিতামহ আজি কাম নোহোৱা পচা কাঠৰ দৰে পৰি আছে৷
পিতামহৰ কৌৰৱ পাণ্ডৱলৈ বৰকৈ মনত পৰিছে,
নিজৰ বীৰগাথা সমুহো আজি পিতামহৰ মনত পৰিছে৷
আজি পিতামহ অকলশৰীয়া, পিতামহৰ স্মৃতি ৰৈ গ’ল,মনতে স্মৰণ কৰিলে-
"কৃষ্ণ"
হঠাৎ নিশাচৰৰ চিঞৰ বন্ধ হ’ল,কুৰুক্ষেত্ৰ ৰণভুমিৰ দুৰ্গন্ধ নোহোৱা হ’ল,এক দিব্য সুগন্ধ পিতামহৰ নাকত লাগিল, এখন কোমল হাত পিতামহৰ কপালত অনুভৱ কৰিলে,পিতামহৰ সকলো দুখ নোহোৱা হৈ গ’ল,
ভীষ্মঃ কেশৱ,তুমি নেকি?
শ্ৰীকৃষ্ণঃ হয়, পিতামহ, মোক মাতিছিলে৷
ভীষ্মঃ হয়,কেশৱ,
শ্ৰীকৃষ্ণঃ পিতামহ, আজি প্ৰথম বাৰলৈ আপোনাক চিন্তাত থকা দেখিছো৷
ভীষ্মঃ কেশৱ, আজি মনলৈ বহুত প্ৰশ্ন আহিছে,কিন্তু উত্তৰহীন মই৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপোনাৰ এই দাস থাকোতে চিন্তা নকৰিব,মোক সোধক মই উত্তৰ দিম৷
ভীষ্মঃ কেশৱ, দাস বুলি কৈ লজ্জিত কিয় কৰা,মইহে তোমাৰ চৰণলৈ আহিছো উত্তৰ বিচাৰি, গতিকে মইহে দাস৷
(শ্ৰীকৃষ্ণই হাঁহিলে৷)
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি এনেকৈ থাকিলে, প্ৰশ্নৰ উত্তৰ জানো পাব,
ভীষ্মঃ কেশৱ, মই পাহৰিছিলোৱেই, কেশৱ মোৰ প্ৰথম প্ৰশ্ন, মোৰ এই দশা এই জীৱনত কিয় হ’ল৷
শ্ৰীকৃষ্ণঃ পিতামহ, ইয়াৰ কাৰণো আপুনিয়েই,
ভীষ্মঃ কেশৱ, মই বুজা নাই৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি কৌৰৱে পাণ্ডৱৰ ওপৰত কৰা অন্যায়ৰ এবাৰো বিৰোধ নকৰিলে।
ভীষ্মঃ কেশৱ, মই হস্তিনাপুৰৰ অদম্য প্ৰহৰীহে মাথো,এই ক্ষেত্ৰত মইতো কোনো দিনে পাছপৰা নাই৷
শ্ৰীকৃষ্ণঃ পিতামহ, নিঃসন্দেহে আপুনি সঠিককৈ কৰ্তব্য পালন কৰিলে,কিন্তু আপোনাৰ এটা ভুল ধাৰণাই কৰ্তব্যৰ ৰূপ ল’লে৷
ভীষ্মঃ কেশৱ, ভুল ধাৰণা? বুজাই কোৱাচোন,
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি অদম্য প্ৰহৰী হয়, লগতে এজন অভিভাৱকো হয়। এই ৰাজ্যৰ ৰজা, প্ৰজা, কৌৰৱ, পাণ্ডৱ সকলোৰে৷
এজন সুচতুৰ প্ৰহৰীয়ে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে যিকোনো প্ৰৰ্যায়লৈ যাব পাৰে, পিতামহ, আপুনি কৌৰৱ পাণ্ডৱে নিচুকণি গীত শুনাৰ বয়সৰ আগতেই জানিছিল,
শুকুণিৰ লেতেৰা উদ্দেশ্যৰ কথা৷
ভীষ্ম: কেশৱ, হয় মই জানিছিলো, কিন্তু মই নিৰুপায় আছিলো, নিৰুপায় জানো ভুল হয়৷
শ্ৰীকৃষ্ণঃ পিতামহ,সকলো বস্তুৰে উপায় আছে,
আপুনি শুকুনিক ৰখাব লাগিছিল, শুকুনিক আপোনাৰ বীৰত্বৰে সৰু ৰাজ্য হ’লেও জয় কৰি দান দিব লাগিছিল, যদি এনেকুৱা কৰিলেহেতেঁন শুকুনিয়ে কৌৰৱ ৰাজ্যকে আক্ৰমণ কৰি জাহ গ’ল হেতেঁন৷
দ্বিতীয়তে, আপুনি ধৃতৰাষ্ট্ৰক আদেশ দিব পাৰিলেহেতেঁন, নহ’লে অনুৰোধেই কৰিব পাৰিলেহেতেঁন শুকুনিক আতঁৰাবলৈ৷
তৃতীয়তে, কৌৰৱ পাণ্ডৱৰ গাখীৰ দাঁত নসৰোতেই আপুনি জানিছিল, কৌৰৱৰ হিংসাৰ কথা৷ পিতামহ হিচাপে তেওঁলোকক আপুনি বুজাব পাৰিলেহেতেঁন, আদেশ দিব পাৰিলেহেতেঁল৷
চতুৰ্থতে, শকুনিৰ গান্ধাৰ ৰাজ্য দখল কৰোতেও কৌৰৱক আপুনি বাধা দিব পাৰিলেহেতেঁন৷
শুকুনিৰ প্ৰতিশোধৰ জুইৰ ফল কুৰুক্ষেত্ৰ,
পঞ্চম, আপুনি পাশা খেল ৰখাব পাৰিলেহেতেঁন, কৌৰৱক আন খেল খেলিবলৈ ক’ব পাৰিলেহেঁতেন, কাৰণ শকুনি পাশা আৰু অন্যায়ৰ খেলত পাৰ্গত বুলি আপুনি জানিছিল।
মই যেতিয়া শান্তি বাৰ্তা লৈ কৌৰৱ সভালৈ গৈছিলো আপুনি সেই প্ৰস্তাৱ স্বীকাৰ কৰিব পাৰিলেহেতঁন,
আপোনাৰ লগত সকলোৱেই সহমত হ’লহেতেঁন,
বাছি থাকিলহেতেঁন দুৰ্যোধন, দুশাসন আৰু শকুনি,
এওঁলোকে অকলে একোৱেই কৰিব নোৱাৰিলেহেতেঁন৷
পিতামহ, আপুনি বহু ক্ষেত্ৰত নীৰৱ দৰ্শক হৈ চাই থাকিল। পিতামহ, জন্মান্ধ ধৃতৰাষ্ট্ৰৰ দুই চকু হৈও আপুনি প্ৰহৰীৰ ভুমিকাত অটল থাকিলেহেতঁন৷
পিতামহ, আপুনি সকলো জানিও অধৰ্মকেই ধৰ্ম মানি সংগ দিলে৷ সেই বচনেই নিৰৰ্থক যি ধৰ্ম বিপক্ষ হয়৷
আপোনাৰ সকলো ভুলেই একোপাত শৰ হৈ আপোনাৰ এই দশা কৰিলে পিতামহ৷
আপোনাৰ দুৰ্বল ভুমিকাই,আপোনাক আজি দুৰ্বল কৰিলে পিতামহ, যেনে কৰ্ম তেনে ফল৷
ভীষ্মঃ কেশৱ,মই বুজিলো, মোৰ ভুল ক’ত হ’ল, কিন্তু তুমি স্বয়ং ঈশ্বৰ, তুমি কিয় কুৰুক্ষেত্ৰ হ’বলৈ দিলা৷
(শ্ৰীকৃষ্ণই পুনৰ হাঁহিলে৷)
শ্ৰীকৃষ্ণঃ পিতামহ, মই যুদ্ধখনত নাছিলোৱেইচোন,
ভীষ্মঃ কেশৱ, তোমাৰ পকোৱা কথা বুজিবলৈ টান,
কেশৱ, বুজাই কোৱাচোন৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপোনাৰ ব্ৰহ্মপ্ৰতিজ্ঞালৈ, গান্ধাৰ আক্ৰমণলৈ, পাণ্ডৱ কৌৰৱৰ মাজত ল’ৰালিৰ সংঘাত, শুকুনিক ৰাজ মন্ত্ৰী সভাত স্থান, ইত্যাদি ইত্যাদি সকলো ঘটনাক্ৰমত মই আছিলো জানো?
ভীষ্মঃ কেশৱ, তেতিয়া তুমি নাছিলা কিন্তু পাচতটো আছিলা, পাছতো পাৰিলাহেতেঁন৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি পাশা খেলৰ কথাই চাওক। যুধিষ্ঠিৰে মোক বচনত বান্ধি পাশালৈ যোৱাৰ বাট বন্ধ কৰিলে, মই এইটো আশাত ৰৈ আছিলো, কোনোবাই মোক মাতক মই পাণ্ডৱক জয়ী কৰাও, নাই কোনেও নামাতিলে, শেষত পাঞ্চালীয়ে মোক আৱাহন কৰিলে,
মই তৎক্ষণাত উপস্থিত হ’লো৷
আপুনিয়েই কওঁক পিতামহ, শকুনিৰ বিপৰীতে মই পাশা খেলিলোহেতেঁন কোন জয়ী হ’লহেতেঁন?
ভীষ্মঃ কেশৱ, সেইটো হয়,তাৰ পাছতো তুমি নিশ্চয় পাৰিলাহেতেঁন৷
শ্ৰীকৃষ্ণঃ পিতামহ, পাণ্ডৱে মোক নোসোধাকৈয়ে সকলো প্ৰতিজ্ঞা কৰিলে৷ যদি মোক সুধিলেহেতেঁন মই আন উপায় নিদিলোহেতেঁন জানো?
তাৰোপৰি, পাণ্ডৱ বনবাসত অতবছৰ আছিল, তেতিয়া দুৰ্যোধন আৰু শকুনিয়ে মিলি নানান ষড়যন্ত্ৰৰে অনিষ্ট কৰিছিল৷
পাণ্ডৱে বিৰোধ তেতিয়াও কৰা নাছিল, তথাপিটো বনবাসতো অন্যায়, অপমানৰ সন্মুখীন হ’ল৷
দুৰ্যোধন আৰু শকুনিক আপোনালোক মহাত্মা সকলে ৰখাব পাৰিলেহেতেঁন৷
মইতো সেই সময়ত পাণ্ডৱক সুৰক্ষা দিছিলো, বন্ধু আৰু সমন্ধ হিচাপে এইয়া মোৰ কৰ্তব্য আছিল৷
দুৰ্যোধন আৰু শকুনি আৰু কুৰু কুমাৰ সকলে পাণ্ডৱৰ সৰ্বস্ব কাঢ়ি লৈ, পাণ্ডৱক নিজৰ অধিকাৰৰ বাবে বিদ্ৰোহ কৰিবলৈ সৰুৰে পৰা বিভিন্ন প্ৰক্ৰিয়াৰে উচতাইছিল৷
পাণ্ডৱৰ দুৰ্দশা দলনিৰ পোনাৰ দৰে হৈছিল, ভক্ত আৰু সখা সংকটত থাকিলে ৰক্ষা কৰাতো মোৰ দায়িত্ব পিতামহ৷
ভীষ্মঃ কেশৱ, তুমি থিকেই কৈছা, এতিয়াও মই সন্তুষ্ট নহ’লো,কুৰুক্ষেত্ৰ হ’লেই বা কিয়?
শ্ৰীকৃষ্ণঃ পিতামহ, পাণ্ডৱৰ পক্ষৰ পৰা নানা প্ৰকাৰে শান্তি বাৰ্তাই প্ৰেৰণ হৈছিল৷ কিন্তু দুৰ্যোধন আৰু শকুনিয়ে প্ৰত্যাখান কৰি পাণ্ডৱক দুৰ্বল বুলি উপহাস কৰিছিল৷
আনকি স্বয়ং মোৰ এটা কথাও কৌৰৱে শুনা নাছিল,
কৌৰৱৰ হিংসাৰ অগ্নিয়েই কুৰুক্ষেত্ৰৰ ৰণৰ পটভুমি আছিল পিতামহ। তাৰোপৰি, দুই পক্ষই সিন্ধান্ত নিজেই লৈছিল, মোক মাত্ৰ যি উপায় আৰু কাম সফলৰ কৌশল সুধিছিল, মই তাকেই কৰিছিলো পিতামহ।
মইতো কুৰুক্ষেত্ৰত অস্ত্ৰ নুঠোৱাৰ পণ লৈছিলো৷
পাণ্ডৱ আৰু কৌৰৱে যুদ্ধৰ তাৰিখ প্ৰযন্ত নিজেই ঠিক কৰিছিল, মোক মাত্ৰ কি কৰিলে যুদ্ধত জয়ী হ’ব পাৰি তাকেহে সুধিছিল।
মই তাৰেই উত্তৰ দি গৈছিলো পিতামহ। শেষত দুৰ্যোধন আৰু অৰ্জুনে নিজৰ অজ্ঞান আৰু জ্ঞানেৰে,
মোৰ ১৩ অক্ষৌহিণী নাৰায়নী সেনা আৰু মোক পক্ষ লোৱালে পিতামহ৷
সেইমতে মোক অৰ্জুনে নিজেই ৰথৰ সাৰথি কৰিলে৷
সাৰথিৰ কাম হ’ল, গৰাকীৰ সৰ্ব সুৰক্ষা, সঠিক দিশ প্ৰদান কৰা৷
অৰ্জুন যেতিয়া বিচলিত হৈছিল, তেতিয়া মোক ইয়াৰ মাৰ্গ বিচাৰিছিল, সাৰথি ধৰ্ম অনুসৰি অৰ্জুনক গীতা জ্ঞানেৰে মাৰ্গ দেখুওৱালো৷
যেতিয়া যেতিয়া অৰ্জুন পৰাজয় হৈছিল তেতিয়াহে অৰ্জুনে মোক উপায় বিচাৰিছিল, তেতিয়াই অৰ্জুন অৰ্থাৎ গৰাকীৰ সুৰক্ষা কৰা সাৰথি ধৰ্ম অনুসৰি উপায় দিছিলো৷
আপুনিয়েই কওক পিতামহ মই ক’ত আছিলো, মই চোন নাইয়েই৷
মোৰ ওচৰলৈ যি আহিল তেওঁ যি বিচাৰিলে তাকেইহে মই দিলো৷ ইয়াত মোৰ নিজস্বতা ক’ত আছিল পিতামহ?
ভীষ্মঃ কেশৱ, তুমিটো সকলোৰে আত্মাত বাস কৰা, তুমি সকলো দেখি আছিলা, তথাপিটো....
শ্ৰীকৃষ্ণঃ পিতামহ, মই সকলো চাই আছো বুলি যদি কোনোবাই এবাৰ ভাৱিলেহেতেঁন, কুৰুক্ষেত্ৰ হ’লহেতেঁন জানো? অৰ্জুনেও নাভাৱিলে, অৰ্জুনক মইয়ে গীতা জ্ঞান আৰু বিশ্বৰূপেৰে সকলো বুজালো, শেষতহে বুজিছে৷
ভীষ্মঃ কেশৱ, মই বুজিলো, কোনো কাৰ্য্যত ঈশ্বৰে দখল নিদিয়ে, সকলো মনুষ্যই কৰে, ঈশ্বৰে মাথো দিশ দেখুওৱাই, ফল দিয়ে৷
(শ্ৰীকৃষ্ণই হাঁহিলে)
শ্ৰীকৃষ্ণঃহয়, পিতামহ৷
No comments:
Post a Comment