অভিশপ্ত গৱেষণাগাৰ
অৰুণাভ খাউণ্ড
বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ পুৰণি চৌহদটোৰ কাষেৰে পাৰ হৈ গ’লে সেই বীভৎস নিশাটোৰ কথা মনত পৰি মোৰ গাটো আজিও শিয়ৰি উঠে৷নব্বৈৰ দশকৰে কথা৷ তেতিয়া মই ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ মহলৰ ছাত্ৰ৷বন্ধু বিভূতিৰ সৈতে বিশ্ববিদ্যালয়ৰে নাতিদুৰৈৰ ভাড়াঘৰ এটাত মেছ কৰি থাকো৷ আজি মই ক’বলৈ ওলোৱা সেই ঘটনাটো দেৱালীৰ সময়ৰ৷শুক্ৰবাৰে দেৱালী, শণিবাৰে স্থানীয় বন্ধ, পিছদিনা দেওঁবাৰ৷ একেলেথাৰিয়ে তিনিদিনৰ ছুটি৷ পিছে বিভূতিৰে মোৰে গৱেষণাৰ ভালেমান কাম বাকী আছিল৷ সেয়ে আমি বুধবাৰে গোটেই নিশাটো গৱেষণাগাৰত কাম কৰি বৃহস্পতিবাৰে পুৱাই বাছেৰে ঘৰলৈ যোৱাটোকে ঠিৰাং কৰিলো৷ মুৰব্বী অধ্যাপক হাজৰিকা ছাৰেও আমাৰ প্ৰস্তাৱটোত কোনোধৰণৰ আপত্তি নকৰাকৈয়েই মানি লৈ চকীদাৰ ভোগী দাক ঘৰলৈ উভতি যাওঁতে আমাৰ ভাড়াঘৰত চাবিটো দি যাবলৈ ক’লে৷ ছাৰৰ কথাত ভোগী দাই প্ৰথমে অলপ থেৰোগেৰো কৰিছিল৷ছাৰে ভোগী কিবা অসুবিধা হ’ব নেকি বুলি সোধাত পিছে তেওঁ তেনেকৈ একো নকলে৷ গধূলি ভোগী দাই আমাৰ ভাড়াঘৰত চাবিটো গতাই দি তোমালোকে কামখিনি অলপ সাৱধানে কৰিবা আৰু কিবা অসুবিধা হ’লে ওচৰৰে কোৱাৰ্টাৰৰ দাস কেৰাণীক ক’বা বুলি আমাৰ পৰা বিদায় ল’লে৷ গধূলি আঠমান বজাত ভাতকেইটা খাই বিভূতি আৰু মই ৰসায়ন বিজ্ঞান বিভাগলৈ ওলালো৷ বাহিৰত তেতিয়া কিনকিনকৈ এজাক ছাগলী খেদা বৰষুণ দি আছিল৷ মই দৰ্জাখন মাৰি বিভূতিক ৰিঙিয়ালো,"ঐ দোস্ত ছাটিটো লৈ ল’বি"৷
নৱেম্বৰ মাহ৷পাতল বৰষুণজাকে ঠাণ্ডাটো অলপ বঢ়াইছেও৷ মই মাৰফলাৰখন কাণে-মূৰে মাৰি ল’লো৷ঠাণ্ডা সোমাই পানী লগা জ্বৰ হ’লে ঘৰলৈ যোৱা মুদা মৰিব৷ ষ্ট্ৰীট লাইটৰ পোহৰেৰে উদ্ভাষিত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু আবাসিক এলেকা পাৰ হৈ আমি আমাৰ বিভাগটোত উপস্থিত হ’লোহি৷আমাৰ বিভাগটো কিছু আওঁহতীয়া, বিশ্ববিদ্যালয়ৰ একেবাৰে আনটো মুৰত, আবাসিক এলেকাৰ পাৰ হৈ, কোনোধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই৷ প্ৰচণ্ড আন্ধাৰত অকলশৰীয়াকৈ ঠিয় হৈ থকা দুমহলীয়া পুৰণি ৰসায়ন বিজ্ঞানৰ বিভাগটো সেইদিনা মোৰ কিছু আচহুৱা যেন লাগিছিল৷ আমাৰ গৱেষণাগাৰটো দুমহলাৰ ওপৰত৷ তিনিবেটেৰীয়া টৰ্চলাইটো জ্বলাই মই বিভূতিক বিভাগৰ গেটখন খুলিবলৈ ক’লো৷ হঠাৎ মোৰ এনে লাগিল যেন মোক ওপৰৰ গৱেষণাগাৰৰ খিৰিকীখনৰে কোনোবাই চাই আছে, এক অজান আশংকাত মোৰ গাটো শিয়ৰি উঠিল৷ মনৰ ভ্ৰম বুলি নিজকে বুজাই বিভূতিৰ সৈতে চিৰি বগাই গৱেষণাগাৰৰ ভিতৰত সোমালো৷ কোঠাৰ লাইট কেইটা জ্বলাই মই মোৰ গৱেষণাৰ সৈতে জড়িত ব্যৱহাৰিক কামখিনি কৰিবলৈ আৰম্ভ কৰিলো৷ প্ৰায় আধাঘন্টামান পাৰ হৈ গ’ল শ্বেলফৰ বাৰ্ণাৰ কেইটাত বিভূতিয়েও কিবা কিবি চেম্পল গৰম কৰি আছে৷ হঠাৎ ভমকৈ হোৱা শব্দ এটা আৰু বিভূতিৰ চিঞৰত মই উচপ খাই পিছলৈ ঘুৰি চালো৷ বিভূতিৰ হাতৰ টেষ্ট টিউৱটোত জুই লাগিছিল৷ সি উচপ খাই টেষ্ট টিউৱটো মজিয়ালৈ দলিয়াই দিলে৷খটংকৈ শব্দ এটা হৈ টেষ্টটিউৱৰ চেম্পলখিনি মাটিত বাগৰি পৰিল৷গোটেই কোঠাটোৰ বতাহত পোৰাপোৰা গোন্ধ৷ মই দৌৰি গৈ বিভূতিৰ ওচৰ পালো, "ঐ বিভূতি, টেষ্ট টিউবত কেনেকৈ জুই লাগিল৷" "জানো পাই মইচোন প্ৰট’কল মতেই কৰিছিলো৷ চেম্পলত ছ’ডিয়াম এছিটেট আৰু পটেছিয়াম হাইড্ৰক্সাইড দি হে গৰম কৰিছিলো৷ কেনেকৈ বা জুই লাগিল৷একো উৱাদিহেই নাপালো৷ " অলপ নাৰ্ভাছ যেন হৈ বিভূতিয়ে ক’লে৷ "তই চাগৈ ছ’ডিয়াম হাইড্ৰক্সাইড বুলি ইথানল দি গৰম কৰি দিলি৷ ন’হলে কেনেকৈ নো জুই লাগিব৷ হ’ব দে অলপ সাৱধানে কৰ৷ গোটেই ৰাতিটো পৰি আছে৷ বৰ লৰালৰি নকৰিবি৷" "জানো পাই মোৰ ছেলফট চোন ইথানল নায়েই৷ হ’ব দে টেষ্টটো আকৌ ৰিপিট কৰো৷ " বিভূতিৰ কাষৰ পৰা আতৰি আহি মই ছাক্সলেট এপাৰেটাছটো চলাই দিলো৷ প্ৰায় পোন্ধৰমিনিটমান পাৰ হৈছিল৷ হঠাৎ কোঠাৰ লাইট কেইটা বাৰে-বাৰে ধিপধিপাবলৈ আৰম্ভ কৰিলে৷সিফালৰ পৰা বিভূতিয়ে চিঞৰিলে, " ঐ দোস্ত লাইট কেইটাৰ আকৌ কি হ’ল৷ "ভল্টেজৰ প্ৰৱলেম হ’বলা৷সোনকালে কাম শেষ কৰিম বুলি আহিছিলো৷ এতিয়া আকৌ কাৰেন্ট ন’গলেই হ’ল৷ " মই ভোৰভোৰালো৷ মোৰ কথা প্ৰায় শেষ ন’হলেই খিটিককৈ শব্দ কৰি লাইটকেইটা নুমাই থাকিল৷ "ধেৎ চাল্লা, এইটোহে হ’বলৈ বাকী আছিল৷ তয়ো মানে মানুহটো মানে একদম কুফা৷ কাৰেন্ট যোৱাৰ কথা কৈছিলি হে৷সঁচাসঁচিকৈয়ে গ’ল বাপ্পেকে৷ "বিভূতিৰ কথাত মোৰ পেটে পেটে হাঁহি উঠিল,"হ’ব দে, এতিয়া আৰু কি কৰিবি অলপ সময় ৰৈ দিও৷বেছি দেৰি হ’লে ৰূমলৈ গুচি যাম৷ "টৰ্চটো জ্বলাই হাতঘড়ীটো চালো৷ নিশা প্ৰায় দহ বাজিছে৷ এইবাৰ কাৰেন্টৰ অপেক্ষাত টুল এখনতে বহি মই পৰ দিবলৈ ধৰিলো৷কিমান সময় জানো পাৰ হৈ গ’ল৷ হঠাৎ ম’হৰ কামোৰণিত খকমককৈ সাৰ পাই গ’লো৷ হয়তো বহি থাকোতেই চকু লাগিছিল৷মোৰ কাষৰে টুল এখনত বহি বিভূতিয়ে নাক বজাই আছিল৷ "এই বিভূতি,বিভূতি" মই বিভূতিক হেচুকি জগাই দিলো৷ "চাল্লা বহি বহিয়েই টোপনি গুচি গ’লো৷" দীঘলকৈ এঙামুৰি এটা দি বিভূতিয়ে ক’লে৷তেতিয়ালৈকে কাৰেণ্ট অহাই নাছিল৷ টৰ্ছ লাইটটো জ্বলাই আকৌ হাতঘড়ীটো চালো৷১ বাজি ৪৫ মিনিট৷ বাহিৰত তেতিয়া মূষূলধাৰে বৰষুণ দি আছিল৷ মাজে-মাজে প্ৰচণ্ড ধেৰেকণি আৰু চকু চাত মাৰি যোৱা বিজুলী৷ "দোস্ত এতিয়া আৰু ৰূম যোৱা ন’হব৷ এইজাক বৰষুণৰ পৰা ছাতিটোৱে বচাব নোৱাৰে৷ৰাতিটো এনেকৈয়ে কটাব লাগিব৷একো কামো ন’হল৷ আজি নহা হ’লেই ভাল আছিল" "হুমম ঠিকেই কৈছ৷এনেই মিছা-মিছিকৈ কষ্টখন কৰিলো৷ বিভূতিয়ে ক’লে৷তেনেতে দুৰৈৰ পৰা কুকুৰৰ কান্দোন ভাহি আহিল৷ মাতটো কিবা আচহুৱা যেন কিবা দেখি ভয়হে খাইছে৷দিনটো মানুহেৰে গিজগিজাই থকা আমাৰ বিভাগটোৰ ৰাতিৰ এই নিজান পৰিবেশটো মোৰ প্ৰথমৰ পৰাই কিবা হজম হোৱা নাছিল৷ তাতে এই মাজনিশাখন কুকুৰৰ কান্দোন শুনি মোৰ সামান্য ভয়ো লাগিল৷ "ঐ বিভূতি প্ৰফেচৰ কলনিৰ ফালে কুকুৰকেইটাই ইমান বেয়াকৈ কান্দিছে৷ মোৰ কিবা ভয়হে লাগিছে৷কিবা বেয়া বস্তু দেখা নাইতো৷ "হেই এইটো৷এই ৰাতিখন কিনো অমংগলীয়া কথাবোৰ কৈ থাক৷"বিভূতিয়ে ভেকাহি মাৰি ক’লে৷ বিভূতিৰ ভয়টো মোতকৈও বেছি৷সি ভয় খাব বুলি মই বিশেষ একো নকলো৷ বিভূতিয়ে বতৰটোৰ আলেখলেখ চাই খিৰিকীৰ কাষত ৰৈ আছিল৷ হঠাৎ সি মোক চিঞৰিলে,"ঐ এইফালে চাচোন৷গেটৰ বাহিৰত কোনোবা এটা ৰৈ আছে৷ চোৰ তোৰ নহয়তো৷ মই টৰ্চটো মাৰি বাহিৰলৈ জুমি চালো," ক’তা একোৱেই নাইচোন৷তোৰ কিবা ভ্ৰম হ’ল চাগৈ৷ " হঠাৎ তলৰ চিৰিটোৰ পৰা কাৰোবাৰ খোজৰ শব্দ ভাহি আহিল৷ মই কিবা কোৱাৰ আগেয়ে বিভূতিয়ে মোক মনেমনে থাকিবলৈ ইংগিত দিলে৷ আমাৰ কোঠাৰ ওচৰ পায় শব্দটো পুনৰ নাইকিয়া হৈ গ’ল৷ অন্ধকাৰ চৌহদটো এইবাৰ পুনৰ নিৰবতাত বুৰ গ’ল৷ "ঐ সেইটো কি আছিল৷বিভূতিয়ে চেপা মাতেৰে শুধিলে৷ "মোৰো ইতিমধ্যেই ভয় লাগিবলৈ আৰম্ভ কৰিছিল৷ মই মাত্ৰ লাহেকৈ মুৰটো জোকাৰি সেপধুকিলো৷ কিবা পোৰা-পোৰা গোন্ধ এটাৰে ৰূমটো ভৰি পৰিল৷ বিভূতিয়েও নাকত ৰূমাল ল’লে৷ "ঐ সেইফালে সেইটো কি? "বিভূতিয়ে আতংক মিহলি কন্ঠেৰে শুধিলে৷ বিভূতিয়ে আঙুলিৱো দিশত মই টৰ্চটো মাৰি দিলো৷ টৰ্চৰ পোহৰত মই যিটোহে বীভৎস দৃশ্য দেখিলো সেয়া মই হয়তো জীৱনৰ শেষ মূহূৰ্তলৈকে নাপাহৰো৷ খিৰিকীৰ কাষৰ বাৰ্ণাৰটোৰ কাষত ঠিয় হৈ ৰৈ আছিল এজন অগ্নিদগ্ধ যুৱক৷ যুৱকৰ গোটেই শৰীৰত জুয়ে পোৰা দাগ আৰু মুখমণ্ডলত অৰ্দ্ধগলিত মঙহ৷ যুৱকে আমাৰ ফালে চাই এটা কুটিল হাঁহি মাৰিলে৷ প্ৰায় আধামিনিটমানৰ বাবে মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো৷ "ঐ এইটো কোনো মানুহ নহয়,পলা৷ " বিভূতিৰ আৰ্তনাদ শুনি মই যেন জ্ঞান হে ঘুৰাই পালো৷ আগপিছ নুগুনি ময়ো বিভূতিৰ পিছে-পিছে দৌৰিবলৈ ধৰিলো৷ গৱেষণাগাৰৰ দুৱাৰখনলৈ এশ মিটাৰ মান থাকোতেই হঠাৎ মই আন্ধাৰে-মুন্ধাৰে কিহবাত উজুটি মাৰি হামখুৰি খাই পৰিলো৷ উঠিবলৈ লৈয়ো প্ৰচণ্ড বিষত কেকাই উঠিলো৷হয়তো ভৰিখন ভাগিল৷ ইতিমধ্যেই বিভূতি দৌৰি চিৰিৰ ওচৰ পাইছিল৷ মোৰ কেকনি শুনি সি পুনৰ আমাৰ গৱেষণাগাৰৰ ফালে দৌৰ দিলে৷ হঠাৎ প্ৰচণ্ড শব্দ কৰি গৱেষণাগাৰৰ দৰ্জাখন বন্ধ হৈ গ’ল৷ বিভূতিয়ে বাহিৰৰ পৰাই চিঞৰি-চিঞৰি দৰ্জাখনত ধকিয়াবলৈ ধৰিলে৷ মই চুচৰি-চুচৰি দৰ্জাখনৰ দিশত আগবাঢ়িলো৷ পৰি থকাৰ পৰাই এবাৰ পিছলৈ ঘুৰি চালো অগ্নিদগ্ধ যুৱকজন মোৰ ফালেই আগবাঢ়ি আহিছে৷ মুখত সেই কুটিল হাঁহিটো আৰু জ্বলন্ত চকুকেইটাত এক অনামী প্ৰতিশোধৰ চাৱনি৷ যুৱকজন মোৰ যিমানেই ওচৰ চাপি আহিছে সিমানেই মোৰ চাৰিওকাষৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে৷ এইযেন কোনোবাই মোক একুৰা জুইৰ মাজলৈহে ঠেলি দিলে৷ লাহে-লাহে কোঠাটোৰ বায়ুখিনিও গধুৰ হৈ আহিল৷ মঙহ পোৰাৰ দুৰ্গন্ধ,গধুৰ আৰু গৰম বতাহ মোৰ উশাহটো ক্ৰমাৎ চুটি হৈ আহিল৷ মই অনুভৱ কৰিলো এখন কঠোৰ হাতে প্ৰচণ্ড জোৰেৰে মোৰ ডিঙিটো চেপা মাৰি ধৰিছে৷ অক্সিজেনৰ অভাৱত যেন মোৰ হাওঁফাওঁখন ফাটি ওলাই হে আহিব৷ মই বুজি উঠিলো, মোৰ শেষ সময় সমাগত৷ চকুলৈ অন্ধকাৰ নামি আহিল৷ এই যেন মই শৰীৰৰ বন্ধনৰ পৰা মুক্ত হৈ মৃত্যুৰ কোলাত ধলি পৰিম৷ তেনেতে নাতিদূৰৈৰ মছজিদৰ পৰা ফজৰৰ আজানৰ সুৰ ভাহি আহিল৷লাহে-লাহে মোৰ ডিঙিৰ ওপৰত চেপা দি থকা গধুৰ হাতখন আতৰি গ’ল, প্ৰায় একে সময়তেই বিভূতিয়ে বাহিৰৰ পৰা মৰা থেলাত গৱেষণাগাৰৰ দুৱাৰখনো খোল খাই গ’ল৷ এজাক শীতল আৰু সতেজ বতাহ কোঠাটোলৈ সোমাই আহিল৷ বিভূতিয়ে প্ৰায় দৌৰি আহি মোক সাবতি ধৰিলে৷ মই দীঘল-দীঘলকৈ উশাহ লৈ বিভূতিৰ কোলাত ধলি পৰিলো৷
মই যেতিয়া চকু মেলো তেতিয়া মই বিশ্ববিদ্যালয়ৰ মেডিকেল ইউনিটৰ বিছনাত৷ কাষত বিভূতি, কেৰাণী দাস দা আৰু হাজৰিকা ছাৰ৷ প্ৰচণ্ড বৰষুণ জাকত তিতি-তিতিয়েই সেইদিনা মোক বিভূতিয়ে দাস দাৰ ঘৰলৈ দাংকোলা কৰি লৈ গৈছিল৷ কিছু সময়ৰ পিছত মেডিকেল ইউনিটৰ কোঠাটোলৈ উচুপি-উচুপি চকীদাৰ ভোগী দা সোমাই আহিল, "বাপু মোক মাফ কৰি দিয়া৷ মোৰ বাবেই তোমাৰ এনেখন অৱস্থা!আচলতে মই কালিয়েই তোমাক কথাটো খুলি ক’ব লাগিছিল৷ "তই এইবোৰ কি কৈছ ভোগী৷"হাজৰিকা ছাৰে প্ৰায় আচৰিত হৈ সুধিলে, "ছাৰ আপোনালোক পঢ়া-শুনা মানুহ৷ হয়তো মোৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পাব৷ সেয়ে মই কথাবোৰ ইমানদিনে কাকো কোৱা নাছিলো৷ আজিৰ পৰা প্ৰায় বিশ বছৰ মানৰ আগৰ কথা৷ তেতিয়া মই নতুন-নতুনকৈ চাকৰিত যোগদান কৰিছো৷ আমাৰ বিভাগতে ৰজনী বৰা বুলি এটা ল’ৰা আছিল৷ল’ৰাটো কিবা খেয়ালী ধৰণৰ৷ কাৰো লগতে বৰকৈ কথা নাপাতে৷ ৰাতি প্ৰায়ে দেৰিলৈকে গৱেষণাৰ কাম কৰে৷ এদিন ৰাতি গৱেষণাগাৰত জুই লাগিল৷ পিছদিনা পুৱা মই আহি দেখো গৱেষণাগাৰৰ পৰা ধোৱা ওলাই আছে৷ ইতিমধ্যেই গৱেষণাগাৰৰ এটা অংশ বেয়াকৈ জ্বলি গৈছিল আৰু ৰজনীৰ অৰ্দ্ধগলিত মৃতদেহটো দৰ্জাৰ ওচৰত পৰি আছিল৷হয়তো সি শেষমূহূৰ্তত দৌৰি পলাবৰ চেষ্টা কৰিছিল৷ কিন্তু নাবাচিলে৷ তেতিয়া গুজৱ ওলাইছিল যে ৰজনীৰ কোঠাত এখন চুইচাইড নোট উদ্ধাৰ হৈছৈ৷ চুইচাইড নোটত লিখা মতে ৰজনীয়ে একেলেথাৰিয়ে কেইবাটাও চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিও চাকৰি নাপায় ডিপ্ৰেছনত ভুগিছিল৷ চাকৰি নোপোৱাৰ অজুহাতত তাৰ প্ৰেয়সীয়ে হেনো তাক এৰি এমাহমানৰ আগেয়ে চিকিৎসক এজনৰ সৈতে বিয়াত বহিছিল৷ এনেবোৰ কাৰণতেই সেইদিনা ৰজনীয়ে শেষ ৰাতিলৈ গৱেষণাগাৰৰ ভিতৰতে নিজকে জ্বলাই দিছিল৷ পিছে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ঘটনাটো দুৰ্ঘটনা বুলিয়েই গাপ দিছিল৷ তাৰ পিছত মাজতে এই গৱেষণাগাৰটোতে নাইট ক্লাছো হৈছিল৷ কিন্তু এনে কিছুমান ঘটনাৰ বাবেই কতৃপক্ষই দুমাহমানৰ ভিতৰতে নাইট ক্লাছো বন্ধ কৰি দিলে৷ "কথাখিনি কৈ ভোগী কায়ে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷ হাজৰিকা ছাৰে সেই বিষয়ে বিশেষ মতামত নিদিলে৷ বিভূতিক মোৰ লগতে থাকিবলৈ কৈ আবেলি পুনৰ আহিম বুলি ছাৰ আৰু দাস দা ওলাই গ’ল৷ আবেলিলৈ বিভূতি আৰু মই মোৰ ম্পৰ্কীয় মামা এজনৰ গাড়ীৰে যোৰহাটৰ আমাৰ ঘৰলৈ ঘুৰি আহিলো৷ মোৰ ভৰিটো ভগা নাছিল কিন্তু বৰ বেয়াকৈয়ে মোছোকা খাইছিল৷ সকলো শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্ত হওঁতে মোক প্ৰায় পোন্ধৰ দিন মান লাগিছিল আৰু সেই কেইদিন মই ছুটী লৈ ঘৰতেই আছিলো৷ সেই অভিশপ্ত গৱেষণাগাৰটো এতিয়াও একেদৰেই আছে৷ দিনৰ বেলা তাত প্ৰেক্টিকেলৰ ক্লাছো হ’য়৷কিন্তু মোৰ ঘটনাটোৰ পিছত হয়তো হাজৰিকা ছাৰৰ অনুৰোধত বিভাগীয় কতৃপক্ষই এক প্ৰশাসনিক নিৰ্দেশ যোগে সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ গৱেষণাগাৰটোত যিকোনো ব্যক্তিৰেই প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল৷
No comments:
Post a Comment