ৰামৰাজ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ
সদিচ্ছা থাকিলে চৰকাৰ এখনে সকলো কামেই সম্ভৱ কৰিব পাৰে। অসমবাসীৰ বহু জল্পনা কল্পনাৰ অন্তত হিমন্ত দা অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু মুখ্যমন্ত্ৰী হৈয়েই অসমৰ সমাজ জীৱনৰ বৰবিহ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে। এই শুভ কামটোৰ শুভাৰম্ভণি কৰিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (IPS) আনন্দ মিশ্ৰই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আনন্দ মিশ্ৰই এই শুভ কামটো আৰম্ভ নকৰা হ'লে কিজানি বিষয়টো চৰকাৰৰ অগোচৰেই থাকি গলহেঁতেন। কিয়নো বহুত চৰকাৰ আহিল আৰু গ'ল, অসমৰ বহু সম্ভাৱনা পূৰ্ণ যুৱক যুৱতীৰ জীৱন আৰু ভৱিষ্যত মাদক দ্ৰব্যৰ প্ৰচলনে ধ্বংস কৰিলে কিন্তু আজিৰ নিচিনাকৈ চৰকাৰ তৎপৰ হোৱা নাছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আনন্দ মিশ্ৰই আৰম্ভ কৰা কামটোৰ প্ৰতি হিমন্ত দাৰ চৰকাৰে পূৰ্ণ সঁহাৰি আৰু সমৰ্থন আগবঢ়াইছে। এনে কামত চৰকাৰৰ সদিচ্ছাই অদূৰ ভৱিষ্যতে অসমীয়া নৱ প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা নিশ্চিত ভাবে ৰক্ষা কৰিব।
বহুতে প্ৰশ্ন উত্থাপন কৰিছে আগৰ চৰকাৰ আৰু চৰকাৰৰ প্ৰশাসনে মাদক দ্ৰব্যৰ বিৰুদ্ধে আজিৰ নিচিনাকৈ কিয় অভিযান চলোৱা নাছিল? জনসাধাৰণৰ মাজত এনে প্ৰশ্নই ক্ৰিয়া কৰাটো নিতান্তই স্বাভাৱিক। প্ৰশাসন পৰিচালিত হয় চৰকাৰ নিৰ্দেশত। কিন্তু চৰকাৰক সমাজখন কেনেদৰে চলি আছে সেই সকলো তথ্য যোগান ধৰে প্ৰশাসন যন্ত্ৰই। প্ৰশাসন যন্ত্ৰটো পৰিচালনা কৰে আমোলা, বিষয়া আৰু কৰ্মচাৰীয়ে। আমোলাতন্ত্ৰৰ স্বাভাৱিক প্ৰৱনতা হ'ল যিকোনো উপায়েৰে তেওঁলোকৰ ব্যক্তিগত লাভালাভ হোৱাকৈ স্থিতাৱস্থা বাহাল ৰখা। ভাৰতীয় আমোলাতন্ত্ৰৰ নাই কমেও ৮০% বিষয়া কৰ্মচাৰীৰে সেৱাৰ মনোভাৱ নাই। সোঁৱে বাৱে টকা কমনি কৰি নিজৰ পৰিয়ালক নাই কমেও তিনি পুৰুষলৈকে অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰাই তেওঁলোকৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।
জিলাৰ মুৰব্বী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। তেওঁলোক দুয়োজনেই তেওঁলোকৰ সংশ্লিষ্ট জিলাত কত কি দুৰ্নীতি সংঘটিত হৈছে, অপৰাধ চলিছে, চিণ্ডিকেট চলিছে সকলো তলা নলা গম পায় থাকে। অসামৰিক প্ৰশাসনৰ সকলো বিভাগৰ বিভাগীয় মুৰব্বী সকলেও তেওঁলোকৰ সংশ্লিষ্ট বিভাগত কোন বিষয়া কৰ্মচাৰীয়ে কিমান দুৰ্নীতি সুনীতি সংঘটিত কৰিছে সকলো কথা গম পায়। তেনেদৰে আৰক্ষী বিভাগৰ প্ৰত্যেক থানাৰ অচি সকলেও তেওঁলোকৰ থানা এলেকাত কোন গাঁৱৰ কোন চুবাত কি অপৰাধমূলক কাম চলি আছে সকলো কথা গম পায়। কিন্তু সমাজৰ যিকোনো স্তৰত সংঘটিত অপৰাধ মূলক কাম নিবাৰণৰ বাবে প্ৰশাসনৰ প্ৰতিক্ৰিয়া হিমন্তদাৰ চৰকাৰৰ দিনত যেনেকুৱা ধৰণে চলি আছে এনেধৰণৰ প্ৰতিক্ৰিয়া অসমবাসীয়ে কেতিয়াও দেখাও নাছিল শুনাও নাছিল। গতিকে এইখন চৰকাৰৰ পৰা অসমবাসীয়ে সুশাসনেই নহয় অসম ৰামৰাজ্য হোৱাৰেই আশা কৰিব পাৰি।
No comments:
Post a Comment