লাংটুক থেপি
=========
বলীন দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক
কাৰ্বি সকলৰ বীৰ থং টেৰণ ওৰফে থং নকবেৰ স্মৃতি বিজড়িত এইখন লংটুকথেপি গাওঁ ৷ আজিৰ পৰা দুই তিনিবছৰ আগলৈকে দুৰ্গম আছিল ৷ এতিয়া পকী ৰাস্তা৷ হামৰেণৰ পৰা ৪৫ মিনিটৰ বাট ৷ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত ৷ একেবাৰে সহজ সৰল মানুহ ৷ চাৰিওপিনে সেউজীয়া গছবন আৰু ঝুম খেতি ৷ নিৰ্জন-নিৰিবিল ৷ প্ৰকৃতিৰ ৰম্যভূমি ৷
থং নক্বেৰ ভনীয়েক বোলে এইখন গাৱলৈ বিয়া হৈছিল ৷ তাই ঢুকোৱাৰ পিছত থং নক্বেই তাইৰ দহা ইয়াতেই পাতিছিল ৷ দহা মানে চমাংকান ৷ কিন্তু চমাংকান মানে দহ দিনত পতা দহা নহয় ৷ জনজাতি মানুহৰ দহা বহু বছৰৰ পিছতহে পাতে ৷ উত্তৰ পূৱৰ মংগোলীয়মূলৰ লোক সকলৰ মাজত বয়োজ্যেষ্ঠ আৰু মৃত পুৰ্ব্বপুৰুষক সন্মান দিয়াৰ এটি পুৰণি পৰম্পৰা আছে ৷ মৃত্যু হ’লেই দহ দিনত দহা পাতি আহৰি হোৱাৰ নিয়ম নাছিল ৷ এনে কৰাটো অসন্মান আৰু অকৃতজ্ঞতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল ৷ সেয়ে মৃত্যুৰ পিছত ততাতৈয়াকৈ দহা পাতিলে গৃহস্থৰ ঘৰত অমংগল হয় বুলি বিশ্বাস কৰিছিল ৷ মৃতকক সকলোতকৈ বেছি সন্মান যচা জাতিটোৱেই হ’ল কাৰ্বি ৷ কাৰ্বিসকলে মৰাৰ আগতে মানুহ বাহিৰলৈ নুলিয়াই ৷ বৰঞ্চ ঘৰৰ ভিতৰত ৰাখি তিনিদিন তিনি ৰাতি নিয়ম নীতি কৰে ৷ চাৰ্হেপী আহে ৷ অবুজ ভাষাৰে মন্ত্ৰ আওঁৰায়, গীত গায় ৷ মৃতজনৰ গুণগৰিমা বখানে ৷ এই অবুজ ভাষাৰ বিননিৰে মৃতজনৰ আত্মাক চম্পী নদী (বৈতৰণী নদী) পাৰ কৰি দিয়ে ৷ কিন্তু ইয়াতে শেষ নহয়৷ বহু বছৰৰ মূৰত চমাংকান পাতে ৷ তেওঁলোকক আকৌ জীয়াই তুলে ৷ শ্মশানৰ পৰা কাপোৰেৰে বান্ধি পিঠিত কেচুৱাক লৈ অনাৰ দৰে লৈ আনে ৷ তেওঁলোকৰ পুতলা সাজি স্থাপন কৰে ৷ তাৰ পিছত তিনিদিন তিনিৰাতি তেওঁলোকৰ সন্মানত নাচ-গান কৰে ৷ দেৱদাসীৰ নৃত্য এক প্ৰকাৰৰ দেৱতাৰ পূজা আছিল ৷ "ডাঙৰ মানুহ"ক আজিও গীত নৃত্যৰে আদৰা হয় ৷ বিহুৱা দলে নাচি নাচি "ডাঙৰ মানুহ"ক আদৰি আনে ৷ এইদৰে এইবোৰ পৰম্পৰা সৃষ্টি হৈছে ৷ দেউৰীৰ বিহু, নগাৰ আওলিং আৰু কাৰ্বিৰ চমাংকানত এইবোৰ পৰম্পৰা আজিও জীয়াই আছে ৷
কিছুলোকে এই স্থানক “থং নকবে আলংথু” অৰ্থাৎ থং নকবেৰ চৌকা বুলি কয় ৷ তেওঁলোকৰ মতে ভনীয়েকৰ চমাংকানত থং নকবেই ইয়াত চৌকা সাজিছিল ৷ ইয়াত তিনিটা শিলাখণ্ড দেখা গৈছে ৷ এই তিনিটা শিলাখণ্ড বোলে একেলগে আছিল ৷ কিছুলোকে কয় যে অকলশৰীয়াকৈ থকা শিলাখণ্ডটো বোলে থং নকবেই অকলশৰে চমাংকানৰ ঠাইলৈ বহিবলৈ উঠাই লৈ আনিছিল ৷ সেয়ে এই বৃহৎ শিলচতা একলশৰে আছে আছে ৷
ছবিত দেখা গাঁতটো চমাংকানৰ লগত জড়িত ৷ চমাংকানত সাধাৰণতে জম্বিলী আথন ব্যৱহাৰ কৰে ৷ কিন্তু সকলোৱে জাম্বিলী আথন ব্যৱহাৰ কৰিব নোৱাৰে৷ জাম্বিলী আথন ব্যৱহাৰ কৰিব নোৱাৰা সকলে এটা ডাঙৰ গাঁত খান্দে ৷ ইযাক কোৱা হয় "লাংটুক থেপি" ৷ লংটুক মানে গাঁত আৰু থেপি মানে ডাঙৰ বা বৃহৎ। ইয়াৰ পৰাই গাওঁখনৰ নাম হৈছে ৷ থং নক্বে আৰু ভনীয়েকৰ স্মৃতি বিজড়িত এখন গাওঁ ৷ বহু যুগ পৰিত্যক্ত হৈ থকাৰ পিছত এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰা দেখি মনটো ভাল লাগিল ৷
No comments:
Post a Comment