Sunday, 6 June 2021

প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি

নিয়াৰকাছ(Nearchus)আলেকজেণ্ডাৰ দা গ্ৰেটৰ নৌ সেনাবাহিনীৰ এগৰাকী এডমিৰেল আছিল। পাৰস্য আক্ৰমণ কৰিবলৈ প্ৰায় ১০ বছৰৰ আগতে নিজৰ মেচিডনিয়াৰ পৰা বাহিৰ ওলোৱা আলেকজেণ্ডাৰে পাৰস্য জয়ৰ পিছত নিজৰ সিংহাসনতো বহা নাছিল। বিশাল পাৰস্য সাম্ৰাজ্য জয় কৰোতে তেওঁৰ সহযোগী সেনা বিষয়া এডমিৰেল নিয়াৰকাছ ভাৰত আক্ৰমণলৈও আহিছিল।ভাৰত আক্ৰমণলৈ আহোঁতে তেওঁৰ নৌবাহিনী পাৰস্য উপসাগৰেৰে আহি ইণ্ডাছ(সিন্ধুনদী)নদীত লংগৰ পেলাইছিলহি।আলেকজেণ্ডাৰে উভতি যাবৰ সময়ত এডমিৰেল নিয়াৰকাছৰ নেতৃত্বতে বহু হাজাৰ গ্ৰীক সৈনিকক স্বদেশলৈ উভোতাই পঠাইছিল।একে নদী আৰু সাগৰীয় পথেৰে নিয়াৰকাছে তেওঁৰ সৈন্য সকলক মেচিডনিয়ালৈ উভোতাই পঠাইছিল। ৩২৬ খ্ৰীষ্টপূৰ্বত উভতি যোৱা এই নৌবাহিনী ৩২৪ ত নিজৰ দেশ মেচিডনিয়া পাইছিলগৈ ‌। কিন্তু তেওঁলোকে নিজৰ প্ৰিয় বীৰ আৰু ৰজা আলেকজেণ্ডাৰক আৰু দেখা নাপালে ।
এই নিয়াৰকাছে ভাৰতীয় মানুহৰ সাজ-পাৰৰ বিষয়ে বৰ সুন্দৰ টোকা এটা লিখি গৈছে । ম‌ই পূৰ্বতে উল্লেখ কৰিছিলো যে ভাৰত উপমহাদেশত ইতিহাস চৰ্চা বা লেখা মানুহৰ সংখ্যা প্ৰায় নাছিলেই। ধৰ্মশাস্ত্ৰ আৰু কবিতা লিখা মানুহৰ সংখ্যাই বেছি আছিল।সেয়েহে ভাৰতৰ ইতিহাসবিদসকলে আজিও ভাৰত ভ্ৰমণ কৰিবলৈ অহা বিদেশী পৰ্যটক, সেনা বিষয়া আৰু তেওঁলোকৰ লগত অহা চিকিৎসক আৰু বণিজ্য কৰিবলৈ অহা মানুহৰ লেখাৰ সহায় লব লগা হয়। আন নালাগে অসমৰে দ্বাদশ শতিকালৈকে কোনো লিখিত ইতিহাস বিচাৰি পোৱা নাযায় । একমাত্ৰ কামৰূপ ভ্ৰমণৰ হিউৱেন চাঙৰ টোকাটোৰ বাহিৰে। অসমলৈ ত্ৰয়োদশ শতিকাত আহোমসকল নহা হলেও হয়তো পিছৰ ইতিহাসো কোনেও একো নাজানিলেহেঁতেন ।
এতিয়া চাওঁ আহক গ্ৰীক এডমিৰেল নিয়াৰকাছৰ খ্ৰীষ্টপূৰ্ব ৩২৭ চনৰ ঐতিহাসিক টোকাটো ---- " ভাৰতীয় সকলে গছৰপৰা প্ৰস্তুত কৰা কপাহী কাপোৰ পৰিধান কৰে । ভাৰতীয় সকলে উজ্জ্বল বগা ৰঙৰ কপাহী কাপোৰহে পৰিধান কৰিছিল । ইয়াৰ কাৰণ এটাও আছিল। ভাৰতীয় মানুহৰ গাৰ বৰণ সাধাৰণতে কলা আছিল । বগা কাপোৰ আৰু গাৰ বৰণৰ লগত এটা সৌন্দৰ্য ফুটি উঠিছিল। ভাৰতীয় মানুহে ভিতৰৰ অঙ্গবস্ত্ৰ‌(Undergarments) ও পৰিধান কৰিছিল আৰু এই বস্ত্ৰ‌ই ভৰিৰ আঁঠুৰ তললৈ বিস্তৃত হৈ আছিল। শৰীৰৰ উৰ্ধাংশত ব্যৱহাৰ কৰা ভিতৰৰ অঙ্গবস্ত্ৰ‌ও ডিঙিলৈকে বিস্তৃত আছিল। আৰু তাৰে এটা অংশ মূৰত মেৰিয়াইও লৈছিল। ভাৰতীয় সকলে হাতী দাঁতৰ কাণফুলীও পিন্ধিছিল ‌। কিন্তু হাতী দাঁতৰ এই মূল্যবান কাণফুলী সমাজৰ অভিজাত আৰু ধনীসকলেহে পৰিধান কৰিছিল। ভাৰতীয় মানুহে গৰমৰ পৰা হাত সাৰিবলৈ ছাটিও ব্যৱহাৰ কৰিছিল। ভাৰতীয় মানুহে বগা ছামৰাৰ জোতাও ব্যৱহাৰ কৰিছিল। নিজকে ওখ দেখাবৰ বাবে জোতাযোৰ ওখ কৰিও লৈছিল। "
" The dress worn by the Indians is made of cotton produced on trees.But the cotton is either of a brighter white colour than any found anywhere else, or the darkness of the Indian complexion makes their apparel look so much whiter. They wear an underground of cotton which reaches below the knee halfway - - - - - . The Indians also earrings of ivory, but only the very wealthy do this. They use parasols as a screen from the heat. They wear shoes made of white leather - - - - - . " এয়া আছিল আজিৰ পৰা ২৪০০ বছৰৰ আগতে ভাৰতীয় উপমহাদেশৰ মানুহৰ সাজপাৰৰ বৰ্ণনা । কপাহী কাপোৰ ভাৰতীয় মানুহৰ মূল বস্ত্ৰ আছিল। কিছু ষ্টাইলিছো আছিল ভাৰতৰ উপমহাদেশৰ মানুহবোৰ।
Ancient India as Described by #Megasthenes and Adrian. p.219

No comments:

Post a Comment