ডিবুৰু পাৰৰ গড়
দেবেন বৰুৱা
নৈৰ পাৰৰ শাৰী শাৰী চাংঘৰ।প্ৰতিটো
ঘৰ গোৱৰ মাটিৰে মচি-কুচি নিমজ কৰি থৈছে ঘৰৰ গৃহিনীসকলে।চালে চকুৰোৱা পৰিবেশ।চোতালত গছৰ পাত এখিলাও পৰি থকা নাই।বোৱাৰী পূৱাতেই
শুই উঠি ঘৰৰ গৃহিনীসকলে ঘৰ-চোতাল সাৰি গাটো তিয়াঁই চৌকাত জুই দি ৰন্ধা বঢ়াৰ দিহা কৰেগৈ।ঘৰখনৰ ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে খুৱাই বোৱাই আজৰি হৈ মাছৰ পাছিটো মুৰত লৈ সিহঁত ওলাই যায় নৈৰ ঘাটলৈ।
ঘাটত নাওবোৰ চাপেহি।নাঁৱে নাঁৱে নানা ৰকমৰ মাছ।পূৱাৰ ৰ'দজাকৰ সোণালী কিৰণত ৰূপ জিলিকাদি জ্বিলিকি উঠে মাছবোৰ।আৰি-বাহু-চিতল-বৰালি সৰু বৰ ক'ত যে মাছ।ঘাটত বহি কথাৰ মহলা মাৰি থকা মহিলাসকলে পাচি পাতি মাছৰ ভাগ ধৰেহি।মহিলাসকলৰ মাজত হেতা-ওপৰা লাগে।দুই এজনীৰ মাজত কথাৰ কটাকটিও হয়।গুৰি বঠা ধৰাজনে ধমক দিয়ে-
"ৰহ ঔ।এই ব্ৰক্ষ্ম পূৱাভাগতে কিহৰ দন-খৰিয়াল?
আমি পুৰুষমখাই লগেভাগে গলো।লগেভাগে মাছ ধৰিলো।আমি কথাৰ কটাকটিয়েই কৰিলো নে তহঁতৰ লেখিয়া দন্-খৰিয়ালেই কৰিলো?-পাবি পাবি।সকলোৱে সমান ভাগ পাবি।সকলোৰে ঘৰৰ মতা মানুহ নাই যোৱা জানো?"
মানুহজনৰ কথালৈ মহিলাসকলৰ অলপো ভ্ৰুক্ষেপেই নাই।সকলো পাছিত মাছ লোৱাতেই ব্যস্ত।মাজে মাজে এজনীয়ে আন এজনীৰ ওপৰত প্ৰতিঅভিযোগ তোলে-
"ৰহিমলাক যে ডাঙৰৰ বৰালি দুটা দিলি? সৰু সৰুকেইটা মোক দিলে নহব দেই!সবৰ মতা মানুহে সমানে কষ্ট কৰিছে।ভাগ বতৰা কৰাৰ বেলিকা কাৰোবাক বগা কাৰোবাক ক'লা দেখিলে নহব নহয়।"
"ইস এনে ৰঙা-বগা গুলঞ্চি বৰণৰজনী ঐ!-তাই যেনিবা মাণিকচান্দ বৰুৱাৰহে জীয়েক।-সকলোকে সমানে দিছো।কিহৰ আঁহফলা কথা কবলৈ আহিছ?"
ভাগ বতৰা কৰি থকাজনে কথাষাৰ কৈ অতাবলৈ নাপায়েই।তাই মুখপাতি ধৰে-
"সঁছা কথা কলে লাজ লাগে।অকল আজিয়েই নহয়। সদাই সৰু সৰু মাছকেইটাহে মোৰ ভাগত পৰে।-সকলোৱে আমাক কেঞাঁ চকুৰে চাই।
আমাৰ মানুহটো মুখ নাইকিয়া যে?"
ঘোঁৰা চেকুৰাই আহি আছে লহঙা দেহৰ হটঙা মানুহজন ।ৰঙা চুৰীয়া,গলধন ফলা মুগা সুতাৰ চোলা মুৰত পাটৰ পাগুৰিৰে ঘোঁৰা চেকুৰাই আহি থকা মানুহজনৰ পিছে পিছে চাৰিটা ঘোঁৰাত আহি আছে চাৰিজন সৈণিক।সৈণিককেইজনৰ হাতে হাতে একোডালকৈ বৰ্শা।চাংঘৰবোৰ পাৰ হৈ ওখ ঢাপ তোলা এটা টুপ দিয়া ঘৰ।টকৌপাতে চোৱা ঘৰটোৰ পদুলীমুখত ৰৈ গা ৰখীয়া সৈণ্যকেইটাক ৰবলৈ কৈ ঘৰটোলৈ সোমাই গল মানুহজন।চোতালত হাদুম আৰু ধাদুমে খেলি আছিল।মানুহজনক ঘোঁৰাসহিতে চোতালত উপস্থিত হোৱা দেখি
খেলা এৰি দৌৰি গৈ ঘৰৰ দুৱাৰমুখৰ পৰা ভয়ে ভয়ে অবাক দৃষ্টিৰে চাই থকা দেখি ঘোঁৰাৰ পৰা নামি গৈ সিহঁতদুটাৰ গায়ে-মুৰে হাত বুলাই দি কলে-
"তোমালোক হাদুম-ধাদুম নহয়নে?"
"হয়।আমি কিন্ত একো বেয়া কাম কৰা নাই!আমাক ধৰি নিনিব।"-সেপঢুকি সেপঢুকি কলে হাদুমে।
"মই হবলা তোমালোকক ধৰি নিব আহিছো?-মই কোন কোৱাচোন?"
"আপুনি শদিয়া ৰাজৰ মানুহ!"-তললৈ মুৰ কৰি উত্তৰ দিলে হাদুমে।
"মই তোমালোকৰ কাইটি হওঁ।তোমালোক দুজন মোৰ ভাইটি।সেইবাবেই তোমালোকক চাবলৈ আহিছো।-আই ঘৰত আছেনে?"
"নাই।ভেদেও বুঢ়ীৰ ঘৰলৈ গৈছে দেৱাই আনিবলৈ।আইতাৰ অসূখ।"
মানুহজনে কাপোৰৰ টোপোলা এটা হাদুমৰ হাতত দি কলে-"এইটো আইক দিবা।ইয়াত সোণৰ মুদ্ৰা আছে।আইক কবা মই আকউ এদিন আহিম।"
"আপোনি দেখোন মোৰ আইতকৈ ডাঙৰ।আপোনিনো কেনেকৈ আমাৰ কাইটি হব?"
"অ তুমি দেখোন বৰ সাংঘাটিক প্ৰশ্ন কৰিলা।ঠিক আছে আকউ আহিলে কথাটো বুজাই দিম বাৰু।"
ধাদুমৰ পিঠিত লাহেকৈ ঢকা এটা মাৰি মানুহজন ঘোঁৰাত উঠি গলগৈ।হাদুমে টোপোলাটো খুলি সোণৰ মুদ্ৰাবোৰ লিৰিকি-বিদাৰি চাই থাকিল।ধাদুম মানুহজনৰ পাছে পাছে দৌৰি গৈ পদুলীমুখ পালেগৈ।পদুলীমুখৰ পৰাই চিঞঁৰি সুধিলে মানুহজনক-"অ কাইটি,তোমাৰ নামটো নকলা যে?"
মানুহজনেও চিঞঁৰি প্ৰত্যুত্তৰ দিলে-
"মোৰ নাম মাণিকচান্দ বৰুৱা।"
মাণিকচান্দ বৰুৱাৰ ঘৰৰ বাটচৰাত ৰৈ আছে ল'ৰাটো।দুৱৰীয়ে সোমাব নিদিয়ে।ল'ৰাটো আকোৰগোজ তাক বৰুৱাৰ ওচৰলৈ যাব দিবই লাগিব।উপাই নাপাই দুৱৰী এজন মাণিকচান্দ বৰুৱাৰ ওচৰ পালেগৈ।
চৰাঘৰত নায়ক চাৰিজনক লৈ গভীৰ আলোচনাত ব্যস্ত মাণিকচান্দ বৰুৱা।চান্দৰাম নেওঁগক উদ্দেশ্যি প্ৰশ্ন কৰিলে মাণিকচান্দ বৰুৱাই।
"কথাটো বাৰু হয়নে নেওঁগ?"
"কওকচোন বৰুৱা ডাঙৰীয়া।"
"আসামৰ মানুহবোৰে বোলে এইকেইদিন দিহিং পাৰত বৰকৈ পিটপিটাই ফুৰিছে?"
"হয়,বৰুৱা ডাঙৰীয়া।দিহিঙত মাছ মাৰি থকা নদীয়াল কেইজনমানে কথাটো মোক জনাইছিল।মই সিহঁতক আসামৰ মানুহৰ ওপৰত নজৰ ৰাখিবলৈ আদেশ কৰিছো।"
"ভাল কৰিছে নেওঁগ।ক'লা কাপৰ পিন্ধা মানুহৰ মতি-গতি ধৰিব নোৱাৰি।-মাজে সময়ে আপোনিও নীৰিক্ষণ কৰি থাকিব।বিষয় কিন্ত অত্যন্ত গুৰুত্বপূৰ্ণ"
দুৱৰীয়ে দুৱাৰমুখত ৰৈ মাণিকচান্দ বৰুৱাক জনালেহি।
"বৰুৱা ডাঙৰীয়া।-এই দুৱৰীয়ে বিশেষ বাতৰি লৈ আপোনাৰ সভাগৃহত উপস্থিত হৈছোহি।"
"কি বাতৰি??--শদিয়া ৰাজৰ পৰা কিবা জৰুৰী বাৰ্তা
আহিছে নেকি?"
"শদিয়া ৰাজৰ বাৰ্তা নহয় বৰুৱা ডাঙৰীয়া।-সৰু ল'ৰা এটাই আপোনাক লগ কৰিব আহিছে।মই কৈছো
বোলো বৰুৱা ডাঙৰীয়া নেওঁগসকলৰ লগত জৰুৰী বিষয় এটা আলোচনাত ব্যস্থ।অলপ সময় ৰোৱা।নাই সি নামানেই।তাৰ বোলে সময় নাই।"
"ঠিক আছে।-পঠিয়াই দিয়াচোন।"
দুৱৰী যাব নাপালেই।হুৰমুৰকৈ ল'ৰাটো সোমাই আহিল।মাণিকচান্দ বৰুৱা আচৰিত হল।
"আৰে জগদীপ!-তোমাক আনিবলৈ মানুহ পঠিয়ালোহেঁতেন নহয়।"
"আপোনি মানুহ পঠিয়াব পঠিয়াব বুলি ৰৈ ৰৈ আমণিয়েই লাগি গল।সেইবাবেই নিজেই গুছি আহিলো।আপোনি মোক আখৰ পঢ়ুৱাম আৰু যুদ্ধবিদ্যা শিকাম বুলি কৈছিল। বাবাই কৈছিল ইয়াত বোলে যুদ্ধ নিশিকাই?শদিয়া ৰাজতহে যুদ্ধ শিকাই।আৰু বোলে আখৰ পঢ়িবলে গৌড় দেশলৈ যাব লাগে।নাৱেৰে গলে বোলে সাতদিন-সাতৰাতি লাগে।-কথাটো বাৰু হয়নে?"
"কথাটো হয় বাৰু।কিন্ত,আমাৰ ইয়াত আখৰ শিকোৱা পণ্ডিতো আছে,যুদ্ধ শিকোৱা মানুহো আছে।-তুমি কিন্ত এনেদৰে অকলে ইমানদূৰ বাট বাটকুৰি বাই আহিব নালাগিছিল।-দিন ভাল !বাটত একো অঘটন নঘটিল।"
"বাঘ-ভালুকে মোক একো কৰিব নোৱাৰে।গাৱঁৰ ডেকা চাঙত ধনুবিদ্যা শিকিথোৱা আছে।-আপোনি বাৰু মোক আখৰ পঢ়া আৰু যুদ্ধ শিকাৰ ব্যৱস্থা কৰি দিবনে?"
"নিশ্চয় কৰি দিম।পিছে ঘৰত কৈ আহিছানে?"
"আহোঁতে কৈ অহা নাই।কিন্ত ইয়ালৈ আহিম বুলি সকলোৱে জানে!-বিৰাজৰা চাৰিটামান আনিছো।আপোনি খাই ভালপাওঁ বুলি কৈছিল যে।"
"আই ঐ দেহি!-বিৰাজৰাও লৈ আহিছে।-ইমান মৰমলগা ল'ৰা!কথাটো বেছ বুদ্ধিমান।-এইটি কৰ ল'ৰানো বৰুৱা ডাঙৰীয়া?"
সুধিলে চান্দৰাম নেওঁগে।
"ডিবুৰু পাৰৰ কাঁড়ী গাঁৱৰ।"
জগদীপে টোপোলাত বান্ধি অনা বিৰাজৰাকেইটা মাণিকচান্দ বাৰুৱাক দি কলে।
"মই এতিয়া কত থাকিম?-পণ্ডিতৰ টোলত নে যুদ্ধ শিকোৱা চাঙত।"
"তুমি মোৰ ঘৰত থাকিবা।"
"আপোনাৰ ঘৰত নাথাকো।-বাইটিয়ে মানা কৰিছে।"
" বায়েৰে কিন্ত বৰ বেয়া দেই।-বেয়া বুদ্ধিবোৰহে দিয়ে।"
"গোটেই গাৱঁৰ মানুহে কয় আমাৰ বাইটি গাঁওখনৰ আটাইতকৈ ধুনীয়া ছোৱালী।কোনেও বেয়া ছোৱালী বুলি কোৱা শুনা নাই আজিলৈকে।-আপোনি কিন্ত ভাল মানুহকো বেয়া অপবাদ দি সাধুকথা সজাত বৰ পাকৈত।"
"হব হব ধেমালিহে কৰিছো।তুমি কিন্ত মোৰ ঘৰতেই থাকিব লাগিব।-হেৰি নহয় তুমি দিয়া মইনা চৰাইটোৱে মাত মাতিছে।এতিয়া ভিতৰলৈ বলা।আলধৰাক তোমাৰ থকাৰ ব্যৱস্থা কৰি দিবলৈ কওঁ।"
নায়ককেইজনলৈ চাই বিনম্ৰতাৰ সুৰ এটা সানি কলে মাণিকচান্দ বৰুৱাই
"নেওঁগসকল ক্ষন্তেক বহকচোন।মই এই ল'ৰাটিৰ থকাৰ ব্যৱস্থা কৰি দিওঁগৈ।"
জগদীপক লৈ ভিতৰলৈ সোমাই গল মাণিকচান্দ বৰুৱা।নায়ককেইজনে ইজনে সিজনৰ মুখলৈ চালে।কিবা ধৰিব পাৰি মিছিককৈ হাঁহিলে আটাইকেইজনে।
নৈ ঘাটত কাপোৰ ধুই আছে ফাগুণীয়ে। পাৰি থোৱা কাঠটুকুৰাত কাপোৰ আচাৰি থকা চটপ চটপ শব্দটো বিয়পি পৰিছে নৈৰ ঘাটৰ চৌদিশে।নৈৰ গড়াত খৰিভাৰ থৈ লাহে লাহে নামি গলে মনেশ্বৰ।সি গৈ ফাগুণিৰ পাছফালে থিয় দি
ৰল কিছু সময়। হঠাৎ পাছফালৰ পৰা ফাগুণীক
সাবতি ধৰিলে মনেশ্বৰে।
"কোন ঔ এইটৌ?-কোন বাৰে বনৰা?"
ফাগুণীয়ে চিঞঁৰ মাৰি কোৱা কথাষাৰ শুনি ঘোঁৰাটোৰ লেকামডাল টানিলে মাণিকচান্দ বৰুৱাই।ঘোৰাটো ৰৈ গল।
"ইমানজোৰে নিচিঞঁৰিবিচোন।-মইহে।"
"কোন কুকুৰৰ পুতেক তই?-ভদীয়া জ্বৰে উঁক দিছে নেকি তোক?"
"মোকো চিনি পোৱা নাইনে তই?-মই মনেশ্বৰ।"
"মনেশ্বৰ হওক,ধনেশ্বৰ হওক।মোৰ লগত ধেমালি নাই।ভালে ভালে এৰ।নহলে কামুৰি বখলা-বখল কৰিম।"
মনেশ্বৰে এৰি দি কলে-
"তই মোক কিয় দেখিব নোৱাৰ বাৰু?-তোক মই খুৱাবই নোৱাৰিম নে পিন্ধাবই নোৱাৰিম।"
"নৈৰ ঘাটত লিলিমাই কৰিব আহিছ যে?-বোপাইক সুধিবগৈ নোৱাৰ জীয়েৰক দিবিনে নাই বুলি?"
ঘোঁৰা চেকুৰাই গুছি গল মাণিকচান্দ বৰুৱা।ঘোঁৰা চেকুৰোৱাৰ শব্দ শুনি ঘুৰি চাই দুয়োটা আচম্বিত হৈ পৰিল ।কিছুপৰ শিলপৰা কপৌৰ দৰে থৰ লাগি দুয়ো।সেপঢুকি কলে ফাগুণীয়ে।
"ঐ তোকে মোকে এনেকৈ ৰজাঘৰীয়া মানুহে দেখিলে কি হব এতিয়া?"
"এইখন দেশত স্ত্ৰী জাতিক শাস্তি দিয়া নীতি নাই।
-কিবা যদি হয় মোৰহে হব।তোৰ একো নহয় দে।"
ফাগুণীৰ দুচকু চলচলীয়া হল।
"যি হয় হব।-তই মৰিলে মইয়ো আপোনঘাটি হম।"
ফাগুণীক জোৰকৈ সাবতি ধৰিলে মনেশ্বৰে।তাই এইবাৰ একো আপত্তি নকৰাকৈ মুৰটো গুজি দিলে মনেশ্বৰৰ বুকুত।
নৈত মাছ মাৰি আছে মানুহকেইজনে।মানুহকেইজনক দেখি ৰল মাণিকচান্দ বৰুৱা।ঘোঁৰা ৰখাই গড়াটোৰে নামি গল।মাণিকাচান্দ বৰুৱাক চিনিব পাৰি মানুহকেইজন পাৰলৈ উঠি আহিল।আটাইকেইজনে সেৱা জনালে মাণিকচান্দ বৰুৱাক।
"আপোনালোকে এইটো ঘাটত সদাই মাছ মাৰেনে?"
"হয়।কিন্ত কেতিয়াবা ভাটিৰফালে আৰু কেতিয়াবা উজনিৰফালেও মাৰোগৈ।"
"পিছে কথা এটা মন কৰিছেনে?"
"কওকচোন বৰুৱা ডাঙৰীয়া।"
"এইকেইদিন আসামৰ মানুহবোৰে সিপাৰে বৰকৈ পিয়াপি দি ফুৰিছে।"
এইবাৰ বয়সস্থ মানুহজনে উত্তৰ দিলে
"হয় ডাঙৰীয়া,মই দুদিন দেখিছো।-কেৱল পিয়াপি দি ফুৰাও নহয়।চল পালে আমাৰ পানীৰ
মাছো ধৰিব বিছাৰে সিহঁতে।"
মানুহজনক ভৰিৰ পৰা মুৰলৈ নীৰিক্ষণ কৰি সুধিলে
"আপোনাৰ পৰিচয় জানিব পাৰোনে?"
"হয় ডাঙৰীয়া মোৰ নাম ভদীৰাম ।"
"আপোনি মোৰ ঘৰলৈ যাব পাৰিবনে?"
মাণিকচান্দ বৰুৱাৰ কথাত কঁপিব ধৰিলে মানুহজন ।
"অ ডাঙৰীয়া,অধমে কিবা দায়-দোষ কৰিছো যদি ক্ষমিব।"
মাণিকচান্দ বৰুৱাৰ ভৰিত ধৰিব লোৱা হাতদুখনত থাপ মাৰি ধৰি কলে মাণিকচান্দ বৰুৱাই।
"আপোনি মোৰ বাবাৰ বয়সৰ।আপোনি এই কাম কৰা অনুচিত।মই আপোনাক দায়-দণ্ড বিহাৰ কথা কোৱা নাছিলো।আপোনাক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিলো।আপোনি ভূল বুজিছে।"
আটাইকেইজনক উদ্দেশ্যি কলে মাণিকচান্দ বৰুৱাই।
"আজিৰ পৰা সৈণ্যৰ ব্যৱস্থা কৰা হব।আমাৰ পানী,আমাৰ মাছ।তাত আনৰ অধিকাৰ নাই।আপোনালেকে আসামৰ মানুহক আমাৰ পানীত নামিব নিদিব। এইদেশ ৰজাৰো নহয়,মন্ত্ৰীৰো নহয়,সেণাপতিতৰো নহয়।-এই দেশ প্ৰজাৰ দেশ,আপোনাসৱৰ দেশ।-আপোনাৰ দেশৰ সন্মান আপুনি ৰক্ষা কৰিব।"
কথাষাৰ কৈয়েই ঘোঁৰাত উঠি গলগৈ মাণিকচান্দ
বৰুৱা।
নৈৰ ঘাটত দেখা পোৱা ডেকা গাভৰহালৰ দৃশ্যই বৰকৈ আমণি কৰি আছে মাণিকচান্দ বৰুৱাক।তৰাদৈলৈ বৰকৈ মনত পৰিছে।তৰাদৈ-খামুচিয়া ককাল ,এককাল বৈ পৰা চুলিৰে বগী জামুবৰণীয়া চকলি মুখৰ তৰাদৈ।চৌধ্য-পোন্ধৰ
বছৰীয়া ছোৱালীজনীক প্ৰথম দেখাৰ দিনটোতে ভাল লাগি গৈছিল মাণিকচান্দ বৰুৱাৰ।আলধৰা সোমাই আহিল।
"ডাঙৰীয়া ,নিশাৰ ভাতসাজ সাজু কৰা হৈছে।আপোনি গ্ৰহণ কৰকহি।"
"ঠিক আছে মই গৈ আছো।-অ কথা এটা শুনাচোন দুবছৰ আগতে মইযে তোমাক ডালিম পুলি এটা দিছিলো।ভালকৈ ৰুইছিলানে?"
"হয় ডাঙৰীয়া,মই পাহৰিয়েই আছিলো।ডালিমজোপা লাগিছে নহয়।পকিবৰে হল?"
আলধৰাৰ কথা শুনি স্তব্ধ হৈ পৰিল মাণিকচান্দ বৰুৱা।কিছুপৰ ৰয় জগদীপৰ শোৱনি কোঠা পালেগৈ।চালপীৰাত বহি ভাৱত মগ্ন হৈ আছিল জগদীপ।মুখমণ্ডলত বিষাদতাৰ চাপ স্পষ্ট।মাণিকচান্দ বৰুৱাৰ দৃষ্টিগোচৰ হল জগদীপৰ মানসিক অস্থিৰতা।জপদীপৰ নিচেই কাষতে চালপীৰাখনত বহি ললে মাণিকচান্দ বৰুৱাই।কণ্ঠত কোমলতা সানি সুধিলে-
"কি হল?মন মাৰি আছা যে?-ঘৰলৈ মনত পৰিছে?"
জগদীপে হয়সূচকভাৱে মুৰ দুপিয়ালে।
"মোৰো মনত পৰিছে।"
"কালৈ?"
মিছিককৈ হাঁহি মাৰি কিবা কব খুজি ৰৈ গল মাণিকচান্দ বৰুৱা।মুখত গাম্ভীৰ্যতাৰ প্ৰলেপ সানি কলে
"হেৰি নহয়,বায়েৰাই দিয়া ডালিমজোপা পকিছে।মইনাজনীয়ে মতা আজি দেড়বছৰৰ হল।ৰঙাজবা ফুলিছেনে?"
"ফুলিছে।"
"বিৰাজৰা পকিছে চাগে?"
"পকিছে বাবেইতু আপোনালৈ আনি দিছো।"
দুয়ো নিৰৱে বহি ৰল কিছুসময়।
"ভাত-পানী খাই লোৱা ।নিশা তোমালোকৰ ঘৰলৈ যাম।পূৱাতেই উভতি আহিম।"
কথাষাৰ কৈয়েই কোঠাটোৰ পৰা ওলাই গল মাণিকচান্দ বৰুৱা।
(ক্ৰমশঃ)
No comments:
Post a Comment