নাৰী তুমি অৰ্দ্ধকাশ
****************
ন'বেল বঁটা বিজয়ী ব্ৰিটিছ সাহিত্যিক উইলিয়াম গোল্ডিঙে এবাৰ কৈছিল- "নাৰী জাতি বৰ বুৰ্বক ! বুৰ্বক হয় কাৰণেই তেওঁলোকে পুৰুষৰ সমানে 'সম অধিকাৰ' দাবী কৰি ফুৰে । কিয়নো তেওঁলোকে নাজানে যে তেওঁলোক পুৰুষতকৈ বহু গুণে বেছি উচ্চতৰ । নাৰীৰ হাতত আপুনি যিয়েই নিদিয়ক কিয়, তেওঁ সেইটোক আৰু শ্ৰেষ্ঠ বনাইহে আপোনাৰ সন্মুখত প্ৰদৰ্শন কৰিব ।
তেওঁ পুৰুষ সমাজক উদ্দেশ্য কৰি কৈছিল- আপুনি নাৰীক শুক্ৰানু দিব, তেওঁ আপোনাক সন্তান উপহাৰ দিব । আপুনি তেওঁক এখন ঘৰ দিব, তেওঁ আপোনাক এখন সংসাৰ দিব । আপুনি তেওঁক বজাৰ কৰি আনি দিব, তেওঁ আপোনাক ৰান্ধি-বাঢ়ি খাদ্য হিচাপে আগবঢ়াই দিব । আপুনি তেওঁক হাঁহি উপহাৰ দিলে, তেওঁ আপোনাক হৃদয় দিব । মুঠ কথা হ'ল আপুনি নাৰীক যিয়েই নিদিয়ক কিয়, সেইটোক বহুগুণে মহৎ বনাই আপোনাৰ হাতত তুলি দিব । কিন্তু মনত ৰাখিব, আপুনি যদি তেওঁক যন্ত্ৰণা দিয়ে তেন্তে তেওঁ আপোনাৰ জীৱনটোক নৰক বনাই তুলিব ।
নাৰী জাতিৰ বিষয়ে আজিলৈকে পৃথিৱীৰ বহুত মহান ব্যক্তিয়ে বহু ধৰণৰ মন্তব্য আগবঢ়াই থৈ গৈছে; সেইসকলৰ ভিতৰত উইলিয়াম গোল্ডিঙৰ এইখিনি কথা শ্বাশ্বত । হয়, নাৰী প্ৰেমৰ ক্ষেত্ৰত ফুলৰ দৰে কোমল হয় আৰু যুদ্ধক্ষেত্ৰত শিলৰ দৰে কঠিন । ইতিহাসত ইয়াৰ উদাহৰণ বহুত আছে ।
(ফেইচবুকৰ বাইদেউ শ্ৰদ্ধাৰ বিৰজা দেৱীয়ে WhatsApp দিছিল । ভাল লাগিল বাবে পোষ্ট কৰিলোঁ।)
হেমন্ত ভট্টাচাৰ্য
গুৱাহাটী
No comments:
Post a Comment