ব্রাহ্মী (Brahmi) শাকৰ ঔষধি গুণ
ব্রাহ্মী আয়ুর্বেদ শাস্ত্ৰত যথেষ্ট গুৰুত্বপূর্ণ। ব্রাহ্মী শব্দটো ব্ৰহ্মা আৰু ব্ৰাহ্মণৰ পৰা আহিছে। ব্ৰাহ্মণৰ অৰ্থই হ’ল জ্ঞান ৷ অৰ্থাৎ ব্ৰাহ্মণৰ শক্তি। ইয়াৰ অন্য এটা নাম ‘সৰস্বতী’। ইয়াৰ পাত, গছ আৰু শিপা সকলো দৰকাৰী অংশ।
শাকজাতীয় এইবিধ গছ ঠাণ্ডা আৰু পানীপৰা তথা চেচুকীয়া ঠাইত পৰিশ্ৰম নকৰাকৈ সহজে উৎপন্ন হয়। ই জ্ঞান তথা মগজু (Brain)ৰ লগত সম্পর্ক আছে আৰু স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি ৰাখিবৰ বাবে আয়ুৰ্বেদ শাস্ত্ৰই গুৰুত্ব দিছে।
ব্ৰাহ্মীশাকৰ উপকাৰিতা
-------------------------------------
আয়ুৰ্বেদৰ মতে ব্রাহ্মীৰ কাম হ’ল-
বাতৰ – ‘বাত’ ধাতু নাশ কৰিব পাৰে।
অনুলম – ‘বাত’ ক্ৰমশঃ হ্ৰাস কৰাৰ গতি প্ৰশস্ত কৰে।
উন্মাদৰ মানসিক ৰোগ নাশ কৰে।
প্রদন্যশক্তি- বুদ্ধিৰ বিকাশ ঘটায়।
হৃদয় – হৃদৰোগৰ টনিক।
মজ্জাধাতু ৰাসায়ন– স্নায়ুতন্ত্ৰৰ তৰল পদাৰ্থ বিধৰ সংগঠক
আয়ুসবৰ্দ্ধন - দীৰ্ঘায়ু প্ৰদান কৰোতা
বল্যম-শাৰিৰীক শক্তি প্ৰদান কৰে।জীৱনীয় — শক্তি/বল উৎপাদক
মেধ্য – জ্ঞান শক্তিৰ বৰ্দ্ধক।
নিদ্ৰাজ্ঞ – টোপনি /সু-নিদ্রা প্রদায়ক
কুষ্টঘ্ন – কুণ্ঠ ৰোগৰ দৰে ছালৰ ৰোগ নাশ কৰোতা।
বিভিন্ন ৰোগত ব্রাহ্মীৰ ব্যৱহাৰ
----------------------------------------------
চুলি সৰিলে ব্ৰাহ্মী তেলেৰে চুলি মালিচ কৰিব লাগে ৷ • তপা হোৱা সকলে ব্রাহ্মী তেল ব্যৱহাৰ অহৰহ কৰিব।
• ছালৰ ৰোগ যেনে – বেচু, ঘা, খৰ খজুৱতি হ'লে ব্ৰাহ্মীৰ শিপা আৰু তেল ঘঁহিব লাগে।
• অনিদ্রা, হতাশা, কৌতূহল, দুঃচিন্তা প্রভৃতি মানসিক সমস্যাই দেখা দিলে ব্ৰাহ্মী তেল দি মূৰত ঘঁহি শুব লাগে। ব্রাহ্মী শাক খাব লাগে ৷
• উন্মাদ, মৃগী ৰোগী সকলে ব্ৰাহ্মী পাত ঘিউত ভাজি খাব ৷
•বুদ্ধি প্ৰখৰ, একাগ্রতা, স্মৰণশক্তি বঢ়াবৰ বাবে ব্ৰাহ্মীপাত ঘিউ বা মাখনৰ লগত খাব।
• খোনা ব্যক্তিয়ে ব্রাহ্মীত পাত শুকুৱাই লৈ ঘিউত ভাজি খাব।
• ব্রাহ্মী ৰস খালে তেজৰ পৰিবহণ সুন্দৰ কৰে। হৃদৰোগীৰ বাবে সেয়ে উত্তম ঔষধ।
• লিভাৰ আৰু কিডনীৰ ৰোগৰ পৰা অব্যাহতি দিয়ে।
No comments:
Post a Comment