পুলিচ ডায়েৰী-শিমালতাপুৰ ডকাইত আৰু লঘোণৰ এৰাতি
সুবোধ পাঠক
(মোৰ চাকৰি জীৱনৰ কিছুমান ঘটনা মোৰ মানস পটত সদায় ভুমুকি মাৰে। তাৰে কিছুমান ৰাইজক জনাব বিচাৰিছো।)
শিমালতাপুৰ ডকাইত আৰু লঘোণৰ এৰাতি
১৯৭২ চনত ছেপ্টেম্বৰ মাহত ট্ৰেইনিং শেষ কৰি গোসাইগাওঁ থানাত উপ পৰিদৰ্শক হিচাবে জইন কৰিছিলো।এয়াই আছিল চাকৰিৰ প্ৰথম পোষ্টিং।
এসপ্তাহ মান যোৱাৰ পাছত এদিন গধুলি ১০/১২ জন মান বঙালী সম্প্ৰদায়ৰ লোক থানালৈ আহি জনালে যে তেওঁলোক শিমালতাপু গাওঁৰ পৰা আহিছে।তেওঁলোকৰ অভিযোগ ৰাতি হ'লে তেওঁলোক গাঁৱত থাকিবলৈ নোৱাৰা হৈছে।মাজ ৰাতি কিছুমান দুৰ্ব্বৃত্ত তেওঁলোকৰ গাঁৱলৈ আহি অত্যাচাৰ কৰে।দাবী-ধমকি দি ভাত খায়,জোৰ-জুলুম কৰে,মাৰধৰ কৰে ।গতিকে তেওঁলোকক নিৰাপত্তা লাগে।
ভাৰপ্ৰাপ্ত বিষয়া মহাদয়ে মোলৈ চাই ক'লে,
" আপুনি এটা পাৰ্টী লৈ মানুহ বোৰক গাঁৱলৈ লৈ যাওক আৰু আজি ৰাতি পহৰা দি ডকাইত কেইজনক ধৰক।"
মনত ভয় লাগিছিল যদিও মান্তি হ'লো।তেতিয়া সময় সন্ধিয়া প্ৰায় সাতমান বাজিছিল।লগত কেইজনমান চিপাহী আৰু গাঁৱৰ মানুহখিনিক লৈ আমি শিমালতাপুলৈ ৰাওনা হ'লো।
শ্ৰীৰামপুৰ পাৰ হৈ কিছু দুৰ গৈ আমি গাড়ীৰ পৰা নামি পথাৰেৰে খোজ ললো।পথাৰত মাজে মাজে পানী।ওচৰৰ স্কুলৰ পৰা ডেক্স আনি পানীত পাৰি দি দি আমাক গাওঁলৈ নিলে।
গাওঁখন জনশূন্য,কেৱল আমাৰ লগত অহা পাঁচজনমান মতা মানুহ হে গাঁৱলৈ আহিল।বাকীখিনি মানুহ শ্ৰীৰামপুৰতে থাকি গ’ল।
আমি এঘৰৰ চোতালত এটি কেৰাচিনৰ চাকি জ্বলাই বহিলো।লাহে লাহে সময় আগ বাঢ়িল আৰু আমাৰো ভোক লাগি আহিল, কিন্ত খোৱা যায় কি?
গাঁৱৰে লোক দুজনমানে আমাৰ অৱস্থা বুজি বিচাৰ-খোঁচাৰ কৰি অলপ চাউল আৰু এটা ঠেনু নোহোৱা কেৰাহি যোগাৰ কৰি দিলে। বুঢ়া চিপাহী এজনে চোতালতে চৌকা পাতি ৰন্ধাৰ ব্যৱস্থা কৰি লয়।তৰকাৰি বুলিবলৈ একোৱেই নাই,খালি ভাত খোৱা যায় কেনেকৈ?
এনেতে কোনোবা এজনে পানীত চৰি থকা হাঁহ এটাকে আনি কাঁটিলে।পিছে ৰান্ধিবলৈ নিমখৰ বাদে একো নাই।গতিকে ভাত হোৱাৰ পিছত কলপাততে ভাত কেইতা নমাই থৈ কেৰাহীটোত মাংসখিনি অকল নিমখেৰে সিজালে।এতিয়া খোৱাহে কথা,এনেতে লাগিল অথন্তৰ ঠেনু নোহোৱা গৰম কেৰাহি কলপাতেৰে ধৰি নমাবলৈ লওতেই হাতৰ পৰা পিছলি গোটেই মাংস মাটিত পৰি যায়।ইয়াকে কয় দাতাই দিলেও বিধাতাই নিদিয়ে।
উপায়বিহীন হৈ নিমখেৰে সুদা ভাতকে খাবলৈ লৈছিলোহে, এনেতে চাকিৰ পোহৰ দেখি ক'ৰ পৰা জানো এদাল দীঘল সাপ আহি ওলালহি।সাপ দেখি আমিবোৰে ভাতৰ পাত এৰি আতৰি দিয়াত, সাপডালে ভাতৰ পাতবোৰৰ ওপৰতে বগাবলৈ ধৰে।মাংসতো গ’লেই এইবাৰ ভাতো গ’ল।সেইৰাতি আমাৰ একো খোৱা নহ'ল।
তেনেদৰেই ভোকে পিয়াহে আমি ৰৈ থাকোতে চাকিৰ তেল শেষ হোৱাত চাকিটোও নুমাই থাকিল।মনত এটা অজান আশঙ্কাই দেখা দিছিল যেন কিবা যেন অঘটন হ'ব ।আমি সকলোৱে সতৰ্ক হৈ কাণ পাতি থাকিলো আৰু চিপাহী সকলক ৰাইফলত গুলী ভৰাই ল'বলৈ ক'লো ।
ৰাতি বাৰমান বজাত পানী ভাঙি কিবা অহা শব্দ হল।মই চিপাহী সকলক ক'লো যে ডকাইতক ধৰাৰ চেষ্টা কৰিব লাগে,প্ৰথমে গুলীৱাব নালাগে ।মোৰ কথাখিনি শেষ হ'ল কি নহ'ল এজন চিপাহীৰ ৰাইফলৰ পৰা এক জাই গুলী ফুটিল আৰু প্ৰচণ্ড শব্দ হ'ল ।কিছুপৰ নিশব্দে থাকি আমি টৰ্চ মাৰি ওচৰ পাজৰে বিচাৰিলো কিন্তু ক'তো একো সম্ভেদ নাপালো।ৰাতিপুৱা গাঁৱৰ মানুহবোৰ গাঁৱলৈ ঘুৰি আহিল আৰু আমিও থানালৈ ঘূৰি আহিলো।
মানুহৰ মুখে মুখে এটাই কথা যে,পুলিচে ৰাতি গুলীয়াই ডকাইত খেদিলে।লক্ষ্যণীয় ভাৱে সিদিনাৰে পৰা গাঁৱখনলৈ ডকাইত আৰু অহা নাছিল।এতিয়া কথা হ’ল সিদিনা ৰাতি আচলতে ডকাইত আহিছিল নে নাই আজিলৈ নাজানিলো,ৰাইজৰ প্ৰসংসা পিছে ঠিকেই পালো।
সিদিনা ৰাতিৰ লটিঘটি বিলাক মনত পৰিলে আজিও হাঁহি উঠে।
~~~~
© শ্রী সুবোধ চন্দ্ৰ পাঠক,
কাহিলীপাৰা।.
No comments:
Post a Comment