Wednesday, 11 August 2021

কছাৰী জনগোষ্ঠীত মিচিং লোকৰ অন্তৰ্ভুক্ত আৰু মিচিং কছাৰীৰ ঐতিহাসিক সামাজিক সম্পৰ্ক

উত্তৰ-পূৱ ভাৰতৰ অসম, নগাভূমি আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী সোণোৱালসকলৰ বিষয়ে নকৈ জনোৱাৰ প্ৰয়োজন নাই। অসমৰ ভৈয়ামৰ জনজাতীয় জনগোষ্ঠীসমূহৰ ভিতৰত তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল আৰু নৈপৰীয়া দ্বিতীয় ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ মাজত অতি প্রাচীন কালৰ পৰাই এক যোগসূত্র আছে। এই নিবন্ধত আমি ইতিহাসৰ পম খেদি এই দুই জাতিসত্বাৰ মাজত যি পাৰস্পৰিক সম্বন্ধ তাক চমুকৈ আলচ কৰিবলৈ যত্ন কৰিম।
কেইবাজনো বুৰঞ্জী প্ৰনেতাৰ বুৰঞ্জীসমূহৰ পৰা জানিব পৰা যায় যে এটা সময়ত সোণোৱালসকলে প্ৰৱল প্রতাপেৰে হালালী ৰাজ্যত শাসন কৰিছিল। হালালী শব্দৰ অৰ্থ হ’ল হা- মাটি আৰু লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা জন হ’ল মানিক। এই ক্ষেত্রত ‘কাছারের ইতিবৃত্ত’ নামৰ গ্ৰন্থত হালালী ৰাজ্যৰ ৰাজা আৰু ৰাজ্যখনৰ বিষয়ে তলত দিয়াৰ দৰে উল্লেখ পোৱা যায়।

“ব্রহ্মপুত্রর মোহা পরিত্যাগের ঘটোৎকচ বংশীয় ৰাজা কৌণ্ডিল্য নারায়ণ ব্রহ্মপুত্র উজান বাইয়া নদীর উত্তর পারে বর্তমান শদিয়া জিলার কৌণ্ডিন্য নগর স্থাপন করে। এবং এই স্থানে কছারী রাজাগনে বহুকাল প্রতিপত্তিরে সহিত রাজত্ব করি থানেক রাজা মেঘবল পর্যন্ত কছারী রাজাগন হালালীতে রাজত্ব করেন।”

অৰ্থাৎ কছাৰী সকলে শদিয়াত কৌণ্ডিন্য নগৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰৱল পৰাক্ৰমে ৰাজত্ব কৰিলেও পৰ্বতীয়া জাতিৰ উৎপাতৰ বাবে উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰে ৰাজ্য স্থাপন কৰিবলৈ মনস্থ কৰে। কিন্তু কছাৰীসকলৰ এই হালালী বা শদিয়া ৰাজ্য পৰিত্যাগৰ কাহিনী সুখকৰ নাছিল। 

“জনৈক কাছাড়ী রাজা ব্রহ্মপুত্র দক্ষিণ পারে স্থাপন করিতে মনস্থ করিলেন, কিন্তু অসংখ্য প্রজা গৃহ পালিত পশু এবং দ্রব্যাদিসহ ব্রহ্মপুত্র নদ অতিক্রম করিয়া পর পারে যাওরা দুস্কর বিবেচনাই রাজা একান্ত চিন্তাকুল হইলেন । যাহা দৈবানুগ্রহে এক দিবস রাত্রিতে রাজা স্বপ্নযোগে জানিতে পারিলেন কোন নির্দিষ্ট স্থানে একহস্ত পরিমিত জলের নীচে একটি বাধা পাওরা যাইবে কিন্তু যদি রাজা নদী অতিক্রম কালে প্রশ্চাৎ দিকে দৃষ্টিপাত করেন তবে বাঁধ ভাঙ্গিয়া যাইবে। রাজা পরিত্যাগ সংকল্প বীরঢোল বাজাইয়া প্রজাবর্গকে জানাইয়া দেওরা হইল। প্রায় অৰ্দ্ধেক লোক উত্তীর্ণ হইয়াছে এমন সময় নিষেধ স্বত্বেও রাজা কৌতুহলাক্রমে হইয়া প্রশ্চাৎদিকে কিরিয়া চাইলেন। তন্মহূর্তে ই বাঁদা ভাঙ্গিয়া যায় এবং বহুলোক প্রাণত্যাগ কৰে। 
       (উপেন্দ্র চন্দ্ৰ গুহ, কাছারের ইতিবৃত্ত, পৃঃ ৬০।)

অৰ্থাৎ কছাৰী ৰজাই তেওঁৰ প্ৰজাসকলৰ সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰলৈ গুছি আহিছিল। তেওঁক সপোনত কোৱা হৈছিল যে নদী পাৰ হওতে পিছলৈ ঘুৰি চাব নালাগে। যদি ঘুৰি চায় অথন্তৰ হ'ব। কিন্তু কৌতুহল দমাব নোৱাৰি নদী পাৰ হোৱা সময়ত তেওঁ পিছলৈ ঘুৰি চোৱাত কছাৰী ৰজাৰ আধা প্ৰজা নদীৰ পানীত জাহ গৈছিল।

কবি-সাহিত্যিক তথা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিন নামৰ গ্ৰন্থত উল্লেখ কৰিছে- 

“সোণোৱাল কছাৰীসকলৰ ঘৰ পূৰ্বে উজনি অঞ্চলৰ শদিয়াত আছিল আৰু সোৱনশিৰি নৈত সোণ কমাইছিল।” 

আনহাতে, ড০ সূর্য কুমাৰ ভূঞাদেৱে সম্পাদনা কৰা কছাৰী বুৰঞ্জীত সোণোৱালসকলৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে—“শদিয়া অঞ্চলত কছাৰীসকলে ৰাজ্য পাতি প্ৰৱল প্রতাপেৰে ৰাজত্ব কৰিছিল। এই ৰাজ্যৰ সীমা পূৱে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহি কেন্দুগুৰিলৈকে স্থিতি আছিল ৷ ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল কছাৰী আৰু ৰাজ্যখনক ‘হালালী’ বুলি উল্লেখ কৰিছে। যাৰ অৰ্থ হা মাটি, লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই শদিয়াল কছাৰীসকলেই পৰৱৰ্ত্তী সময়ত সোণোৱাল নামেৰে জনাজাত হ’ল।°

 ত্রয়োদশ শতিকাৰ মাজভাগৰ পৰা চুতীয়াসকলৰ ৰাজনৈতিক উত্থানৰ সময়ৰ পৰা পট পৰিবৰ্তন হ’বলৈ ধৰে ৷ ‘ডিমাৰাজ্য’ নামৰ বুৰঞ্জীমতে ১২৪৪ চনত চুতীয়া ৰজাৰ হাতত কছাৰী ৰজা ভদ্ৰসেন পৰাস্ত হৈ সন্ধি কৰে। আৰু সেই সন্ধিৰ চৰ্ত্ত অনুসৰি বৰ লুইত পাৰ হৈ আহি ডুমডুমাত ৰাজধানী পাতি শালালী ৰাজ্যৰ দক্ষিণ পাৰত ৰাজত্ব কৰে। (কিছু কছাৰী লোকৰ মতে শিৱই সপোনত কছাৰী সকলক শদিয়া এৰি দক্ষিণ পাৰত ৰাজ্য পতাৰ আদেশ দিছিল) চাৰিজন মন্ত্ৰী আৰু এক তৃতীয়াংশ লোক শদিয়াত পৰাধীনৰূপে চুতীয়া ৰাজ্যত ৰৈ যায়। ১২৭৯ চনত চুতীয়া ৰজাই পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰে আৰু দক্ষিণ পাৰৰ দেশখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। বিভিন্ন বুৰঞ্জীত উল্লেখ থকা মতে ১২২৮ খৃষ্টাব্দত চুকাফাৰ নেতৃত্বত টাইসকল অসমত প্ৰৱেশ কৰি কছাৰীসকল আৰু মৰাণসকলক লগ পাইছিল। চুকাফাই প্রথম আহি কছাৰী সকলৰ ৰীতিৰে শিৱাই দেৱতাৰ থানঘৰত শিৱৰ পূজা-অৰ্চনা কৰিছিল বুলি জানিব পৰা যায়। চুকাফাৰ ৰাজ্য বিস্তাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰজাসকলৰ লগত যুঁজ বাগৰ আৰম্ভ হৈছিল। ১৫০৩ চনত টাই ৰাজশক্তিয়ে চুতীয়া সকলক পৰাস্ত কৰি চুতীয়া ৰাজ্য দখল কৰি লয় আৰু নিজ প্ৰশাসনৰ দায়িত্ব শদিয়াখোৱা গোঁহাই নামে এজন ৰাজ বিষয়াক অর্পণ কৰে। 

চুতীয়া সকলৰ পৰা শদিয়া কাঢ়ি লোৱাৰ পিছত আহোম ৰাজ প্ৰশাসনৰ হৈ শদিয়াখোৱা গোঁহাইয়ে অসীম ক্ষমতাৰে শদিয়া অঞ্চল পৰিচালানা কৰিছিল। মুখে মুখে বাগৰি অহা এক কছাৰী জনশ্ৰুতি অনুসৰি শদিয়া খোৱা গোঁহাইৰ এগৰাকী সুন্দৰী জীয়েক আছিল নাম জনাদৈ ৷ জনাদৈৰ লগত কছাৰী ডেকা দুতিৰামৰ লগত প্ৰেমৰ সম্পৰ্ক হয়। পদমর্যদা আৰু জাত্যভিমানৰ বাবে জনাদৈ আৰু দুতিৰামৰ মাজত হেঙাৰ হৈ ঠিয় দিলে পিতৃ শদিয়াখোৱা গোঁহাই। প্রেম স্বর্গীয়। প্রেমে নামানে জাতিকূল। ইজনে-সিজনক পোৱাৰ বাসনাত ব্যাকুল হ’ল। সেই প্ৰেমৰ নিদৰ্শন সোণোৱাল কছাৰী লোকগীতৰ মাজত অতি সাৱলীলভাৱে প্ৰকাশ পাইছে এনেদৰে—

“জনাদৈ গাভৰু পাটমাদৈ চৰাইটি 
দুতিৰাম তানুৱা ডেকা। 
বঙহো নহলি বুকুৰ মঙহ হলি 
কেনেকৈ গুচাই যাওঁ চেকা 
হাবিৰে অমৰা দুতিৰাম দমৰা 
জনাদৈ চেউৰী গাই 
বান্ধিব পাৰো মই ৰাখিব নোৱাৰো 
পঘা চিঙি চিঙি যায়।*

শাসনৰ বাঘজৰীয়ে বান্ধি ৰাখিলে মনৰ এনাজৰিদাল চিঙিব নোৱাৰিলে গোঁহাইদেৱে। সেই পিতৃৰ ৰাজবিষয়াৰ পদমর্যদাক প্ৰেমৰ মহত্বৰে পদাঘাট কৰি দুতিৰামৰ লগত জনাদৈ পলাই গুচি যায়। লাজে-অপমানে অপমানিত হৈ শদিয়াখোৱা গোঁহাইয়ে জোঁৱাই দুতিৰামৰ ওপৰত আখেজ লোৱাৰ পৰিকল্পনা মনত পুৰি ৰাখিলে। মনৰ এই পোহনীয়া চিন্তা বাস্তৱায়িত কৰিবৰ বাবে মিতিৰ হোৱাৰ ফন্দি পাতিলে। তেওঁ এহেজাৰ কছাৰীক জীয়েকৰ বিয়াৰ ভোজ খাবলৈ বুলি বৰভোজ পাতি আদৰ-সাদৰ কৰি মাতি পঠিয়ালে। বাহিৰে মৌ মিঠা দেখুৱাই মিতিৰৰ ভোজৰ সকলো আয়োজন সম্পন্ন হ’ল। নীতি শাস্ত্ৰত এষাৰি বৰ সাৰুৱা কথা আছে ‘ৰাজবিষয়াক কেতিয়াও বিশ্বাস নকৰিবা। গোঁহায়ে মনে মনে অভিসন্ধি কৰিলে আৰু এই ষড়যন্ত্ৰৰ দায়িত্ব অর্পণ কৰিলে চিংফৌ জনজাতিৰ এজন পাহোৱাল ডেকাক, নাম লথৰা। ভোজ-ভাত খোৱাৰ সময়তে অতর্কিতে হাজাৰ কছাৰীক আক্ৰমণ কৰি কচু কটা দিব লাগে। শাস্ত্ৰত নিৰস্ত্ৰীৰ লগত ৰণ নকৰিবা বুলি বচন থাকিলেও চলে বলে কৌশলে শত্ৰুক পৰাভূত কৰিবলৈ ব্যৱস্থা ল’ব লাগে ৷ পৰিকল্পনা অনুসৰি নির্দিষ্ট দিন আহি পালে। হেজাৰ কছাৰীয়ে হাস্য-লাস্য কৰি মিতিৰৰ ঘৰত ভোজ খাবলৈ আহিল। যথাসময়ত খোৱা পৰ্ব শুভাৰম্ভ হ’ল। সহজ-সৰল কছাৰীসকলৰ মনত এই নিমন্ত্ৰণৰ আঁৰত যে কিবা অভিসন্ধি থাকিব পাৰে তিলমানো সন্দেহ মনলৈ অহা নাছিল। খাই থকা অৱস্থাতে লথৰাই এফালৰ পৰা কছাৰীসকলক মাৰি-কাটি খাস্তাং কৰিবলৈ ধৰিলে। খাই থকা অৱস্থাত হাতত কোনো অস্ত্র-শস্ত্র নথকাৰ বাবে কছাৰীসকলে ওচৰত থকা তাঁতৰ সঁজুলি টোলোঠা, দূৰ্পদী আদিয়ে শত্রু প্রতিহত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে যদিও বহু লোক এই আক্ৰমণত হতাহত হ’ল। যিসকল পলাই গ'ল সেইসকলে ওচৰত থকা সাতঘৰ মিচিং মানুহৰ ঘৰত আশ্ৰয় লৈ প্ৰাণৰক্ষা কৰিলে। 

কছাৰী সকলক মিচিং সকলৰ সাতটা বংশ বা পৰিয়ালে লথাইৰ হাতৰ পৰা ৰক্ষা কৰিছিল। সেইসকল হ’ল- চেদং, কাদং, হাগু, তাগু, দাফলাৰী আদি জাতৰ লোক। সেই সাতটা বংশৰ সাতখন পৰিয়ালক কছাৰী সকলে ভাল পাই সোণোৱাল পৰম্পৰা অনুসৰি তেওঁলোকৰ বংশ পৰিয়ালৰ মৰ্যদা প্ৰদান কৰিলে। সোণোৱাল সংস্কৃতিৰ মূল উপাদান হাইদাং হুচৰি গীতত এই সাতঘৰ মিচিং মানুহক সোণোৱাল অন্তৰ্ভুক্ত কৰিলে যদিও তেওঁলোক হাগু, তাণ্ড, কাদং, চেদং, ডফলা আদি নামে খ্যাত আছিল। সোণোৱাল সমাজৰ পৰম্পৰা অনুসৰি প্ৰতিটো পৰিয়ালৰ পিছত ‘ৰী’ প্রত্যয় সংযোগ কৰি লোৱা হয়। যেনে— নাকৰী, ডেকাৰী, হাগুমিৰি, লিকামিৰী, দেমাৰী আদি উল্লেখনীয়। উক্ত পৰিয়ালসমূহ হাগু, হাগুমিৰী, ডফলা ডাফলাৰী, লিকাম-লিকামিৰী ইত্যাদি বংশ হিচাপে সোণোৱাল জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈ থাকিল।

শদিয়া খোৱা গোঁহাইৰ ভোজলৈ সাতখন গাঁৱৰ এহাজাৰ কছাৰী লোক আহিছিল। এইবোৰ গাঁও উচন হোৱাৰ কৰুণ কাহিনী তেওঁলোকৰ লোক সাহিত্যত তলত দিয়া ধৰণে বৰ্ণনা কৰা আছে । যেনে—

নালে শুৱনি ফাঁকে দা 
দহ শ‍ইকীয়া
তাৰ মাজত শদিয়া খোৱা 

শদিয়া খোৱাৰ নাৰকী 
নৰকত পৰিলে,
লথৰাক লগাই ভঙালে দেশ।

উক্ত শোকাবহ কাহিনী সোণোৱাল সমাজৰ সকলো লোক সাহিত্য আৰু লোক সংগীতত প্ৰতিফলিত হোৱা দেখা যায়। পাদৰ খেলৰ গীততো এই ঘটনাৰ কৰুণ কাহিনী তথা লথৰাৰ কু-মনোভাৱৰ কথা ব্যক্ত হোৱা দেখিবলৈ পোৱা যায়। পাদৰ খেলৰ গীতত এই ঘটনাত ধ্বংস হোৱা কছাৰী গাঁওসমূহৰ নাম উল্লেখ পোৱা যায়।

আদুৰী পাদুৰী লেঠাই গাঁও 
লথৰাই ভাঙিলে সাতখন গাঁও 
আঠুকঢ়া (আঠুকটা) লেহেৰা, পাতবেং ঠেহেৰা 
থুই কটা থুই কটা গোপাল পাদুৰা।” 

আক্ৰমনৰ সময়ত গাঁওসমূহৰ বিৱৰণ—

১) আদুৰি–বর্তমান শদিয়াৰ সাতমাইলৰ য'ত পূৰ্ব্বত কছাৰীসকলৰ বুঢ়া-বুঢ়ী পূজাৰ শালমন আছিল। 
২) পাদুৰী— পাদুৰী বা পদুমনি বৰ্তমান অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ অন্তৰ্গত। 
৩) লেঠাই— লেঠাই মানে শাৰী শাৰীকৈ দিহং, দিবং, টেঙাপানী উপত্যকা অঞ্চল। ইয়াতে বহু হাজাৰ কছাৰী সাতখন ৰাজ্যও পাতিছিল।

৪) আঠুবুঢ়া— বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অববাহিকাত আঠুকঢ়া চাপৰি নামেৰে জনাজাত ৷

৫) লিহিৰা— এখনি গাঁও।

৬) পাতবেং— বর্তমান নামচাই অঞ্চলত থকা পাতবাউসী
নামে জনাজাত। । 
৭) থুইকটা— বর্তমান ঠুৰিয়া কঢ়া গাঁও নামেৰে নাজাত।

সহায়ক গ্রন্থ—


১। গুহ উপেন্দ্র চন্দ্ৰ কাছারের ইতিবৃত্ত, পৃঃ ৬০।

২। বৰবৰুৱা হিতেশ্বৰ    আহোমৰ দিন, পৃঃ ৪৫৪
৩। ভূঞা সূৰ্য কুমাৰ    কছাৰী বুৰঞ্জী (সম্পাদন) 
৪। হাজৰিকা ৰজনী   সোণোৱাল কছাৰী সমাজ আৰু
সংস্কৃতি (প্রবন্ধ), পৃঃ ৩৭০।
৫। হাজৰিকা ৰজনী    পূৰ্বোত্তৰ গ্ৰন্থ।

৬। সোণোৱাল গগন   সোণোৱাল কছাৰী সমাজ হাইদাং গীত ও আৰু সংস্কৃতি (প্ৰৱন্ধ) বংশৰ পৰিচয়, পৃঃ ১১,
সোণোৱাল কছাৰ সমাজ সংস্কৃতি প্ৰৱন্ধ সোণোৱাল কছাৰীসকলৰ লোন আহৰণ বৃত্তি আৰু পদ্ধতি, পৃঃ ১৪৯, পূৰ্বোত্ত গ্রন্থ। পূৰ্বোত্ত গ্রন্থ (গীতি সাহিত্য), সংস্কৃত খেল-ধেমালীত গীত পৃঃ ৩০৪।

টোকা- আন এক তথ্য মতে জনা গাভৰু চুতীয়া ৰাজকুমাৰী আছিল আৰু ডিমাছা কছাৰী ৰাজকুমাৰৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক হৈছিল।




No comments:

Post a Comment