পেগুসকলৰ ভিতৰৰে কিছুমানে গুপিত পেঃগু বা গুদাং পেঃগু বা কাৰিঃ পেগু হোৱাৰ লিখিত তথ্য নাই। সেইকাৰণে মৌখিকভাৱে প্রচলিত কিম্বদন্তি এটাকে মূল হিচাপে লৈ গুপিত পেগু সকলৰ উৎপত্তিৰ ইতিহাস উপস্থাপন কৰিলো-
পেগু সকলৰ দুই ককাই ভাই গুতুং আৰু গুমাং। ভায়েক গুমাঙক তোলনীয়া পুত্ৰৰ মাতচিকৰ সৈতে দাম্ৰ পাহাৰত মেঃগুসকলৰ লগত থাকিবলৈ দি গুতুং পেগুৱে পুত্ৰ তুঃচিকক লগত লৈ সাৰুৱা মাটিৰ সন্ধানত বৰ্তমানৰ অৰুণাচলৰ পেকাৰ পুঃমিঃলৈ গুচি আহে। এদিন গুঃমাঙৰ দাম্ৰ আদিঃত থকা ঘৰত জুই লাগিল। সেই জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে। কি কাৰণত গাঁৱত জুই লাগিল সেই লৈ বিচাৰৰ বাবে গাঁৱত সভা বা কৗবাং বহিল। সভাত গুমাঙৰ পক্ষৰ মানুহ মেঃগুসকলৰ বাহিৰে আৰু কোনো নাছিল৷ সেই কাৰণে গুমাঙৰ পক্ষত মানুহ নথকাত গুমাঙৰ ঘৰত লগা জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে বুলি দোষী সাব্যস্ত কৰি গুমাঙৰ মাটি সম্পত্তি পেৰ্তিন, পৗৰমেঃ, ৰাঃতান, বৰাং ইত্যাদি জাত বা বংশৰ মানুহ সকলে জৰিমনা হিচাবে ভাগ কৰি লৈ পেলালে। (সেই কৗবাং বাংক অর্থাৎ সভা বহা ঠাইডোখৰক বৰ্তমান অৰুণাচল ৰ ‘য়ামনে চিপং' ঠাই বুলি কোৱা হয়।) তেতিয়া পেণ্ড আৰু মেঃণ্ডসকলে অচ’ অর্থাৎ মেথোন এটা কাটি ‘কিয় এনে হ’ল আৰু কি কৰিব লাগিব’ বুলি আলোচনা কৰিলে। মাটি-সম্পত্তি নাই যেতিয়া পেকাৰ-পুঃমিত থকা ককায়েক গুতুঙৰ ওচৰলৈ গুচি যাম বুলি আলোচনা কালত গুমাঙে ইচ্ছা ব্যক্ত কৰিলে। সেইমতে গুমাঙে তোলনীয়া পুত্ৰ মাতচিকক লগত লৈ পেকাৰ-পুঃমিলৈ গুচি গ'ল। পেকাৰ-পুঃমিত অন্য মানুহবোৰে মাতচিকক চিনি নাপাই তেওঁৰ পৰিচয় বিচাৰিলে। তেতিয়া মাতচিকে “মই মৗগু (উমি) গুপিত গাঁৱৰ ল’ৰা” অৰ্থাৎ জুইয়ে পুৰি শেষ কৰা গাঁৱৰ ল’ৰা বুলি নিজৰ পৰিচয় দিলে। তেতিয়াৰ পৰা মাতচিকৰ সতি-সন্ততিসকলক গুপিত্ পেগু বুলি কোৱা হ’ল। মাতচিকৰ এজন পুত্ৰ আছিল । তেওঁৰ নাম চুক্কাম আৰু চুক্কামৰ পুত্ৰ হ’ল কামচুক।
টুল টুল কুটুম
No comments:
Post a Comment