ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ
--------------------------------------------------------------------------
ভাৰতীয় দণ্ড বিধি আইন- ১০৩ ধাৰা-
সম্পত্তিৰ ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰত কেতিয়াবা মৃত্যু পৰ্য্যন্ত ঘটাব পাৰি [When the right of private defence of property extends to causing death] – এই আইনৰ ৯৯ ধাৰাৰ বিধি নিষেধ অনুযায়ী যি সকলো ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰা নাযায় সেই সকলো ক্ষেত্র বাদ দি যদি সম্পত্তিৰ ওপৰত কোনো আক্রমণ বা অপৰাধ নিম্নলিখিত কোনো এক প্রকাৰৰ হয় তেন্তে সেই আক্রমণ বা অপৰাধৰ বিৰুদ্ধে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ গৈ স্বেচ্ছাকৃতভাবে (voluntarily) অপৰাধীৰ মৃত্যু পর্যন্ত ঘটাব পাৰি—
(১) দস্যুতা বা ডকাইতি (Robbery),
(২) ৰাতি গৃহভেদ (House breaking by night),
(৩) বাসগৃহ, দালান, তম্বু, জলযান য'ত হয় মানুহ বসবাস কৰে নহয় সম্পত্তি/বস্ত বাহানি ৰখা থাকে তাত জুই লগাই ক্ষতি (mischief) কৰিলে বা তাৰ চেষ্টা কৰিলে,
(৪) চুৰি (theft), ক্ষতি সাধন (mischief) বা অনধিকাৰ গৃহপ্ৰৱেশ (house trespass) এনেভাবে কৰিবলৈ আহে যে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ নকৰা হলে মৃত্যু (death) বা গুৰুতৰ আঘাতৰ (grievoushurt) সম্ভাৱনা থাকে।
উদাহৰণ (Illustration) – কেইটামান চুৰে হাতত দা, তৰোৱাল ইত্যাদিৰে সজ্জিত হৈ চুৰি কৰিবলৈ কোনো এখন ঘৰত প্ৰৱেশ কৰিলে। গৃহস্থই হঠাৎ সাৰ পাই উঠি দেখিলে যে তাৰ মূৰৰ ওচৰত এজনে তৰোৱাল লৈ থিয় হৈ আছে। এতিয়া গৃহস্থই চিঞৰিলে চোৰে তাক আঘাত কৰি মৃত্যু ঘটাবও পাৰে ৷
তেনে পৰিস্থিতিত গৃহস্থই সেই চুৰৰ মৃত্যু ঘটালেও কোনো অপৰাধ নহব । গৃহস্থই আত্মৰক্ষাৰ অধিকাৰত সেই মৃত্যু ঘটাব পাৰে ।
No comments:
Post a Comment