কোৱাভাতুৰী
এজোপা লতাজাতীয় কোনো কামত নহা উদ্ভিদ।সততে দেখা কোৱাভাতুৰীলতাডাল গৰু-ছাগলীয়েও নাখায়।ইয়াৰ ফল সেউজীয়া যদিও পকিলে উজ্জ্বল ৰঙা হয়।
ইয়াক ভাঙিলে কলা গুটি ওলাই। অখাদ্য গুটি
কিন্তু অসমীয়া সুন্দৰ জটুৱা ঠাচ ইয়াক লৈ হৈছে-"বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী।"
অৰ্থ হৈছে বাহিৰে চিকচিকীয়া নিমজ, সৎ, সুন্দৰ কিন্তু ভিতৰত ওলোটা। এখন সমাজ দেখাত সুস্হভাবে চলি আছে কিন্তু ভিতৰখন কুৎচিত, ঘিণ লগা-এনে অৰ্থত ব্যৱহাৰ হয়।
No comments:
Post a Comment