চেনাই চাপৰিৰ ভোলা
লেখিকা- বিউটি পেগু, যোৰহাট
মাহীৰ ঘৰ চেনাই চাপৰিত | এই চেনাই চাপৰিতে ভোলা গৰখীয়াই বাঁহী বজায় | মই চেনাই চাপৰিৰ গৰখীয়া আদহীয়া বৰলা যুৱক ভোলাক দেখা নাই, লগো পোৱা নাই | কিন্তু তাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনাৰ সুৰ মাজৰাতি , দুপৰীয়া শুনিছোঁ | তাৰ বাঁহীৰ কৰুণ বিননি শুনিলে মোৰ স্বভাৱজাত বিষাদ ভালপোৱা মনটোৱে অধিক বিষাদকেন্দ্রিক হৈ পৰে | ভোলাৰ বাঁহীৰ সূৰৰ এনে এক মাদকতা, চুম্বকীয় আকৰ্ষন আছে তাৰ বাঁহীৰ সুৰে মানুহৰ কাণত , হৃদয়ত গুঞ্জৰিত হ'বই | জোনাক ৰাতি ভোলাৰ কৰুণ , বিষাদ সুৰৰ বাঁহীৰ মাতে গোটেই চাপৰিটোক আৰু অধিক জোনাক পোহৰৰে উজলাই তোলে বুলি ওচৰৰ গাঁওৰ মানুহে কয় | তাৰ হৃদয়ৰ পৰা নিগৰিত হৈ দুই ওঁঠৰ ফাঁকেদি ওলোৱা মনৰ বেথা স্বৰূপ কৰুণ বাঁহীৰ সুৰবোৰ শুনি দূৰ্ভগীয়া , প্রতাৰিত, অভিমানী প্রেমিক/প্রেমিকা সকলে বিষাদত,বেদনাত বাউলী হৈ পৰে |
ভোলা হেনো আগতে পঢা-শুনাত ভালেই আছিল | কিন্তু বৰ আবেগিক আছিল | কবিতা লিখিছিল | পথাৰ, নদী, ফুল, গান ভাল পাইছিল | মনত আবেগ অধিক হ'লে বৰ সুন্দৰ কবিতা লিখিছিল | এজনী ছোৱালীৰ প্রেমত পৰিল | কিন্তু ছোৱালী জনীয়ে তাৰ প্রেমক স্বীকৃতি নিদিলে | ফলত অতি আবেগিক ভোলা অাৰু অধিক আবেগিক হৈ পৰিল | কবিতা লিখা বাদ দিলে, কাম বন কৰিবলৈ মন নকৰা হ'ল | ঘৰত মন নব'হা হ'ল | ফলত তাৰ অঘৰী জীৱন আৰম্ভ হ'ল | সি চেনাই চাপৰিত গৰু, মহ ৰখি থাকিবলৈ ল'লে | আৰু বাঁহীত বিষাদৰ কৰুন সুৰ তুলিবলৈ ধৰিলে | যেন মানুহক মুখৰে প্রকাশ কৰিব নোৱাৰা বিননিবোৰ বাঁহীৰে ফুঁ দি চাপৰিৰ নদী, ঝাওবন,জীৱ জন্তুকে জনাই অন্তৰৰ গোপন বেথাবোৰ বোঁৱাই দিব বিচাৰে | ঋতু পৰিবৰ্তনৰ সময়োছোৱাত ভোলাৰ বাঁহীৰ সুৰৰ বিষাদময়তা একেবাৰে কৰুন হৈ পৰে | হয়তো ঋতু পৰিবৰ্তনৰ ফলত প্রকৃতিত দেখা দিয়া সৌন্দৰ্যই তাৰ মনটোক অধিক বিষাদৰে ভাৰাক্ৰান্ত কৰি তোলে |
চাপৰিৰ মানুহবোৰে কয় - সি হেনো বিশ্বাস কৰে এই জনমত তাই তাৰ প্রেমক স্বীকৃতি নিদিলেও অহা জনমত নিশ্চয় কৰিব | সি এইবাবে অহা জনমলৈকে তাইৰ বাবে অপেক্ষা কৰি আছে | সতীৰ পিচত যেনেকৈ পাৰ্ৱতীয়ে শিৱৰ জীৱন থানথিন লগাইছিল এইদৰে তাৰ জীৱনটো হেনো অহা জনমত তাইৰ সংগই এই জনমৰ সকলো বেদনা,দুখ সামৰি মধুময় কৰিব বুলি সি হেনো বিশ্বাস কৰে | এইবাবে তাৰ নাম ভোলা ৰাখিলোঁ | সি সঁচাকৈয়ে ভোলাৰ দৰে ভোলা |
চেনাই চাপৰিলৈ গ'লে ভোলাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনা মাজৰাতি বা দুপৰীয়া শুনিবছোন |
No comments:
Post a Comment