ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপ স্তৰ
গুৱাহাটী, ৪ আগষ্টঃ চিকিৎসা বিশেষজ্ঞ সকলে এক গৱেষণাৰ অন্তত শেহতীয়াকৈ প্ৰকাশ কৰা এক জৰীপ অনুসৰি, ভাৰতৰ ৬৪ শতাংশ লোকে কোনোধৰণৰ ব্যায়াম নকৰে, অৰ্থাৎ দেশৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ লোকে তেওঁলোকৰ স্বাস্থ্য প্ৰতি কোনোধৰণৰ যতন লোৱা দেখা নাযায়। এইকাৰণেই আজিকালিৰ যুহত কম বয়সীয়া লোকসকলেও উচ্চ ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
উচ্চ ৰক্তচাপক এক প্ৰকাৰৰ নীৰৱ হত্যাকাৰী বুলি গণ্য কৰা হয়। বহুলোকে ইয়াক গুৰুত্বসহকাৰে নলয়, কিন্তু ই শৰীৰক বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। দুৰ্বল জীৱনশৈলী, মানসিক চাপ, সঠিক খাদ্য গ্ৰহণ নকৰা, বংশগত কাৰণ, বেছিকৈ নিমখ গ্ৰহণ কৰা, পানী কমকৈ সেৱন কৰা, কলেষ্টেৰল, বৃক্ক আৰু যকৃতৰ কাৰ্য স্বাভাৱিক নোহোৱা, কম সময় টোপনি যোৱা আৰু খং উঠিলে ৰক্তচাপৰ স্তৰ বৃদ্ধি হয়।
যেতিয়া শৰীৰত তেজৰ চলাচল বৃদ্ধি হয় তেতিয়া ইয়াক উচ্চ ৰক্তচাপজনিত সমস্যা বুলি কোৱা হয়। যাৰ ফলত সময়ত চিকিৎসা গ্ৰহণ নকৰিলে পিছলৈ ই হৃদৰোগৰ কাৰণ হ'ব পাৰে। উচ্চ ৰক্তচাপৰ সমস্যাৰ লক্ষণ বহু আগতে দেখা যায়। সময়ত চিনাক্ত কৰিলে ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পাৰে।
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দেখা পোৱা কেইটামান লক্ষণ, যি উচ্চ ৰক্তচাপৰ লগত সম্বন্ধিতঃ
১. মূৰ ঘূৰোৱা
যদি আপোনাৰ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মূৰ ঘূৰায়, তেন্তে বুজিব যে আপোনাৰ শৰীৰত ৰক্তচাপৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত, আপুনি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
২. কন্ঠ শুকাই যোৱা
বহুলোকে ৰাতিপুৱা উঠি পিয়াহ অনুভৱ কৰে, কিন্তু যদিহে আপোনাৰ কন্ঠ অধিক শুকাই গৈছে, তেতিয়া আপুনি সতৰ্ক হোৱা উচিত। কিয়নো ই উচ্চ ৰক্তচাপৰ লক্ষণ হ'ব পাৰে। গতিকে যদি আপোনাৰ ক্ষেত্রত প্ৰতিদিনে পুৱা এনে হয়, তেনেহ'লে ইয়াক মনোযোগ দিয়াটো উচিত হ'ব।
৩. বমি অনুভৱ কৰা
সাধাৰণতে অত্যাধিক গ্ৰেষ্ট্ৰিকজনিত সমস্যাৰ বাবে বমি অনুভৱ হয়, কিন্তু যদি আপুনি প্ৰত্যেকদিনা পুৱাই এনে সমস্যাই দেখা দিলে, সতৰ্ক হোৱা উচিত।
৪. চকুৰে অস্পষ্ট দেখা পোৱা
যদি আপোনাৰ পুৱা সাৰ পোৱাৰ লগে লগে সকলো বোৰ দেখিবলৈ অস্পষ্ট যেন লাগে, তেন্তে ই উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে।
উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাৰ বাবে কেইটামান আয়ুৰ্বেদিক উপায়ঃ
১. সৰ্পগন্ধাৰ শিপা শুকুৱাই গুৰি কৰি পানীত মিহলাই খাব পাৰে।
২. আপুনি ব্ৰাহ্মী শাকৰ গুৰিৰ ৰস খাব পাৰে। ব্ৰাহ্মীক মগজু বৰ্ধক বুলিও কোৱা হয়। যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে।
৩. ঘেঁহুৰ ঘাঁহ, এলো ভেৰা আৰু পানীলাও মিহলি কৰি ৰস উলিয়াই এগিলাচ চৰৱত তৈয়াৰ কৰক আৰু ৰাতিপুৱা খালী পেটত খাওক।
৪. ডালচেনী আৰু অৰ্জুন গছৰ বাকলিৰ ৰসে আপোনাৰ উচ্চ ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস কৰিব পাৰে। ই বৃক্ক পৰিস্কাৰ কৰাটো সহায়ক হয়।
No comments:
Post a Comment