Tuesday, 3 August 2021

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি
                  যতীন্দ্ৰনাথ দেউৰী
--------------------------------------------------------------------------
চুতীয়াসকল অসমত কৰ পৰা কেনেকৈ প্ৰৱেশ কৰিছিল তাৰ কোনো সঠিক তথ্য নাই । চুতীয়াসকলৰ ইতিহাস তেওঁলোকে অসমৰ পূব প্ৰান্তত ৰাজত্ব কৰি থকা সময়ছোৱাৰ পৰাহে আলোচনা কৰিব পৰা যায় ।  
চুতীয়াসকলে এসময়ত অসমত উচ্চ মানবিশিষ্ট সংস্কৃতি আৰু সভ্যতাৰ বীজ ৰূপন কৰিব পাৰিছিল । সেয়ে চুতীয়া শব্দই এক সু-সংস্কৃতিবান জাতিক প্ৰতিনিধিত্ব কৰিছিল ।
ডঃ পৱন শ‍ইকীয়াদেৱে তেখেতৰ ‘দেউৰী চুতীয়া’ কিতাপখনৰ যোগেদি দেউৰী ভাষাক চুতীয়া ভাষা বুলি কৈছে, আৰু এই ভাষাৰ মাধ্যমেৰে ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰি লিখিছে –‘চু’ মানে ভাল, গুণী, উচ্চ, ধুনীয়া আৰু আনন্দময়। আকৌ ‘তী’ শব্দই ‘জ্ঞাতী’ বা আকাশৰ তৰা শব্দৰ পৰা অহা আৰু তাৰ লগত 'ইয়া' প্রত্যয় যোগ হৈ ‘চুতীয়া’ হৈছে। কিন্তু দেউৰী ভাষাত ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰিলে এনে ধৰণৰহে হয় –‘চু’ মানে ওখ, ভাল বা বিশিষ্ট। ‘তি’ বা ‘তী’ শব্দই উজ্জ্বল, জিলিকি - থকা বা ওলমি লাগি থকাহে বুজায়। ‘ইয়া’ প্রত্যয়েয়ে নঙার্থক (Negative) অর্থ প্ৰকাশ কৰে। যেনে—‘হা’ ধাতুৰ লগত ‘ইয়া’ প্রত্যয় যোগ হৈ ‘হায়া’ হৈছে আৰু ইয়াৰ অর্থ ‘নেখাওঁ” প্ৰকাশ কৰিছে। তেনেকৈ—

‘লা’ + ইয়া= লায়া অৰ্থাৎ নলও

‘নি’ + ইয়া= নিয়া অৰ্থ নধৰো প্ৰকাশ হৈছে 

‘কে’ + ইয়া= কেয়া অৰ্থ যোৱা নাই প্ৰকাশ হৈছে 

‘হঁয়’ + ইয়া= হয়া অৰ্থ নহয় প্ৰকাশ হৈছে 

গতিকে দেউৰী ভাষাৰ মাধ্যমেৰে এনে বিশ্লেষণ কৰিলে ওপৰত ডঃ শ‍ইকীয়াদেৱে কৰা বিশ্লেষণৰ লগত অমিল হোৱা পৰিলক্ষিত হয়। দেখা গ'ল যে ডঃ শ‍ইকীয়াদেৱে চুতীয়া শব্দৰ অৰ্থ বিশ্লেষণ দেউৰী ভাষাৰ মাধ্যমত কৰা বুলি ক'লে দেউৰী মানুহে মানিবলৈ টান পাব আৰু ভুল বুলি স্বীকাৰ কৰিব।

১৫২৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওফা চাও চৌহুম মৌঙ ফাই শদিয়াৰ চুটিয়া ৰাজ্য জয় কৰি তাত এজন প্রাদেশিক শাসনকৰ্ত্তা নিযুক্তি দিয়ে। মঙ্গোলীয় আহোম আৰু চুটিয়া ৰণত যিসকল চুটিয়া বন্দী হ'ল আৰু যাক য’তে পালে সেই সকলক আহোম ৰাজধানী ৰংপুৰৰ জয়সাগৰৰ পাৰত নতুনকৈ সংস্থাপন কৰিছিল। ( -দেওধাই অসম বুৰঞ্জী দ্রষ্টব্য।) সেই সকলৰ ভিতৰত সকলো শ্ৰেণীৰ চুটিয়া মানুহ আছিল আৰু এওঁলোকৰ মাজত দৈবজ্ঞ, ব্রাহ্মণ, কমাৰ, ধোৱা, নাপিট, চমাৰ আদি বৃত্তিয়াল লোক আছিল। কিছুসংখ্যক চুটিয়া লোক মঙ্গোলীয় চীন শ্যাম আহোম জাতিৰ ভয়ত নিজক বচাবলৈ নিকটৱৰ্ত্তী জাতি যেনে দেউৰী, মিৰি (মিছিং), আবৰ, মিচিমি, চিংফৌ, মৰাণ, বৰাহী আদিৰ মাজত আশ্ৰয় লৈ কালক্ৰমত সেই জাতি গোষ্ঠীৰ লগত মিলি গ'ল। মঙ্গোলীয় আহোম জাতিৰ ভয়তকৈ তাতোতকৈ ভয়ঙ্কৰ হিন্দু-চুটিয়াৰ মাজত থকা নৰবলি আৰু সতী যোৱা প্ৰথাৰ পৰা হাত সাৰিবলৈ জাকে জাকে চুটিয়া ডেকা-গাভৰু মঙ্গোলীয় জাতি-গোষ্ঠীৰ মাজত সোমাই পৰে। সেই বাবেই শাসক আহোম জাতিৰ অন্তৰ্ভুক্ত হৈ বেছিভাগ চুটিয়া লোক আহোম জাতিৰ মাজত অন্তৰ্ভূক্ত হৈ থকা দেখা যায়। এনেকৈ মিলি যোৱা এই সকল চুটিয়া মানুহেই কালক্ৰমত ‘দেউৰী-চুটিয়া’, ‘মিৰি-চুটিয়া’, ‘মৰান-চুটিয়া’, ‘বৰাহী-চুটিয়া’, ‘মিচিমি চুটিয়া’, আদি হিচাপে পৰিচয় দিয়া হৈছিল। ঠিক এনে দৰেই আহোমসকলৰ লগত থকাসকলেও নিজকে ‘আহোম-চুটিয়া’ বুলি পৰিচয় দিবলৈ ধৰে। সেইসকলক আহোম জাতিয়ে ‘টাইৰা’ বোলে। টাই-আহোম, ৰা-চুটিয়া (জাতি): চুটিয়া আহোম। হিন্দু ভাৰতীয় ভাৱ-ভাষাত সেইয়ে আহোম-চুটিয়া। আনহাতেদি আহোম ৰাজশক্তিয়ে সংস্থাপন কৰা হিন্দু চুটিয়া গোটটোৱেই হৈছে চুটিয়া সকলৰ মূল গোট। এই হিন্দু চুটিয়া গোটটোৱেই চুটিয়াসকলৰ জাতি, ভাষা আৰু ধৰ্ম্মৰ দিশত অতীতৰ হিন্দু-চুটিয়া জাতিৰ সকলোখিনি উপাদান বর্তমানেও অটুট ৰাখিছে।

No comments:

Post a Comment