কৰ্মই ধৰ্ম
-----------------
এবাৰ মাডাৰ টেৰেছা আমেৰিকালৈ গৈছিল। তাত সেই দেশৰ এজন চিনেটৰে টেলিভিছনত মাডাৰ টেৰেছাৰ সাক্ষাৎকাৰ লৈছিল। বহুতো প্রশ্নৰ মাজতে চিনেটজনে মাডাৰ টেৰেছাক সুধিছিল—“মাডাৰ, আপুনি গৃহহীন আৰু সর্বহাৰা দীন-দৰিদ্ৰ মানুহৰ দুখ-মোচনৰ কাৰণে গোটেই জীৱন ধৰি কাম কৰি আহিছে। কিন্তু তাকে কৰি আপুনি তেওঁলোকৰ দৰিদ্ৰতা সমস্যাৰ সমাধান কৰিব পাৰিছেনে?”
মাডাৰ টেৰেছাই শান্ত আৰু স্নিগ্ধ দৃষ্টিৰে চিনেটৰজনৰ মুখলৈ চাই ক’লে—“ঈশ্বৰে মোৰ কান্ধত পৃথিৱীৰ কোনো সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া নাই। ঈশ্বৰে মোক কেৱল এই দায়িত্ব দিছে যে যেতিয়া মই যিটো কাম কৰো সেই কামটোকে যেন পৰম নিষ্ঠাৰে কৰিবলৈ যত্ন কৰো।”
সাধাৰণ সৰু মানুহৰ পক্ষে ডাঙৰ কাম কৰাটো অসম্ভৱ। তেনে মানুহে আনক সহায় কৰিব খুজিলেও নিজৰ সাধ্য অনুসৰিহে সেইটো কৰিব পাৰে; কিন্তু নিজৰ সাধ্যৰ বাহিৰলৈ গৈ তেওঁ একো কৰিব নোৱাৰে। সেইবুলি সৰু মানুহে বা দুখীয়া মানুহে আনৰ উপকাৰৰ কাৰণে কৰা কোনো কামেই সৰু নহয়৷ তেওঁ বিপদত পৰা মানুহক সহায় কৰিবলৈ কৰা ক্ষুদ্র কামটোকো সীমাহীনভাৱে মহৎ কৰি তোলে তেওঁৰ হৃদয়ত থকা মানৱ প্ৰেমৰ আদৰ্শই, তেওঁৰ আত্মোৎসৰ্গৰ মনোভাৱে।
No comments:
Post a Comment